Breaking

নগাঁও জিলাৰ পশ্চিমাঞ্চলত অবৈধ পুখুৰী খননে সৃষ্টি কৰিছে তীব্ৰ ভাবুকিৰ

0 2,060

 নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত  চাৱুকধৰা-নদলবৰী-কহুৱাঁআটি সংযোগী নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধিনস্থ গড়কাপ্তানি পথটিৰ কাষত একাংশ লোকে অবৈধভাৱে পুখুৰী খান্দি বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ এই গড়কাপ্তানি পথটোৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷

উল্লেখ্য যে,শিলপুখুৰী মৌজা তথা বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত চাৱুকধৰাৰ পৰা নদলবৰী হৈ কহুৱাঁআটি লৈ যোৱা প্ৰায় আঠ কিলো মিটাৰৰ এই গড়কাপ্তানি পথটিত একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে অ-বিজ্ঞান সন্মতভাৱে যধে-মধে এই গড়কাপ্তানি পথটোৰ কাষলৈকে পুখুৰী খন্দাৰ ফলত পথৰ দুয়োকাষৰ মাটি বৰ্তমান সময়ত খহি এই গড়কাপ্তানি পথটোৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ বিগত বিজেপি মিত্ৰ যুঁটৰ ৰাজ্য চৰকাৰৰ দিনত আজিৰ পৰা কেইবামাহ পূৰ্বে নিৰ্মাণ কৰা এই গড়কাপ্তানি পথটোৱে বহুকেইটা অঞ্চলৰ ৰাইজৰ যাতায়াতৰ এক সুচল আৰু চমু পথ ৰূপে বিবেচিত হৈ আহিছিল যদিও আজি এই গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটোৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকিৰ ৷

চাবুকধৰা পৰা নদলবৰীহৈ কহুঁৱাআটি,কুজিঁসত্ৰ,টুকটুকী,বড়িবজাৰ,ধিঙলৈও অতিকৈ চমু বাবে বহু পথচাৰী উক্ত অঞ্চলৰে বহুবছৰ ধৰি যাতায়াত কৰি আহিছে ৷ কিন্ত,আজি কেইবামাহ ধৰি এই পথচোৱাৰ কাষতে যধে-মধে চৰকাৰী ৰিৰ্জাভৰ মাটিকে ধৰি বহু আবাসীয়ে নিজৰ ম্যাদী পট্টাৰ ঘৰৰ বাৰী মাটিতে বহুকেইটা পুখুৰী খন্দাৰ ফলত গড়কাপ্তানি পথটোৰ প্ৰতি তীব্ৰ ভাবুকি সৃষ্টি হোৱাত উক্ত পথটোৰে যাতায়াত কৰা দুৰদুৰনিৰ বহু অচিনাকি পথচাৰী নিশাৰ কথাটো বাদেই দিনৰ সূৰ্য্যৰ পোহৰতে বাইক বা আন আন বাহনৰে পাৰ হৈ যাওঁতে ভয় ভয়কৈ পথচোৱা অতিক্ৰম কৰিব লগা হয় ৷ বাহন চালকে কিছু অন্যমনস্ক হলেই বা সহযাত্ৰী সকলৰ লগত আন আন কথাত গুৰুত্ব দিলেই বাহন সহ সমূহ যাত্ৰী পথৰ কাষত যধেমধে খন্দা তিল মানো কোনো সুৰক্ষাৰ ব্যৱস্থা নথকা এই পুখুৰী সমূহত পৰি এক গুৰুত্বৰ দূৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনাই অধীক বুলি উক্ত পথচোৱাৰে বহু সময়ত বাহন চলোবা বহুকেইজন চালকৰ লগতে বহু সংখ্যাক পথচাৰীয়ে গুৰুত্বৰ অভিযোগ তুলিছে ৷

আনহাতে,উক্ত পথচোৱাত বহুকেইটা গুৰুত্বপূৰ্ণ টাৰ্নিং থকা স্বত্বেও পথচোৱাৰ কোনো এঠাইটো বৰ্তমান সময়লৈকে এটাও স্পিড্ বেকাৰ (গতি ৰোধক) ৰ ব্যৱস্থা কৰা নাই নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ গড়কাপ্তানি বিভাগৰ বিষয়া-অভিযন্ত্ৰাই ৷ গতিকে ৰাইজৰ যাতায়াত সুচল হোৱাকৈ অতি শীৰ্ঘে উক্ত পথচোৱাৰ কাষতে অ-বিজ্ঞান সন্মত ৰূপত তথা অবৈধ ভাৱে খন্দা পুখুৰী সমূহৰ পৰা হব পৰা দূৰ্ঘটনাৰ পৰা দুৰনিবতীয়া পথচাৰী ৰাইজক সকাহ দিবলৈ গড়কাপ্তানি বিভাগক পথচাৰী ৰাইজে দাবী জনাইছে ৷ 

Leave A Reply