Home Blog Page 2660

বৰপথাৰত আটছাৰ “চল যাব স্কুল” শীৰ্ষক শৈক্ষিক কাৰ্য্যসূচী

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ উদ্যোগত ৰূপায়ণ কৰা হয় “চল যাব স্কুল” শীৰ্ষক এক শৈক্ষিক কাৰ্যসূচীৰ। বৰপথাৰস্হিত ভগৱান চাহ বাগিছাত ১৬ ডিচেম্বৰ তাৰিখে আটছা বৰপথাৰ শাখাৰ উদ্যোগত আৰু  বৰপথাৰ উপ শাখা, ভগৱান বাগান প্ৰাথমিক গোট আৰু স্থানীয়  ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ। অসম চাহ জনজাতি ছাত্ৰ সন্থাই চাহ জনজাতি লোকসকলৰ শৈক্ষিক তথা বৌদ্ধিক দিশৰ উত্তৰণৰ বাবে  সমগ্ৰ অসমতে গ্ৰহণ কৰিছে  “চল যাব স্কুল” শীৰ্ষক কাৰ্যসূচীৰ। 

ভগৱান বাগান প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীৰ অংশ হিচাপে উপস্থিত চাহ জনজাতি লোকসকলৰ মাজত শৈক্ষিক সজাগতা সৃষ্টিৰ বাবে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। ইয়াৰ পিছতেই বিদ্যালয় খনৰ পৰা এক শৈক্ষিক শোভাযাত্ৰা বাহিৰ কৰা হয়। চাহ জনজাতি লোকসকলৰ শিক্ষিত হাৰ অধিক শক্তিশালী কৰাৰ লগতে বিদ্যালয়মুখী নোহোৱা আৰু আধাতে বিদ্যালয় এৰা  ছাত্ৰ-ছাত্ৰী সকলক শিক্ষামুখী কৰি তোলাই এই কাৰ্যসূচীৰ মুল উদ্দেশ্য। ইফালে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এই প্ৰয়াস অব্যাহত থাকিব বুলি জানিব দিয়ে আটছাৰ বৰপথাৰ শাখাৰ বিষয়ববীয়াই। আজিৰ এই কাৰ্যসূচীত ভগৱান বাগান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অচিত মহানন্দ,  আটছা গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি তিলক ভূমিজ, আটছা বৰপথাৰ শাখাৰ সম্পাদক মনোজ মহানন্দ, সভাপতি ৰবীন মাহুৱা, বৰপথাৰ শাখা আৰু ভগৱান বাগান প্ৰাথমিক গোটৰ আটছা কৰ্মীসকলৰ লগতে ভগৱান চাহ বাগিছাৰ  ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে।

লাখেৰাজ জনজাতি হাইস্কুলত গোমৰাগ নৃত্যৰ প্ৰশিক্ষণ শিবিৰ

দেৰগাঁৱৰ সমীপবৰ্তী বৰমুকলিস্থ লাখেৰাজ জনজাতি হাইস্কুলত বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলক লৈ  মিচিং লোককৃষ্টিৰ অন্যতম নৃত্য ‘গোমৰাগ নৃত্যৰ’ এক এমহীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে।  বিদ্যালয়ৰ তৰফৰপৰা আয়োজন কৰা এই ‘গোমৰাগ নৃত্যৰ’ ১৫ ডিচেম্বৰত শুভাৰম্ভ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল বৰাই।

বিদ্যালয়ৰ সহকাৰী শিক্ষক দিলীপ পেগুৰ তত্বাৱধানত অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান পৰিছে মিচিং লোক সংস্কৃতিৰ অন্যতম সাধক অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ মাজুলীৰ কাৰ্যালয়ত কৰ্মৰত প্ৰশিক্ষক ঢুলীয়া সেৱক কুটুম নামেৰে জনাজাত হেমকান্ত কুটুমে। প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণিৰ কাৰ্যসূচীত অনাতাঁৰ শিল্পী সনাতন গোৱলা, মিচিং দৃৰ্বি কেবাংৰ বৰমুকলি আঞ্চলিক সমিতিৰ সভাপতি তুলসী পায়েং, শৰৎ দলে, শিল্পী বিনুৱা দলেকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে।

মুছলপুৰৰ বিস্তীৰ্ণ পথাৰত দুশ বিঘাৰো অধিক মাটিত সৰিয়হ বিপ্লৱৰ সূচনা

চৌদিশে কেৱল হালধীয়াৰ আচ্ছাদন ৷ এখন যেন হালধীয়া সাগৰ….। চকুৱে ঢুকি নোপোৱালৈকে মাথোঁ হালধীয়া। যি দৃশ্যই এতিয়া হাত বাউল দি মাতিছে সকলোকে। হালধীয়াৰ দৃষ্টিনন্দন পৰিৱেশে আকৰ্ষিত কৰিছে সকলোকে ৷ হালধীয়াত বিলীন হৈছে ভোমোৰা, মৌমাখিও ৷ ৰাজ্যৰ প্ৰতিখন পথাৰেই আচলতে সৰিয়হৰ হালধীয়া ফুলেৰে এতিয়া একোখন হালধীয়া সাগৰত পৰিণত হৈছে। এই হালধীয়া খিনিয়েই এতিয়া বহুতৰ চকু মুখলৈ আনন্দ কঢ়িয়াই আনিছে। 

এইক্ষেত্ৰত বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ বগুলামাৰীৰ খেতিয়ক সকলো পিছ পৰি ৰোৱা নাই। অঞ্চলটোৰ প্ৰতিখন পথাৰ এতিয়া হালধীয়া হৈ জিলিকি পৰিছে ৷ বাৰিষাৰ বানে ধুৱাই নিয়া বগুলামাৰী পথাৰৰ কৃষক ৰাইজক এতিয়া ব্যাপক উৎসাহিত কৰিছে সৰিয়হৰ হালধীয়া ফুলে ৷ বগুলামাৰীৰ কেইগৰাকীমান কৃষকে গাঁঠিৰ ধন ভাঙি কৰা প্ৰচেষ্টাৰ ফচল এই হালধীয়া ৷ প্ৰায় দুশ বিধা মাটিত সৰিয়হ খেতিৰে অঞ্চলটোৰ কৃষক সকলে সৃষ্টি কৰিছে এই কৃষি বিপ্লৱৰ ৷

উল্লেখ্য যে বাৰিষা পানীৰ অভাৱত বগুলামাৰীৰ এই পথাৰখন সম্পৰ্ণৰূপে চন পৰি ৰৈছিল ৷ পথাৰৰ কাষেৰে বৈ যোৱা জানটোৰ কৃষিবান্ধটো বাঢ়নী পানীয়ে উটুৱাই নিয়াত সমগ্ৰ পথাৰখনতে মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল ৷ যাৰ বাবে বাৰিষাৰ সংহাৰী বানে নিঃশেষ কৰি অহা অঞ্চলটোৰ কৃষকসকলে ধান খেতি কৰিব নোৱাৰি বিকল্প খেতি হিচাপে সৰিয়হ খেতি কৰিছে ৷ বাৰিষাৰ সময়ত কৃষকসকলৰ বাবে অভিশাপস্বৰূপ হৈ পৰা জানটোৱে এতিয়া খৰালি সময়ত আৰ্শীবাদ হৈ থিয় দিছে । বাৰিষাৰ সময়ত জানটোৱে পথাৰত এৰি থৈ যোৱা পলসুৱা মাটিত কৃষকসকলে কৰা সৰিয়হ খেতি এতিয়া তেওঁলোকৰ বাবে সোণ হৈ জিলিকি উঠিছে । 

এতিয়া সকলোৱে সৰিয়হ খেতিৰে অঞ্চলটোক হালধীয়া কৰি তুলিছে ৷ যিফালে চোৱা যায় সেইফালে হালধীয়া ৷ উক্ত অঞ্চলটোৰ নৈসৰ্গিক শোভা, সৰিয়হ ফুলৰ হালধীয়া বৰণৰ মাজত এক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আগমণ ঘটিছে এতিয়া বহু লোকৰ ৷ বিশেষকৈ হালধীয়া সৰিয়হ ফুলৰ মাজত একপি ফটো উঠিবলৈ উক্ত অঞ্চললৈ আগমণ ঘটিছে বিভিন্নজনৰ ৷ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া মুছলপুৰৰ সমীপৰ বগুলামাৰীৰ দুশ বিঘাৰ বিস্তীৰ্ণ হালধীয়া পথাৰ ৷ কাৰণ হালধীয়া বৰণ লোৱা সৰিয়হৰ নান্দনিক দৃশ্যই কৃষক সকলক আনন্দিত কৰাৰ লগতে মোহাচ্ছন্ন কৰি তুলিছে বাটৰুৱাকো ৷ প্ৰাপ্তিৰ আনন্দই যেন কৃষকসকলৰ দুখৰ বোজাক বহু দূৰলৈ আঁতৰাই নিছে । 

চৰকাৰী কোনো সুবিধা নোপোৱাকৈয়ে কৃষক সকলে নিজৰ গাঁঠিৰ ধন ভাঙি মূৰৰ ঘাম মাটিত পেলাই কৰা কষ্টৰ এই খেতিসমূহ এতিয়া হালধীয়া হৈ জিলিকি পৰাত বহুতৰে চকু মুখত বিৰিঙি উঠিছে আনন্দৰ হাঁহি ৷ অৱশ্যে এইবাৰ পূৰ্বৰ তুলনাত সৰিয়হ খেতিৰ বাবে বতৰো উপযোগী হৈ আছে । যদিহে আৰু এমাহলৈ বৰষুণ নহয় তেন্তে এইবেলি অঞ্চলটোৰ সৰিয়হ খেতি কৰা কৃষকসকলে কিছু পৰিমাণে হ’লেও লাভৱান হোৱাৰ আশা কৰিব পাৰিব বুলি কৃষিকাৰ্যত জড়িত লোকসকলে মত প্ৰকাশ কৰিছে । 

প্ৰাপ্তিৰ আনন্দৰ মাজতে বগুলামাৰীৰ কৃষকসকলে ক্ষোভো প্ৰকাশ কৰিছে বিয়াগোম কৃষি বিভাগৰ বিৰুদ্ধে । কৃষকসকলে শ শ বিঘা মাটিত নিজা খৰচত সৰিয়হ খেতি কৰাৰ বিপৰীতে কৃষি বিভাগৰ পৰা কোনো সাহায্য পোৱা নাই বুলি ব্যক্ত কৰে । যি কি নহওক কৃষিজীৱী ৰাইজৰ আশা,যাতে সফলতাৰে নিজে কষ্ট কৰা সৰিয়হ খেতি সমূহ সোনকালে চপাব পাৰে ৷

দীপাংকৰ বৰুৱা,মুছলপুৰ

মাইক্ৰ’ফাইনেঞ্চ লিমিটেড গ’ল্ড লোণ প্ৰতিষ্ঠানৰ গ্ৰাহকক প্ৰতাৰণা : প্ৰকৃত সোণ লৈ গ্ৰাহকক ঘূৰাই দিলে নকল সোণ

নাজিৰাৰ মাজমজিয়াৰ এটা প্ৰতিষ্ঠান য’ত সোণৰ জমা লৈ গ্ৰাহকক দিয়া হয় লোণ । নাম আশীৰ্বাদ মাইক্ৰ’ফাইনেঞ্চ লিমিটেড । সুদৰ হাৰ ২৫ শতাংশৰ পৰা ২৯ শতাংশ । কিন্তু  ইমান সুদ সংগ্ৰহ কৰাৰ পাছতো গ্ৰাহকক মাধ মাৰ দিছে উক্ত প্ৰতিষ্ঠানটোৱে । চেন্নাইৰ পৰা পৰিচালিত এই প্ৰতিষ্ঠানে বিগত চাৰি মাহ ধৰি ব্যৱসায় কৰি আছে নাজিৰাত ।

আজিৰ  পৰা প্ৰায় ডেৰমাহ মানৰ আগতে শিৱসাগৰৰ এজন ব্যক্তি অমৰ জ্যোতি দাসে আশীৰ্বাদ গল্ড লোণ লিমিটেডৰ পৰা যোৱা ১২  নৱেম্বৰত ৪৭.৪৯৮ গ্ৰাম সোণৰ বিণিময়ত  ১.৫৪ লাখ টকা লোণ হিচাপে লৈছিল । যি সময়ত প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ পৰা সোণ জমা লৈছিল সেই সময়ত সম্পূৰ্ণ পৰীক্ষা কৰিহে জমা লৈ লোণ দিছিল  সম্পূৰ্ণ নিয়মৰ মাজেৰে । কিন্তুুু ডেৰ মাহৰ পাছত গ্ৰাহক জনে যেতিয়া সুদ সহ লোণৰ টকা জমা দি নিজৰ সোণৰ চেইন ডাল নিবলৈ আহে তেতিয়া এডাল হুবহু ডিজাইনৰ চেইন তেওঁৰ হাতত জমা দিয়ে । হাতত নিজৰ চেইন ডাল লৈ নিজেই চাই পৰীক্ষা কৰাত ধৰা পৰে যে চেইন ডাল তেওঁ জমা দিয়া ডাল নহয় ।

যিহেতু নিয়ম অনুসৰি যেতিয়া সোণ জমা লোৱা হয় তেতিয়া এটা নিৰ্দিষ্ট খামৰ ভিতৰত গ্ৰাহক আৰু প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ সন্মুখত উক্ত সম্পত্তিতো ৰখা হয় আৰু দিয়াৰ সময়তো উভয় পক্ষৰ উন্মুখত খুলি দিব লাগে কিন্তুু তাৰ পৰিৱৰ্তে প্ৰতিষ্ঠানটোৱে এটা ফলাখামৰ পৰাহে  উক্ত সম্পত্তিতো উলিয়াই দিয়ে বুলি গ্ৰাহক জনৰ অভিযোগ ।

এই লৈ ইতিমধ্যে নাজিৰা থানাত এজাহাৰ দাখিল কৰে ভূক্তভূগী জনে । আজি প্ৰতিষ্ঠানটোত নাজিৰা মহকুমা প্ৰশাসনৰ হৈ সহকাৰী আয়ুক্ত ৰাজীৱ সোনোৱাল আৰু আৰক্ষীৰ দল উপস্থিত হৈ  নাজিৰা পৌৰ সভাৰ পৰা কোনো ব্যৱসায়ীয়ে অনুজ্ঞাপত্ৰ নোলোৱাকৈ ব্যৱসায় চলাই থকাৰ অপৰাধত চিল কৰি দিয়ে । 

সমাজকৰ্মী প্ৰয়াত জ্যোতিষ বৰ্মনৰ আৱক্ষ মূৰ্তি উন্মোচন

চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত জ্যোতিষ বৰ্মনৰ এটি আৱক্ষ মূৰ্তি আনুষ্ঠানিক ভাবে উন্মোচন কৰাৰ লগতে শিক্ষক-সমাজসেৱী গৰাকীৰ নামত স্থানীয় এটি পথৰ নামাকৰণ কৰা হয় ৷ এই উপলক্ষে  দিনৰ প্ৰায় ১১-৩০ বজাত অকলাপাৰাৰ চামতা-বেলশৰ সংযোগী পথৰ সমীপৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য তথা অৱসৰী শিক্ষক প্ৰয়াত বৰ্মনৰ নিজৰ মাটিত শিক্ষাবিদ, সমাজসেৱী প্ৰয়াত বৰ্মনৰ আৱক্ষ মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ খগেন ডেকাই ।

লগতে, অকলাপাৰা পথটি ‘জ্যোতিষ বৰ্মন পথ’ হিচাপে নামাকৰণ কৰি ফলক উন্মোচন কৰে স্থানীয় গাৱৰ প্ৰাক্তন খেলুৱৈ, ক্ৰীড়া সংগঠক অপূৰ্ব বৰ্মনে । ডঃ খগেন ডেকাৰ পৌৰহিত্যত সম্পন্ন হোৱা এই অনুষ্ঠানত প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডঃ প্ৰমোদ হালৈ, চামতা ছোৱালী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক বিপিন কাকতি আৰু সাহিত্য সংগঠক কামাখ্যা প্ৰসাদ বৰ্মনে । প্ৰয়াত বৰ্মনৰ সহধৰ্মিনী ক্ষীৰদা বৰ্মনে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰা এই অনুষ্ঠানত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ বলেন গোস্বামী, শিক্ষক প্ৰাৰ্থপ্ৰতীম ডেকা প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে পুষ্পাঞ্জলি প্ৰদান কৰে ।

চামতা আঞ্চলিক সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰবীন বৰ্মনে আঁত ধৰা এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰয়াত বৰ্মনৰ একমাত্ৰ পুত্ৰ অনুপ বৰ্মনে । প্ৰায় ডেৰ লক্ষাধিক ধন ব্যয়েৰে পিতৃৰ আৱক্ষ মূৰ্তি স্থাপনেৰে পৰিয়ালটোৱে দেখুওৱা পিতৃ স্নেহৰ নিদৰ্শনত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে । 

প্ৰাক্তন সাংবাদিক, আচাৰ্য, কুইজ মাষ্টাৰ দিগন্ত কলিতাৰ পৰলোকপ্ৰাপ্তি

বিটিআৰৰ  ওদালগুৰি জিলাৰ মহিলাপাৰা গাওঁ নিবাসী  প্ৰাক্তন  সাংবাদিক সমাজ সেৱক তথা কুইজ মাষ্টাৰ হিচাপে বিখ্যাত দিগন্ত কলিতাৰ যোৱা নিশা ১০ :৩০ বজাত মৃত্যু হয় ।  সমাজ সেৱক  কলিতাই এটা সময়ত মাজবাটৰ পৰা অসমীয়া খবৰ  আৰু দৈনিক অগ্ৰদূত কাকতত সাংবাদিকতা কৰাৰ উপৰিও মাজবাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক উপ -প্ৰধান আচাৰ্য আছিল ।

কুইজ মাষ্টাৰ হিচাপে বিখ্যাত  কলিতাই দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল । মৃত্যুৰ সময়ত তেখেতে পত্নীৰ সৈতে এগৰাকী  জীয়াৰীক  ইহসংসাৰত এৰি থৈ যায় । আজি  তেখেতৰ মৃত্যুত মাজবাট , ৰৌতা অঞ্চলৰ লগতে মহলীয়া পাৰা আৰু কাণকাটা  অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে । 

শ্ৰী বলোৰাম পাঠক, ৰৌতা চাৰিআলি

তিৱা সাহিত্য সভাৰ দ্বাদশ সাধাৰণ অধিৱেশনৰ লাইখুঁটা স্থাপন

আগন্তুক ১০, ১১ আৰু১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া তিৱা মাথনলাই তখ্ৰা ( সাহিত্য সভা)ৰ দ্বাদশ  সাধাৰণ অধিৱেশনৰ উপলক্ষে ১৫ ডিচেম্বৰত নগাঁও বাৰপূজীয়াৰ ‘৪২ ৰ শ্বহীদ হেমৰাম পাতৰ ক্ষেত্ৰত’ লাইখুঁটা স্থাপন কৰা হয়। সম্পূৰ্ণ মাংগলিক পৰ্বৰে অনুষ্ঠিত লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে তিৱা মাথনলাই তখ্ৰা  দ্বাদশ অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি তথা মৰিগাঁও বিধানসভা সমষ্টিৰ সভাপতি ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, তিৱা মাথনলাই তখ্ৰাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লালচিং মাদাৰ, তিৱা মাথনলাই তখ্ৰাৰ নৱনিৰ্বাচিত সভাপতি দিপেন্দ্ৰ নাথ বৰদলৈ, উপ সভাপতি শৰৎ চন্দ্ৰ পাটৰ, সাধাৰণ সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতি, তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱ জ্যোতি মছৰং, কাৰ্যবাহী সদস্য মোহন সেনাপতিৰ লগতে তিৱা মাথনলাই তখ্ৰাৰ কেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলা সমিতিসমূহৰ বিষয়ববীয়া সকল ।

লাইখুঁটা স্থাপনৰ সময়ত তিৱা জাতীয় সংগীতেৰে চৌপাশ মুখৰিত হৈ পৰে। লাইখুঁটা স্থাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত আদৰণী সমিতিৰ সভাপতি তথা বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা জনগোষ্ঠীৰ হেৰাই যোৱা তিৱা ভাষা- সংস্কৃতিৰ কথা দোহাৰি দুখ প্ৰকাশ কৰি এই হেৰাই যোৱা ঐতিহাসিক তিৱা ভাষা- সংস্কৃতিক উদ্ধাৰৰ বাবে উদীয়মান সমাজক পদক্ষেপ ল’বৰ বাবে আহ্বান জনাই।

তখ্ৰাৰ নৱনিৰ্বাচিত সভাপতি দিপেন্দ্ৰ নাথ বৰদলৈয়ে তিৱা মাথনলাই তখ্ৰাই অনাগত সময়ত নতুন নতুন পৰিকল্পনাৰে তিৱা সাহিত্যৰ উত্তৰণত ব্ৰতি হোৱাৰ কথা ব্যক্ত কৰি সকলোৰে সহায় সহযোগিতা বিচাৰে। পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটো বাৰপূজীয়াৰ তিৱা নৃত্য শিল্পীসকলে তিৱা নৃত্য পৰিৱেশন কৰি জীপাল কৰি তোলে।

মাজবাট মহাবিদ্যালয়ত ‘স্পোকেন ইংলিছ’ কোৰ্চৰ শুভাৰম্ভ

ওদালগুৰি জিলাৰ মাজবাট মহাবিদ্যালয়ত বুৰঞ্জী আৰু অৰ্থনীতি বিভাগৰ উদ্যোগত ‘স্পোকেন ইংলিছ’ কোৰ্চৰ শুভাৰম্ভ কৰা হয় । বিশেষকৈ ছাত্ৰ- ছাত্ৰীসকলৰ ইংৰাজী কথা কোৱাৰ ক্ষেত্ৰত যি অসুবিধা লাভ কৰে তাক দূৰ কৰাৰ উদ্দেশ্যে এই কোৰ্চ আৰম্ভ কৰা হয় । তদুপলক্ষে মহাবিদ্যালয়ত পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন চৌধুৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

সভাত বুৰঞ্জী বিভাগৰ অধ্যাপক গোপাল দাহালে উদ্দেশ্য ব্যাখ্যা কৰে। সভাপতিক আদৰণি জনায় অধ্যাপিকা দীপ্তি দেৱীয়ে। অৰ্থনীতি বিভাগৰ অধ্যাপক ড° ভাস্কৰ বৰঠাকুৰে ইংৰাজী ভাষাৰ গুৰুত্ব ছাত্ৰ- ছাত্ৰী সকলৰ আগত আলোকপাত কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ কুমাৰ শৰ্মাই ছাত্ৰ -ছাত্ৰীক যথেষ্ঠ অনুপ্ৰেৰণা যোগায়। উক্ত সভাত মিনতি পাটোৱাৰী , QAC সমন্বয়ক জয়ন্ত  কলিতা আৰু দীপ্তি দেৱীৰ লগতে ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰফুল্ল দেৱ শৰ্মা, মানস কলিতা আদি অধ্যাপক- অধ্যাপিকাও উপস্থিত থাকে ।

নব কুমাৰ ডেকা

বিশিষ্ট সমাজ সেৱক মফিজুদ্দিন আহমেদৰ মৃত্যুত শোকৰ ছাঁ

দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত পানীয়াখাট গাঁৱৰ নিবাসী তথা একেলেথাৰিয়ে বহু কেইটা পদত অধিষ্ঠিত দৰং জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি, ধূলা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি, লেণ্ড এডভাইছাৰী অসম ৰাজ্যিক বৰ্ডৰ সদস্য, পূব মঙলদৈ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি মফিজুদ্দিন আহমেদে হৃদৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যুক আঁকোৱালি লয়।

পানীয়াখাট গাঁৱত  জন্ম গ্ৰহণ কৰা মফিজুদ্দিন আহমেদে ৮৫  বছৰ বয়সত ইহলীলা ত্যাগ কৰে। মফিজুদ্দিন আহমেদে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা সুদীৰ্ঘ ২৫ বছৰ কাল ধূলা গাঁও পঞ্চায়তৰ সভাপতিৰ পদ অলংকৃত কৰি আছিল। সমাজৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিছিল ব্যক্তি গৰাকীয়ে।

মৃত মফিজুদ্দিন আহমেদে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থাকি অৱশেষত সোমবাৰে ধূলাৰ পানীয়াখাট গাঁওস্থিত নিজ বাসভৱনত দিনৰ প্ৰায় ১২:১৫  বজাত মৃত্যুবৰণ কৰে। অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি গৰাকীৰ মৃত্যুত অঞ্চলবাসীয়ে গভীৰ শোক প্ৰকাশ কৰে। ইয়াৰ উপৰিও ধূলাবাসী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে মফিজুদ্দিন আহমেদৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আবুল হাছেম,খাৰুপেটিয়া

কাকজান মহাবিদ্যালয়ত ‘সাম্প্ৰতিক বিশ্বত ধ্ৰুপদী সাহিত্যৰ বিশ্লেষণ’ শীৰ্ষক অনুষ্ঠান

কাকজান মহাবিদ্যালয়ত মঙলবাৰে ইংৰাজী বিভাগৰ ইংলিচ ষ্টাডি আৰু লিটাৰেৰী ফ’ৰাম’ৰ উদ্যোগত  সাম্প্ৰতিক বিশ্বত ধ্ৰুপদী সাহিত্যৰ বিশ্লেষন শীৰ্ষক  অনুষ্ঠান সম্পন্ন হয়  । বিশিষ্ট অনুবাদক তথা সংগীতশিল্পী, ৰাষ্ট্ৰীয় সংস্কৃত গীতি কবি বঁটা প্ৰাপক ৰঞ্জন বেজবৰুৱাই সমল ব্যক্তি হিচাপে  অংশগ্ৰহণ কৰে । 

বিভাগীয় মূৰব্বী অধ্যাপক ড০ পংকজ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে উপাধ্যক্ষ ড০বিজয়লক্ষ্মী নেওঁগে ।এই অনুষ্ঠানত সংগীত শিল্পী গৰাকীয়ে বহু অসমীয়া ভাষাৰ গীত সংস্কৃত ভাষাত পৰিৱেশন কৰে । তেওঁ এইকথাও গীতৰ মাজেৰে উপস্থাপন কৰে যে আধুনিক চিন্তাধাৰাৰ গীত বা গীতি সাহিত্য এটাৰ পৰা অন্য এটালৈ প্ৰবাহিত হয় । 

অনুষ্ঠানৰ আৰম্ভনিতে ইংৰাজী বিভাগৰ ছাত্র- ছাত্ৰী সকলে মহাকবি কালিদাসৰ অমৰ সৃষ্টি ” অভিজ্ঞান শকুন্তলম ” বঙালী ভাষাত থোৰতে পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে । ছাত্ৰী ৰীতামনি বৰাই ইংৰাজী ভাষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণৰ সূত্ৰধাৰী নৃত্য পৰিৱেশন কৰি সকলোকে দৃষ্টি আকৰ্ষণ কৰে  ।


বিৰাজ বৰা,কাকজান