Breaking

বৰপেটাৰ চেঙাত এখন ব্যতিক্ৰমী বিয়া

0 1,024

প্ৰতিযোগিতাৰ এই যুগত এগৰাকী যুৱকৰ ব্যতিক্ৰমী চিন্তা । বিলাসীতা পৰিহাৰ কৰি এগৰাকী যুৱকে বৰপেটাৰ চেঙাৰ পৰা নলবাৰীৰ দৌলাশাললৈ দৰা হৈ গ’ল পুষ্পসজ্জিত ছৈ দিয়া ঘোঁৰাৰ গাড়ীত । আধুনিকতাৰ এই ধামখুমীয়াত হেৰাই যাব ধৰা পৰম্পৰাক আজি যেন পুনৰ উজ্জীৱিত কৰি তুলিলে চেঙাৰ পৰা তিনিচুকীয়াৰ এইগৰাকী দৰাই ।

বাংগালুৰুত চাকৰি কৰা তিনিচুকীয়াৰ দৰা উত্তম যাদৱ আৰু দৌলাশালৰ মিলন পাৰাৰ জয়ন্ত ডেকাৰ কন্যা জোনালী ডেকাৰ আজি শুভ পৰিণয় । দৰা উত্তম যাদৱে বৰপেটা জিলাৰ চেঙাৰ মোমায়েকৰ ঘৰৰ পৰা আজি দিনতে দৰা সাজি আহিছে কইনা জোনালীক নিবলৈ । ঢোলে-দগৰে নাচি- বাগি দৰাৰ লগত গৈছে শতাধিক আত্মীয় আৰু শুভাকাংক্ষী । বৰপেটা জিলাৰ চেঙাৰ পৰা নলবাৰী জিলাৰ দৌলাশাললৈ প্ৰায় ৮ কিলোমিটাৰ দূৰত্ব দৰাই ঘোঁৰাৰ গাড়ীত উঠি দলে বলে কইনা আনিবলৈ গৈছে । ঘোঁৰাৰ গাড়ীত উঠি অহা দৰাক চাবলৈ ৰাস্তা-ঘাটে ভিৰ কৰিছে অজস্ৰ লোকে । দিনৰ ভাগতে সুকলমে সম্পন্ন হয় বিবাহ কাৰ্য । দৰাৰ এনে পদক্ষেপৰ শলাগ লৈছে বিভিন্নজনে ।

Leave A Reply