Breaking

জিকিৰ শিল্পী মতিউৰ ৰহমান আৰু নাই

0 2,055

দৰং জিলাৰ ছিপাঝাৰৰ মাৰৈৰ গাঁৱৰ নিৱাসী এগৰাকী সুকণ্ঠী জিকিৰ শিল্পী মতিউৰ ৰহমান(৪৫)আৰু নাই। উল্লেখ্য যে আজান ফকীৰ ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত যুৱ শিল্পী মতিউৰ ৰহমান ২০২০ চনত হোৱা এক দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত আৰ্থিক অনাটনৰ বাবে শিল্পী গৰাকীক পৰিয়ালৰ লোকে ঘৰলৈ আনিছিল।প্ৰায় দুবছৰ ধৰি ঘৰতে বিচনাত পৰি থকাৰ পাছত ২২ তাৰিখৰ পুৱা শিল্পী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। দূৰদৰ্শন আৰু আকাশবাণীৰ এগৰাকী নিয়মীয়া শিল্পী মতিউৰ ৰহমানে আজান ফকীৰৰ সৃষ্টি জিকিৰ গীতেৰে বিভিন্ন ধৰ্ম আৰু জনগোষ্ঠীৰ মাজত একতাৰ সমন্বয় জৰী বন্ধাৰ অপ্ৰাণ চেষ্টা কৰিছিল।

গীতেৰে অসমীয়া সমাজ খনক বুজাই দিছিল যে- অসমীয়াৰ মাজত কোনো জাতি-ভেদৰ কথা নাই আমি সকলো এক। বিভিন্ন ধৰ্ম-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বৰভেটি বান্ধোতা জিকিৰ শিল্পী মতিউৰ ৰহমানে ‘আজান ফকীৰ চাহেব’ কথা ছবিতো এগৰাকী সুদৰ্শন অভিনেতাৰ দৰে বলিষ্ঠ অভিনয় কৰিছিল।শিল্পী গৰাকীৰ মৃত্যুত সাংস্কৃতিক জগতখনত লগতে অসমীয়া সমাজখনৰ বাবে এক বৃহৎ ক্ষতি।

মৃত্যুৰ সময়ত সহধৰ্মিণী জিকিৰ শিল্পী পাৰবিণা চুলতানা, দুই সন্তান আৰু অলেখ গুণমুগ্ধক এৰি থৈ যায়। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

Leave A Reply