Breaking

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী

0 2,211

আধুনিক অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ সামৰণী অনুষ্ঠান ঐতিহাসিক শিৱসাগৰ বর্ডিং খেলপথাৰত উদযাপন কৰা হৈছে।

তেখেতৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ১০ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈকে গ্রন্থমেলা, সদৌ অসম ভিত্তিত কুইজ প্রতিযােগিতা, জনগােষ্ঠীয় সাজপাৰ প্রতিযােগিতা আদি আয়ােজন কৰা হৈছে৷ সদৌ অসম আহােম সভা শিৱসাগৰ জিলা সমিতি আৰু শিৱসাগৰবাসী ৰাইজৰ সহযােগত অহা ১৫ আৰু ১৬ ডিচেম্বৰত সাহিত্যকাণ্ডাৰী গৰাকীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী পালন কৰা হৈছে ৷

দেওবাৰে জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এখনি জনগোষ্ঠীয় সাজ-পাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।এই জনগোষ্ঠীয় সাজ-পাৰ প্ৰতিযোগিতাত বিভিন্ন অঞ্চলৰ ভালেসংখ্যক জনগোষ্ঠীৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

Leave A Reply