Breaking

ছিপাঝাৰৰ অৱসৰী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন

0 2,083

যৌৱনত তেওঁলোকে সপোন দেখিছিল একোজন শিক্ষক হোৱাৰ আৰু শিক্ষকতাকেই জীৱনৰ ব্ৰত হিচাপে লৈ সপোনটোক আজীৱন বুকুত বান্ধি মানৱ গঢ়াৰ কমাৰশালত আত্মনিয়োগ কৰিলে । এদিন তেওঁলোকৰ এই সপোন বাস্তৱত পৰিণত হ’ব । চৰকাৰৰ ঘৰৰ পৰা তেওঁলোকৰ ত্যাগৰ বিনিময়ত পাব কেইটামান দৰমহা । পৰিয়ালটোৰ মুখত উজলাই তুলিব প্ৰাপ্তিৰ এটি হাঁহি । এই আশাকেই মনত বান্ধি জীৱনৰ ৩০-৩৫ টা বছৰ বিনা বেতনে শিক্ষকতা কৰি গ’ল তেওঁলোকে ।

পিছে তেওঁলোকৰ এই আশা , আশা হৈয়েই থাকিল । সপোনবোৰো সদায় সপোন হৈয়েই থাকিল ! হয় , এয়াই ভেঞ্চাৰ স্কুলত মানৱ গঢ়াৰ সপোন বুকুত বান্ধি অৱসৰ লোৱা শিক্ষকৰ বাস্তৱ চিত্ৰ । কিন্তু তেওঁলোকৰ এই ত্যাগৰ মূল্য চৰকাৰৰ ঘৰত নাথাকিলেও সমাজৰ ওচৰত সদায় নমস্য ।

তেনে পৰিপ্ৰেক্ষিততে শনিবাৰে ছিপাঝাৰৰ নাৰিকলি শিৱ মন্দিৰ প্ৰাঙ্গনত নাৰিকলি সমন্বয় মহিলা সমাজৰ দ্বাৰা বৃহত্তৰ ছিপাঝাৰ অঞ্চলৰ ৩০ গৰাকী ভেঞ্চাৰ স্কুলৰ অৱসৰী শিক্ষকক সম্বৰ্ধনা জনোৱা হয় । এই সম্বৰ্ধনা সভাতে শিক্ষাগুৰু সকলে নিজৰ জীৱনৰ ওপৰত আলোকপাত কৰি আৱেগিক হৈ উঠে । সমাজসেৱক যাদৱ চন্দ্ৰ নাথৰ সভাপতিত্ব অনুষ্ঠিত সম্বৰ্ধনা সভা খনত ছিপাঝাৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উমাকান্ত শৰ্মা , লোহিত কলিতা , সমাজকৰ্মী বনমালী শৰ্মা , সাংবাদিক দুলাল ডেকাৰ লগতে  অঞ্চটোৰ একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখযোগ্য যে , সভা খনিত বিনা বেতনে শিক্ষকতা কৰি অৱসৰ লোৱা এইসকল শিক্ষকক অলপ আৰ্থিক সকাহৰ বাবে এককালীন সাহাৰ্য দিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ।


পূৰ্ণানন্দ শৰ্মা , ছিপাঝাৰ

Leave A Reply