Home Blog Page 2663

‘সাহিত্য প্ৰাণ’ ড° কুতুবুদ্দিন আহমেদ ভৱনৰ শিলান‍্যাস সমাৰোহ

সদৌ অসম কবি সন্মিলনৰ ‘সাহিত্য প্ৰাণ’ ড° কুতুবুদ্দিন আহমেদ ভৱনৰ শিলান‍্যাস সমাৰোহ খনি টীয়কৰ মেলেং বজাৰৰ সন্মুখত দেওবাৰে অনুষ্ঠিত হয়। যোৰহাট জিলা কবি সন্মিলনৰ ব্যৱস্থাপনা আৰু আতিথ্যত আয়োজিত কৰা সমাৰোহখনিত কবি সন্মিলনৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে।

সদৌ অসম কবি সন্মিলনে এটি নিজা গৃহ নথকাত যোৱা ৩৫ টা বছৰে যি যন্ত্ৰণাৰ সন্মুখীন হৈ আহিছিল, সেই যন্ত্ৰণাৰ  ওৰ পৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। ড° কুতুবুদ্দিন আহমেদৰ নামত তেখেতৰ পৰিবাৰ এলিজা বেগমে আগবঢ়োৱা ভূমিত দেওবাৰে  ৪ লাখ টকীয়া এটা প্ৰকল্পৰ শুভাৰম্ভণি কৰে। এই প্ৰকল্পত সদৌ অসম কবি সন্মিলনৰ এটা প্ৰেক্ষাগৃহ, পুথিভঁৰাল, গৱেষণা কেন্দ্ৰকে আদি কৰি বহু কেইটা কাৰ্য্যালয় থাকিব বুলি জানিবলৈ দিছে।


বিৰাজ বৰা,কাকজান

নাজিৰা মহাবিদ্যালয়ত পৰিৱেশ প্ৰদূষণৰ ওপৰত আলোচনা চক্ৰ

নাজিৰা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত ” পৰিৱেশ প্ৰদূষণ আৰু মানৱ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ ” শীৰ্ষক বিষয়ত অলপতে এখনি মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়।

গণিত বিভাগৰ সহযোগী অধ্যাপিকা সুজাতা বৰঠাকুৰে মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি পৰিৱেশ প্ৰদূষণে মানৱ জীৱনৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে সেই সন্দৰ্ভত বিশদ ভাৱে আলোচনা আগবঢ়ায় । ডঃ অজিত বড়াই মুকলি কৰা আলোচনা চক্ৰ খনিত অধ্যাপক গজেন্দ্ৰ শৰ্মা , কিৰণমণি বৰগোঁহাই , মানস জ্যোতি শইকীয়াৰ লগতে ছাত্র – ছাত্ৰী সকল উপস্থিত থাকি আলোচনাচক্ৰখনি সাফল্য মণ্ডিত কৰি তোলে । 

ফিটনেছ চেন্টাৰৰ উদ্যোগত খৈৰাবাৰীত শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতা

ওদালগুৰি জিলা খৈৰাবাৰী ফিটনেছ চেন্টাৰৰ উদ্যোগত আজি খৈৰাবাৰী মহিৰঙ্গত তৃতীয় বাৰ্ষিক শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতা mr khoirabari 2021 অনুষ্ঠিত কৰে।উক্ত প্ৰতিযোগিতাৰ দ্বাৰা অঞ্চলটোৰ জনসাধাৰণক স্বাস্থ্য আৰু শৰীৰৰ প্ৰতি যত্ন ৰাখিবলৈ সজাগ কৰি আহিছে।

ইয়াৰ পৰিপেক্ষিতত প্ৰতিবছৰে খৈৰাবাৰী ফিটনেছ চেন্টাৰে শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে বুলি স্বত্বাধিকাৰ প্ৰঞ্জল বড়োৰ মন্তব্য। প্ৰায় ২৬ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতাৰ মঞ্চখন শুভ মুকলি কৰে ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ চন্দ্ৰ বড়োয়ে।

আনহাতে বিশিষ্ট অতিথি হিছাপে উপস্থিত থকা বগছা জিলা মহিলা শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতাৰ বিজেতা মিচ বক্সাৰ ২০২১ ৰে সন্মানীত ৰিতা বসুমতাৰীয়ে প্ৰতিযোগী সকলক মনোবল দিয়াৰ লগতে বৰ্তমান সময়ত শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতাৰ পুৰুষৰ তুলনাত পিছুৱাই নাথাকি মহিলা সকলো ওলাই আহিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে ।

অমৰজিৎ ৰাভাৰ

মডেলিঙৰ জগতত উজ্বলিল বিতোপন

সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰখনত বৰ্তমান সময়ত যুৱক-যুৱতীসকলৰ আকৰ্ষণ বৃদ্ধি পাবলৈ ধৰিছে । তাৰ মাজতে এই জগতখনত একাংশ যুৱক-যুৱতীয়ে স্বকীয় প্ৰতিভাৰে উজ্বলি উঠিছে । তেনে এগৰাকী যুৱক হ’ল তিনিচুকীয়াৰ বিতোপন দত্ত । ফেছন জগতখনত খোজ দিয়া তিনিচুকীয়াৰ বৰদলৈ নগৰৰ বাসিন্দা বিতোপনে শেহতীয়াকৈ লাভ কৰিছে ‘Mr Teen Assam 2021’ৰ খিতাপ ।


অভিলেষ কলিতা আৰু ইফটিক বৰাৰ নেতৃত্বত গামোচা এণ্টাৰটেইনমেণ্ট আৰু আইবি প্ৰডাকছনৰ সৌজন্যত অনুষ্ঠিত ফেছন প্ৰতিযোগিতাত এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে বিতপনে । অনাগত দিনত এই ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ এনেধৰণৰ সফলতাই যথেষ্ট উৎসাহ যোগাব বুলি মন্তব্য কৰিছে বিতোপনে ।
আমিও বিতোপনলৈ যাচিলোঁ শুভেচ্ছা ।

আব্দুল লতিফ
                       
                     

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহত এমচি মেৰী কম

দেওবাৰে ‘কুইন অফ ৰিংছ’ এমচি মেৰী কমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২তম বিশ্ববিদ্যালয় সপ্তাহত অংশগ্ৰহণ কৰিছিল। শিক্ষাৰ্থীসকলে কিংবদন্তি খেলুৱৈ এম চি মেৰী কমক লগ পাই আনন্দিত হৈছিল। তেওঁ অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে বিশ্ববিদ্যালয়ত উপস্থিত আছিল। খেলুৱৈগৰাকীক বিশ্ববিদ্যালয়ৰ ৩৬ টা বিভাগে আদৰণি জনাইছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাৰ উদ্যোগত বিশ্ববিদ্যালয়খনৰ ছহিদ খাৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত এই অনুষ্ঠান অনুষ্ঠিত হয়।

তেওঁ কৈছিল যে মহিলাসকলে কেতিয়াও নিজকে দুৰ্বল বুলি ভবা উচিত নহয় কিয়নো তেওঁলোকে কেৱল কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰেহে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে।কৃষকৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা মেৰী কমে মন্তব্য কৰিছিল যে যাত্ৰাৰ সময়ত তেওঁ যথেষ্ট সংগ্ৰাম কৰিব লগীয়া হৈছিল।উন্মোচন অনুষ্ঠানত উপ-সভাপতি ড০ লীলাকান্ত নাথ আৰু ছাত্ৰ সন্থাৰ সভাপতি পৱন গোঁহাইয়ে বিশ্ববিদ্যালয় আৰু ছাত্ৰ একত্ৰীকৰণ সভাৰ পতাকা উত্তোলন কৰে, হিমালয় বাৰীকে আদৰণি ভাষণ প্ৰদান কৰে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অনুষ্ঠানটোত উপস্থিত থাকে আৰু ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ লক্ষ্যত উপনীত হ’বলৈ অতি ঘনিষ্ঠভাৱে কাম কৰিবলৈ আহ্বান জনায়।

ছিপাঝাৰত বনৰীয়া ম’হৰ আতংক

দৰং জিলাৰ ছিপাঝাৰ ৰাজহচক্ৰৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱত আজি পুৱাৰে পৰা এটা বনৰীয়া ম’হৰ মুক্ত বিচৰণে স্থানীয় ৰাইজক আতংকিত কৰি তুলিছে । ঘটনাৰ বিৱৰণী অনুসৰি ৰাতিপুৱা শালি ধান কাটিবলৈ অহা লোকে বনৰীয়া ম’হটো প্ৰত্যক্ষ কৰে । লগে লগে সমগ্ৰ অঞ্চলটোত বনৰীয়া ম’হৰ বিচৰণৰ খবৰটো ৰাষ্ট্ৰ হৈ পৰে । যাৰ বাবে ধান কাটিবলৈ যোৱা কৃষক সকলৰ মাজত আতংক বিৰাজ কৰিছে ।

উল্লেখ্য যে , কুৰুৱা বনাঞ্চলত থকা বনৰীয়া ম’হে খৰালি হোৱাৰ লগে লগেই ইয়াৰ হাতীমূৰীয়া , গৰুখুটি , সাতখলি আদি গাঁৱত মুক্ত বিচৰণ কৰি প্ৰতি বছৰেই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । একেদৰে গোনা ম’হে পকা ধানকে ধৰি বিভিন্ন শষ্য  খোৱাৰ লগতে খুটিৰ ম’হকো আক্ৰমণ কৰি আহিছে । তেনে পৰিপ্ৰেক্ষিতত বিগত বছৰ সমূহৰ দৰে ঘটনাৰ পুণৰাবৃত্তি নহ’বলৈ হাতীমূৰীয়াৰ পথাৰত বিচৰণ কৰি থকা ম’হটোক যি কোনো প্ৰকাৰে আতৰাই পঠিয়াবলৈ কুৰুৱা বন সংমণ্ডলক আহ্বান জনাইছে ।


পূৰ্ণানন্দ শৰ্মা , ছিপাঝাৰ

উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উটিছে ” হাতীশাল ই’ক টুৰিজিম পৰ্যটন ক্ষেত্ৰ”

পূব যোৰহাটৰ ঐতিহ্য মণ্ডিত ঠাই মেলেং আমলখি চিগা হাতীশালক  পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিছে । প্ৰবাদ অনুসৰি আহোম ৰজা প্ৰতাপ সিংহই এই হাতীশালতে হাতী বন্দী কৰি থৈছিল । এই হাতীশাল ৰূপে পৰিচিত ঠাইতে ‘হাতীশাল ই’ক পার্ক’  নামেৰে গঢ়ি তোলা হৈছে পৰ্যটন ক্ষেত্ৰ । পূৱ যোৰহাটৰ লাহদৈগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় দহ কিলোমিটাৰ নিলগত কেইজনমান স্থানীয় যুৱকে গঢ়ি তুলিছে এই পৰ্যটন ক্ষেত্ৰ । প্ৰচুৰ সম্ভাৱনা থকা আমলখি চিগা জাঁজীমুখ হাতীশালত এই যুৱক সকলে নিজৰ প্ৰচেষ্টাৰে নিজা সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ যে ডিচেম্বৰ – জানুৱাৰী মাহত ৰাজ্যৰ পৰ্যটন স্থলী সমূহত বনভোজ প্ৰেমীৰ ভীৰ হোৱাৰ সমান্তৰাল ভাৱে জাঁজীমুখত হাতীশালত এক ই’ক টুৰিজিম ক্ষেত্ৰ শনিবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। হৰেন,দীপাংকৰ, সংকল্প, মৃগাংক, বিমল, ৰাম প্ৰসাদ , বিদ্যুৎ, ধীৰেনকে প্ৰমুখ্যে কৰি কেইজনমান যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই ই’ক টুৰিজিম ক্ষেত্ৰ খন শনিবাৰে ৰাইজৰ বাবে মুকলি কৰে। হাতীশাল ই’ক পাৰ্কৰ দুৱাৰ মুকলি কৰি শুভাৰম্ভ কৰা অনুস্থানটোত বন্তি প্ৰজ্বলন কৰে স্থানীয় অৱসৰ প্ৰাপ্ত শিক্ষক জিতেন শৰ্মাই । ইয়াৰ পিছতে জাঁজীমুখ হাতীশাল সম্পৰ্কত ইতিবৃত্ত পাঠ কৰি শুভেচ্ছা মূলক বক্তব্য দাঙি ধৰে সমাজ কৰ্মী মুকুল বৰা,যাদৱ পাঁচনি ,হিমেশ্বৰ বৰুৱাই । শিশু উদ্যান ,কৃষি পাম, ঘোঁৰা ছালনা, শিশুৰ মনোৰঞ্জনৰ আহিলা সমৃদ্ধ হালধীয়া সৰিয়হৰ বাকৰিত নৱ প্ৰজন্মক চিনাকি কৰিবলৈ বাঁহৰ সঁজুলি নিৰ্মাণৰ  মিউজিয়াম সহ সুন্দৰ ভাৱে সজাই তুলিছে হাতীশাল ই’ক পাৰ্ক । এই ই’ক পাৰ্কত বনভোজ প্ৰেমীৰ বাবে সকলো ব্যৱস্থা সুন্দৰ ভাৱে আগবঢ়াই দিছে এই উদ্যমী যুৱক সকলে । অনাগত দিনত  হাতীশাল ই’ক পার্কে পৰ্যটন ক্ষেত্ৰৰ লগতে জাঁজীমুখৰ এক সুদূৰ ইতিবাচক বাৰ্তা দিব বুলি দৃঢ় বিশ্বাসী উদ্যমী যুৱক সকল।


বিৰাজ কুমাৰ বৰা,কাকজান

কাৱৈমাৰী সত্ৰত আজি শংকৰী পৰম্পৰাৰে শিষ্যৰ শৰণ পৰ্ব সম্পন্ন

গহপুৰ মহকুমাৰ বিলতীয়া গাওঁস্থিত কাৱৈমাৰি সত্ৰত পূৰ্বৰ ৰীতি-নীতি পৰমম্পৰা আৰু শংকৰী প্ৰথাৰে অজি এক শৰনপৰ্ব অনুষ্ঠান অনুস্থিত হয় ।পুৱা দহ বজাৰ পৰা অনুস্থিত এনে এক মাঙ্গলিক অনুষ্ঠানত গহপুৰ বড়িগাঁৱৰ সাতজন শিশু ক্ৰমে প্ৰজ্ঞান প্ৰতিম বৰা শশাংক ভূঞা ডিপ্লু শইকীয়া (গিগি) বিশ্বজিৎ শইকীয়া, বুন শইকীয়া (টিতকু) আৰু অৰুন ভূঞাই শৰণ গ্ৰহন কৰে ।

কাৱৈমাৰী সত্ৰৰ সত্ৰাধিকাৰ উপেন গোস্বামীয়ে অনুস্থানটিত অংশলোৱা নিতুল বৰা ,দীপক শইকীয়া, দুল ভূঞা ,ধন শইকীয়া, দিলীপ ভূঞা ,মুকুল বৰা, ধন গোস্বামী আৰু প্ৰমিলা শইকীয়াৰ উপস্থিতিত চিৰি ব্ৰহ্মৰ জ্ঞান প্ৰদানেৰে গুৰুজনাৰ আৰ্দশৰে শৰণ প্ৰদান কৰে । ত্ৰিবস্ত পৰিধানে অষ্টাংগে সেৱা জনাই শিশু কেইজনক সত্ৰাধিকাৰ উপেন গোস্বামীদেৱে চাৰি ব্ৰহ্ম ক্ৰমে ‘অভয় ব্ৰহ্ম’ ‘শ্ৰী শ্ৰী মন্ত শংকৰদেৱ ‘পৰম ব্ৰহ্ম ‘শ্ৰী কৃষ্ণ ‘শব্দ ব্ৰহ্ম ‘নাম’ আৰু আৰু ভকত’ জ্ঞান প্ৰদানেৰে শৰণ পৰ্ব সম্পন্ন কৰে ।শৰণৰ অন্তত ডেকা সত্ৰাধিকাৰ ধন গোস্বামীৰ হৰি নাম গুনাণু কীৰ্তণৰ নাম-প্ৰসংগই শৰণ অনুষ্ঠান সামৰণি পৰে ।

নিতুল বৰা

দিপীলাত “শব্দৰ সোণালী শইচ” শীৰ্ষক সাহিত্যানুষ্ঠান

দিপীলাৰ নিকটৱৰ্তী ১ নং চেঙাপাৰাত  অনুষ্ঠিত হয় “শব্দৰ সোণালী শইচ “শীৰ্ষক এক মনোজ্ঞ সাহিত্যানুষ্ঠান । দিপীলা শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত ব্যতিক্ৰমী সাহিত্যানুষ্ঠানত গীত-কথা-কবিতাৰে জীপাল হয় আঘোনৰ হিমসনা আবেলি ।

কবি-চিকিৎসক ডা :কমলাকান্ত শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটোত অখিল ৰঞ্জন ভট্ৰ, প্ৰাণেশ্বৰ শৰ্মা ,বানেশ্বৰী ডেকা, কমলা কান্ত কলিতা ,অনিল বৰা,ৰুদ্ৰ হাজৰিকা প্ৰমুখ্যে কেইবাজনো ব্যক্তিয়ে স্বৰচিত কবিতা পাঠ কৰে । প্ৰয়াত কালিৰাম বৰুৱা-পুনেশ্বৰী বৰুৱাৰ সোৱৰণত অনুষ্ঠিত সাহিত্যানুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ সভাপতি  শৈলেন ৰাজবংশী আৰু সাংস্কৃতিক কৰ্মী মুকুট হাজৰিকা অতিথি হিচাপে উপস্থিত থকাৰ লগতে উক্ত সাহিত্যানুষ্ঠানত যথেষ্ট সংখ্যক স্থানীয় ৰাইজো উপস্থিত থাকে ।

দিবাকৰ বৰুৱা

ছিপাঝাৰৰ অৱসৰী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন

যৌৱনত তেওঁলোকে সপোন দেখিছিল একোজন শিক্ষক হোৱাৰ আৰু শিক্ষকতাকেই জীৱনৰ ব্ৰত হিচাপে লৈ সপোনটোক আজীৱন বুকুত বান্ধি মানৱ গঢ়াৰ কমাৰশালত আত্মনিয়োগ কৰিলে । এদিন তেওঁলোকৰ এই সপোন বাস্তৱত পৰিণত হ’ব । চৰকাৰৰ ঘৰৰ পৰা তেওঁলোকৰ ত্যাগৰ বিনিময়ত পাব কেইটামান দৰমহা । পৰিয়ালটোৰ মুখত উজলাই তুলিব প্ৰাপ্তিৰ এটি হাঁহি । এই আশাকেই মনত বান্ধি জীৱনৰ ৩০-৩৫ টা বছৰ বিনা বেতনে শিক্ষকতা কৰি গ’ল তেওঁলোকে ।

পিছে তেওঁলোকৰ এই আশা , আশা হৈয়েই থাকিল । সপোনবোৰো সদায় সপোন হৈয়েই থাকিল ! হয় , এয়াই ভেঞ্চাৰ স্কুলত মানৱ গঢ়াৰ সপোন বুকুত বান্ধি অৱসৰ লোৱা শিক্ষকৰ বাস্তৱ চিত্ৰ । কিন্তু তেওঁলোকৰ এই ত্যাগৰ মূল্য চৰকাৰৰ ঘৰত নাথাকিলেও সমাজৰ ওচৰত সদায় নমস্য ।

তেনে পৰিপ্ৰেক্ষিততে শনিবাৰে ছিপাঝাৰৰ নাৰিকলি শিৱ মন্দিৰ প্ৰাঙ্গনত নাৰিকলি সমন্বয় মহিলা সমাজৰ দ্বাৰা বৃহত্তৰ ছিপাঝাৰ অঞ্চলৰ ৩০ গৰাকী ভেঞ্চাৰ স্কুলৰ অৱসৰী শিক্ষকক সম্বৰ্ধনা জনোৱা হয় । এই সম্বৰ্ধনা সভাতে শিক্ষাগুৰু সকলে নিজৰ জীৱনৰ ওপৰত আলোকপাত কৰি আৱেগিক হৈ উঠে । সমাজসেৱক যাদৱ চন্দ্ৰ নাথৰ সভাপতিত্ব অনুষ্ঠিত সম্বৰ্ধনা সভা খনত ছিপাঝাৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উমাকান্ত শৰ্মা , লোহিত কলিতা , সমাজকৰ্মী বনমালী শৰ্মা , সাংবাদিক দুলাল ডেকাৰ লগতে  অঞ্চটোৰ একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখযোগ্য যে , সভা খনিত বিনা বেতনে শিক্ষকতা কৰি অৱসৰ লোৱা এইসকল শিক্ষকক অলপ আৰ্থিক সকাহৰ বাবে এককালীন সাহাৰ্য দিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ।


পূৰ্ণানন্দ শৰ্মা , ছিপাঝাৰ