Breaking

“আঘোণৰ দুপৰীয়াত কবিৰ আড্ডা”ত প্ৰিয়ঙ্কা দেৱীক সম্বৰ্দ্ধনা

0 2,027

ধেমাজি জিলাৰ  “সাহিত্য সভা ভৱনত” পুৱা দহ বজাৰ পৰা ,  “আঘোণৰ দুপৰীয়াত কবিৰ আড্ডা”  শীৰ্ষক  অনুষ্ঠানটি অনুষ্ঠিত হয়  ।  “আঘোণৰ দুপৰীয়াত কবিৰ আড্ডা” অনুষ্ঠানটি  উদ্বোধন কৰে  “আইদেউ সন্দিকৈ” বঁটাপ্ৰাপ্ত বিষয়া বিমলা গগৈয়ে আৰু সভাখন  সঞ্চালনা কৰে মৰিঢল মহাবিদ্যালয়ৰ  প্ৰবক্তা ড০ পুৰৱী দুৱৰায়ে । অনুষ্ঠানটি আৰম্ভণিৰে পৰা  শেষলৈকে আঁত ধৰে বিপুল শৰ্মাই  ।

উক্ত অনুষ্ঠানটিত বিশ্বনাথ  জিলা কবি চক্ৰৰ  মুখ্য সম্পাদিকা সদৌ অসম কবি চক্ৰৰ যুটীয়া সম্পাদিকা ৰুবীশইকীয়া  দাসে , বিশ্বনাথ জিলা কবি চক্ৰৰ কাৰ্যকৰী সভাপতি টেজেন হাজৰিকা  আৰু যুটীয়া সম্পাদক  প্ৰেম বৈষ্ণৱ আৰু  পূৰ্বালী শইকীয়াক উদ্যোক্তা সকলৰ তৰফৰপৰা ফুলাম গামোছাৰে আদৰণি  জনোৱা হয় । এই অনুষ্ঠানত প্ৰত্যেকেই একো একোটাকৈ  স্বৰচিত কবিতা পাঠ কৰে । 

যোৱা ১৫ নৱেম্বৰ তাৰিখে, কৰ্কট ৰোগী সকলৰ বাবে, নিজৰ মৰমৰ চুলি সমূহ স্বেচ্ছাই দান দিয়া,  প্ৰিয়ংকা দেৱী হাজৰিকাক আনুষ্ঠানিক ভাৱে, ফুলাম গামোছাৰে  আদৰণি জনোৱা হয় ।  “আঘোণৰ দুপৰীয়াত কবিৰ আড্ডাত” ধেমাজি জিলাৰ কাষৰীয়া জিলা  লক্ষীমপুৰ জিলাৰ বিশিষ্ট কবি  প্ৰতিমা বুঢ়াগোহাঁই , ৰঞ্জিতা চেতিয়া , অমৰজ্যোতি ঘোষ ,  মুকুল ৰঞ্জন কোচ, মিলন দত্ত  মাধুৰ্য গগৈকে আদি কৰি বহু নবীন-প্ৰবীণ কবিৰ উপস্থিতিত অনুষ্ঠানভাগ সফলতাৰে সম্পন্ন হয় । কবিতা পাঠৰ এই বিশেষ অনুষ্ঠানটিতে  নবীন বুঢ়াগোহাঁইক সভাপতি হিচাপে নিৰ্বাচিত কৰি  সৰ্বসন্মতি ক্ৰমে এটি বলিষ্ঠ  “ধেমাজি জিলা কবি চক্ৰ ” গঠন কৰা হয় । এই অনুষ্ঠানটিত যিসকল কবিয়ে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিছে তেখেত সকলক  উদ্যোগক্তা সকলে কৃতজ্ঞতা জ্ঞাপন কৰে ।

Leave A Reply