Home Blog Page 2664

মাজবাটৰ চাহ বাগিছাত ছাত্ৰ-ছাত্ৰীক স্বাস্থ্য পৰীক্ষা

ওদালগুৰি জিলাৰ ওৰাং,ধনশ্ৰী,লামাবাৰী,বেটালী,মাজবাট,বেটিবাৰী,বাহিপুখুৰী  চাহ বাগিছা বিদ্যালয়ত ৪৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ শ্ৰবণ জনিত ৰোগৰ  ৫দিনীয়া স্বাস্থ্য পৰীক্ষা  সুচাৰুৰূপে সম্পন্ন হয় ৷


ওদালগুৰি জিলাৰ NHM ওদালগুৰিৰ উদ্যোগত  Ear Screening camp Along with RBSK,MHT under NPPCD Programme  অধীনত যোৱা ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ বধিৰতা  পৰীক্ষা শিবিৰটো ১০ডিচেম্বৰত সামৰণি  পৰে ৷ সেই মৰ্মে ৬ডিচেম্বৰত ধনশ্ৰী,লামাবাৰী,৮ডিচেম্বৰত বেটিবাৰী,মাজবাট, ৯ডিচেম্বৰত ওৰাং,আৰু ১০ডিচেম্বৰত বাহিপুখুৰী,বেটিবাৰী চাহ বাগিছা বিদ্যালয় সমুহত শ্ৰবন  জনিত ৰোগৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷

এই উক্ত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ  শিবিৰটোত ডাঃ সৌৰভ  কুমাৰ বৰ্মন,ডাঃ দীপাঞ্জলী বৰা,ডাঃ খগেন দাস,ডাঃ নবনীতা হাজৰিকা,ফাৰ্মাচীচ তৈইবুৰ ৰহমান,ইনামুল হক জাভেদ ,এ এন এম প্ৰণতি বসুমতাৰী, মেৰিনা বৰা,খণ্ড সমন্বয়ক  জুমীশ্ৰী শৰ্মাই ছাত্ৰ-ছাত্ৰী সকলক  শ্ৰবণ জনিত ৰোগ সমুহৰ পৰীক্ষা কৰে ৷ এই অনুষ্ঠানটোত বাহিপুখুৰী চাহ বাগিছাৰ জ্যেষ্ঠ পৰিচালক তিলক ডেকাৰ লগতে  বিদ্যালয়ৰ প্ৰধান শিক্ষক ,সহঃ শিক্ষক আদি উপস্থিত থাকি  সহযোগিতা আগবঢ়ায় ৷

নব কুমাৰ ডেকা

২৪ তম অসম ৰাজ্যিক যোগ প্ৰতিযোগিতাত দৰঙৰ সাফল্য

অসমৰ বিশাল ক্ৰীড়া ক্ষেত্ৰ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত কামৰূপ মহানগৰ জিলা যোগ সন্থাৰ উদ্যোগত ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা ২৪ তম অসম ৰাজ্যিক যোগাসন ক্ৰীড়া  প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে অনুষ্ঠানৰ মূখ্য অতিথি  অসমৰ ক্ৰীড়া মন্ত্ৰী বিমল চন্দ্ৰ বৰাই।

প্ৰতিযোগিতাত ভাৰ্গব কলিতাৰ তত্ত্বাবধানত দৰং জিলাৰ এটি দলে অংশগ্রহণ কৰি  জিলালৈ সুনাম কঢ়িয়াই আনে। প্ৰতিযোগিতাখনত দৰং জিলাৰ ফলাফল সমূহঃযোগাসন প্ৰতিযোগিতা জ্যেষ্ঠ শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ শ্রী ভাৰ্গব কলিতা, ৮ ৰ পৰা ১০ বছৰৰ ছোৱালী শাখাত দৃস্না জে আৰ চন্দা ৪ৰ্থ স্থান, ১০ ৰ পৰা ১২ বছৰৰ ল’ৰাৰ শাখাত তন্ময় গোস্বামী ৪ৰ্থ স্থান আৰু ছোৱালীৰ শাখাত জিমনী ডেকা ৫ম স্থান, ১২ ৰ পৰা ১৪ বছৰৰ ল’ৰাৰ শাখাত সাগৰ ডেকা ৫ম স্থান ,১৪ ৰ পৰা ১৬ বছৰৰ ল’ৰাৰ শাখাত যুটীয়া ভাবে মাধূর্য মধুৰ কাশ্যপ আৰু হৰ্ষজিৎ কলিতা ৪ৰ্থ স্থান,১৮ ৰ পৰা ২১ বছৰৰ ল’ৰাৰ শাখাত মিণ্টু ডেকা ২য় স্থান আৰু ছোৱালীৰ শাখাত অনুষ্কা ঘোষ ৫ম স্থান,২১ ৰ পৰা ২৫ বছৰৰ পুৰুষৰ শাখাত ভাৰ্গব কলিতা ১ম স্থান,৩০ ৰ পৰা ৩৫ বছৰৰ মহিলাৰ শাখাত বৰ্ণালী বড়ো ২য় স্থান,৩৫ ৰ পৰা ৪৫ বছৰৰ মহিলা শাখাত ৰশ্মি শইকীয়া ৬ষ্ঠ স্থান।আৰ্টিষ্টিক যোগকলা শাখাত ভাৰ্গব কলিতা ১ম স্থান আৰু ছোৱালীৰ শাখাত অনুষ্কা ঘোষ ৪ৰ্থ স্থান ,আৰ্টিষ্টিক যোগকলা কণিষ্ঠ শাখাত দৃস্না জে আৰ চন্দা ২য় স্থান লাভ কৰিবলৈ সক্ষম হয়। দৰং জিলাৰ বাবে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত এয়া এক ভাল খবৰ বুলিয়ে ক’ব লাগিব।


মঃইন্দাদুল হক

“আমি মিলিজুলি গান শিকোঁ আহা” শীৰ্ষক গীতৰ উন্মোচনী অনুষ্ঠান

যোৱা ৯ডিচেম্বৰত ওদালগুৰি জিলাৰ মাজবাট অঞ্চলৰ নাহৰঝাৰ স্থিত সঙ্গীত শিল্পী ৰামানুজ বাগৰ ষ্টুডিঅ’ত গীতিকাৰ অৰূপ বৰুৱা ৰচিত আৰু ৰামানুজ বাগৰ সুৰ,সঙ্গীত ব্যৱস্হাপনাৰে শিশু কন্ঠশিল্পী ভাস্বতী পাটোৱাৰী আৰু স্নেহা দত্তই পৰিৱেশন কৰা এটি গীত উন্মোচন কৰা হয়।

উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে মাজবাট ‘ আছা ‘ৰ সম্পাদক গোপাল  গোঁড়ে, উন্মোচন কৰে মাজবাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ গীতা কলিতা লহকৰে। তেওঁ দুগৰাকী শিশুকন্ঠশিল্পীক শিশুগীতটি পৰিৱেশনৰ সুযোগ দি তেওঁলোকক এখন মঞ্চ প্ৰদান কৰাত গীতিকাৰ,সুৰকাৰ আৰু শিল্পীদুগৰাকীৰ অভিভাৱকৰ শলাগ লয়।

অনুষ্ঠানত মাজবাট মহাবিদ্যালয়ৰ উপাধ্যক্ষ মিনতি কলিতা পাটোৱাৰী,অধ্যাপিকা কাবেৰী তালুকদাৰ আৰু অধ্যাপক গোপাল দাহাল তথা ‘ আছা ‘ৰ মাজবাট শাখাৰ সম্পাদক উপস্হিত আছিল।অনুষ্ঠানত গীতিকাৰ অৰূপ বৰুৱা আৰু সুৰকাৰ ৰামানুজ বাগেও গীতটিৰ বিষয়ে দুআষাৰ কয় আৰু সঙ্গীতপ্ৰেমীয়ে মৰমেৰে আকোৱালী ল’ব বুলি আশা প্ৰকাশ কৰে।

এতিয়ালৈকে সূৰ্য বাহাদুৰ তামাঙৰ দেহত ধৰা পৰা নাই অমিক্ৰনৰ লক্ষণ

অসমবাসীলৈ সাময়িক সকাহ! কোৰোণাৰ অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত হোৱা নাই সূৰ্য বাহাদুৰ তামাং। শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে সদৰি কৰা অনুসৰি, ‘‘লোকজনৰ দেহত এই মুহূৰ্তলৈকে অমিক্ৰণৰ লক্ষণ ধৰা পৰা নাই৷

কলকাতাত কৰা টেষ্টত কেৱল কোভিড পজিটিভহে ধৰা পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত নিশা লোকজনক TMCHত ভৰ্তি কৰোৱা হৈছে৷ অমিক্ৰণ পৰীক্ষাৰ বাবে আজি লোকজনৰ নমুনা সংগ্ৰহ কৰি কলকতাস্থিত লেব’ৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব৷ গতিকে এই মুহূৰ্তলৈকে বিশেষ চিন্তাৰ কোনো প্ৰয়োজন নাই৷’’

হেক হ’ল প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট !

শনিবাৰে মাজনিশা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্টৰ পৰা বিটকইন সম্পৰ্কে কৰা টুইটে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰে। পিছে এয়া আছিল কোনো হেকাৰৰ কামহে। শনিবাৰে মাজনিশা হেক হ’ল প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট।

প্ৰধানমন্ত্ৰীৰ মোদীৰ টুইটাৰৰ পৰা দিয়া এটা টুইটত লিখা আছিল যে ভাৰত চৰকাৰে বিটকইনত বিনিয়োগ কৰিছে আৰু সকলো ভাৰতীয়কে বিটকইন দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউন্ট হেক হোৱাৰ কিছুসময়ত পাছতেই একাউন্টটো পুনৰুদ্ধাৰ কৰাৰ লগতে ভুৱা টুইটসমূহ ডিলিট কৰা হয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত এক বিবৃতি দি কোৱা হৈছে যে,’’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ হেণ্ডল খুব কম সময়ৰ বাবে হেক কৰা হৈছিল, প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্টটো পুনৰোদ্ধাৰ কৰি সুৰক্ষিত কৰা হৈছে।’’ প্ৰধানমন্ত্ৰীৰ একাউণ্ট ইয়াৰ পূৰ্বেও হেক হৈছে। যিটো টুইটাৰ একাউন্টত প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত ৱেবছাইট তথা মোবাইল এপ আপডেট কৰা হয় সেইটো যোৱাবছৰ ছেপ্টেম্বৰত কোনো অজ্ঞাত গ্ৰুপে হেক কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউণ্ট হেক হোৱা ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে। একাংশই এয়া দেশৰ সুৰক্ষাৰ বাবে ভাবুকিস্বৰূপ বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই সমগ্ৰ বিষয়টো টুইটাৰক জনোৱা বুলি টুইটৰ জৰিয়তে জনাইছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্টৰ ৭৩.৪মিলিয়নতকৈয়ো অধিক ফল’ৱাৰ্ছ আছে।

শ্বহীদ দ্বীজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয়ত প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্দ্ধনা

বৃহত্তৰ আমতল ভেৰগাঁৱৰ শ্বহীদৰ নামত উৎসৰ্গিত একমাত্ৰ উচ্চ শিক্ষাৰ স্থল শ্বহীদ দ্বিজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয়ত  ১০ ডিচেম্বৰত  “অতীত ৰোমন্থন” শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰি প্ৰাক্তন শিক্ষক/শিক্ষয়িত্ৰী সকলৰ সম্বৰ্ধনাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিদ্যালয়খনত প্ৰতিষ্ঠা কালৰে পৰা বিনা বেতনে শিক্ষাদান কৰি প্ৰাদেশীকৰনৰ মূখ নেদেখাকৈ বহু শিক্ষকে আৰ্থিক সংকটত পৰি বিদ্যালয়খন বাদ দিব লগীয়াত পৰিছিল। সেই শিক্ষক সকলক স্মৰণ কৰি  ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ আদিৰে সন্মান জনোৱা হয়। উপস্থিত দুগৰাকী প্ৰাক্তন শিক্ষক শ্রী বিশেশ্বৰ চৌহান আৰু নিৰঞ্জন বৰায়ে অতীত ৰোমন্থন কৰি বিদ্যালয়খনত তেখেত সকলৰ কৰ্ম জীৱনৰ সেই সময় চোৱাৰ তিতা মিঠা অনুভব ব্যক্ত কৰে।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক গোলোক চন্দ্ৰ বৰাদেবে আঁত ধৰা উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাবে উপস্থিত আছিল মাজৰৌমাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰনব বৈশ্যদেব । নিজ বক্তব্যত বিদ্যালয়খনৰ এই মহান কাৰ্যৰ ভূয়সী প্ৰসংশা কৰে মুখ্য অতিথি বৈশ্যদেবে আৰু প্ৰধান শিক্ষক গোলোক চন্দ্ৰ বৰাদেৱক ধন্যবাদ জনায়। বিদ্যালয়খনৰ সমুহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰ কান্ত বৰা, শুকদেব শৰ্মা আৰু শৰৎ কাকতিদেবেও অনুষ্ঠানটিত উপস্থিত থাকি সম্বৰ্ধনা অনুষ্ঠানটিৰ গৰীমা বঢাইছিল। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীত, বিভিন্ন নৃত্য গীতেৰে অনুষ্ঠানটিৰ শুভা বৰ্ধন কৰিছিল। এই অনুষ্ঠানটিৰ সামৰনিৰ পিছতেই  অঞ্চলটোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এখন বিশেষ সভাও অনুষ্ঠিত হৈ যায়।

তিতাবৰ সাহিত্য সভাৰ অধিবেশনঃ দুখন গ্ৰন্থ উন্মোচন

তিতাবৰত সুদীৰ্ঘ চাৰি বছৰৰ মূৰত তিতাবৰ  সাহিত্য সভাৰ অধিবেশন আজি  সভাৰ নিজা সভাগৃহত দিন জোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা সভাৰ পতাকা উত্তোলন কৰে সভাপতি পৰেশ বৰুৱাই আৰু স্মৃতি তৰ্পন কৰে সভাৰ প্ৰাক্তন সভাপতি ভোলানাথ শৰ্মাই। স্মৃতি তৰ্পনৰ পিছতে অধিবেশনৰ বিষয় বাচনি সভা অনুষ্ঠিত হয়। সভাই আগন্তুক কাৰ্যকালৰ কাৰণে পৰেশ বৰুৱাক সভাপতি আৰু  গনেশ কছাৰীক সম্পাদক   হিচাপে লৈ এখন সক্ৰিয়  কাৰ্যনিৰ্বাহক কমিটি গঠন কৰে। সভাত পৰ্যবেক্ষকে হিচাপে অংশ গ্ৰহণ কৰে যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মাধব মহন্তই।

দুপৰীয়া ১২ বজাৰ পৰা সভাৰ সভাপতি পৰেশ বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আঁতধৰে সম্পাদক অৰুণ চন্দ্ৰ বৰুৱাই। তিতাবৰ লেখিকা সমাৰোহ সমিতিৰ মহিলা সকলৰ সমবেত গীতেৰে শুভাৰম্ভ কৰা মুকলি সভাত তৰুণ-কৃষ্ণ বায়েনৰ তত্তাৱধানত শশীকুল সংগীত বিদ্যালয়ৰ শিল্পী দুবোধ দত্তই বৰগীত পৰিবেশন আৰু মিনাক্ষী শইকীয়াই গীত পৰিবেশন কৰি ৰাইজক আমোদ দিয়ে। যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড৹ৰাতুল চন্দ্ৰ বৰাই সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু লগতে তিতাবৰৰ কবি সাহিত্যিক তথা তিতাবৰ সাহিত্য সভাৰ সম্পাদক অৰুণ চন্দ্ৰ বৰুৱাৰ গ্ৰন্থ ‘ মন্থন ‘ উন্মোচন কৰে। তদুপৰি এই সভাতে তিতাবৰ অফছেট প্ৰিণ্টাৰ্চৰ স্বত্বাধিকাৰ তথা লেখক এম ৰিজু আহমেদৰ গ্ৰন্থ ‘ তিতাবৰৰ বিধায়ক সকলৰ অৱলোকন ‘ উন্মোচন কৰে বিশিষ্ট অতিথি তিতাবৰ প্ৰেছ ক্লাবৰ উপদেষ্টা বিমান শইকীয়া ই। 

এই সভাত তিতাবৰৰ বিশিষ্ট ব্যক্তি প্ৰাক্তন অধ্যাপক প্ৰফুল্ল শইকীয়া, প্ৰাক্তন অধ্যাপিকা ড৹ বন্দিতা গোস্বামী শইকীয়া, শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বুঢ়া ভকত সোণাৰাম শৰ্মা, সভাৰ প্ৰাক্তন সভাপতি ভবেন শইকীয়া, দেবীচৰণ ৰেগন, অৱসৰী শিক্ষা বিষয়া আশ্ৰফ হুছেইন, নন্দেশ্বৰ শইকীয়া, পুলিন কাকতী, তিলক বৰা, প্ৰমুখ্যে  ভালেসংখ্যক সাহিত্যনুৰাগী বিশিষ্ট  ব্যক্তিয়ে অংশগ্ৰহণ কৰে। তদুপৰি  যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰী সকলৰ  উপস্থিতি সভাতে বিভিন্ন প্ৰতিযোগিতাৰ পুৰষ্কাৰ সমূহো বিতৰণ কৰা হৈছে। তিতাবৰ সাহিত্য সভাই জিলা সভাপতি ড৹ ৰাতুল চন্দ্ৰ বৰা আৰু সম্পাদক মাধব মহন্ত ক বিশেষ ভাবে সম্বৰ্দ্ধনা জনায়।  অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ এখন প্ৰশ্ন কাকত হিচাপে অসমীয়া ভাষাক অৱহেলিত কৰা কাৰ্যৰ বিৰুদ্ধে এটা প্ৰস্তাৱ আজিৰ সভাই গ্ৰহণ কৰিছে। সাহিত্য সংস্কৃতিৰ লগত জড়িত তিতাবৰৰ বৌদ্ধিক সমাজৰ ডেৰ শতাধিক ব্যক্তিয়ে তিতাবৰ সাহিত্য সভাৰ অধিবেশনত সহায় সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে।

বৰপেটাৰ চেঙাত এখন ব্যতিক্ৰমী বিয়া

প্ৰতিযোগিতাৰ এই যুগত এগৰাকী যুৱকৰ ব্যতিক্ৰমী চিন্তা । বিলাসীতা পৰিহাৰ কৰি এগৰাকী যুৱকে বৰপেটাৰ চেঙাৰ পৰা নলবাৰীৰ দৌলাশাললৈ দৰা হৈ গ’ল পুষ্পসজ্জিত ছৈ দিয়া ঘোঁৰাৰ গাড়ীত । আধুনিকতাৰ এই ধামখুমীয়াত হেৰাই যাব ধৰা পৰম্পৰাক আজি যেন পুনৰ উজ্জীৱিত কৰি তুলিলে চেঙাৰ পৰা তিনিচুকীয়াৰ এইগৰাকী দৰাই ।

বাংগালুৰুত চাকৰি কৰা তিনিচুকীয়াৰ দৰা উত্তম যাদৱ আৰু দৌলাশালৰ মিলন পাৰাৰ জয়ন্ত ডেকাৰ কন্যা জোনালী ডেকাৰ আজি শুভ পৰিণয় । দৰা উত্তম যাদৱে বৰপেটা জিলাৰ চেঙাৰ মোমায়েকৰ ঘৰৰ পৰা আজি দিনতে দৰা সাজি আহিছে কইনা জোনালীক নিবলৈ । ঢোলে-দগৰে নাচি- বাগি দৰাৰ লগত গৈছে শতাধিক আত্মীয় আৰু শুভাকাংক্ষী । বৰপেটা জিলাৰ চেঙাৰ পৰা নলবাৰী জিলাৰ দৌলাশাললৈ প্ৰায় ৮ কিলোমিটাৰ দূৰত্ব দৰাই ঘোঁৰাৰ গাড়ীত উঠি দলে বলে কইনা আনিবলৈ গৈছে । ঘোঁৰাৰ গাড়ীত উঠি অহা দৰাক চাবলৈ ৰাস্তা-ঘাটে ভিৰ কৰিছে অজস্ৰ লোকে । দিনৰ ভাগতে সুকলমে সম্পন্ন হয় বিবাহ কাৰ্য । দৰাৰ এনে পদক্ষেপৰ শলাগ লৈছে বিভিন্নজনে ।

কোহলীৰ বিদায় বেলাত কোন প্ৰাক্তন প্ৰশিক্ষকৰ উচুপনি ?

বিৰাট কোহলীৰ এদিনীয়া ক্ৰিকেটৰ অধিনায়ক পদ খাৰিজ কৰাৰ পাছতো অব্যাহত আছে চৰ্চা। একাংশই ব’ৰ্ডৰ এই সিদ্ধান্তক সমৰ্থন কৰাৰ বিপৰীতে একাংশই আকৌ ব’ৰ্ডৰ এনে সিদ্ধান্তক তিক্ত সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। সমালোচকৰ তালিকাৰ দ্বিতীয় স্থানত আছে মদন লাল। ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ আৰু মুখ্য প্ৰশিক্ষক গৰাকীৰ মতে, এদিনীয়া ক্ৰিকেটত অধিনায়ক হিচাপে কোহলিৰ অভিলেখ অত্যন্ত ভাল। তেনেস্থলত তেওঁক অধিনায়কৰ পদৰ পৰা অব্যাহতি দিয়োটো উচিত নহয়। এনেদৰে তেওঁক আঁতৰাই দিব নালাগিছিল। এনে ক্ষেত্ৰত নিৰ্বাচকমণ্ডলীকে দোষিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰজনে। তেওঁ কয়, ‘মই নাজানো নিৰ্বাচকে কেনেকৈ এই সিদ্ধান্ত ল’ব পাৰিলে।

যিটো সময়ত কোহলীয়ে আকাংক্ষিত ফলাফল আনি দিছে, সেই সময়তে কোহলীক এইদৰে আঁতৰোৱাৰ কি প্ৰয়োজন আছিল? টি-২০ৰ পৰা তেওঁক আঁতৰাই পঠিওৱাৰ কাৰণটো বুজি পাইছো। কাৰণ, এতিয়া ইমান ক্ৰিকেট খেলা হয় যে, একেটা সময়তে তিনিটা ফৰ্মেটত নেতৃত্ব দিয়াটো সহজ কথা নহয়। কিন্তু সফল হোৱাৰ পাছতো, যেতিয়া আপোনাক অব্যাহতি দিয়া হয় তেতিয়া আঘাত পোৱা যায়। মই ভাবিছিলো, কোহলীক ২০২৩ চনৰ বিশ্বকাপলৈকে অধিনায়কৰ দ্বায়িত্ব প্ৰদান কৰা হ’ব। কিন্তু শেহতীয়া এই সিদ্ধান্তই ভাৰতীয় ক্ৰিকেট দলটোক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নাই তো?’ হোৱাইট বলৰ দুটা ফৰ্মেটত দুজন বেলেগ বেলেগ অধিনায়ক থকাক লৈয়ো ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীৰ বক্তব্যৰ বিৰোধিতা কৰিছে মদন লালে। তেওঁ কয়, ‘সমস্যাটো কি মই বুজি নাপাওঁ। দুয়োজন অধিনায়কৰ দুটা ভিন্ন ৰণনীতি আছে।সমস্যাটো কত। এতিয়া টেষ্ট আৰু সীমিত অভাৰত নেতৃত্বৰ আৰ্হি সলনি হ’ব। আন্তৰ্জাতিক ক্ৰিকেটত পেছাদাৰীত্বই বাস্তৱ কথা।’

‘মাজুলী’ শীৰ্ষক গীতৰ পৰা ‘ফ্লিমফেয়াৰ’ লৈ নীলোৎপলৰ যাত্ৰা !

‘‘ৰিণিকি ৰিণিকি ৰাঙলী বেলিটি, জিলিকে মাজুলীতে ঐ…” – শীৰ্ষক গীতটিৰে সংগীতপ্ৰেমীৰ মন জয় কৰিছিল যোৰহাটৰ নীলোৎপল বৰাই৷ যোৰহাটৰ পৰা মায়ানগৰী মুম্বাইলৈ এক সফল সংগীতময় যাত্ৰা নীলোৎপলৰ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীতৰ ক্ষেত্ৰত অসমক গৌৰাৱান্বিত কৰাৰ এক সুযোগ দিলে নীলোৎপলে৷ সন্মানীয় ‘ফিল্মফেয়াৰ বঁটা’ৰ বাবে নীলোৎপলক মনোনিত কৰা হৈছিল৷

বৃহস্পতিবাৰে মুম্বাইৰ ‘তাজ হোটেল’ত অনুষ্টুপিয়াকৈ আয়োজিত হৈ যোৱা নীলোৎপলক ৱেব ছিৰিজ ‘Aspirants’ত তেওঁৰ কামৰ বাবে শ্ৰেষ্ঠ মূল ছাউণ্ডট্ৰেক শ্ৰেণীত ফিল্মফেয়াৰ অ’টিটি বঁটাৰ বাবে মনোনীত হৈছিল। সংগীতশিল্পী ৰোহিত শৰ্মাৰ সৈতে ৱেব ছিৰিজখনৰ বাবে সংগীত সৃষ্টি কৰিছিল নীলোৎপলে। তেওঁ ছিৰিজখনৰ বাবে দুটা সংগীত কৰিছিল। সংগীতশিল্পীৰ যুটিটোৱে বঁটা লাভ নকৰিলে যদিও তেঁওলোক মনোনিত হোৱাৰ খবৰটোৱে যথেষ্ট আনন্দিত কৰিছে ৰাজ্যবাসীক৷ ‘Aspirants’ত ‘‘দে ম’কা জিন্দেগী…” শীৰ্ষক গীতটিৰ বাবে মনোনিত হৈছিল

কেঁচা মাটিৰ সুবাসেৰে সমৃদ্ধ নীলোৎপল ডাঙৰ হৈছিল এটা সংস্কৃতিৱান পৰিৱেশৰ মাজত৷ সংগীতৰ ক্ষেত্ৰত সৰুৰে পৰা ইচ্ছা নাথাকিলেও সময়ৰ গতিত সংগীতযাত্ৰাত এক সফলতাৰ মুখ দেখিছে সংগীত শিল্পীগৰাকীয়ে৷ কম বয়সতে সংগীতৰ ক্ষেত্ৰখনত খোজ পেলোৱা নীলোৎপলে বহু পুৰস্কাৰো লাভ কৰিছে৷ ‘যোৰহাট জগন্নাথ মহাবিদ্যালয়’ত কলেজীয়া শিক্ষা গ্ৰহণ কৰা নীলোৎপলে নিজৰ চেষ্টা আৰু কৰ্মোদ্যমৰে আজি উজলি উঠিছে৷

গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, সংগীত ব্যৱস্থাপক হিচাপেও বৰ্তমান প্ৰতিষ্ঠা লাভ কৰিছে নীলোৎপলে৷ পত্নী আৰু একমাত্ৰ কন্যাৰ সৈতে মুম্বাইত বসবাস কৰা নীলোৎপল যথেষ্ট ভ্ৰমণপ্ৰিয় বুলি জানিব পৰা গৈছে৷ বৰ্তমান সময়ত মুম্বাইতে নেটফ্লিক্স অৰিজিনেলৰ ‘যাদুকৰ’ নামৰ এখন চিনেমাৰ কামত ব্যস্ত হৈ আছে নীলোৎপল৷ নীলোৎপল বৰাৰ সংগীতময় এই যাত্ৰা আৰু অধিক উজলি উঠক লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তোলাৰ চেষ্টাত শুভকামনা থাকিল।