Breaking

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ স্মাৰক প্ৰত্ৰ অসম চৰকাৰলৈ

0 2,034

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন ওদালগুৰি জিলা কমিটিৰ অন্তৰ্গত জিলা খনৰ বিভিন্ন অঞ্চলৰ পৰা মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে  ৯ ডিচেম্বৰ তাৰিখে  ওদালগুৰি জিলাৰ প্ৰাথমিক শিক্ষা  বিষয়াৰ  জৰিয়তে মধ্যাহ্ন ভোজন কৰ্মচাৰী আঁচনিৰ ব্যক্তিগতকৰণ ৰোধ, ৰন্ধন কৰ্মচাৰীৰ কামৰ নিৰাপত্তা আৰু মাননি নিয়মিতভাৱে আদায় দিয়াৰ দাবিত স্মাৰকপত্ৰ এখন মুখ্য মন্ত্ৰিলৈ প্ৰদান কৰে।

তেওঁ লোকে কেন্দ্ৰীয় ৰান্ধনশালা আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰকৰণ প্ৰক্ৰিয়াক অগ্ৰাধিকাৰ দিয়াৰ জৰিয়তে মধ্যাহ্ন ভোজন আঁচনি পুণৰ এনজিঅৰ হাতত তুলি দিয়াৰ প্ৰচেষ্টা  চলাইছে। অক্ষয়প্ৰাত্ৰ ফাওন্ডেচনৰ জৰিয়তে খাদ্য বিতৰনৰ কাম অব্যাহত ৰখাই নহয় ইয়াক সম্প্ৰসাৰিত কৰাৰ প্ৰচেষ্টা চলোৱাটোও ইউনিয়নে উদ্বেগেৰে লক্ষ্য কৰিছে। অথচ ২০১৯ চনৰ নবেম্বৰত চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে কেন্দ্ৰীয় ৰন্ধনশালাৰ কাম বন্ধ কৰি বিদ্যালয়ত ৰন্ধা আহাৰ বিতৰণ নিশ্চিত কৰিব । আঁচনিখনৰ সুৰক্ষা, শিশু আৰু ৰন্ধন কৰ্মচাৰীৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ দাবি উথাপন কৰে মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিকৰণ ৰোধ কৰণ আৰু ইতিমধ্যে অক্ষয়পাত্ৰ ফাওন্ডেচনৰ দ্বায়িত্বত থকা বিদ্যালয়বোৰৰ পৰা পতিস্থামটোক অব্যাহতি দিয়ক।

শিক্ষা বিভাগৰ অধীনস্থ অসমৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত শিশুসকলক আহাৰ ৰান্ধি  যোগান ধৰা প্ৰায় ১১৮০০০ ৰন্ধন কৰ্মচাৰী আৰ্থিক ভাবে পশ্চাদলপদ অংশৰ পৰিয়ালৰ পৰা অহা মহিলা আৰু কিছু সংখ্যক পুৰুষ। বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন অজুহাতত ৰন্ধন কৰ্মচাৰীৰ বৰ্খাস্তকৰণ ৰোধ কৰাৰ লগতে বৰ্খাস্তকৰণৰ চিকাৰ হোৱা ৰন্ধন কৰ্মচাৰীসকলক কামত ৰখাৰ দাবী কৰে।ৰন্ধন কৰ্মচাৰীসকলক নিয়মিত ভাবে মাননি আদায় দিয়া নহয়।

তেওঁলোকক সুদীৰ্ঘ দিন অতি নিম্ন ১০০০ (এহেজাৰ) টকা মাননিৰ প্ৰদান কৰিছিল। বিগত ২০২০ চনত ৫০০( পাঁচ শ)বৃদ্ধি কৰিছিল যদিও ২০২১ চনৰ এপ্ৰিল পৰা আদায় দিয়া নাই। সেয়ে ৰন্ধন কৰ্মচাৰীসকলক বৰ্দ্ধিত ৫০০ (পাঁচ শ) টকা শ বাকেয়া মাননি শীঘ্ৰে আদায় দিয়া, মাননি নিয়মিত ভাবে আদায় দিয়া নিশ্চিত কৰা, অসম চৰকাৰে ন্যূনতম মজুৰি আইনৰ ভিত্তিত মাননি ধাৰ্য কৰা, বছৰটোৰ সম্পূৰ্ণ ১২(বাৰ) মাহৰ মাননি প্ৰাদান কৰাৰ আদি দাবি সম্বলিত এক স্মাৰক প্ৰদান কৰে।

Leave A Reply