অৰুনাচল সীমান্তৱৰ্তী ৰৌতা সংৰক্ষিত বনাঞ্চল পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ দলে ওৰাং মৌজাৰ লগতে ৰৌতা,মাজবাট,ওদালগুৰি আদি অঞ্চল সমুহত উপদ্ৰৱ সৃষ্টি কৰিছে ।
বনাঞ্চল খনৰ পৰা খাদ্যৰ সন্ধানত জলাঞ্চললৈ ওলাই অহা প্ৰায় ২৬ জনীয়া এই বনৰীয়া হাতীৰ জাকটোৱে নাহেৰুৱা ,পানবাৰী,লামাবাৰী, টিক্ৰীতুলা আদি কেইবাটাওঁ আবাসিক এলেকাত আজি ৭ দিন ধৰি কল-কুহিয়াৰ,শাক-পাচলি খাই তহিলং কৰাৰ লগতে তামোল ভাঙি খাস্তাং কৰিছে।মাজবাট বন বিভাগৰ বিট অফিচাৰ মিন্টু বড়োৰ নেতৃত্বত এটা বন কৰ্মী দলে বৃহৎ হাতীৰ জাকটোক পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এফালে খেদিলে হাতীৰ জাকটোৱে বেলেগ এটা অঞ্চলত প্ৰৱেশ কৰাত বিপাঙত পৰিছে বন কৰ্মী সকল ।