Home Blog Page 2662

“আঘোণৰ দুপৰীয়াত কবিৰ আড্ডা”ত প্ৰিয়ঙ্কা দেৱীক সম্বৰ্দ্ধনা

ধেমাজি জিলাৰ  “সাহিত্য সভা ভৱনত” পুৱা দহ বজাৰ পৰা ,  “আঘোণৰ দুপৰীয়াত কবিৰ আড্ডা”  শীৰ্ষক  অনুষ্ঠানটি অনুষ্ঠিত হয়  ।  “আঘোণৰ দুপৰীয়াত কবিৰ আড্ডা” অনুষ্ঠানটি  উদ্বোধন কৰে  “আইদেউ সন্দিকৈ” বঁটাপ্ৰাপ্ত বিষয়া বিমলা গগৈয়ে আৰু সভাখন  সঞ্চালনা কৰে মৰিঢল মহাবিদ্যালয়ৰ  প্ৰবক্তা ড০ পুৰৱী দুৱৰায়ে । অনুষ্ঠানটি আৰম্ভণিৰে পৰা  শেষলৈকে আঁত ধৰে বিপুল শৰ্মাই  ।

উক্ত অনুষ্ঠানটিত বিশ্বনাথ  জিলা কবি চক্ৰৰ  মুখ্য সম্পাদিকা সদৌ অসম কবি চক্ৰৰ যুটীয়া সম্পাদিকা ৰুবীশইকীয়া  দাসে , বিশ্বনাথ জিলা কবি চক্ৰৰ কাৰ্যকৰী সভাপতি টেজেন হাজৰিকা  আৰু যুটীয়া সম্পাদক  প্ৰেম বৈষ্ণৱ আৰু  পূৰ্বালী শইকীয়াক উদ্যোক্তা সকলৰ তৰফৰপৰা ফুলাম গামোছাৰে আদৰণি  জনোৱা হয় । এই অনুষ্ঠানত প্ৰত্যেকেই একো একোটাকৈ  স্বৰচিত কবিতা পাঠ কৰে । 

যোৱা ১৫ নৱেম্বৰ তাৰিখে, কৰ্কট ৰোগী সকলৰ বাবে, নিজৰ মৰমৰ চুলি সমূহ স্বেচ্ছাই দান দিয়া,  প্ৰিয়ংকা দেৱী হাজৰিকাক আনুষ্ঠানিক ভাৱে, ফুলাম গামোছাৰে  আদৰণি জনোৱা হয় ।  “আঘোণৰ দুপৰীয়াত কবিৰ আড্ডাত” ধেমাজি জিলাৰ কাষৰীয়া জিলা  লক্ষীমপুৰ জিলাৰ বিশিষ্ট কবি  প্ৰতিমা বুঢ়াগোহাঁই , ৰঞ্জিতা চেতিয়া , অমৰজ্যোতি ঘোষ ,  মুকুল ৰঞ্জন কোচ, মিলন দত্ত  মাধুৰ্য গগৈকে আদি কৰি বহু নবীন-প্ৰবীণ কবিৰ উপস্থিতিত অনুষ্ঠানভাগ সফলতাৰে সম্পন্ন হয় । কবিতা পাঠৰ এই বিশেষ অনুষ্ঠানটিতে  নবীন বুঢ়াগোহাঁইক সভাপতি হিচাপে নিৰ্বাচিত কৰি  সৰ্বসন্মতি ক্ৰমে এটি বলিষ্ঠ  “ধেমাজি জিলা কবি চক্ৰ ” গঠন কৰা হয় । এই অনুষ্ঠানটিত যিসকল কবিয়ে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিছে তেখেত সকলক  উদ্যোগক্তা সকলে কৃতজ্ঞতা জ্ঞাপন কৰে ।

নাজিৰাৰ গড়মূৰ জ্ঞানজ্যোতি একাডেমীৰ অভিনৱ পদক্ষেপ :অনুষ্ঠিত কৰিলে ধান দোৱা আৰু লেচেৰী বোতলা প্ৰতিযোগিতা

যুৱ প্ৰজন্মক কৃষি কাৰ্যৰ প্ৰতি আকৃষ্ট কৰাৰ মানসেৰে গড়মূৰ জ্ঞানজ্যোতি একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলে গ্ৰহণ কৰিলে এক অভিনৱ পদক্ষেপ ৷ ছাত্ৰ- ছাত্ৰীৰ মাজত ধান দোৱা প্ৰতিযোগিতা অলুষ্ঠিত কৰিলে বিদ্যালয় কৰ্তৃপক্ষই ৷ একাংশ ছাত্ৰ -ছাত্ৰী হাতত কাঁচি লৈ নামি পৰে  পথাৰত ৷

শিৱসাগৰ জিলাৰ লাকুৱা ৰাজগড় কাষতে অৱস্থিত গড়মূৰ জ্ঞানজ্যোতি একাডেমী চিনেয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ- ছাত্ৰীক উৎসাহ যোগাবৰ বাবে পৰিচালন সঞ্চালক নিতুমনি দত্তৰ বিশেষ প্ৰচেষ্টাত কোনে কিমান খৰকৈ ধান কাটিব পাৰে তাৰেই এক প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷

বৰ্তমান সময়ত যুৱ প্ৰজন্ম কৃষিৰ প্ৰতি এক অনিহা প্ৰকাশ হোৱাৰ মাজতে উৎসাহ বৃদ্ধিৰ বাবে একাডেমীয়ে গ্ৰহণ কৰে এই পদক্ষেপ৷ ছাত্ৰ -ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰে ধান দোৱা প্ৰতিযোগিতা ৷ জ্ঞানজ্যোতি একাডেমী স্কুলৰ এখন পথাৰত কৰা খেতিত হাতত কাঁচি লৈ ধান দোৱা দৃশ্যই সকলোকে আপ্লুত কৰে ৷ ব্যতিক্রমী পদক্ষেপ গ্ৰহণ কৰি বিদ্যালয়খনত পুঁথিগত শিক্ষাৰ উপৰিও জীৱনটোক উপভোগ কৰিবলৈও শিকোৱা হয়। তাৰেই নিদর্শন হিচাপে অনুষ্ঠিত কৰা হয় ধান দোৱা আৰু লেচেৰী বোতলা প্ৰতিযোগিতা। ছাত্র-ছাত্ৰী আৰু শিক্ষকসকলো উৎসাহেৰে নামি পৰে পথাৰত ৷ যিটো সময়ত পথাৰত নামি ধান দোৱা আৰু লেচেৰী বোতলাৰ বিষয়টো সাধুকথা হৈ পৰিছে , সেই সময়তে ছাত্র – ছাত্ৰী সকলৰ বাবে গ্ৰহণ কৰা  এনে অভিনৱ পদক্ষেপক  শিক্ষানুষ্ঠান খনৰ কৰ্তৃপক্ষ আৰু শিক্ষক – শিক্ষয়িত্ৰীক ৰাইজে শলাগ জনাইছে । 

দমদমা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

কামৰূপ জিলাৰ তীৰ্থ নগৰী হাজোৰ অগ্ৰণী শিক্ষানুস্থান দমদমা মহাবিদ্যালয়ৰ ২০২১ বৰ্ষৰ নৱাগত আদৰণি সভা খনি আজি ছাত্র একতা সভাৰ উদ্যোগত  মহাবিদ্যালয় প্ৰাংগণত অনুস্থিত হয় । সেই অনুসৰি পুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শৰ্মাই ।  শ্বহীদ বেদীত বন্তি প্ৰজ্বলন মুকলি কৰে দমদমা মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক বাদল পাটোৱাৰীয়ে । গছপুলি ৰোপণ কৰে দমদমা মহাবিদ্যালয়ৰ অধ্যাপিকাবৃন্দ ক্ৰমে ড° সাবিত্ৰী শইকীয়া , প্ৰতিভা ডেকা , ৰুনুমী তালুকদাৰ ,আৰু মঞ্জু দাসে । 

ইয়াৰ পিছত অনুস্থিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে দমদমা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক গোপাল বৰ্মনে ।  মুকলি সভাৰ আৰম্ভণিতে মহাবিদ্যালয় খনৰ ছাত্রীবৃন্দই সমবেত সংগীত পৰিবেশন কৰে । সভাত  সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক বাদল পাটোৱাৰীয়ে । আকাংশা মালাকাৰে গীত পৰিবেশন কৰা এই সভাত মূখ্য অতিথিৰূপে উপস্থিত থাকে দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শৰ্মা । তেখেতে কয় যে,’ বিশ্বৰ বুকুত নামি অহা কভিডৰ বাবে মানুহে বৰ্তমানক লৈ সংকিত হৈ পৰিছে । দমদমা অঞ্চলটো স্বাধীনতাৰ এক কমাৰ শাল স্বৰূপ । দমদমা অঞ্চলৰ বৌদ্ধিক বিকাশৰ বাবে দমদমা মহাবিদ্যালয়ৰ আছে এক অনবদ্য অৱদান। প্ৰসংগ ক্ৰমে তেওঁ পুনৰ কয় যে ,আজিৰ প্ৰতিযোগিতাৰ ডিজিটেল ক্ষেত্ৰত খনত আগবাঢ়ি যাবলৈ হ’লে অধ্যয়নৰ উপৰিও আনুসংগিক বিষয়ত জ্ঞান অৰ্জন কৰিব লাগিব ।ছাত্ৰ-ছাত্রী সকলে কোনো ক্ষেত্ৰত হীনমন্যতাত ভূগি  সময় অপব্যয় কৰিব নালাগে “।

এইসভাতেই বিদায়ী অধ্যাপক -অধ্যাপিকা আৰু ছাত্ৰ- ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় । দমদমা মহাবিদ্যালয়ৰ ২০১৯-২০২০  আৰু ২০২১-২০২২ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতকক গৱেষক অধ্যাপক প্ৰয়াত ড° সুৰজিত বৰুৱাৰ স্মৃতিত দহ হাজাৰ টকাৰ নগদ ধন প্ৰদান কৰি শিক্ষাই ছাত্ৰ জীৱনৰ মূল দস্তাবেজ বুলি উল্লেখ কৰে দমদমা মহাবিদ্যালয় বিভাগীয় অধ্যাপিকা ড°সাৱিত্ৰী শইকীয়াই । অৱশ্যে অধ্যাপিকা ড°সাৱিত্ৰী শইকীয়াই শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে শীৰ্ষক উদগনিমূল বটা প্ৰতি বছৰেই প্ৰেৰণ কৰি আহিছে।

ইয়াৰ পিছতে আয়োজিত সাংস্কৃতিক অনুস্থানত ছাত্র -ছাত্রীৰ লগতে কণ্ঠশিল্পী জীয়ান জোনাকে সাৱলীল সংগীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰি তোলে।এই অনুস্থানত মহাবিদ্যালয় খনৰ অধ্যাপিকা মঞ্জু দাস,ড° ননিমা দাস, অমিতাভ চক্ৰৱৰ্তীকে ধৰি প্ৰায়সংখ্যক অধ্যাপক অধ্যাপিকা,ছাত্ৰ -ছাত্ৰী, কৰ্মচাৰীবৃন্দ উপস্থিত থাকে ।

পানীমেটেকাৰে তৈয়াৰী সামগ্ৰীৰে বিশ্বমুখী যাত্ৰা এদল উদ্যমী মহিলাৰ

অসমীয়া সমাজত সচৰাচৰ সাধাৰণতে এটা ধাৰণা আছে যে গ্ৰামাঞ্চলৰ মহিলাসকল অৰ্থনৈতিক ভাবে পুৰুষ জনৰ ওপৰতেই নিৰ্ভৰশীল হৈ চলিব লাগে ৷ কিন্ত,এই ধাৰণক অসাৰ প্ৰতিপন্ন কৰি নগাঁৱৰ এখন গাঁৱৰ এদল মহিলাই স্বনিৰ্ভৰশীভাৱে আৰম্ভ কৰিছে এক অৰ্থনৈতিক বিপ্লৱ ৷

গাওঁখন হ’ল বৰচিলা ৷ নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমাঞ্চলৰ তিৱা সম্প্ৰদায়কে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰে পৰিবেষ্টিত বৰচিলাৰ মহিলাসকলে সম্প্ৰতি সুসংগঠিতভাৱে গঢ়ি তুলিছে গ্ৰাম্য অৰ্থনৈতিক বুনিয়াদ ৷ মহিলাসকলৰ এই অৰ্থনৈতিক সবলীকৰণ প্ৰচেষ্টাৰ বাবেই সমগ্ৰ অঞ্চলটোতে উজলি উঠিছে বৃহত্তৰ বৰচিলা গাওঁখন ৷

উল্লেখযোগ্য যে,বৰচিলাৰ “দলংঘাট হেণ্ডিক্ৰাফট্ কো-অপাৰেটিভ ছ’চাইটি লিমিটেড’ নামৰ অনুষ্ঠানটোত বৰচিলা অঞ্চলটোৰ পঞ্চাশগৰাকী উদ্যমী মহিলাই নৈ-বিল-পিটনি-জলাশয় আৰু সোনাই নদীত অনাদৃত হৈ পৰি থকা পানীমেটেকাৰ পৰা নিজহাতে বিভিন্ন বিধ সামগ্ৰী বনাই ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰটো বিক্ৰী কৰি সকলোতে সমাদৃত হোৱাৰ উপৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বৰচিলাৰ উপৰিও হালধিআটী,গাখজুৱা,দলংঘাটৰ এইসকল মহিলাই নিজৰ ঘৰুৱা কাম-কাজতে সীমাবদ্ধ নাথাকি অঞ্চলটোৰ বিল, পিটনি,জলাশয়,নৈ,সোনাই নদীৰ একঁকাল পানীত নামি বোকা-পানী গচকি,ঠেলাত বোজাই,কঢ়িয়াই আনি মহিলাসকলে পানীমেটেকা সমূহ নিজে সংগ্ৰহ কৰি আনি ছ’চাইটিৰ ঘৰত প্ৰথম পৰ্যায়ত মজুত কৰে ৷

মহিলাসকলে পানীমেটেকা নিজে কাটি,কঢ়িয়াই,সংগ্ৰহ কৰি মেচিনত শুকোৱাই,ৰং সানি তেওঁলোকে বিভিন্ন সামগ্ৰী যেনে ফুলৰ টাব,কঠ,ঢাৰি,পাটী,ফাইল ক’ভাৰ,দলিচা,জুৱেলাৰী বেগ,টিফিন বেগ,ফ্লিলাস্কৰ বেগ,বজাৰ কৰা মোনা,মন্দিৰৰ ফলমুলৰ বেগ,মহিলা সকলৰ বাবে মোবাইল বেগ,মানি বেগ বিভিন্ন সৰু ডাঙৰ বেগকে ধৰি নানাবিধ সামগ্ৰী তৈয়াৰ কৰে আৰু সেই সামগ্ৰী সমূহ নগাঁও-মৰিগাঁও জিলাৰ বিভিন্ন বজাৰত বিক্ৰী কৰাৰ ওপৰি ডিব্ৰুগড়-তিনিচুকীয়া-যোৰহাট-গুৱাহাটী-কাৰ্বি আংলং-তেজপুৰ-লক্ষীমপুৰ-ধেমাজীকে ধৰি অসমৰ বিভিন্ন স্থানত বিক্ৰী কৰি আহিছে ৷

কেৱল যে অসমতেই বিক্ৰী হৈছে এইসমূহ সামগ্ৰীৰ তেনে নহয় ৷ পানীমেটেকাৰে নিৰ্মিত এই সামগ্ৰী সমূহ পৰ্যায়ক্ৰমে অসমৰ বাহিৰত যেনে মুম্বাই,নতুন দিল্লী,ৰাজস্থান,কেৰেলা,চেন্নাই,হায়দৰাবাদ,হিমাচল প্ৰদেশ আদিত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰদৰ্শনীত এই ছ’চাইটিখনৰ মহিলা সকলে অংশগ্ৰহণ কৰি আহিছে ৷

ইয়াৰ ওপৰি উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়,মনিপুৰ,অৰুনাচল প্ৰদেশ আদিতো অনুষ্ঠিত প্ৰদৰ্শনী সমূহত এইসকল কৰ্মোদ্যমী মহিলাই অংশগ্ৰহণ কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে ৷ এই প্ৰদৰ্শনী সমূহত অংশগ্ৰহণেৰে দলংঘাট হেণ্ডিক্ৰাফট্ কো-অপাৰেটিভ ছ’চাইটি লিমিটেডৰ মহিলা সকলে বিগত বৰ্ষত প্ৰায় ১৫ লাখ টকাৰ সামগ্ৰী বিক্ৰী কৰিছে বুলি মহিলাসকলে জানিবলৈ দিছে ৷ অৱশ্যে যোৱাবাৰ ল’কডাউনৰ বাবে কিছু স্থবিৰতা আহিছিল যদিও বৰ্তমান পুনৰ ঠন ধৰি উঠিছে মহিলাসকলৰ ছ’চাইটিখন ৷

ছ’চাইটিখনৰ বৰ্তমানৰ সভানেত্ৰী চন্দ্ৰপ্ৰভা বৰদলৈৰ বাসগৃহত চলি থকা কাৰ্যালয়টোত উপস্থিত হওঁতে ছ’চাইটিখনৰ বাণিজ্যিক সমন্বয়ক মুনমী দেউৰজাৰ লগতে বহু কেইগৰাকী মহিলাই তাত নিজৰ নিজৰ কামত ব্যস্ত আছিল ৷ বয়সৰ জোখাৰে ষাঠিৰ ঊৰ্ধ্ব অঞ্জু বৰদলৈ,নন্দেমাই ৰাজবংশী,পদুমী ডেকাৰ লগতে আন মহিলাসকল ক্ৰমে বৈজয়ন্তী বৰদলৈ,তুলুমনি বৰদলৈ,প্ৰণামিকা ডেকা,মমী কাকতি ডেকা আদিয়ে কাৰ্যালয়ত দৈনিক পুৱা ১০:৩০-১১ বজাৰ পৰা বিয়লি ৩-৪ বজা পৰ্যন্ত পানীমেটেকাৰে সামগ্ৰী তৈয়াৰত ব্যস্ত হৈ থাকে ৷


উল্লেখ্য যে,কেৱল পানীমেটেকাৰ সামগ্ৰী প্ৰস্তুতেই নহয়,গাওঁখনৰ মহিলাসকলে বয়ন শিল্প,হাহঁ-কুকুৰা,ছাগলী,জাৰ্ছী গৰু পোহপালন কৰিও যথেষ্ট লাভান্বিত হৈছে ৷ ছ’চাইটিৰ সদস্য ক্ৰমে ৬৫ বছৰীয়া অঞ্জু বৰদলৈ,৬২ বছৰীয়া নন্দেমাই ৰাজবংশী,৬১ বছৰীয়া পদুমী ডেকাই এই প্ৰতিবেদকৰ আগত কয় যে হাহঁ-কুকুৰা পালন,গৰু-ছাগলীৰ গাখীৰ বিক্ৰী কৰি যি লাভাংশ পাওঁ তাৰে আনৰ ওচৰত হাত নপতাকৈ চলি আছো ৷ ছ’চাইটিৰ মহিলা সকলে লগতে জানিবলৈ দিয়ামতে তেওঁলোকে এতিয়া সকলো কথাতে স্বামীৰ মুখলৈ চাবলগীয়া নহয় ৷ প্ৰণিধানযোগ্য যে বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰচিলা হেণ্ডিক্ৰাফট্ কো-অপাৰেটিভ ছ’চাইটি লিমিটেডখনৰ প্ৰতি পূৰ্বৰ স্থানীয় জনপ্ৰতিনিধি গৰাকীৰ অনীহাই মহিলাসকলক নিৰাশ কৰিছে ৷ বটদ্ৰৱাৰ পূৰ্বৰ বিধায়িকা আঙুৰলতা ডেকাই ছ’চাইটিখনত কেইবাবাৰো  পৰিৰ্দশন কৰিছিল যদিও মহিলাসকলৰ সমস্যাৰ বুজ লোৱাতো দুৰৰে কথা,বিধায়িকা গৰাকীয়ে একো এটা সহায়েই নকৰিলে বুলি ছ’চাইটিৰ মহিলাসকলে আক্ষেপ প্ৰকাশ কৰিছে ৷ 

নগাঁও জিলাৰ পশ্চিমাঞ্চলত অবৈধ পুখুৰী খননে সৃষ্টি কৰিছে তীব্ৰ ভাবুকিৰ

 নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত  চাৱুকধৰা-নদলবৰী-কহুৱাঁআটি সংযোগী নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধিনস্থ গড়কাপ্তানি পথটিৰ কাষত একাংশ লোকে অবৈধভাৱে পুখুৰী খান্দি বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ এই গড়কাপ্তানি পথটোৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷

উল্লেখ্য যে,শিলপুখুৰী মৌজা তথা বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত চাৱুকধৰাৰ পৰা নদলবৰী হৈ কহুৱাঁআটি লৈ যোৱা প্ৰায় আঠ কিলো মিটাৰৰ এই গড়কাপ্তানি পথটিত একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে অ-বিজ্ঞান সন্মতভাৱে যধে-মধে এই গড়কাপ্তানি পথটোৰ কাষলৈকে পুখুৰী খন্দাৰ ফলত পথৰ দুয়োকাষৰ মাটি বৰ্তমান সময়ত খহি এই গড়কাপ্তানি পথটোৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ বিগত বিজেপি মিত্ৰ যুঁটৰ ৰাজ্য চৰকাৰৰ দিনত আজিৰ পৰা কেইবামাহ পূৰ্বে নিৰ্মাণ কৰা এই গড়কাপ্তানি পথটোৱে বহুকেইটা অঞ্চলৰ ৰাইজৰ যাতায়াতৰ এক সুচল আৰু চমু পথ ৰূপে বিবেচিত হৈ আহিছিল যদিও আজি এই গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটোৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকিৰ ৷

চাবুকধৰা পৰা নদলবৰীহৈ কহুঁৱাআটি,কুজিঁসত্ৰ,টুকটুকী,বড়িবজাৰ,ধিঙলৈও অতিকৈ চমু বাবে বহু পথচাৰী উক্ত অঞ্চলৰে বহুবছৰ ধৰি যাতায়াত কৰি আহিছে ৷ কিন্ত,আজি কেইবামাহ ধৰি এই পথচোৱাৰ কাষতে যধে-মধে চৰকাৰী ৰিৰ্জাভৰ মাটিকে ধৰি বহু আবাসীয়ে নিজৰ ম্যাদী পট্টাৰ ঘৰৰ বাৰী মাটিতে বহুকেইটা পুখুৰী খন্দাৰ ফলত গড়কাপ্তানি পথটোৰ প্ৰতি তীব্ৰ ভাবুকি সৃষ্টি হোৱাত উক্ত পথটোৰে যাতায়াত কৰা দুৰদুৰনিৰ বহু অচিনাকি পথচাৰী নিশাৰ কথাটো বাদেই দিনৰ সূৰ্য্যৰ পোহৰতে বাইক বা আন আন বাহনৰে পাৰ হৈ যাওঁতে ভয় ভয়কৈ পথচোৱা অতিক্ৰম কৰিব লগা হয় ৷ বাহন চালকে কিছু অন্যমনস্ক হলেই বা সহযাত্ৰী সকলৰ লগত আন আন কথাত গুৰুত্ব দিলেই বাহন সহ সমূহ যাত্ৰী পথৰ কাষত যধেমধে খন্দা তিল মানো কোনো সুৰক্ষাৰ ব্যৱস্থা নথকা এই পুখুৰী সমূহত পৰি এক গুৰুত্বৰ দূৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনাই অধীক বুলি উক্ত পথচোৱাৰে বহু সময়ত বাহন চলোবা বহুকেইজন চালকৰ লগতে বহু সংখ্যাক পথচাৰীয়ে গুৰুত্বৰ অভিযোগ তুলিছে ৷

আনহাতে,উক্ত পথচোৱাত বহুকেইটা গুৰুত্বপূৰ্ণ টাৰ্নিং থকা স্বত্বেও পথচোৱাৰ কোনো এঠাইটো বৰ্তমান সময়লৈকে এটাও স্পিড্ বেকাৰ (গতি ৰোধক) ৰ ব্যৱস্থা কৰা নাই নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ গড়কাপ্তানি বিভাগৰ বিষয়া-অভিযন্ত্ৰাই ৷ গতিকে ৰাইজৰ যাতায়াত সুচল হোৱাকৈ অতি শীৰ্ঘে উক্ত পথচোৱাৰ কাষতে অ-বিজ্ঞান সন্মত ৰূপত তথা অবৈধ ভাৱে খন্দা পুখুৰী সমূহৰ পৰা হব পৰা দূৰ্ঘটনাৰ পৰা দুৰনিবতীয়া পথচাৰী ৰাইজক সকাহ দিবলৈ গড়কাপ্তানি বিভাগক পথচাৰী ৰাইজে দাবী জনাইছে ৷ 

জামুগুৰিহাটৰ সাহিত্যিক সুবৰ্ণ বৰাৰ গ্ৰন্থ উন্মোচন

জামুগুৰিহাটৰ বিশিষ্ট লেখিকা,কবি,সাহিত্যিক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী সুবৰ্ণ বৰাৰ নৱতম গ্ৰন্থ  ‘অপেক্ষাৰত ঊৰ্মিলা ‘ নামৰ উপন্যাসখনৰ আজি শুভ উন্মোচন কৰা হয়।এই উদ্দেশ্যে লেখিকা গৰাকীৰ জামুগুৰিহাটৰ গেৰেকীচুকস্থিত বাসগৃহত অনুষ্ঠিত হোৱা গাম্ভীয্যপূৰ্ণ উন্মোচনী সভাত গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰজ্যোতি বৰঠাকুৰে।

গ্ৰন্থখন উন্মোচন কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰজ্যেতি বৰঠাকুৰে কয় যে – বৰ্তমানৰ ডিজিটেল মাধ্যমৰ যুগত কিতাপ পঢ়া,বাতৰি কাকত পঢ়া মানুহৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে যদিও সুবৰ্ণ বৰাৰ দৰে প্ৰবীন লেখিকাৰ  এতিয়াও লেখা মেলাৰ প্ৰতি যি আগ্ৰহ এই ব্যৱস্থাই এক শ্ৰেণীৰ মানুহক কিতাপ পঢ়াৰ প্ৰতি  পুনৰ আগ্ৰহ অনাত সহায় কৰিব।  শ্যামলী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নিলীমা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মূখ্য অতিথি হিচাপে নামধৰ্ম সমাজৰ ৰাজ্যিক সভাপতি দীনেশ মহন্ত,সন্মানীয় অতিথি হিচাপে অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰাক্তন প্ৰধান সম্পাদক মিংকু কলিতা,বিশিষ্ট অতিথি হিচাপে বিশিষ্ট কবি সিদ্ধাৰ্থ শংকৰ কলিতা,শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰূপালী বৰাকে ধৰি গণ্যমাণ্য ব্যক্তি সকল উপস্থিত থাকি বক্তব্য আগবঢ়াই৷

শিল্পী ৰুমী বৰাৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোৰ মাজত লেখিকা সুবৰ্ণ বৰাৰ জোৱাই তথা কণ্ঠশিল্পী জয়ন্ত কাকুলৰ দ্বাৰা পৰিবেশিত গীতৰ শৰাইয়েও অন্য এক মাত্ৰা প্ৰদান কৰে অনুষ্ঠানটিক হেম বৰাই আদৰণি ভাষণ প্ৰদান কৰা গ্ৰন্থ উন্মোচনী অনু্ষ্ঠানটিত গ্ৰন্থকাৰৰ পৰিয়ালৰ হৈ শলাগৰ শৰাই আগবঢ়াই জীয়ৰি চয়নিকা বৰাই ৷ উল্লেখ্য যে জামুগুৰিহাটৰ বিশিষ্ট লেখিকা সুৱৰ্ণ বৰাৰ দ্বাৰা ৰচিত ‘অপেক্ষাৰত ঊৰ্মিলা’ হ’ল তেখেতৰ পঞ্চমখন গ্ৰন্থ।

জোন বৰা,জামুগুৰিহাট

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী

আধুনিক অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ সামৰণী অনুষ্ঠান ঐতিহাসিক শিৱসাগৰ বর্ডিং খেলপথাৰত উদযাপন কৰা হৈছে।

তেখেতৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ১০ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈকে গ্রন্থমেলা, সদৌ অসম ভিত্তিত কুইজ প্রতিযােগিতা, জনগােষ্ঠীয় সাজপাৰ প্রতিযােগিতা আদি আয়ােজন কৰা হৈছে৷ সদৌ অসম আহােম সভা শিৱসাগৰ জিলা সমিতি আৰু শিৱসাগৰবাসী ৰাইজৰ সহযােগত অহা ১৫ আৰু ১৬ ডিচেম্বৰত সাহিত্যকাণ্ডাৰী গৰাকীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী পালন কৰা হৈছে ৷

দেওবাৰে জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এখনি জনগোষ্ঠীয় সাজ-পাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।এই জনগোষ্ঠীয় সাজ-পাৰ প্ৰতিযোগিতাত বিভিন্ন অঞ্চলৰ ভালেসংখ্যক জনগোষ্ঠীৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সন্দৰ্ভত সজাগতা সভা

ওদালগুৰি জিলা গ্ৰীণভেলী ফ’ৰেষ্ট এণ্ড ৱাইল্ড লা’ইফ প্ৰটেকচন চচাইটীৰ উদ্যোগত আজি  বামনজুলি লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলত বন আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত এখনি সজাগতা সভা আয়োজন কৰে । গছ – গছনি কাটি বনাঞ্চল ধ্বংস কৰা ,বন্যপ্ৰাণী পশু-পক্ষী বধ কৰা আদি কাৰ্যৰ ফলতে আমাৰ প্ৰাকৃতিক পৰিৱেশ মৰিশালিলৈ ৰূপান্তৰ হ’বলৈ ধৰিছে। ইয়াৰ বাবে প্ৰকৃততে আমি মানৱ সমাজেই দায়ী। 

সেয়েহে ওদালগুৰি জিলাৰ ভাৰত ভূটানৰ সীমামূৰীয়া বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰি পৰিৱেশৰ ভাৰাসাম্যতা অটুত ৰাখিবলৈ গ্ৰীণভেলী ফ’ৰেষ্ট এণ্ড ৱাইল্ড লা’ইফ প্ৰটেকচন চচাইটীয়ে বন আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন ধৰণে কাম কৰি আহিছে।ইয়াৰ পৰিপেক্ষিতত আজি ওদালগুৰি জিলাৰ  বামুনজুলি লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলত সমাজসেৱক তথা বন বিষয়া সহ প্ৰায় দুই শতাধিক ছাত্ৰ -ছাত্ৰীৰ উপস্থিতিত সজাগতা সভা আয়োজন কৰে।

উক্ত সভাত সমাজ সেৱক কামাল আজাদে বন আৰু বন্য প্ৰাণী সন্দৰ্ভত তাৎপৰ্য পূৰ্ণ ভাষণেৰে বৰ্তমান সময়ত বনৰীয়া জীৱ-জন্তু বনাঞ্চল এৰি জনাঞ্চল লৈ নামি অহা, আৰু সঘনে সংঘটিত হৈ থকা হাতী মানুহৰ সংঘাত, লগতে বন্য প্ৰাণীৰ নিধন  ইয়াৰ সকলোবোৰ কাৰণ যে আমি মানৱ সমাজেই তাক ব্যাখ্যা কৰাৰ লগতে বনাঞ্চল ধ্বংস কৰি অৰণ্যত জন বসতি কৰাৰ ফলত দিনক দিনে বাঢ়ি অহা বন্যপ্ৰাণী সমস্যাৰ ওপৰতো মন্তব্য দিয়ে। লগতে বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰি পৰিৱেশৰ ভাৰাসাম্যতা বজাই  ৰাখিবলৈ সভাৰ দ্বাৰাই সকলোকে আহ্বান জনায়।


অমৰজিৎ ৰাভা


কাণেৰে নুশুনাকৈ অপূৰ্ব নৃত্য প্ৰদৰ্শন ধৃতিকংকনা শইকীয়াৰ

মনত অদম্য ইচ্ছাশক্তি থাকিলে যে সকলো কাম কৰিব পাৰি তাৰেই এক উদাহৰণ হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ এগৰাকী ১৪ বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰীয়ে ৷ জন্মগতভাৱেই মুকবধিৰ আৰু শ্ৰৱণশক্তি নথকা জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এইগৰাকী কিশোৰীৰ নাম ধৃতি কংকনা শইকীয়া ৷

অঞ্চলটোৰ জগত শইকীয়া আৰু জিনুমণি শইকীয়াৰ জীয়ৰী এইগৰাকী মেধাৱী কিশোৰীয়ে মনৰ অদম্য হেপাহ আৰু আত্মবিশ্বাসৰ বাবেই জয় কৰিবলৈ সক্ষম হৈছে শাৰীৰিক বাধাকো ৷ যাৰবাবে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে কিশোৰী ধৃতিকংকনা ৷ সাংস্কৃতিক নগৰী বৃহত্তৰ জামুগুৰিহাটত ৰাস পূৰ্ণীমাৰ পিছৰপৰাই বৰ্তমানলৈকে ভিন্ন ঠাইত চলি আছে ৰাস উৎসৱ ৷

অন্যান্য ঠাইৰ লগতে এইবেলি বাসুদেৱ থানৰ ৰাস উৎসৱত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এইগৰাকী বিশেষভাৱে সক্ষম কিশোৰী ধৃতিকংকনা শইকীয়াৰ কেলিগোপাল নাটৰ শ্ৰী কৃষ্ণৰ নৃত্য প্ৰদৰ্শন৷ কাণেৰে একেবাৰে নুশুনা স্বত্বেও খোল-তাল-বাঁহিৰ-সুৰৰ শব্দ আৰু সংগীতৰ  তালে তালে সন্মুখৰ সতীৰ্থ কলা কুশলীসকলক অনুকৰণ কৰিয়েই কোনো খুত নৰখাকৈ সতীৰ্থ সকলৰ দৰেই নিজা প্ৰচেষ্টাত প্ৰদৰ্শন কৰিলে নৃত্য আৰু অভিনয় ৷ ধৃতিকংকনাৰ এই সুনিপুন নৃত্য প্ৰত্যক্ষ কৰি আশ্বৰ্য প্ৰকাশ কৰিছে মাতৃয়েও ৷ মাতৃৰ মতে কানেৰে নুশুনা আৰু মুকবধিৰ জীয়ৰীৰ এই শক্তি ভগৱানৰ আশীৰ্বাদ ৷ নদুৱাৰ জাতীয় বিদ্যালয়ত অষ্টম শ্ৰেণীত অধ্যয়নৰত ধৃতিকংকনা অন্যান্য ছাত্ৰ-ছাত্ৰীৰ দৰেই অধ্যয়নৰ দিশতো সমানেই আগুৱাই গৈছে বুলিও মত ব্যক্ত কৰে কিশোৰগৰাকীৰ মাতৃয়ে ৷

আনহাতে উপস্থিত হাজাৰ হাজাৰ দৰ্শকক নৃত্যৰে মন্ত্ৰমুগ্ধ কৰা ধৃতিকংকনাক দৰ্শকসকলেও প্ৰশংসাৰে ওপচাই পেলোৱাৰ লগতে ভৱিষ্যতৰ দিনত সাংস্কৃতিক দিশৰ লগতে অধ্যয়নৰ দিশতো কিশোৰীগৰাকী আগুৱাই যোৱাৰ বাবে সকলোৱে আশীষ প্ৰদান কৰিছে ৷ এগৰাকী মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ধৃতি কংকনাৰ এই সাহস আৰু আত্মবিশ্বাস সকলোৰে বাবে আদৰ্শ হঁওক ৷


জোন বৰা,জামুগুৰিহাট

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ ৰৌতাৰ ২ ছাত্ৰ-ছাত্ৰী

বিটিএডিৰ ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত ৰৌতা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত অগ্ৰণী তথা উজ্বল এখন শিক্ষানুষ্ঠান দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় । সুনাম থকা এই শিক্ষানুষ্ঠানখনৰ একাদশ শ্ৰেণীৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবেলি ২৯ তম ৰাষ্ট্ৰীয় শিশু-বিজ্ঞান সমাৰোহলৈ শিশু বিজ্ঞানী ৰূপে নিৰ্বাচিত হৈ বিদ্যালয়ৰ লগতে বৃহত্তৰ ৰৌতা অঞ্চলৰ তথা সমগ্ৰ জিলাখনলৈ গৌৰৱ আৰু আনন্দৰ সুবাস বিচ্ছূৰিত কৰিছে ।

বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ধাৰাবাহিকতা অক্ষুন্ন  ৰাখি তিনিবাৰকৈ এই বিদ্যালয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞানী উপহাৰ লাভ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । এইবাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত একাদশ শ্ৰেণীৰ ছাত্ৰী মেহেৰ আনছাৰী আৰু সহযোগী বিবেক পাটোৱাৰীক নিৰ্দেশনা-পথপ্ৰদৰ্শকৰ (শিক্ষক) দায়িত্বত আছে বৃত্তিমূখী শিক্ষক বিপুল চন্দ্ৰ ভৰালী ।

এই গুৰু-শিষ্যৰ মানস প্ৰজ্ঞাৰ একত্ৰ সৃষ্টি “Best quality organic compost along with insecticide made from ‘water hyacinth’  ” -শীৰ্ষক আকৰ্ষণীয়  প্ৰকল্পৰে গুজৰাটৰ আহমেদাবস্থিত বিজ্ঞান নগৰী (Science City) ত ডিচেম্বৰৰ শেষ সপ্তাহত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৰোহলৈ আদৰেৰে আমন্ত্ৰিত হৈছে ।

উল্লেখ্য যে ২০২০ বৰ্ষত অষ্টম শ্ৰেণীৰ ছাত্ৰী ভাৱনা চহৰীয়া (দলপতি) আৰু ২০১৯ বৰ্ষত নৱম শ্ৰেণীৰ ছাত্ৰীদ্বয়  বৰষা চহৰীয়া(দলপতি) ,ৰশ্মি চহৰীয়া ( সহযোগী) শিশু বিজ্ঞানীৰূপে নিৰ্বাচিত হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । একেগৰাকী গাইড টীছাৰ বিপুল চন্দ্ৰ ভৰালীৰ সুদক্ষ আৰু অনুপ্ৰেৰণামূলক তত্ত্বাৱধানত সহ:শিক্ষক চক্ৰধৰ নাথৰ একান্ত সহযোগত এনে ধৰণৰ সফলতা প্ৰাপ্তিত বিদ্যালয়ৰ সমস্ত পৰিয়ালেই গৌৰৱান্বিত বুলি আনন্দ প্ৰকাশ কৰিছে ।বিগত ২০২০ বৰ্ষৰ ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত বিটিচিৰ উপ-প্ৰধান গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰী আৰু জিলা উপায়ুক্তই ভৰালীক বিপুলভাৱে স্বাগত সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ কৃতিত্বৰ শলাগ লোৱাৰ লগতে দীৰ্ঘায়ূ আৰু সুস্বাস্থ্য কামনা কৰে ।

নব কুমাৰ ডেকা