Breaking

অংকুৰ দাসক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক নিযুক্তি

0 1,074

অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ পূৰ্বৰ সাধাৰণ সম্পাদক অংকুৰ দাসক পুনৰবাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া খবৰটোৱে যুৱ কংগ্ৰেছীসকলৰ মাজত নতুন উদ্দ্যম আৰু আনন্দৰ জোৱাৰ তুলিছে।

এক প্ৰেছ বিবৃত্তিযোগে জানিব দিয়া মতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি ড° অংকিতা দত্তই যোৱা ১৯-১২-২১ তাৰিখ দেওবাৰে অংকুৰ দাসক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়ে।

যুৱনেতা অংকুৰ দাসে যোৱা ২০০৩ চনৰ পৰাই ছাত্র সংগঠন এন.এছ.ইউ.আইৰ পৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছৰ বিভিন্ন পদবীত কাৰ্য্যনিৰ্বাহ কৰি কংগ্ৰেছ দলৰ বাবে নি:স্বাৰ্থভাবে সেৱা আগবঢ়াই আহিছে।

Leave A Reply