Breaking

অসমলৈ গৌৰব কঢ়িয়াবলৈ সাজু মৰিগাঁৱৰ ৬ খেলুৱৈ

0 1,059

২৯ আৰু ৩০ ডিচেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ কানপুৰত অনুষ্ঠিত হব লগীয়া ক্যোকচিন কাৰাটে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসম ক্যোকচিন কাৰাটে একাডেমীৰ তৰফৰ পৰা নিৰ্বাচিতহৈ অসম দলক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে মৰিগাঁৱৰ ৬ গৰাকীকৈ খেলুৱৈ।

উত্তৰ প্ৰদেশৰ কানপুৰত অনুষ্ঠিত হবলগীয়া ক্যোকচিন কাৰাটে প্ৰতিযোগিতা খনিত অসম দলৰ হৈ যোৱা এই মৰিগাঁৱৰ যুৱক যুৱতী সকলে চাব জুনিয়ৰ, আৰু চিনিয়ৰ শাখাত অংশগ্ৰন কৰিব। এই ক্যোকচিন কাৰাটে মার্চাল আৰ্টৰ সকলো কলা প্ৰদৰ্শন হব। ২৭ তাৰিখে উত্তৰ প্ৰদেশলৈ ৰাওনা হব লগীয়া দলটোক লৈ আশাবাদী মৰিগাঁৱৰ ৰাইজ। লগতে দলটোত নেতৃত্ব কৰা উপদেষ্টা স্বৰূপ তথা প্ৰচান্ন কুমাৰ বৰদলৈয়ে দলটোক উৎসাহ জনায় । 

Leave A Reply