Breaking

টীয়কৰ শিক্ষয়িত্ৰী ববী দত্তলৈ “শিক্ষক ৰত্ন বঁটা”

0 1,195

“সৃষ্টিৰ পদাতিক”আলোচনীৰ প্ৰকাশন বিভাগ আৰু সামাজিক ,সাহিত্য সংস্কৃতিৰ সংস্থা “সৃষ্টিৰ পদাতিক”এ বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী ববী দত্তলৈ আগবঢ়াইছে “শিক্ষক ৰত্ন ২০২১” সন্মান।উল্লেখযোগ্য যে প্ৰতিবছৰে এই অনুষ্ঠানে অসমৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়োৱা ব্যক্তিক বিভিন্ন বঁটা আৰু সন্মান আগবঢ়াই আহিছে।অসম সাহিত্য বঁটা,শিক্ষক ৰত্ন বঁটা,কাব্যশ্ৰী বঁটা,সমাজ ৰত্ন বঁটা,জীৱনজোৰা সাধনা বঁটা,সুধা কণ্ঠ বঁটা আদিৰে সাহিত্যিক,কবি আৰু সংস্কৃতিবান ব্যক্তিক মান্যতা প্ৰদান কৰি সাহিত্য,সংস্কৃতিৰ দিশত আগুৱাই নিয়াটোৱেই  এই অনুষ্ঠানৰ মূল লক্ষ্য।সাহিত্য ,সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা সন্মানীয় শিক্ষকক প্ৰতি বছৰে শিক্ষক ৰত্ন বঁটা প্ৰদান কৰি আহিছে।এইবাৰ টীয়কৰ ববী দত্তলৈ এই সন্মানীয়  বঁটা প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে টীয়কৰ যুগসম্ভৱা কবি ববী দত্ত একেধাৰে কবি,সাহিত্যিক,গল্পকাৰ,নাট্যকাৰ,আবৃত্তিকাৰ,গীতিকাৰ আৰু সুদক্ষ অভিনেত্ৰী।বৰ্তমানলৈকে ববী দত্তৰ প্ৰকাশিত গ্ৰন্থ সমূহ- শীতৰ হিমাদ্রি পুৱা, মাটিৰ পৃথিবীৰে মিঠা,প্ৰণয়ৰ নূপুৰ ৰাগিনী,Love The Melodies of Anklet ,ববী দত্তৰ লিমাৰিক,এটা মৌন প্ৰাৰ্থনা:ঈশ্বৰৰ কথা , হেঁপাহৰ ভৰুণ পৃথিৱীমৰ-চেওঁৰা,এনেদৰেই হাঁহি থাকোঁ আনৰ সুখৰ বাবে,  অন্য এক পেন্থিয়া, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ দৰ্শন,আই, ভিন্নসুৰী,মই নষ্ট নাৰীয়ে কৈছোঁ ইত্যাদি।আন্তঃৰাষ্ট্ৰীয় পয্যাযত নিজকে কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা ববী দত্তই নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত “আন্তঃৰাষ্ট্ৰীয় সাহিত্য আৰু কবি সন্মিলন”ত নিমন্ত্ৰণ ক্ৰমে অংশগ্ৰহণ কৰিছিল যোগ্যতাৰ পৰিচয় দিছিল।

ইতিমধ্যে ইংৰাজী,হিন্দী,বাংলা,নেপালী,তামিল,মালায়ালম,উৰ্দু আদি ভাষালৈ ববী দত্তৰ কবিতা অনুবাদ হৈছে। ববী দত্তই কাব্যস্বৰ্ণ বঁটা,বৰ্ষশ্ৰেষ্ঠ কবি সন্মান,কবিতা ৰাণী সন্মান ,বিশেষ কবি বঁটা ,বৰ্ষশ্ৰেষ্ঠ কাব্যচর্চাকাৰী বঁটা আদি লাভ কৰিবলৈ সক্ষম হৈছে।ববী দত্তই সদৌ অসম ভিত্তিত অনুষ্ঠিত নাট প্ৰতিযোগিতাত পাঁচবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এগৰাকী দক্ষ অভিনেত্ৰী আৰু সু আবৃত্তিকাৰ।।ববী দত্ত তামুলিছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক  লীলা কান্ত দত্ত আৰু ৰিনা দত্তৰ কন্যা।সৃষ্টিৰ পদাতিক আলোচনী প্ৰকাশন বিভাগে অসম সাহিত্য সভাৰ স্বীকৃত সভা সৃষ্টিৰ পদাতিক শাখা সাহিত্য সভাৰ উদ্যোগত নুনমাটি কবি সমাজ ,ৰসৰাজ সাহিত্য সাংস্কৃতিক সমাজ আৰু দক্ষিণায়ন গোষ্ঠীৰ সহযোগত অহা ইং ৩০ ডিচেম্বৰত গুৱাহাটীৰ সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ   সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা ভৱনত এই সন্মানীয় বঁটা সমূহ প্ৰদান কৰিব।

Leave A Reply