Breaking

ওদালগুৰিত আৰক্ষীয়ে জ্বলালে ৩ কোটি মূল্যৰ ড্ৰাগচ আৰু গাঞ্জা

0 53

ওদালগুৰি জিলাৰ বিভিন্ন থানাৰ জৰিয়তে জব্দ কৰা  বিশাল  পৰিমানৰ ড্ৰাগছ আৰু গাঞ্জা  আদালতৰ নিৰ্দেশ মতে  ২০ডিচেম্বৰত  ওদালগুৰি জিলাৰ কাহিনলাৰ পথাৰত ৰাজহুৱাকৈ জ্বলাই দিয়ে আৰক্ষীয়ে। ইয়াৰ ভিতৰত  আছিল ১১০০ কিলোগ্ৰাম গাঞ্জা,৫ গ্ৰাম হিৰোইন আৰু ২৪০ গ্ৰাম অপিয়াম। আজি এই প্ৰজ্বলিত কাৰ্যসূচীত বিটিচিৰ আইজিপিএলআৰ বিঞ্চয় , ওদালগুৰিৰ উপায়ুক্ত ডাক্তৰ পি উদয় প্ৰবীন আৰু জিলা সত্ৰ ন্যায়ধীশৰ লগতে বিভিন্ন বিষয়া বৰ্গৰ উপস্হিতিত ৰাইজক সন্মুখত লৈ আৰক্ষীয়ে জ্বলাই দিয়ে এই বিশাল পৰিমানৰ ড্ৰাগচ আৰু গাঞ্জা খিনি।

বি টি চিৰ আই জি পি গৰাকীয়ে এল আৰ বিষ্ণয় প্ৰকাশ কৰা মতে, বিগত দুই বছৰত জিলা খনৰ বিভিন্ন থানাই জব্দ কৰিছিল এই ড্ৰাগছ আৰু গাঞ্জা খিনি।আদালতৰ নীতি নিয়মৰ মাজত  আনুষ্ঠানিকভাৱে জ্বলাই দিয়া হয় বুলি উল্লেখ কৰি বেছিভাগ গাঞ্জা অৰুনাচলৰ পৰাই সীমান্তৰ গাওৰ মাজেৰে প্ৰবেশ কৰাৰ কথা স্বীকাৰ কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ড্ৰাগচ আৰু গাঞ্জাৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত ৪ পইন্ট লৈ আৰক্ষীয়ে কাম কৰি থকাৰ কথা উল্লেখ কৰাৰ লগতে ধ্বংস প্ৰাপ্ত গাঞ্জা,হিৰোইন খিনিৰ মূল্য প্ৰায় ৩ কোটীৰো অধিক হ’ব বুলি জনায় ।ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাৱে সমাজ খনৰো সহায় লাগিব বুলি সাংবাদিকৰ ওচৰত আৰক্ষী বিষয়া বিষ্ণয় লগতে মন্তব্য কৰে।

Leave A Reply