Breaking

বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সন্দৰ্ভত সজাগতা সভা

0 3,487

ওদালগুৰি জিলা গ্ৰীণভেলী ফ’ৰেষ্ট এণ্ড ৱাইল্ড লা’ইফ প্ৰটেকচন চচাইটীৰ উদ্যোগত আজি  বামনজুলি লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলত বন আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত এখনি সজাগতা সভা আয়োজন কৰে । গছ – গছনি কাটি বনাঞ্চল ধ্বংস কৰা ,বন্যপ্ৰাণী পশু-পক্ষী বধ কৰা আদি কাৰ্যৰ ফলতে আমাৰ প্ৰাকৃতিক পৰিৱেশ মৰিশালিলৈ ৰূপান্তৰ হ’বলৈ ধৰিছে। ইয়াৰ বাবে প্ৰকৃততে আমি মানৱ সমাজেই দায়ী। 

সেয়েহে ওদালগুৰি জিলাৰ ভাৰত ভূটানৰ সীমামূৰীয়া বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰি পৰিৱেশৰ ভাৰাসাম্যতা অটুত ৰাখিবলৈ গ্ৰীণভেলী ফ’ৰেষ্ট এণ্ড ৱাইল্ড লা’ইফ প্ৰটেকচন চচাইটীয়ে বন আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন ধৰণে কাম কৰি আহিছে।ইয়াৰ পৰিপেক্ষিতত আজি ওদালগুৰি জিলাৰ  বামুনজুলি লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলত সমাজসেৱক তথা বন বিষয়া সহ প্ৰায় দুই শতাধিক ছাত্ৰ -ছাত্ৰীৰ উপস্থিতিত সজাগতা সভা আয়োজন কৰে।

উক্ত সভাত সমাজ সেৱক কামাল আজাদে বন আৰু বন্য প্ৰাণী সন্দৰ্ভত তাৎপৰ্য পূৰ্ণ ভাষণেৰে বৰ্তমান সময়ত বনৰীয়া জীৱ-জন্তু বনাঞ্চল এৰি জনাঞ্চল লৈ নামি অহা, আৰু সঘনে সংঘটিত হৈ থকা হাতী মানুহৰ সংঘাত, লগতে বন্য প্ৰাণীৰ নিধন  ইয়াৰ সকলোবোৰ কাৰণ যে আমি মানৱ সমাজেই তাক ব্যাখ্যা কৰাৰ লগতে বনাঞ্চল ধ্বংস কৰি অৰণ্যত জন বসতি কৰাৰ ফলত দিনক দিনে বাঢ়ি অহা বন্যপ্ৰাণী সমস্যাৰ ওপৰতো মন্তব্য দিয়ে। লগতে বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰি পৰিৱেশৰ ভাৰাসাম্যতা বজাই  ৰাখিবলৈ সভাৰ দ্বাৰাই সকলোকে আহ্বান জনায়।


অমৰজিৎ ৰাভা


Leave A Reply