Breaking

দমদমা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

0 2,236

কামৰূপ জিলাৰ তীৰ্থ নগৰী হাজোৰ অগ্ৰণী শিক্ষানুস্থান দমদমা মহাবিদ্যালয়ৰ ২০২১ বৰ্ষৰ নৱাগত আদৰণি সভা খনি আজি ছাত্র একতা সভাৰ উদ্যোগত  মহাবিদ্যালয় প্ৰাংগণত অনুস্থিত হয় । সেই অনুসৰি পুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শৰ্মাই ।  শ্বহীদ বেদীত বন্তি প্ৰজ্বলন মুকলি কৰে দমদমা মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক বাদল পাটোৱাৰীয়ে । গছপুলি ৰোপণ কৰে দমদমা মহাবিদ্যালয়ৰ অধ্যাপিকাবৃন্দ ক্ৰমে ড° সাবিত্ৰী শইকীয়া , প্ৰতিভা ডেকা , ৰুনুমী তালুকদাৰ ,আৰু মঞ্জু দাসে । 

ইয়াৰ পিছত অনুস্থিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে দমদমা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক গোপাল বৰ্মনে ।  মুকলি সভাৰ আৰম্ভণিতে মহাবিদ্যালয় খনৰ ছাত্রীবৃন্দই সমবেত সংগীত পৰিবেশন কৰে । সভাত  সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক বাদল পাটোৱাৰীয়ে । আকাংশা মালাকাৰে গীত পৰিবেশন কৰা এই সভাত মূখ্য অতিথিৰূপে উপস্থিত থাকে দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শৰ্মা । তেখেতে কয় যে,’ বিশ্বৰ বুকুত নামি অহা কভিডৰ বাবে মানুহে বৰ্তমানক লৈ সংকিত হৈ পৰিছে । দমদমা অঞ্চলটো স্বাধীনতাৰ এক কমাৰ শাল স্বৰূপ । দমদমা অঞ্চলৰ বৌদ্ধিক বিকাশৰ বাবে দমদমা মহাবিদ্যালয়ৰ আছে এক অনবদ্য অৱদান। প্ৰসংগ ক্ৰমে তেওঁ পুনৰ কয় যে ,আজিৰ প্ৰতিযোগিতাৰ ডিজিটেল ক্ষেত্ৰত খনত আগবাঢ়ি যাবলৈ হ’লে অধ্যয়নৰ উপৰিও আনুসংগিক বিষয়ত জ্ঞান অৰ্জন কৰিব লাগিব ।ছাত্ৰ-ছাত্রী সকলে কোনো ক্ষেত্ৰত হীনমন্যতাত ভূগি  সময় অপব্যয় কৰিব নালাগে “।

এইসভাতেই বিদায়ী অধ্যাপক -অধ্যাপিকা আৰু ছাত্ৰ- ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় । দমদমা মহাবিদ্যালয়ৰ ২০১৯-২০২০  আৰু ২০২১-২০২২ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতকক গৱেষক অধ্যাপক প্ৰয়াত ড° সুৰজিত বৰুৱাৰ স্মৃতিত দহ হাজাৰ টকাৰ নগদ ধন প্ৰদান কৰি শিক্ষাই ছাত্ৰ জীৱনৰ মূল দস্তাবেজ বুলি উল্লেখ কৰে দমদমা মহাবিদ্যালয় বিভাগীয় অধ্যাপিকা ড°সাৱিত্ৰী শইকীয়াই । অৱশ্যে অধ্যাপিকা ড°সাৱিত্ৰী শইকীয়াই শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে শীৰ্ষক উদগনিমূল বটা প্ৰতি বছৰেই প্ৰেৰণ কৰি আহিছে।

ইয়াৰ পিছতে আয়োজিত সাংস্কৃতিক অনুস্থানত ছাত্র -ছাত্রীৰ লগতে কণ্ঠশিল্পী জীয়ান জোনাকে সাৱলীল সংগীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰি তোলে।এই অনুস্থানত মহাবিদ্যালয় খনৰ অধ্যাপিকা মঞ্জু দাস,ড° ননিমা দাস, অমিতাভ চক্ৰৱৰ্তীকে ধৰি প্ৰায়সংখ্যক অধ্যাপক অধ্যাপিকা,ছাত্ৰ -ছাত্ৰী, কৰ্মচাৰীবৃন্দ উপস্থিত থাকে ।

Leave A Reply