লাওঁপানী গাঁও ৰক্ষী বাহিনীৰ নিকৃষ্ট কৰ্মকাণ্ড: নৱনিযুক্ত সম্পাদক অঞ্জু হাজৰিকাৰ পৰিকল্পনা বুলি গোপন সূত্ৰৰ দাবী

লাওঁপানী গাঁও ৰক্ষী বাহিনীৰ নিকৃষ্ট কৰ্মকাণ্ড: নৱনিযুক্ত সম্পাদক অঞ্জু হাজৰিকাৰ পৰিকল্পনা বুলি গোপন সূত্ৰৰ দাবী

ৰাতি প্ৰায় ১২ বজাত লাওঁপানী আৰক্ষী চকীৰ অন্তৰ্গত কমাৰগাঁও অঞ্চলত এখন মাল ভৰ্তি বাহনে পাঁচটা বিদ্যুৎ খুঁটি ভাঙি পেলায়। এই দুৰ্ঘটনাৰ পিছত কমাৰগাঁও আৰু লাওঁপানী অঞ্চলৰ কিছুমান স্থানীয় সচেতন নাগৰিকে লাওঁপানী গাঁও ৰক্ষী বাহিনীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত গাঁও ৰক্ষী বাহিনীয়ে উক্ত গাড়ীখন আটক কৰি লাওঁপানী গাঁৱৰ মাজত ৰাখি থয়।

এই বিষয়ে জানিবলৈ পোৱাৰ পিছত আমাৰ সাংবাদিকে লাওঁপানী উপ-আৰক্ষী চকীত খবৰ দিয়ে। তাৰ পিছত লাওঁপানী আৰক্ষীয়ে গাঁও ৰক্ষী বাহিনীক সোধা-পোচা কৰাত তেওঁলোকে গাড়ীখন আটক কৰাৰ কথা স্বীকাৰ কৰে আৰু আজি দুপৰীয়া প্ৰায় ১ বজাত গাড়ীখন লাওঁপানী আৰক্ষী চকীত চমজাই দিয়ে।

এতিয়া প্ৰশ্ন উঠিছে—
ৰাতি আটক কৰা মালবাহী গাড়ীখন আজি দুপৰীয়া ১ বজাতহে আৰক্ষীৰ হাতত গতাই দিয়াৰ আঁৰত ৰহস্য কি?
কিয় গাঁও ৰক্ষী বাহিনীয়ে এই ঘটনাৰ বিষয়ে স্থানীয় আৰক্ষীক তৎক্ষণাত জনোৱা নাছিল?
কিয় গাড়ীখনৰ চালকক কোৱা হৈছিল যে “পুলিচে গম পালে বেছি টান হ’ব, আমি মিলাই দিম”?
কিয় নিশা প্ৰায় ২ বজাত গাঁও ৰক্ষী বাহিনীৰ লোকে গাড়ীৰ চাবি লৈ গৈ চালকক গাড়ীত এৰি থৈ গৈছিল ?

ইতিমধ্যে বিদ্যুৎ বিভাগে এই দুৰ্ঘটনা সম্পৰ্কে লাওঁপানী আৰক্ষী চকীত গাড়ীখনৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে। কিন্তু গাঁও ৰক্ষী বাহিনীৰ লোকসকলে আৰক্ষীক অন্ধকাৰত ৰাখি টকা খোৱাৰ চেষ্টা কৰাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত লাওঁপানী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, বিশেষকৈ নৱনিযুক্ত সম্পাদক অঞ্জু হাজৰিকাৰ বিৰুদ্ধে কি ব্যৱস্থা লয়, সেয়াই এতিয়া লক্ষণীয়।

এই ঘটনাই গাঁও ৰক্ষী বাহিনীৰ দায়িত্বশীলতা আৰু স্বচ্ছতাৰ প্ৰতি গুৰুতৰ প্ৰশ্ন তুলিছে। স্থানীয় লোকসকলে দ্ৰুত আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।

Related Articles