Home Blog Page 2659

কৰ’নাই খেদিছে কৰীণাক, কাৰণ দৰ্শাই তৎ পোৱা নাই কৰণে

সুখকৰ নহ’ল বিশ বছৰজোৰা অপেক্ষাৰ স্বপ্নৰ আয়োজন৷ সোমবাৰে বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত এতিয়া ক’ভিডৰ আশংকা বিয়পিছে স্বপ্ননগৰী মুম্বাইত৷ ৮ ডিচেম্বৰৰ নিশা অভিনেতা কৰণ জোহৰে আয়োজন কৰা এটা নৈশ পাৰ্টিত উপস্থিত আছিল বলিউডৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী৷ জোহৰৰ সেই ভোজৰ পৰাই পৰৱৰ্তী সময়ত ক’ভিড বিয়পি পৰা বুলি বোম্বে পৌৰ নিগমে মন্তব্য কৰিছিল৷ অৱশ্যে, কৰণ জোহৰে সেই কথাক নস্যাৎ কৰিছিল৷

এতিয়া প্ৰশ্ন হৈছে, কৰণ জোহৰৰ সেই নৈশ পাৰ্টিত মহাৰাষ্ট্ৰৰ কোনো মন্ত্ৰী উপস্থিত আছিল নেকি ? বলীউডত ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ পাছত বিজেপি নেতাই এই প্ৰশ্ন উত্থাপন কৰিছে৷ বিজেপি নেতা আশিস শ্বেলাৰে কৰণ জোহৰৰ বাসগৃহৰ চিচিটিভি ফুটেজ বিচাৰি বোম্বে পৌৰ নিগমলৈ পত্ৰ প্ৰেৰণ কৰিছিল, যাতে পাৰ্টিত কোন কোন উপস্থিত আছিল সেয়া জানিব পৰা যায়।

পাৰ্টিত উপস্থিত থকা বলীউডৰ কেইবাগৰাকীও অভিনয়শিল্পী ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত পজিটিভ কৰণ জোহৰৰ বাসভৱন ‘ছীল্ড’ কৰা হৈছে৷ পাৰ্টীত কোনো মন্ত্ৰী থকাৰ আশংকা কৰা আশিস শ্বেলাৰে কয় যে কৰীণা কাপুৰ আৰু ছোহেল খানৰ পত্নী সীমা খানৰ মন্তব্যৰ মাজত পাৰ্থক্য আছে। এইটো কিছুমানৰ নাম লুকুৱাবলৈ কৰা চেষ্টা নেকি বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ লগতে কয় পৌৰ নিগমৰ বিষয়াসকলে মোৰ সৈতে ভাগ বতৰা কৰা তথ্য অনুসৰি, সীমা খানে জোহৰৰ ঘৰত নৈশ ভোজত উপস্থিত থকা সকলো লোকৰ নাম প্ৰকাশ কৰা নাছিল। মই ভাবো এইটো ৮ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। তেওঁ বাদ দিয়া নামবোৰ পোহৰলৈ আহিছিল যেতিয়া কৰীণা কাপুৰক বিএমচি বিষয়াসকলে যোগাযোগ যোগাযোগ কৰিছিল। এই কথাই নৈশ ভোজত উপস্থিত থকা লোকৰ সঠিক সংখ্যাৰ বিষয়ে সন্দেহ বৃদ্ধি কৰে।

টাই আহোম য়ুথ ফ’ৰামৰ বঁটা বিতৰণ অনুষ্ঠান

অসমীয়া সাহিত্য জগতৰ পিতামহ পদ্মনাথ গোহাঁইবৰুৱা দেৱৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে টাই আহোম য়ুথ ফ’ৰামৰ উদ্যোগত আয়োজিত টাই আহোম প্ৰাৰ্থনা “আই ছিং লাও ” আৰু” টাই জাতীয় সংগীত ” প্ৰতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠানটি ১৬ ডিচেম্বৰ তাৰিখে সোনাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানত সভাপতিত্ব কৰে টাই আহোম য়ুথ ফ’ৰামৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চাও বিশ্বজিৎ গগৈয়ে। অনুষ্ঠান ত উপস্থিত থাকে ফ’ৰামৰ উপদেষ্টা চাও হেমন্ত চাংমাই , দ্বীপজ্যোতি বৰা, কাৰ্যকৰী সভাপতি গণেশ গগৈ, আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত, চৰাইদেও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ বৰা,কুইজ মাষ্টাৰ নৱজ্যোতি ভৰালী ,ফ’ৰামৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক মৃদুপবন লাহন । মুখ্য অতিথি হিচাপে উপস্থিত থাকে সোনাৰী মহাবিদ্যালয় ৰ প্ৰবক্তা ৰঘুনাথ কাগয়ুং।

অনুষ্ঠানত ২৫ জন প্ৰতিযোগীক নগদ ধন আৰু মানপত্ৰ ৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠান তিৰ আঁত ধৰে টাই আহোম য়ুথ ফ’ৰামৰ‌ চৰাইদেও জিলা সমিতিৰ সভাপতি বিপুল গগৈ আৰু সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি গগৈয়ে।

বিক্ৰী হ’ব বিশ্বৰ প্ৰথমটো মেছেজ! নিলামত ২ কোটি টকা

বৰ্তমান সময়ত মানুহৰ বাবে মেছেজ আদান-প্ৰদান এক অপৰিহাৰ্য অংগ হৈ পৰিছে। ফোনত কথা নপতাকৈয়ে মেছেজ পঠিয়াই নানা বাৰ্তালাপ কৰিব পাৰি। চিঠিৰ স্থান কেতিয়াবাই দখল কৰিলে মেছেজে। পিছে আপুনি জানেনে বিশ্বৰ প্ৰথমটো মেছেজৰ কথা। ১৯৯২ চনৰ ৩ ডিচেম্বৰত প্ৰেৰণ কৰা হৈছিল বিশ্বৰ প্ৰথমটো মেছেজ। বিশ্বৰ প্ৰথমটো মেছেজ বিক্ৰী হবলৈ গৈ আছে। নিলামৰ বাবে আগবঢ়োৱা হব বিশ্বৰ প্ৰথমটো মেছেজ। এই মেছেজটো ভোডাফোন নেটৱৰ্ক ব্যৱহাৰকাৰী তথা ভোডাফোনৰে এজন কৰ্মচাৰীয়ে অন্য এজন কৰ্মচাৰীলৈ প্ৰেৰণ কৰিছিল। খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাই মেছেজটো প্ৰেৰণ কৰা হৈছিল। মেছেজটোত লিখা আছিল ‘MERRY CHRISTMAS’.

নিলাম কেন্দ্ৰৰ যোগেদি সেই মেছেজটো বিক্ৰীৰ বাবে যো-জা চলোৱা হৈছে। নিলামত ইয়াৰ মূল্য ২ কোটি বা অধিক হোৱাৰ সম্ভাৱনাই দেখা দিছে। ২১ ডিচেম্বৰলৈ চলিব এই নিলাম প্ৰক্ৰিয়া। পিছে সেই সাধাৰণ দুটা শব্দৰ মেছেজটো বিক্ৰী কৰি উপাৰ্জন কৰা এই বৃহৎ পৰিমাণৰ টকাৰে কি কৰিব ভোডাফোনে?

এই সন্দৰ্ভত ভোডাফোনে কয় যে,সমগ্ৰ ধনৰাশি শৰণাৰ্থী শিবিৰৰ বাবে দান কৰা হ’ব। উল্লেখ্য যে, ১৯৯২ ৰ ডিচেম্বৰত প্ৰথমটো মেছেজৰ পাছত ১৯৯৫ চনলৈ সমগ্ৰ বিশ্বতে কেৱল মাত্ৰ ০.৪ শতাংশ লোকেহে প্ৰতিমাহে মেছেজৰ ব্যৱহাৰ কৰিছিল। অভিযন্তা নীল পাপৱৰ্থ নামৰ লোকজনে ৰিচাৰ্ড জাৰ্ভিছ নামৰ এজন লোকলৈ বিশ্বৰ প্ৰথমটো মেছেজ প্ৰেৰণ কৰিছিল। ৰিচাৰ্ড জাৰ্ভিছে সেই মেছেজটো পাইছিল অৰ্বিটেল 901 হেণ্ডছেটত। ছফ্টৱেৰ ইঞ্জিনীয়াৰ নীল পাপৱৰ্থ হৈছে মেছেজ বা এছএমএছৰ সৃষ্টিকৰ্ত

লেখাপানীত ভাৰতীয় সেনাবাহিনীৰ স্বৰ্ণীম বিজয় দিৱস উদযাপন

তিনিচুকীয়া জিলাৰ  লেখাপানীস্থিত ভাৰতীয় সেনা বাহিনীয়ে বৃহস্পতি বাৰে উদযাপন কৰে স্বৰ্ণীম বিজয় দিৱস।১৯৭১ চনৰ ১৬ ডিচেম্বৰ তাৰিখে পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা হয় এই বিজয় দিৱস।বিজয় দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাবাহিনীয়ে দুখনকৈ বিদ্যালয় ক্ৰমে টিৰাপ উচ্চ মাধ্যমিক বিদ্যালয় আৰু হাচাক জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্রী তথা ছাত্ৰ ছাত্ৰী সকলক আমন্ত্ৰণ কৰি আনে।

ভাৰতীয় সেনাবাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়া আৰু প্ৰায় ডেৰ শতাধিক ছাত্র ছাত্ৰীৰ উপস্থিতিত সেনা বেষ্টনীৰ চৌপাশে ছয় হাজাৰ গছ পুলি ৰোপণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰোপৰি সেনাবাহিনীৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ আকৰ্ষণীয় কাৰ্যসূচী পালন কৰাৰ উপৰিও কাৰ্যসূচীত উপস্থিত সকলোকে চাহ আৰু মিঠাইৰে আপ্যায়ন কৰা হয়।সেনাবাহিনীয়ে আয়োজন কৰা উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰা স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলক যথেষ্ট উৎসাহিত হোৱা দেখা যায়। ভাৰতীয় সেনাবাহিনীৰ এনেধৰণৰ পদক্ষেপে সমাজলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব বুলি সকলো আশাবাদী।

লাখেৰাজ জনজাতি হাইস্কুলত ন-খোৱা উৎসৱ

দেৰগাঁৱৰ সমীপবৰ্তী বৰমুকলিস্থ লাখেৰাজ জনজাতি হাইস্কুলৰ ছাত্ৰ ছাত্ৰী, শিক্ষক-কৰ্মচাৰী লগ হৈ ১৩ ডিচেম্বৰত ন-খোৱা উৎসৱ পালন কৰে। অসমীয়া সমাজত পৰম্পৰাগত ভাবে আঘোণ মাহত ন-খোৱা উৎসৱ পালন কৰা হয়। বৰ্তমান সময়ত ন-খোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা বহুখিনি হ্ৰাস পোৱাৰ সময়তে ন-খোৱা পৰম্পৰাৰ লগত নতুনচামক চিনাকি কৰোৱাৰ উদেশ্যে বিদ্যালয়ৰ তৰফৰ পৰা এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচী চলি থকাৰ সময়তে মিচিং স্বায়ত্বশাসিত পৰিষদৰ যোৰহাট সমষ্টি আৰু বোকাখাট সমষ্টিৰ কাৰ্যবাহী সদস্য দুগৰাকী, সদৌ মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া বিদ্যালয়ত আকস্মিক ভাৱে উপস্থিত হৈ বিদ্যালয় খনে পৰম্পৰা ৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। এই ন-খোৱা কাৰ্যসূচীত বিদ্যালয় খনৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষকে অংশগ্ৰহণ কৰে।

হালধা হাইস্কুলত জীৱনৰ দিগদৰ্শন আৰু দক্ষতাৰ কৰ্মশালা

দৰঙৰ হালধা হাইস্কুলত ছাত্ৰ ছাত্ৰী সকলৰ মাজত জীৱনৰ দিগদৰ্শন আৰু দক্ষতা বৃদ্ধি শীৰ্ষক এখন কৰ্মশালা ১৬ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়। বিদ্যালয়ৰ সহ শিক্ষক ড : দীপক কাকতিৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মশালাখনৰ আঁত ধৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক তপন চন্দ্ৰ ডেকাই। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিষয়বস্তুৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক তথা বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিৰণ্য কুমাৰ নাথে । হাইস্কুল শেহান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি বিষয় অধ্য‌য়ন কৰাৰ সুযোগ আছে আৰু ইয়াৰ প্ৰস্তুতি সন্দৰ্ভত সমল ব্যক্তি গৰাকীয়ে কৰ্মশালাত  তথ্য সহকাৰে বিবৰি কয়। তাৰোপৰি উচ্চতৰ মাধ্যমিকত কলা, বাণিজ্য , বিজ্ঞান বিষয় লৈ উৰ্ত্তীণ হোৱাৰ পাছত কি কি কেৰিয়াৰ বাছনি কৰিব পাৰি সেই দিশবোৰ বক্তব্যত দাঙি ধৰে। বৃত্তিমূলক শিক্ষা গ্ৰহণৰ বাবে থকা সুবিধা আৰু নিয়োজনৰ সম্ভাৱনাৰ বিষয়েও তেওঁ চুই যায়। তেওঁ কয় – কেৰিয়াৰ এটা বাছনি কৰিবলৈ যাওতে আমাৰ ছাত্ৰ ছাত্ৰী সকলে নিজৰ দক্ষতা, অভিৰুচি, ব্যক্তিত্ব, অৰ্হতা আদি দিশবোৰৰ প্ৰতি গুৰুত্ব দিয়া উচিত। আমন্ত্ৰিত বক্তা গৰাকীয়ে লগতে মেডিকেল, ইঞ্জিনিয়াৰিং, শিক্ষকতা, প্ৰতিৰক্ষা , প্ৰশাসনিক আদি বিভাগত নামভৰ্তিৰ বাছনি পৰীক্ষাৰ বিষয়ে অৱগত কৰায়। ইয়াৰ উপৰি তেওঁ যোগাযোগ, ধনাত্মক চিন্তা, সমস্যা সমাধানৰ উপায়, সমুচিত চিন্তা , আবেগৰ নিয়ন্ত্ৰণ আদি জীৱনৰ কৌশল সমূহৰ ওপৰত আলোকপাত কৰে। আন এগৰাকী আমন্ত্ৰিত বক্তা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা অধিবক্তা কৰবী জ্যোতি শইকীয়াই জীৱিকাৰ কৌশল সমূহ বিদ্যালয়ৰ চাৰিবেৰৰ মাজতে আয়ত্ব কৰিব পাৰি বুলি কয়। নিজৰ জীৱনত অৰ্জন কৰা দক্ষতা সমূহৰ বাবে তেওঁ এসময়ত অধ্যয়ন কৰা গুৰু মণ্ডলীৰ অৰিহণাৰ কথা শ্ৰদ্ধাৰে স্বীকাৰ কৰে। আনহাতে এটা ভাল আৰু নিজ পচণ্ডৰ কেৰিয়াৰ বাচনিৰ বাবে সৰুৰে পৰাই ছাত্ৰ ছাত্ৰী সকলক সাজু কৰি তোলাৰ প্ৰয়োজন বুলি বক্তা গৰাকীয়ে উল্লেখ কৰে। কৰ্মশালাৰ অন্তত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক পবিত্ৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত লোক কৃষ্টিৰ মাধ্যমেৰে কৈশোৰ সবলীকৰণ আৰু সামাজিক পৰিবৰ্তন বিষয়ত অনুষ্ঠিত আন এক কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিয়াগীত, জিকিৰ, মহোহো, নাঙেলী গীত, বিহু হুঁচৰি, বাগৰুম্বা, খেৰাই নৃত্য আদি প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে ।

গুৱাহাটী পুণেৰ মাজত পোনপটীয়া বিমান সেৱা ইণ্ডিগ’ৰ

মহাৰাষ্ট্ৰৰ অন্যতম ব্যস্ত চহৰ পুণেৰ সৈতে ১৫ ডিচেম্বৰৰ  পৰা গুৱাহাটীৰ  বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিছে বিমান সেৱা প্ৰদানকাৰী সংস্থা  ইণ্ডিগ’ৱে । উল্লেখযোগ্য যে  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা দৈনিক নিশা ১০.৪০ বজাত  পুণে অভিমুখে উৰা মৰা  বিমানখন মাজনিশাৰ পাছত  ২.১৫ বজাত গৈ পুণে বিমান বন্দৰত অৱতৰণ কৰিব । তেনেদৰে পুণেৰ পৰা দৈনিক মাজনিশা ২.৫০ বজাত বৰঝাৰ অভিমুখে উৰা মৰা   বিমানখন পুৱা ৬.০৫ বজাত আহি বৰঝাৰ পাব  ।

আনহাতে ১৫ ডিচেম্বৰৰ নিশা এই উপলক্ষে  বৰঝাৰ বিমান বন্দৰত  আয়োজিত অনুষ্ঠানত নতুন দিল্লীৰ পৰা মুখ্য অতিথি হিচাপে ভাগ লৈ ভাৰ্চুৱেলযোগে বিমান সেৱাৰ শুভাৰম্ভ কৰে  ভাৰত চৰকাৰৰ  অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই । তেনেদৰে বৰঝাৰ বিমান বন্দৰত নিশা বন্তি প্ৰজ্বলনৰে গুৱাহাটী – পুণেৰ মাজত বিমান সেৱাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ দক্ষতা বিকাশ ,  পৰিবহণ , উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । চমু ভাষণত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই পোনপটীয়া বিমান সেৱাৰ দ্বাৰা পুণেত অধ্যয়নৰত  হাজাৰ হাজাৰ ছাত্ৰ – ছাত্ৰী উপকৃত হব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত ইণ্ডিগ’ৰ মুখ্য ৰাজহ বিষয়া সঞ্জয় কুমাৰে ভাষণত গুৱাহাটীৰ উপৰিও অসমৰ ডিব্ৰুগড় , শিলচৰ আৰু যোৰহাটৰ সৈতে দেশৰ অন্য প্ৰান্তৰ পৰা সপ্তাহত প্ৰায় ৫০০ তকৈ অধিক  বিমান পৰিচালনা কৰি আহিছে বুলি সদৰি কৰে ।

হেৰুৱা ছন্দ ওভতাই পাইছে শ্বাহৰূখ-গৌৰীয়ে

এখন দীঘলীয়া যুঁজৰ যেন অন্ত পৰিছে! সাময়িক সকাহ লাভ কৰিছে খান পৰিয়ালে। বাদ-বিবাদ,আইনী জটিলতাৰ অন্তত নিজ পুত্ৰক ঘৰলৈ ওভতাই আনিছে শ্বাহৰুখ-গৌৰীয়ে। আৰিয়ানৰ আগমনৰ পাছতে হেৰুৱা ছন্দ ওভতি আহিছে ‘মন্নত’লৈ। ছবিখনৰ দৃশ্যগ্ৰহণৰ কামত মনোনিৱেশ কৰিছে বলীউড বাদশ্বাহে। কিং খানৰ পাছত এইবাৰ গৌৰী খানেও কামত লগাৰ মন মেলিছে। উল্লেখ্য যে, নিজ পুত্ৰৰ গ্ৰেপ্তাৰৰ পাছৰ পৰাই ৰাজহুৱা স্থানত দেখিবলৈ পোৱা নাই গৌৰীক। ‘মন্নত’ৰ বন্ধ কোঠাত সন্তানৰ বাবেই দিনে-ৰাতি প্ৰাৰ্থনা কৰিছিল গৌৰীয়ে। পুত্ৰ উভতি অহাৰ পাছত শ্বাহৰূখ পত্নীৰ মুখত বিৰিঙিছে হাঁহি। ন-উদ্যমেৰে পুনৰ কামত ধৰিব গৌৰীয়ে।

আভ্যন্তৰীণ সজ্জা বিশেষজ্ঞ গৌৰীয়ে ব্যৱসায়ী ফাল্গুনী আৰু শ্বেনৰ নতুন বিপনীখন আটকধুনীয়াকৈ সজাই তোলা দেখিবলৈ পোৱা গৈছে। দুই ব্যৱসায়ীৰ সৈতে মত বিনিময়ো কৰিছে গৌৰীয়ে। অলপতে, এটা ভিডিঅ’ ইনষ্টাগ্ৰামত পোষ্ট কৰিছে গৌৰীয়ে। গৌৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বিপনীখনৰ বিষয়ে দুই-এটা টিপছো শ্বেয়াৰ কৰিছে ভিডিঅ’টোত। শ্বাহৰূখৰ প্ৰিয়ভাজন পৰিচালক ফাৰহা খানে গৌৰীক এনেদৰে স্বাভাৱিক ছন্দলৈ উভতি অহা দেখি উৎসাহিত হৈছে।

উল্লেখ্য যে, এতিয়া ক্ৰমাত্‍ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে খান পৰিয়াল। বুধবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে এনচিবিৰ কাৰ্যালয়ত আৰিয়ানৰ সাপ্তাহিক উপস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল। জামিনৰ পূৰ্বৰ চৰ্ত বাতলিৰ বাবেই বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল তাৰকা তনয় আৰিয়ানে। সেয়েহে, অতীতৰ তিক্ততাক পাহৰি পুনৰ হাঁহিমুখে নিজ নিজ কৰ্মত মনোনিৱেশ কৰিছে শ্বাহৰূখ-গৌৰীয়ে।

বনকৰ্মীৰ গুলিত নিহত আৰ্বী দৈমাৰীৰ তদন্তত ব্যস্ত অতিৰিক্ত উপায়ুক্ত

বনৰীয়া হাতীৰ জাক এটা জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠিয়াবলৈ বনকৰ্মীয়ে শূন্যলৈ গুলি চালনা কৰাত আকস্মিক ঘটনা ক্ৰমে যোৱা ১০ ডিচেম্বৰত মৃত্যু হৈছিল কণমানি আৰ্বী দৈমাৰী। এই ঘটনাত আৰ্বী দৈমাৰীৰ মাতৃ মালবিকা দৈমাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। ইফালে এই মৰ্মান্তিক ঘটনাৰ উচিত তদন্ত বিচাৰি বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সকলো জাতীয় দ’ল সংগঠন।মৃতক আৰু আঘাতপ্ৰাপ্ত পৰিয়ালটোৱেও বিচাৰিছে উচিত ন্যায়।

উক্ত ঘটনা সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা জিলা পৰ্যায়ৰ বিশেষ তদন্ত কৰিবলৈ বকোত বাহৰ পাতিছে কামৰূপ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী। উল্লেখ্য যে, কেইবাদিনো একেলেঠাৰিয়ে তদন্ত চলাই আজি সিদ্ধাৰ্থ গোস্বামী উপস্থিত হয় বন্দাপাৰা /ৰাজাপাৰা অঞ্চলৰ ঘটনা সংঘটিত হোৱা স্থানত। ইফালে তদন্তত ব্যস্ত থকা সিদ্ধাৰ্থ গোস্বামী দেৱ উপস্থিত হোৱা সময়ত সমবেত হয় একাংশ গঞা। আৰু সমবেত ৰাইজৰ লগত ঘটনা সন্দৰ্ভত আলোচনা কৰি বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ কথা ব্যক্ত কৰে গোস্বামীয়ে। আনহাতে পৰিয়ালৰ লোকেও উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰিছে। আজিৰ চৰজমিন তদন্তৰ সময়ত সিদ্ধাৰ্থ গোস্বামীক সহযোগ আগবঢ়াই ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ পাৰিষদ অৰ্জুন ছেত্ৰীয়ে।

ৰণবীৰক প্ৰশ্ন আলিয়াৰ, আমাৰ বিয়া কেতিয়া ?

বলীউডৰ সবাটোকৈ চৰ্চিত দুই যুটিৰ এটা যুটি ইতিমধ্যে বিবাহ পাশত আৱদ্ধ হ’ল। কেটৰিনাক জীৱন সংগী ৰূপে বাচ‌নি কৰি ল’লে বিকী কৌশলে। পাছে বলীউদ কুইন আলিয়া ভাট কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ব? সাম্প্ৰতিক সময়ত এয়া হৈ পৰিছে কোটিটকীয়া প্ৰশ্ন। উল্লেখ্য যে, ৰণবীৰে আলিয়াক বিয়া কৰাবলৈ সাজু বুলি ৰণবীৰে পূৰ্বেই জনাইছিল। কিন্তু ক’ৰ’না মহামাৰীৰ বাবেই তেওঁলোকৰ বিয়াৰ দিন পিছুৱাই দিয়া হৈছিল বুলি সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল। ইফালে, অ’মিক্ৰনৰ সংক্ৰমণৰ মাজতে বিকী-কেট বিবাহ পাশত আৱদ্ধ হ’ল। সেইবাবে আলিয়া-ৰণবীৰে কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ব তাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে অনুৰাগীয়ে।

এতিয়া আৰু পলম কৰিব বিচৰা নাই আলিয়াই ! এনডিটিভিৰ প্ৰকাশিত প্ৰতিবেদনত আলিয়া-ৰণবীৰ অভিনীত ‘ব্ৰহ্মাস্ত্ৰ’ৰ মোচন পোষ্টাৰ, আটাইতকৈ চৰ্চিত প্ৰথমখন চলচ্চিত্ৰ বুধবাৰে মুকলি কৰা হৈছিল। ৰণবীৰ-আলিয়া আৰু চলচ্চিত্ৰ পৰিচালক আয়ন মুখাৰ্জী নতুন দিল্লীত অনুষ্ঠিত বিশাল অনুষ্ঠানৰ বাবে মঞ্চত উপস্থিত আছিল। অনুষ্ঠানটোত উপস্থিত এজন অনুৰাগীয়ে ৰণবীৰক সুধিছিল যে, ‘আপুনি কেতিয়া আলিয়াক বিয়া কৰাব? আলিয়াক বিয়া কৰাব নে আন কাৰোবাক? যদি আপোনালোক দুয়ো বিবাহপাশত আৱদ্ধ হয় তেন্তে আমি সুখী হ’ম।’ অনুৰাগীজনৰ প্ৰশ্নত হতবাক হৈছিল ৰণবীৰ।

ৰণবীৰে নিজকে নিয়ন্ত্ৰণ কৰি আলিয়াৰ চকুলৈ চাই ক’লে, ‘আমাৰ বিয়া কেতিয়া?’ ৰণবীৰৰ এই প্ৰশ্নত হাঁহিৰ ৰোল উঠা দেখা যায়। ৰণবীৰৰ প্ৰশ্নৰ উত্তৰত আলিয়াই কয়, ‘আপুনি মোক এই প্ৰশ্নটো কিয় সুধিছে? পাছত, ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনৰ পৰিচালকৰ ফালে চাই কৌতুক কৰি কয়, ‘মই এই প্ৰশ্নটো আপোনাক নহয়, আয়ন মুখাৰ্জীক সুধিছো।’ পৰৱৰ্তী সময়ত পৰিচালকজনে বিবাহৰ প্ৰসংগক সামৰি কয়, ‘আজি ব্ৰহ্মাস্ত্ৰৰ মুক্তিৰ বিষয়ে আলোচনা হ’ব, নায়ক নায়িকাৰ বিবাহৰ বিষয়ে নহয়।ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট দীৰ্ঘদিন ধৰি প্ৰেমত আছে। তেওঁলোকৰ বিগত বৰ্ষতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা আছিল। মহামাৰীৰ বাবেহে ৰণবীৰ-আলিয়াৰ বিবাহৰ তাৰিখ পিছুৱাই দিয়া হৈছে।’ সেয়া যি কি নহওক, অনুৰাগীৰ মাজত এতিয়া তীব্ৰ কৌতুহলে ক্ৰিয়া কৰা দেখা গৈছে। প্ৰিয় ৰণবীৰ-আলিয়াক দৰা-কইনা ৰূপত চাবলৈ বিচাৰিছে অনুৰাগীয়ে। এতিয়া অনুৰাগীৰ আশা-আকাংক্ষাক ৰণবীৰ-আলিয়াই কেতিয়া পূৰ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!