Breaking

বিশিষ্ট শিক্ষাবিদ ফণীধৰ কোৱৰলৈ জ্যেষ্ঠ নাগৰিক বটা

0 1,084

শতায়ু গৰকা বিশিষ্ট শিক্ষাবিদ ফণীধৰ কোৱৰলৈ ডিম্বেশ্বৰ শৰ্মা আৰু কিৰণময়ী দেৱী সোৱৰণী জ্যেষ্ঠ নাগৰিক বটা। নাজিৰাৰ শতায়ু গৰকা অভিজ্ঞপুষ্ট বিশিষ্ট শিক্ষাবিদ ফণীধৰ কোৱৰলৈ ২০২১ বৰ্ষৰ ডিম্বেশ্বৰ শৰ্মা আৰু কিৰণময়ী দেৱী সোৱৰণী বটা আগবঢ়াইছে নাজিৰাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনে ।

অহা ২৫ ডিচেম্বৰত নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি জীৱনৰ বিয়লি পৰলৈকে মানৱ জাতিৰ সৰ্বমংগলৰ বাবে আগবঢ়োৱা ত্যাগ আৰু অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰৱীণ শিক্ষাবিদ গৰাকীক এই বটা প্ৰদান কৰিব । নাজিৰা মহকুমা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগা নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱসৰ সমূহ কাৰ্যক্ৰমণিকাতে সদাশয় ৰাইজৰ সহযোগিতাৰ বাবে সন্মিলনৰ সভাপতি প্ৰভাত বৰঠাকুৰ আৰু সম্পাদক বিজয় চন্দ্ৰ বৰাই আহ্বান জনাইছে । 

Leave A Reply