Breaking

১৭ ৰাজ্যলৈ বিয়পিল অমিক্রনৰ সংক্রমণঃ ইউপি–হাৰিয়ানা মহাৰাষ্ট্রত নৈশ সান্ধ্য আইন

0 1,020

ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনৰ সংক্রমণ দ্রুতগতিত সম্প্রসাৰিত হৈছে৷ দেশৰ ১৭ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চললৈ সম্প্রসাৰিত অমিক্রনত এতিয়ালৈকে ৩৫৮জন আক্রান্ত হৈছে৷ এই আক্রান্তৰ ভিতৰত ৭০ শতাংশই উপসর্গহীন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি এই কথা সদৰী কৰিছে৷ যোৱা ২ ডিচেম্বৰত কর্ণাটকত প্রথমজন ৰোগী চিনাক্ত হোৱাৰ পাছত ই দ্রুতগতিত সম্প্রসাৰিত হৈ ১৭ ৰাজ্যত অমিক্রনত আক্রান্ত লোক ধৰা পৰিছে৷ যোৱা ২৪ ঘণ্টাত ১২৪জন লোক অমিক্রনত আক্রান্ত হোৱাত দেশজুৰি আক্রান্তৰ সংখ্যা ৩৫৮জনলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত ১৮৩জন লোক বিদেশ ভ্রমণ কৰি অহা অর্থাৎ ৭৩ শতাংশৰেই বিদেশ ভ্রমণৰ ইতিহাস আছে৷

লক্ষণীয় যে অমিক্রনত আক্রান্তৰ ৯১ শতাংশ সম্পূর্ণ টিকাকৰণ কৰা, ইয়াৰে ৬১ শতাংশ পুৰুষ আৰু ৩৯ শতাংশ মহিলা৷ স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, ৩৫৮জনৰ ভিতৰত ১১৪জন ইতিমধ্যে অমিক্রনৰ পৰা সুস্থ হৈ উঠিছে৷ ১৭খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্র, দিল্লী আৰু কর্ণাটকত সর্বাধিক আক্রান্ত হৈছে৷ অমিক্রনৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজধানী দিল্লীত বৰদিন আৰু নৱবর্ষ উদ্যাপন পার্টী নিষিদ্ধ কৰা হৈছে৷ মহাৰাষ্ট্রত বৰদিন আৰু নৱবর্ষ উদ্যাপন পার্টী ৫০ শতাংশৰ উপস্থিতিৰে আয়োজন কৰিবলৈ কঠোৰ নির্দেশনা জাৰি কৰিছে৷ কালি মধ্যপ্রদেশত নৈশ সান্ধ্য আইন ঘোষণা কৰাৰ পাছত কাইলৈৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ ঘোষণা কৰিছে উত্তৰ প্রদেশে৷ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ২৫ ডিচেম্বৰৰ পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন বলৱতৰ ঘোষণা কৰিছে৷ উল্লেখ্য যে ক’ভিড প্রট’কল অনুসৰি ৰাজ্যখনত বিবাহত উপস্থিতি ২০০ৰ অনুমতি প্রদান কৰা হৈছে৷

আনপিনে অমিক্রনৰ সংক্রমনৰ বর্ধিত ৰূপ দেখি মহাৰাষ্ট্র আৰু হাৰিয়ানাতো নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ মহাৰাষ্ট্রত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ আৰু হাৰিয়ানাত নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন বলৱৎ কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে বিশ্ব স্বাস্থ্য সংস্থাই অমিক্রনক অধিক সংক্রমণশীল বুলি ঘোষণা কৰাৰ প্রসংগৰে সম্প্রতি বিশ্বৰ চতুর্থ জোৱাৰ আৰম্ভ হোৱা বুলি প্রকাশ কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত দেশে কোনো কাৰণতে ক’ভিড–১৯ নির্দেশনাক লৈ শিথিলতা গ্রহণ নকৰিবলৈ নাগৰিকসকলক সতর্ক কৰি দিছে স্বাস্থ্য সচিবগৰাকীয়ে৷

আনপিনে বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, ২২ ডিচেম্বৰলৈকে বিশ্বৰ ১১০খন দেশলৈ অমিক্রনৰ সংক্রমণ সম্প্রসাৰিত হৈছে৷ ১১০খনতেই অমিক্রনৰ প্রভাৱ পৰিছে৷ উল্লেখ্য যে দক্ষিণ আফ্রিকাত প্রথমে চিনাক্ত হোৱা অমিক্রনৰ নেতিবাচক প্রভাৱ ইউৰোপীয় দেশ উত্তৰ আমেৰিকা আৰু আফ্রিকাত পৰিছে৷

Leave A Reply