Breaking

জামুগুৰিহাটৰ সাহিত্যিক সুবৰ্ণ বৰাৰ গ্ৰন্থ উন্মোচন

0 2,068

জামুগুৰিহাটৰ বিশিষ্ট লেখিকা,কবি,সাহিত্যিক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী সুবৰ্ণ বৰাৰ নৱতম গ্ৰন্থ  ‘অপেক্ষাৰত ঊৰ্মিলা ‘ নামৰ উপন্যাসখনৰ আজি শুভ উন্মোচন কৰা হয়।এই উদ্দেশ্যে লেখিকা গৰাকীৰ জামুগুৰিহাটৰ গেৰেকীচুকস্থিত বাসগৃহত অনুষ্ঠিত হোৱা গাম্ভীয্যপূৰ্ণ উন্মোচনী সভাত গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰজ্যোতি বৰঠাকুৰে।

গ্ৰন্থখন উন্মোচন কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰজ্যেতি বৰঠাকুৰে কয় যে – বৰ্তমানৰ ডিজিটেল মাধ্যমৰ যুগত কিতাপ পঢ়া,বাতৰি কাকত পঢ়া মানুহৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে যদিও সুবৰ্ণ বৰাৰ দৰে প্ৰবীন লেখিকাৰ  এতিয়াও লেখা মেলাৰ প্ৰতি যি আগ্ৰহ এই ব্যৱস্থাই এক শ্ৰেণীৰ মানুহক কিতাপ পঢ়াৰ প্ৰতি  পুনৰ আগ্ৰহ অনাত সহায় কৰিব।  শ্যামলী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নিলীমা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মূখ্য অতিথি হিচাপে নামধৰ্ম সমাজৰ ৰাজ্যিক সভাপতি দীনেশ মহন্ত,সন্মানীয় অতিথি হিচাপে অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰাক্তন প্ৰধান সম্পাদক মিংকু কলিতা,বিশিষ্ট অতিথি হিচাপে বিশিষ্ট কবি সিদ্ধাৰ্থ শংকৰ কলিতা,শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰূপালী বৰাকে ধৰি গণ্যমাণ্য ব্যক্তি সকল উপস্থিত থাকি বক্তব্য আগবঢ়াই৷

শিল্পী ৰুমী বৰাৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোৰ মাজত লেখিকা সুবৰ্ণ বৰাৰ জোৱাই তথা কণ্ঠশিল্পী জয়ন্ত কাকুলৰ দ্বাৰা পৰিবেশিত গীতৰ শৰাইয়েও অন্য এক মাত্ৰা প্ৰদান কৰে অনুষ্ঠানটিক হেম বৰাই আদৰণি ভাষণ প্ৰদান কৰা গ্ৰন্থ উন্মোচনী অনু্ষ্ঠানটিত গ্ৰন্থকাৰৰ পৰিয়ালৰ হৈ শলাগৰ শৰাই আগবঢ়াই জীয়ৰি চয়নিকা বৰাই ৷ উল্লেখ্য যে জামুগুৰিহাটৰ বিশিষ্ট লেখিকা সুৱৰ্ণ বৰাৰ দ্বাৰা ৰচিত ‘অপেক্ষাৰত ঊৰ্মিলা’ হ’ল তেখেতৰ পঞ্চমখন গ্ৰন্থ।

জোন বৰা,জামুগুৰিহাট

Leave A Reply