Breaking

পানীমেটেকাৰে তৈয়াৰী সামগ্ৰীৰে বিশ্বমুখী যাত্ৰা এদল উদ্যমী মহিলাৰ

0 2,068

অসমীয়া সমাজত সচৰাচৰ সাধাৰণতে এটা ধাৰণা আছে যে গ্ৰামাঞ্চলৰ মহিলাসকল অৰ্থনৈতিক ভাবে পুৰুষ জনৰ ওপৰতেই নিৰ্ভৰশীল হৈ চলিব লাগে ৷ কিন্ত,এই ধাৰণক অসাৰ প্ৰতিপন্ন কৰি নগাঁৱৰ এখন গাঁৱৰ এদল মহিলাই স্বনিৰ্ভৰশীভাৱে আৰম্ভ কৰিছে এক অৰ্থনৈতিক বিপ্লৱ ৷

গাওঁখন হ’ল বৰচিলা ৷ নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমাঞ্চলৰ তিৱা সম্প্ৰদায়কে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰে পৰিবেষ্টিত বৰচিলাৰ মহিলাসকলে সম্প্ৰতি সুসংগঠিতভাৱে গঢ়ি তুলিছে গ্ৰাম্য অৰ্থনৈতিক বুনিয়াদ ৷ মহিলাসকলৰ এই অৰ্থনৈতিক সবলীকৰণ প্ৰচেষ্টাৰ বাবেই সমগ্ৰ অঞ্চলটোতে উজলি উঠিছে বৃহত্তৰ বৰচিলা গাওঁখন ৷

উল্লেখযোগ্য যে,বৰচিলাৰ “দলংঘাট হেণ্ডিক্ৰাফট্ কো-অপাৰেটিভ ছ’চাইটি লিমিটেড’ নামৰ অনুষ্ঠানটোত বৰচিলা অঞ্চলটোৰ পঞ্চাশগৰাকী উদ্যমী মহিলাই নৈ-বিল-পিটনি-জলাশয় আৰু সোনাই নদীত অনাদৃত হৈ পৰি থকা পানীমেটেকাৰ পৰা নিজহাতে বিভিন্ন বিধ সামগ্ৰী বনাই ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰটো বিক্ৰী কৰি সকলোতে সমাদৃত হোৱাৰ উপৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বৰচিলাৰ উপৰিও হালধিআটী,গাখজুৱা,দলংঘাটৰ এইসকল মহিলাই নিজৰ ঘৰুৱা কাম-কাজতে সীমাবদ্ধ নাথাকি অঞ্চলটোৰ বিল, পিটনি,জলাশয়,নৈ,সোনাই নদীৰ একঁকাল পানীত নামি বোকা-পানী গচকি,ঠেলাত বোজাই,কঢ়িয়াই আনি মহিলাসকলে পানীমেটেকা সমূহ নিজে সংগ্ৰহ কৰি আনি ছ’চাইটিৰ ঘৰত প্ৰথম পৰ্যায়ত মজুত কৰে ৷

মহিলাসকলে পানীমেটেকা নিজে কাটি,কঢ়িয়াই,সংগ্ৰহ কৰি মেচিনত শুকোৱাই,ৰং সানি তেওঁলোকে বিভিন্ন সামগ্ৰী যেনে ফুলৰ টাব,কঠ,ঢাৰি,পাটী,ফাইল ক’ভাৰ,দলিচা,জুৱেলাৰী বেগ,টিফিন বেগ,ফ্লিলাস্কৰ বেগ,বজাৰ কৰা মোনা,মন্দিৰৰ ফলমুলৰ বেগ,মহিলা সকলৰ বাবে মোবাইল বেগ,মানি বেগ বিভিন্ন সৰু ডাঙৰ বেগকে ধৰি নানাবিধ সামগ্ৰী তৈয়াৰ কৰে আৰু সেই সামগ্ৰী সমূহ নগাঁও-মৰিগাঁও জিলাৰ বিভিন্ন বজাৰত বিক্ৰী কৰাৰ ওপৰি ডিব্ৰুগড়-তিনিচুকীয়া-যোৰহাট-গুৱাহাটী-কাৰ্বি আংলং-তেজপুৰ-লক্ষীমপুৰ-ধেমাজীকে ধৰি অসমৰ বিভিন্ন স্থানত বিক্ৰী কৰি আহিছে ৷

কেৱল যে অসমতেই বিক্ৰী হৈছে এইসমূহ সামগ্ৰীৰ তেনে নহয় ৷ পানীমেটেকাৰে নিৰ্মিত এই সামগ্ৰী সমূহ পৰ্যায়ক্ৰমে অসমৰ বাহিৰত যেনে মুম্বাই,নতুন দিল্লী,ৰাজস্থান,কেৰেলা,চেন্নাই,হায়দৰাবাদ,হিমাচল প্ৰদেশ আদিত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰদৰ্শনীত এই ছ’চাইটিখনৰ মহিলা সকলে অংশগ্ৰহণ কৰি আহিছে ৷

ইয়াৰ ওপৰি উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়,মনিপুৰ,অৰুনাচল প্ৰদেশ আদিতো অনুষ্ঠিত প্ৰদৰ্শনী সমূহত এইসকল কৰ্মোদ্যমী মহিলাই অংশগ্ৰহণ কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে ৷ এই প্ৰদৰ্শনী সমূহত অংশগ্ৰহণেৰে দলংঘাট হেণ্ডিক্ৰাফট্ কো-অপাৰেটিভ ছ’চাইটি লিমিটেডৰ মহিলা সকলে বিগত বৰ্ষত প্ৰায় ১৫ লাখ টকাৰ সামগ্ৰী বিক্ৰী কৰিছে বুলি মহিলাসকলে জানিবলৈ দিছে ৷ অৱশ্যে যোৱাবাৰ ল’কডাউনৰ বাবে কিছু স্থবিৰতা আহিছিল যদিও বৰ্তমান পুনৰ ঠন ধৰি উঠিছে মহিলাসকলৰ ছ’চাইটিখন ৷

ছ’চাইটিখনৰ বৰ্তমানৰ সভানেত্ৰী চন্দ্ৰপ্ৰভা বৰদলৈৰ বাসগৃহত চলি থকা কাৰ্যালয়টোত উপস্থিত হওঁতে ছ’চাইটিখনৰ বাণিজ্যিক সমন্বয়ক মুনমী দেউৰজাৰ লগতে বহু কেইগৰাকী মহিলাই তাত নিজৰ নিজৰ কামত ব্যস্ত আছিল ৷ বয়সৰ জোখাৰে ষাঠিৰ ঊৰ্ধ্ব অঞ্জু বৰদলৈ,নন্দেমাই ৰাজবংশী,পদুমী ডেকাৰ লগতে আন মহিলাসকল ক্ৰমে বৈজয়ন্তী বৰদলৈ,তুলুমনি বৰদলৈ,প্ৰণামিকা ডেকা,মমী কাকতি ডেকা আদিয়ে কাৰ্যালয়ত দৈনিক পুৱা ১০:৩০-১১ বজাৰ পৰা বিয়লি ৩-৪ বজা পৰ্যন্ত পানীমেটেকাৰে সামগ্ৰী তৈয়াৰত ব্যস্ত হৈ থাকে ৷


উল্লেখ্য যে,কেৱল পানীমেটেকাৰ সামগ্ৰী প্ৰস্তুতেই নহয়,গাওঁখনৰ মহিলাসকলে বয়ন শিল্প,হাহঁ-কুকুৰা,ছাগলী,জাৰ্ছী গৰু পোহপালন কৰিও যথেষ্ট লাভান্বিত হৈছে ৷ ছ’চাইটিৰ সদস্য ক্ৰমে ৬৫ বছৰীয়া অঞ্জু বৰদলৈ,৬২ বছৰীয়া নন্দেমাই ৰাজবংশী,৬১ বছৰীয়া পদুমী ডেকাই এই প্ৰতিবেদকৰ আগত কয় যে হাহঁ-কুকুৰা পালন,গৰু-ছাগলীৰ গাখীৰ বিক্ৰী কৰি যি লাভাংশ পাওঁ তাৰে আনৰ ওচৰত হাত নপতাকৈ চলি আছো ৷ ছ’চাইটিৰ মহিলা সকলে লগতে জানিবলৈ দিয়ামতে তেওঁলোকে এতিয়া সকলো কথাতে স্বামীৰ মুখলৈ চাবলগীয়া নহয় ৷ প্ৰণিধানযোগ্য যে বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰচিলা হেণ্ডিক্ৰাফট্ কো-অপাৰেটিভ ছ’চাইটি লিমিটেডখনৰ প্ৰতি পূৰ্বৰ স্থানীয় জনপ্ৰতিনিধি গৰাকীৰ অনীহাই মহিলাসকলক নিৰাশ কৰিছে ৷ বটদ্ৰৱাৰ পূৰ্বৰ বিধায়িকা আঙুৰলতা ডেকাই ছ’চাইটিখনত কেইবাবাৰো  পৰিৰ্দশন কৰিছিল যদিও মহিলাসকলৰ সমস্যাৰ বুজ লোৱাতো দুৰৰে কথা,বিধায়িকা গৰাকীয়ে একো এটা সহায়েই নকৰিলে বুলি ছ’চাইটিৰ মহিলাসকলে আক্ষেপ প্ৰকাশ কৰিছে ৷ 

Leave A Reply