Breaking

পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৯৫৭৫ হিতাধিকাৰীক ভেকচিন

0 1,028

পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অধীনস্থ  সুশাসন সপ্তাহ অভিযান। ২১ ডিচেম্বৰ ২০২১ৰ পৰা ২৪ডিচেম্বৰ ২০২১ তাৰিখলৈকে সপ্তাহযোৰা ক’ভিড-১৯ৰ টিকাকৰণৰ বিশাল অভিযানৰ  ২৪ ডিচেম্বৰ অন্তিম  দিনা ২১ গৰাকীক ভেকচিন প্ৰদান।
 

২৪ডিচেম্বৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয় ভেকচিনেচন কেন্দ্রত টিকাকৰনৰ বিশাল অভিযান। ২৪ডিচেম্বৰৰ  অন্তিম দিনা  ২১ গৰাকীক ভেকচিন প্ৰদানকে ধৰি সৰ্বমুঠ ৯৫৭৫ গৰাকীয়ে ক’ভিড ভেকচিন গ্ৰহন  কৰে।

২৫ মে ২০২১ তাৰিখৰ পৰা আজিলৈ ১২১ দিন ভেকচিনেচন কাৰ্যসূচী স্বাস্থ্যকৰ্মী সকলে নিষ্ঠা সহকাৰে  সম্পূৰ্ণ কৰিলে । স্বাস্থ্যকৰ্মী সকলৰ  অতি পৰিশ্ৰম লগতে স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে  বন্ধৰ মাজতো ভেকচিন কাৰ্য্যসূচী নিয়াৰিকৈ চলাই লৈ যোৱা দেখি পাউৰীপোটা , ধনশিৰিবাসী ৰাইজে ভেকচিন কাৰ্য্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলক প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জনাইছে।

Leave A Reply