Home Blog Page 2665

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ নকৰিলে ক্ষান্ত নহয় কন্যাক

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন নগালেণ্ডৰ পৰা বাতিল নকৰা পৰ্যন্ত কন্যাক সকল ক্ষান্ত নহয়। এই আইনৰ সুৰুঙাৰে উগ্ৰপন্থী বিচৰাৰ নামত বহু নিৰীহ লোকক অত্যাচাৰ কৰা হ’ল। বহু লোকৰ প্ৰাণ গ’ল । আৰু সহ্য কৰা নহ’ব । বনৰীয়া জন্তুক হত্যা কৰা দৰে সেনাই নিৰীহ নগালোকক হত্যা কৰা কাৰ্যক কেতিয়াও সহ্য কৰা নহ’ব। নগালেণ্ডৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই এই বাতিল কৰিব লাগিব”। এই হুংকাৰ নগালেণ্ডৰ মন জিলাৰ টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়নৰ। 

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিলৰ দাবীত আৰু নগালেণ্ডৰ ম’ন জিলাৰ অ’টিংবস্তিত যোৱা চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় ঘটনাৰ প্ৰতিবাদত আজি জিলাখনৰ টিজিতত ৰূপায়ন হোৱা বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়নৰ উপদেষ্টা মানছেন কন্যাকে। উল্লেখ্য যে আজি পুৱাৰ ভাগত টিজিতৰ পেনটম জাংচনৰ পৰা নামচালৈকে উলিওৱা প্ৰায় চাৰি কিলোমিটাৰ জোৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰা পাছত টিজিতৰ নামচাত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। টিজিত চিভিল অৰ্গেনাইজেচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত কন্যাক মহিলা সমিতি, কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ লগতে বহু কেইটা স্থানীয় সংগঠনৰ ওপৰিও ছাত্ৰ-ছাত্ৰী তথা স্থানীয় জনতাই অংশগ্ৰহণ কৰে। হাতে হাতে ক’লা পতাকা তথা বিভিন্ন দাবী সম্বলিত ফেষ্টুন লৈ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন তথা অ’টিংবস্তিৰ নাৰকীয় ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ‌ কৰে প্ৰতিবাদী জনতাই।

আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰা জনতাই নগালেণ্ডত উগ্ৰপন্থী বিচৰাৰ নামত সেনাৰ অত্যাচাৰ সহ্য নকৰে বুলিও হুংকাৰ দিয়ে। সেনাৰ হাতত বন্দুক আছে যদিও কন্যাক নগাই ভয় নকৰে, নগাৰ হাতত থকা দাখনেই যথেষ্ট বুলি মন্তব্য প্ৰতিবাদী নগালোকৰ। ইফালে প্ৰতিবাদী জনতাই গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সেনাৰ পুত্তলিকাও দাহ কৰে। টিজিত বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বি টিংখাপে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰা লগতে অ’টিংবস্তি কাণ্ডৰ লগত জড়িত দোষী ব্যক্তিক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰে। পাহাৰীয়া ৰাজ্যখনৰ কন্যাক জনগোষ্ঠীৰ লোকসকলে শান্তিৰে জীৱন নিৰ্বাহ কৰি থকাৰ পাছতো কেন্দ্ৰ চৰকাৰে জনসাধাৰণক সুৰক্ষা দিবলৈ নিয়োজিত কৰা সেনা জোৱানেহে এতিয়া জিলা খনত অশান্তি সৃষ্টি কৰিছে বুলি মন্তব্য কৰে

ইফালে কন্যাক মহিলা সমিতিৰ সভানেত্ৰী গৰাকীয়ে নগালেণ্ডৰ পৰা আফস্পা আইন প্ৰত্যাহাৰৰ দাবী জনোৱাৰ লগতে নগালেণ্ডক  পাকিস্তান বুলি নাভাবিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় কটাক্ষ কৰা পৰিলক্ষিত হয়।

কৃতী শিক্ষক বীৰেশ্বৰ কলিতাৰ স্মৃতি ৰোমন্থন

ছিপাঝাৰৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বানেইকুছি মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা প্ৰয়াত বীৰেশ্বৰ কলিতাৰ স্মৃতি ৰোমন্থন আৰু বীৰেশ্বৰ কলিতা সোঁৱৰণী কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠাখনি সম্পন্ন হৈ যায় । প্ৰয়াত কলিতাৰ প্ৰথম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি সম্পন্ন হোৱা অনুষ্ঠানটিত সঞ্চালনা কৰে বৰমপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , অৱসৰপ্ৰাপ্ত শিক্ষক চম্পাৰাম চহৰীয়াই ।

প্ৰয়াত কলিতাৰ বানেইকুছিস্থিত নিজা গৃহত সম্পন্ন হোৱা অনুষ্ঠানত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ছিপাঝাৰ সাহিত্য সভাৰ সভাপতি শশীধৰ নাথে প্ৰয়াত কলিতাৰ ছাত্ৰ জীৱনৰ লগতে শিক্ষা আৰু সামাজিক জীৱনৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায় । পুৱাৰ ভাগত প্ৰয়াত কলিতাৰ প্ৰতিচ্ছবিত সহধৰ্মিনী মাইকন কলিতাই বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা অনুষ্ঠানত কলিতা অকল শিক্ষকেই নহয় এগৰাকী আদৰ্শ কৃষক হিচাপেও পৰিচিত আছিল বুলি শিক্ষকতা জীৱনৰ সহপাঠী , ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক শুভাৰাম হাজৰিকাই কয় ।

বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কন্ঠিৰাম ডেকাই শিক্ষকতা জীৱনৰ স্মৃতি ৰোমন্থন কৰি ষাঠি দশকতে স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰতিস্থাপক কলিতা এগৰাকী সমাজ গঠনৰ পথ প্ৰদৰ্শক বুলি কয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক , অৱসৰপ্ৰাপ্ত শিক্ষক অনন্ত ৰাম ডেকা , দৰং জিলা কলিতা সন্মিলনীৰ সভাপতি খীতেশ্বৰ কলিতা প্ৰমুখ্যে কেইবা গৰাকী শিক্ষা সচেতন নাগৰিক উপস্থিত থকা বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত কলিতাৰ ভাতৃ তথা দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সতীশ চন্দ্ৰ কলিতাই আবেগিক কণ্ঠেৰে পৰিয়াল তথা জ্যেষ্ঠ ভাতৃৰ জীৱন সংগ্ৰামৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায় । 

অৱসৰপ্ৰাপ্ত শিক্ষক লোহিত চন্দ্ৰ কলিতাই প্ৰয়াত কলিতা শিক্ষকৰ উপৰিও অবিভক্ত দৰং জিলা কলিতা সন্মিলনীৰ সম্পাদককে ধৰি শৈক্ষিক দিশৰ ওপৰত আলোকপাত কৰে । “ৰাজ্যিক বঁটা প্ৰাপ্ত কৃতী শিক্ষক বীৰেশ্বৰ কলিতা সোঁৱৰণী ন্যাস”ৰ সম্পাদক তথা এগৰাকী সাংস্কৃতিক সংগঠক ধীৰাজ কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানত দৰঙৰ দলগাঁওস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ৰ জ্যেষ্ঠ প্ৰবক্তা তথা জ্যেষ্ঠ  পুত্ৰ দেবেন্দ্র কুমাৰ কলিতাই পিতৃ তথা পৰিয়ালৰ জীৱন পৰিকমাৰ বিষয়ে চমু বক্তব্য আগবঢ়ায় । সভাৰ অন্তত বুঢ়াখাট প্ৰাথমিক বিদ্যালয়ৰ কৃতী প্ৰধান শিক্ষক বনমালী নাথক গ্ৰন্থৰ টোপোলা , শৰাই আৰু স্মাৰক সম্বলিত প্ৰশংসা পত্ৰ শীৰ্ষক ‘কৃতী শিক্ষক বঁটা’ প্ৰদান কৰা হয় । সভাত বঁটা প্ৰাপক বনমালী নাথে বঁটা গ্ৰহণ কৰি নিজৰ অনুভৱ আৰু অনুভূতি প্ৰকাশ কৰি ন্যাস সমিতিৰ এনে কাৰ্যত অভিভুত হয়।  


পূৰ্ণানন্দ শৰ্মা , ছিপাঝাৰ ।

ৰাজ্যৰ ৪০ হাজাৰ পদপথৰ ব্যৱসায়ীয়ে লাভ কৰিব ঋণ

উল্লেখযোগ্য যে ক’ভিড কালীন পৰিবেশত বিপৰ্যয়ৰ সন্মুখীন হোৱা পদ পথৰ ব্যৱসায়ী সকলৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছে পিএম ষ্ট্ৰীট ভেণ্ডৰ নিধি। এই নিধিৰ জৰিয়তে ইতিমধ্যে প্ৰায় ৪০ হাজাৰ ব্যৱসায়ীয়ে আবেদন কৰিছে, আৰু ইয়াৰে ১৭ হাজাৰক ইতিমধ্যে ঋণ প্ৰদান কৰা হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে ক’ভিড কালত ক্ষতিগ্ৰস্ত হোৱা ৪০ হাজাৰ পদপথৰ ব্যৱসায়ীয়ে ডিচেম্বৰৰ ভিতৰত ১০০ শতাংশ ঋণ লাভ কৰিব ।

এই নিধি অনুসৰি প্ৰথম পৰ্যায়ত ১০ হাজাৰ, আৰু ১০ হাজাৰ ঘূৰাই দিলে দ্বিতীয় পৰ্যায়ত লাভ কৰিব ২০ হাজাৰ টকা। ২০ হাজাৰ টকা ঘূৰাই দিলে তৃতীয় পৰ্যায়ত লাভ কৰিব ৫০ হাজাৰ টকা। শুক্ৰবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বেংকৰ বিষয়াসকলৰ লগত হোৱা বৈঠকত মিলিত হৈ ডিচেম্বৰৰ ভিতৰত সকলোকে ঋণ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ স্মাৰক প্ৰত্ৰ অসম চৰকাৰলৈ

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন ওদালগুৰি জিলা কমিটিৰ অন্তৰ্গত জিলা খনৰ বিভিন্ন অঞ্চলৰ পৰা মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে  ৯ ডিচেম্বৰ তাৰিখে  ওদালগুৰি জিলাৰ প্ৰাথমিক শিক্ষা  বিষয়াৰ  জৰিয়তে মধ্যাহ্ন ভোজন কৰ্মচাৰী আঁচনিৰ ব্যক্তিগতকৰণ ৰোধ, ৰন্ধন কৰ্মচাৰীৰ কামৰ নিৰাপত্তা আৰু মাননি নিয়মিতভাৱে আদায় দিয়াৰ দাবিত স্মাৰকপত্ৰ এখন মুখ্য মন্ত্ৰিলৈ প্ৰদান কৰে।

তেওঁ লোকে কেন্দ্ৰীয় ৰান্ধনশালা আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰকৰণ প্ৰক্ৰিয়াক অগ্ৰাধিকাৰ দিয়াৰ জৰিয়তে মধ্যাহ্ন ভোজন আঁচনি পুণৰ এনজিঅৰ হাতত তুলি দিয়াৰ প্ৰচেষ্টা  চলাইছে। অক্ষয়প্ৰাত্ৰ ফাওন্ডেচনৰ জৰিয়তে খাদ্য বিতৰনৰ কাম অব্যাহত ৰখাই নহয় ইয়াক সম্প্ৰসাৰিত কৰাৰ প্ৰচেষ্টা চলোৱাটোও ইউনিয়নে উদ্বেগেৰে লক্ষ্য কৰিছে। অথচ ২০১৯ চনৰ নবেম্বৰত চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে কেন্দ্ৰীয় ৰন্ধনশালাৰ কাম বন্ধ কৰি বিদ্যালয়ত ৰন্ধা আহাৰ বিতৰণ নিশ্চিত কৰিব । আঁচনিখনৰ সুৰক্ষা, শিশু আৰু ৰন্ধন কৰ্মচাৰীৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ দাবি উথাপন কৰে মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিকৰণ ৰোধ কৰণ আৰু ইতিমধ্যে অক্ষয়পাত্ৰ ফাওন্ডেচনৰ দ্বায়িত্বত থকা বিদ্যালয়বোৰৰ পৰা পতিস্থামটোক অব্যাহতি দিয়ক।

শিক্ষা বিভাগৰ অধীনস্থ অসমৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত শিশুসকলক আহাৰ ৰান্ধি  যোগান ধৰা প্ৰায় ১১৮০০০ ৰন্ধন কৰ্মচাৰী আৰ্থিক ভাবে পশ্চাদলপদ অংশৰ পৰিয়ালৰ পৰা অহা মহিলা আৰু কিছু সংখ্যক পুৰুষ। বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন অজুহাতত ৰন্ধন কৰ্মচাৰীৰ বৰ্খাস্তকৰণ ৰোধ কৰাৰ লগতে বৰ্খাস্তকৰণৰ চিকাৰ হোৱা ৰন্ধন কৰ্মচাৰীসকলক কামত ৰখাৰ দাবী কৰে।ৰন্ধন কৰ্মচাৰীসকলক নিয়মিত ভাবে মাননি আদায় দিয়া নহয়।

তেওঁলোকক সুদীৰ্ঘ দিন অতি নিম্ন ১০০০ (এহেজাৰ) টকা মাননিৰ প্ৰদান কৰিছিল। বিগত ২০২০ চনত ৫০০( পাঁচ শ)বৃদ্ধি কৰিছিল যদিও ২০২১ চনৰ এপ্ৰিল পৰা আদায় দিয়া নাই। সেয়ে ৰন্ধন কৰ্মচাৰীসকলক বৰ্দ্ধিত ৫০০ (পাঁচ শ) টকা শ বাকেয়া মাননি শীঘ্ৰে আদায় দিয়া, মাননি নিয়মিত ভাবে আদায় দিয়া নিশ্চিত কৰা, অসম চৰকাৰে ন্যূনতম মজুৰি আইনৰ ভিত্তিত মাননি ধাৰ্য কৰা, বছৰটোৰ সম্পূৰ্ণ ১২(বাৰ) মাহৰ মাননি প্ৰাদান কৰাৰ আদি দাবি সম্বলিত এক স্মাৰক প্ৰদান কৰে।

মাৰাডোনাৰ ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ অসমৰ ৱাজিদ হুছেইন

অসমৰ পৰা গ্ৰেপ্তাৰ হ’ল ইন্টাৰনেছনেল চোৰ। কিংবদন্তি ফুটবলাৰ প্ৰয়াত ডিয়াগ’ মাৰাডােনাৰ ব্যয়বহুল ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ হ’ল শিৱসাগৰৰ ৱাজিদ হুছেইন।

ডুবাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত চোৰ জনক। বিলাসী হাবলট ১২ লাখ টকীয়া ঘড়ীটোৰ চুৰিত যেন লজ্জিত হৈছে অসম তথা ভাৰতবাসী।

অসমৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে এই কথা।

ভেকচিন দুপৰীয়া ল’লেহে অধিক কাম দিব !

কৰ’না প্ৰতিষেধক প্ৰদানক লৈ এতিয়া ব্যস্ত হৈ পৰিছে চৰকাৰ প্ৰশাসন ৷ নতুন ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ পূৰ্বেই সকলো লোকেই প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছে প্ৰত্যেক ৰাষ্ট্ৰতে ৷ প্ৰতিষেধক গ্ৰহণ নকৰিলে ৰাজহুৱা স্থানত প্ৰৱেশৰ অনুমতি প্ৰদান নকৰাৰ লগতে যিকোনো স্থানত ভ্ৰমণৰো অনুমতি প্ৰদান নকৰে ৷ আপুনি গ্ৰহণ কৰা কভিডৰ প্ৰতিষেধকটো কেতিয়া বা কোন সময়ত গ্ৰহণ কৰিলে অধিক ফলপ্ৰসূ হয় সেয়া জনালে গৱেষকে ৷ গৱেষণাত দুপৰীয়া সময়ত গ্ৰহণ কৰাটো অধিক ফলপ্ৰসূ হয় বুলি দাবী কৰিছে৷

গৱেষণাত জনোৱা অনুসৰি দুপৰীয়া মানৱ শৰীৰত এন্টিবডীৰ পৰিমান সৰ্বাধিক হয় আৰু সেয়েহে দুপৰীয়া গ্ৰহণ কৰা প্ৰতিষেধক মানৱ শৰীৰত সৰ্বাধিক কাৰ্যকাৰিতা হয়৷ জাৰ্নেল অৱ বায়’লজিকেল ৰিডমত প্ৰকাশিত এক গৱেষণামূলক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে মেছাছুছেটছ জেনেৰেল হাস্পতালৰ সহ গৱেষণাকাৰী এলিজাবেথ ক্লেৰমেনে৷ তেঁও প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ ঘন্টাত মানৱ শৰীৰৰ এন্টিবডী সংখ্যা হ্ৰাস-বৃদ্ধি হৈ থাকে৷ দুপৰীয়াৰ ভাগত এন্টিবডীৰ পৰিমান বৃদ্ধি পায়, যাৰ বাবে এই সময়ছোৱাত প্ৰতিষেধক গ্ৰহণ কৰিলে শৰীৰত অধিক ফলপ্ৰসু হয়৷

ইয়াৰ উপৰি তেখেতে প্ৰতিবেদনত প্ৰকাশ কৰা মতে যিকোনো দৰবৰ কাৰ্যকাৰিতাও এই সময়ছোৱাত বেছিকৈ ফলদায়ক হয়৷ গৱেষণাৰ তথ্য অনুসৰি হাঁওফাঁওৰ ৰোগীৰ ক্ষেত্ৰত প্ৰায়ে দুপৰীয়া এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায়৷ দৰবেও অধিক কাৰ্যকাৰিতা প্ৰদৰ্শন কৰে৷

আজিৰে পৰা স্তব্ধ হৈ পৰিব এছবিআই !

শনিবাৰৰ দিনটোত কিছুসময়ৰ বাবে স্তব্ধ হৈ পৰিব ভাৰতীয় ষ্টেট বেংক। এই কথা বিয়পি পৰাৰ লগে লগেই এছবিআইৰ গ্ৰাহকসকলৰ মাজত লাগিছে হাহাকাৰ ৷ ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই এক জাননীযোগে এই কথা সদৰি কৰিছে । এছবিআই কৰ্তৃপক্ষই শুক্ৰবাৰে এক টুইটত লিখিছে এইদৰে- ‘আমি আমাৰ সন্মানীয় গ্ৰাহকসকলক আমাৰ সৈতে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ ৷ যিহেতু আমি এক উন্নত বেংকিং সেৱা প্ৰদান কৰিবলৈ চেষ্টা কৰি আছোঁ ৷ আপোনালোকৰ অসুবিধাৰ বাবে আমি দুঃখ প্ৰকাশ কৰিছোঁ ৷’

জাননীমতে ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলে আজি এক নিৰ্দিষ্ট সময়ৰ বাবে ইণ্টাৰনেট বেংকিং সেৱা ব্যৱহাৰ কৰিব নোৱাৰিব। এছবিআই ইণ্টাৰনেট বেংকিং সেৱাৰ ব্যৱহাৰকাৰীসকলে বেংক কৰ্তৃপক্ষৰ প্ৰযুক্তিগত কাৰ্যকলাপৰ বাবে শনিবাৰে আৰু দেওবাৰে মুঠ ৩০০ মিনিটৰ বাবে ইণ্টাৰনেট বেংকিং, Yono, Yono Lite, Yono Business, UPI ৰ দৰে বিভিন্ন সুবিধা ব্যৱহাৰ কৰিব নোৱাৰিব। শনিবাৰে নিশা ১১.৩০ বজাৰ পৰা দেওবাৰৰ পুৱা ৪.৩০ বজালৈ বন্ধ থাকিব এছবিআইৰ ইণ্টাৰনেট বেংকিং৷ উল্লেখযোগ্য যে, ভাৰতত এছবিআইৰ ২২,০০০ তকৈয়ো অধিক শাখা আৰু ৫৭,৮৮৯ টাতকৈও অধিক এটিএমৰ সৈতে এক সৰ্ববৃহৎ নেটৱৰ্ক আছে।

ইফালে, ভাৰতীয় ষ্টেট বেংকত শেহতীয়াকৈ বৃদ্ধি হোৱা ডিজিটেল লেনদেনৰ প্ৰতি সঁহাৰি জনাই বেংকে এক বিবৃতিত কয় যে ই ইয়াৰ মৌলিক সঞ্চয় বেংক জমা (বিএছবিডি) গ্ৰাহকৰ পৰা ডিজিটেল লেনদেনৰ বাবে কোনো লেনদেন মাচুল আদায় নকৰে, যাৰ ভিতৰত আছে UPI আৰু RuPay ডেবিট কাৰ্ড ব্যৱহাৰ কৰি কৰা লেনদেনো। এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এখন আইআইটিৰ সমীক্ষাত প্ৰকাশ পাইছিল যে ভাৰতৰ সৰ্ববৃহৎ ঋণদাতা প্ৰতিষ্ঠান এছবিআইয়ে ২০১৭ চনৰ পৰা ২০২০ চনৰ ছেপ্টেম্বৰ মাহলৈ জন ধন একাউণ্ট ধাৰকৰ পৰা ১৬৪ কোটি টকা কৰ্তন কৰিছিল। ১৬৪ কোটিৰ ভিতৰত, বেংকে UPI আৰু RuPay ডেবিট কাৰ্ডৰ জৰিয়তে লেনদেনৰ বাবে এই একাউণ্ট ধাৰকসকলক মাত্ৰ ৯০ কোটি টকা ঘূৰাই দিছিল। বেংকে এই সময়ছোৱাত প্ৰতিজন একাউণ্ট ধাৰকৰ পৰা ১৭.৭০ টকাকৈ সংগ্ৰহ কৰিছিল।

ৰৌতা চাৰিআলি আৰু মাজবাটত শ্বহীদ দিৱস পালন

ৰাজ্যখনৰ লগতে  ১০ ডিচেম্বৰৰ দিনা ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিতো শ্বহীদ দিৱস পালন কৰা হয় । ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰৌতা চাৰিআলিৰ মাজমজিয়াত অৱস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত  ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি নাথে । চাফাইৰ পাছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক  অভিলাষ দাসে

ইয়াৰ পাছত সন্ধিয়া ৬ বজাত শ্বহীদ বেদীৰ প্ৰাংগণত বন্তি প্ৰজ্বলনৰ অনুষ্ঠান মুকলি কৰে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক ঈশানজ্যোতি ভৰদ্বাজে  । শ্বহীদ বেদীৰ প্ৰাংগণত লগে লগে  এখন সভা অনুষ্ঠিত হৈ যায় । সভাত সদৌ ওদালগুৰি মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিদ্যুৎপ্ৰাণ  শৰ্মাই  ছয় বছৰীয়া বিদেশী খেদা আন্দোলনৰ জাতীয় শ্বহীদ খৰ্গেশ্বৰ  তালুকদাৰকেধৰি  সকলো শ্বহীদক  স্মৰণ কৰি ‌ ” আহ ঐ আহ , ওলাই আহ ,  খেদ ঐ খেদ, বিদেশী খেদ , আমাৰ দাবী মানিবই  লাগিব , ছাত্ৰ সন্থা জিন্দাবাদ  “আদি নানা ৰকমৰ  শ্লোগানৰ মাজেৰে সেই সময়ত  কৰা আন্দোলন  বিষয়ে কোৱাৰ লগতে স্বাক্ষৰিত চুক্তি চৰকাৰক আখৰে আখৰে পালন কৰিবলৈ দাবী জনাই বক্তব্য আগবঢ়ায় ।

সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰৌতা আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি আৰু ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ  সমূহ বিষয়-ববীয়া সদস্য-সদস্যাসকলো উপস্থিত আছিল । আনহাতে , ওদালগুৰি জিলাৰ মাজবাট চহৰৰ মাজমজিয়াত থকা শ্বহীদ বেদীৰ প্ৰাংগণটো কালি ১০ ডিচেম্বৰত মাজবাট ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস পালন কৰা হয় ।  তদুপলক্ষে পুৱা ৯ বজাত মাজবাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু কলিতাই পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ তৰ্পণৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । ইয়াৰ পাছত ছাত্ৰ সন্থাৰ সকলো বিষয় ববীয়া সকলৰ উপস্থিতিত অসম আন্দোলনৰ জাতীয় শ্বহীদ সকলৰ ত্যাগৰ লগতে প্ৰাণ আহুতি দিয়া ৮৫৫ জন শ্বহীদ সকলক স্মৰণ কৰি সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰা হয় ।

বকোত হাতী খেদাৰ সময়ত বনকৰ্মীৰ গুলিত নিহত দুই বছৰীয়া শিশু

ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাবে বনাঞ্চল সংকুচিত হোৱাত বনাঞ্চলৰ বনৰীয়া জীৱ-জন্তু জনাঞ্চলত বিচৰণ স্থলীত পৰিণত হৈছে। কাৰণ ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকক ভূমি পাট্টা দিয়াৰ আঁচনি গ্ৰহণ কৰিছে।এই মাটিৰ পাট্টা দিছে চৰকাৰে খিলঞ্জীয়া লোকক।ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোককহে ভূমিৰ পাট্টা দিছে। এই ক্ষেত্ৰত একাংশ সচেতন নাগৰিকে চৰকাৰৰ কাৰ্য্যক সমালোচনা কৰি প্ৰশ্ন উত্থাপন কৰে যে ; যদি লোক জন খিলঞ্জীয়াই হয় তেন্তে কিয় ভূমিৰ পাট্টা দিব লাগে। লোক জন জন্ম হোৱা স্থানটো ক’ত গ’ল। লোক জনৰ পিতৃৰ ভূমি সম্পত্তি খিনি বৰ্তমানৰ খিলঞ্জীয়া লোক জনৰ সম্পত্তি নহয় নেকি ? যদি হয়েই সেই লোকক কিয় চৰকাৰে ভূমিৰ পাট্টা দিব লাগে।

চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে বনাঞ্চলৰ ভূমি সংকুচিত হৈছে যাৰ বাবে বনৰীয়া জীৱ-জন্তুৰ বিচৰণ স্থলী নোহোৱা হৈ পৰিছে। চৰকাৰে প্ৰদান কৰা ভূমিৰ পাট্টা লৈ নতুন পাট্টাদাৰ সকলে বনাঞ্চলত ৰবৰ বাগান ; কল বাগান আৰু তামোল-পাণৰ বাগান বনায় বনাঞ্চল ধ্বংস কৰিছে। ইয়াৰ প্ৰভাৱতেই বনাঞ্চল সংকুচিত হোৱাত বকোৰ ভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত টুংগত উঠিছে। উল্লেখ্য যে ; এই ক্ষেত্ৰত আজি বকো ৰাজহ চক্ৰৰ অন্তৰ্গত বকো বন্দাপাৰা ৰাজাপাৰা অঞ্চলত দিন দুপৰতে এটা বৃহৎ হাতীৰ জাকে ধাননি পথাৰত উপদ্ৰৱ কৰি পকা ধান খায় টহিলং কৰে। দিনটো হাতীৰ জাক টোৱে বন্দাপাৰা ৰাজাপাৰাত বিচৰণ কৰা সময়তে ৰাজাপাৰাত অঘটন সংঘটিত হয়। বন বিভাগৰ কৰ্মীয়ে হাতী খেদাৰ সময়ত বনকৰ্মীৰ গুলিত গুলীবিদ্ধ হয় দুই বছৰীয়া শিশু সহ মাতৃ এগৰাকী।

প্ৰাপ্ত খৱৰ অনুসৰি হাতী খেদিবলৈ শূণ্যলৈ গুলীচালনা কৰোতেই সংঘটিত হয় এই অঘটন। বনকৰ্মীৰ গুলিত থিতাতে নিহত দুই বছৰীয়া কন্যা শিশু আৰবী দৈমাৰী আৰু গুৰুতৰভাৱে আহত হয় শিশু টোৰ মাতৃ মালবিকা দৈমাৰী। ইফালে সংকটজনক অৱস্থাত মালবিকা দৈমাৰীক জিএমচিএইছলৈ প্ৰেৰণ কৰে বকো আৰক্ষী প্ৰশাসন আৰু চিকিৎস্যালয়ে। আনহাতে উক্ত ঘটনাত উত্তেজিত স্থানীয় ৰাইজে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে আৰু বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

জনসংখ্যা বৃদ্ধিৰ সমস্যা নোহোৱা হ’ব পৃথিৱীৰ পৰা

বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰৰ বাবে জনসংখ্যা বৃদ্ধি এক জলন্ত সমস্য৷ কেৱল উন্নয়নশীল দেশতে নহয় উন্নত দেশবিলাকতো জনসংখ্যা বৃদ্ধিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ নিৱনুৱা সংখ্যা বৃদ্ধি, দৰিদ্ৰতা আদি সমস্যা কেৱল জনসংখ্যা বৃদ্ধিয়েই মূল কাৰণ৷ জনসংখ্যা বৃদ্ধিৰে জৰ্জৰিত দেশসমূহলৈ আহিছে এক সু-খবৰ৷

অহা শতিকাত হয়তো ব্যাপক ৰূপত হ্ৰাস পাব পাৰে বিশ্বৰ জনসংখ্যা৷ শেহতীয়া এক গৱেষনাত প্ৰকাশ পোৱা তথ্য অনুসৰি, বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যা ৭.৮ বিলিয়ন৷ বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি, ২০৬৪ বৰ্ষত পৃথিৱীৰ মুঠ বাসিন্দাৰ সংখ্যা ৯.৭ বিলিয়নলৈ বৃদ্ধি পাব আৰু জনসংখ্যা বৃদ্ধিৰ এই সংখ্যাটোৱে হ’ব সবাটোকৈ শীৰ্ষ পৰ্যায়ৰ৷ পৰৱৰ্তী সময়ত জনসংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিব আৰু অহা শতিকা অৰ্থাৎ ২১০০ শতিকাত বিশ্বৰ জনসংখ্যা ৮.৭৯ বিলিয়নলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷


‘দ্য লেনচেট’ত এই বিশেষ তথ্য প্ৰকাশ পাইছে৷ জনসংখ্যা ৫০ শতাংশলৈকে হ্ৰাস হ’ব পৰা দেশকেইখন হৈছে জাপান, থাইলেণ্ড, ইটালী স্পেইন, পৰ্তুগাল, দক্ষিণ কোৰিয়া৷ এই দেশসমূহৰ নাগৰিকসকল জন্ম নিয়ন্ত্ৰণক লৈ সচেতন হোৱাৰ বাবে জন্মৰ হাৰ যথেষ্ট হ্ৰাস পাইছে আৰু তাত বৃদ্ধ নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে৷

বিশ্বৰ সবাটোকৈ জনবহুল দেশ চীনৰ জনসংখ্যা ২১০০ শতিকাত হ্ৰাস পাই ৭৩ কোটি ২০ লাখ হ’বগৈ বুলি গৱেষকসকলে ধাৰণা কৰিছে৷ এই প্ৰতিবেদনত ২১০০ শতিকাত ভাৰততো জনসংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে৷ বিশ্বৰ দ্বিতীয়খন জনবহুল দেশ ভাৰতত ১০৯ কোটিলৈ জনসংখ্যা হ্ৰাস পাব৷ এই প্ৰতিবেদনত উত্তৰ আফ্ৰিকা, পশ্চিম এছিয়া আৰু ছাহাৰা মৰুভূমিৰ দেশসমূহত ২১০০ শতিকাত জনসংখ্যা বৃদ্ধি পাব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷