Home Blog Page 2666

বিবাহপাশত আবদ্ধ হ’ল বিহাৰৰ ম’ষ্ট এলিজিবল বেচ্চলৰ তেজস্বী যাদৱ

জনপ্ৰিয় যুৱ নেতা তেজস্বী যাদৱৰ শুভ পৰিণয়। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা লালুপ্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে আৰম্ভ কৰিলে নিজৰ দ্বিতীয় ইনিংছ। শৈশৱৰ লগৰী তথা বৰ্তমানৰ হাৰিয়ানাৰ নিবাসী ৰেচলৰ সৈতে প্ৰণয়পাশত আবদ্ধ হয় তেজস্বী যাদৱ। এয়াৰ হোষ্টেচ ৰূপে কৰ্মৰত ৰেচল সহপাঠী আছিল তেজস্বীৰ। একেলগে পঢ়া দিনৰে পৰা দুয়োৰে সুসম্পৰ্ক আছিল। পিছলৈ এই বন্ধুত্বই প্ৰেমৰ ৰূপ পালে আৰু অগ্নিক সাক্ষী কৰি চিৰজীৱনৰ লগৰী হ’ল তেজস্বী-ৰেচল।

সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱসহ ৰাজনৈতিক নেতা, খেলুৱৈ, চলচ্চিত্ৰ জগতৰ তাৰকা আৰু আত্মীয় উপস্থিত আছিল বিবাহত।তেজস্বী যাদৱ বিহাৰৰ সৰ্ববৃহৎ ৰাজনৈতিক পৰিয়ালৰ সন্তান। তেজস্বীৰ দেউতাক লালুপ্ৰসাদ যাদৱ আৰু মাতৃ ৰাবড়ী দেৱী বিহাৰৰ মুখ্যমন্ত্ৰী আছিল। লালুৰ কনিষ্ঠ সন্তান হোৱা স্বত্ত্বেও ৰাজনীতিত চমক দেখুৱাবলৈ সক্ষম হৈছে তেজস্বী যাদৱে। ১৯৯০ চনৰ পৰা ২০০৫লৈ বিহাৰৰ ৰাজনীতিত লালুপ্ৰসাদৰ আছিল সোণালী দিন।

উল্লেখ্য যে, ২০১৫ চনত লালুপ্ৰসাদ যাদৱে নীতিশ কুমাৰৰ সৈতে হাত মিলাই দুই পুত্ৰ তেজস্বী আৰু তেজপ্ৰতাপ যাদৱক ৰাজনৈতিক পথাৰত নমাইছিল আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল নিৰ্বাচনত। মহাজোঁটৰ অধীনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত মোদী ঢৌক একাংশৰীয়া কৰি দুয়োজন ভাতৃয়ে বৃহৎ ব্যৱধানত জয়ী হৈছিল। দুয়োকে চৰকাৰত সুকীয়া বিভাগো হস্তান্তৰ কৰা হৈছিল। তেতিয়াৰ পৰা দুয়োজন ভাতৃ বিহাৰৰ ৰাজনীতিত সক্ৰিয় ভূমিকা লৈ আহিছে। তেজস্বী যাদৱক পিতৃ লালুপ্ৰসাদ যাদৱে ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে গণ্য কৰি আহিছে।

বঙাইগাঁৱত মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদ

মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগতকৰণ ৰোধ , ৰন্ধন কৰ্মচাৰীৰ কামৰ নিৰাপত্তা, চৰকাৰী স্বীকৃতি আৰু  মাননী নিয়মীতভাৱে আদায় দিয়াৰ দাবীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বঙাইগাঁও জিলা সমিতিয়ে শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

ৰন্ধন কৰ্মীৰ ৰাজ্যজোৰা বিক্ষোভ কাৰ্যসূচীৰ অংশ হিচাপে চিটুৰ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীৰ জৰিয়তে ৰন্ধন কৰ্মীসকলে মধ্যাহ্ন ভোজন আঁচনি পুনৰ এনজিঅক দিয়াৰ চক্ৰান্তৰ বিৰোধিতা কৰাৰ লগতে বকেয়া মাননী শীঘ্ৰে আদায় দিয়া তথা অন্যান্য দাবী জনায় l কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে উপৰোক্ত দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ কাৰ্যসূচীত জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ সভানেত্ৰী, সম্পাদিকাসহ ৰন্ধন কৰ্মীসকলৰ লগতে চিটুৰ কৰ্মী উপস্থিত থাকে।

নৰ্থ-ইষ্ট পেঞ্চাক চিলাটলৈ ধেমাজিৰ ৩০ গৰাকী খেলুৱৈ

যোৰহাটত অনুষ্ঠিত হ’ব লগা নৰ্থ-ইষ্ট পেঞ্চাক চিলাট প্ৰতিযোগিতালৈ ধেমাজি জিলাৰ ৩০ গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে ৷ জিলা ভিত্তিত বাছনি শিবিৰ অনুষ্ঠিত কৰাৰ পিছত খেলুৱৈ সকলক নিৰ্বাচিত কৰা হৈছে ৷

যোৰহাটলৈ খেলুৱৈ সকল যাত্ৰাৰ সময়ত গোগামুখ আবতানি ক্ষেত্ৰত আজি প্লেগ অফ কৰে সদৌ অসম পেঞ্চাক চিলাট সমিতিৰ সভাপতি পৰমানন্দ ছায়েঙ্গীয়াই ৷ তেওঁ খেলুৱৈ সকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ৷ তেওঁ কয়- পেঞ্চাক চিলাট খেল হৈছে উদ্ভাসিত জনপ্ৰিয় খেল ৷ খেলবিধে ইতিমধ্যে সমগ্ৰ বিশ্বত বিপুল জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে কম দিনৰ ভিতৰতে এছিয়ান গেমছত ইভেণ্ট হিচাপে প্ৰতিষ্ঠা হৈছে ৷

২০৩০ বৰ্ষৰ অলিম্পিকত পেঞ্চাক চিলাটে অলিম্পিকত স্থান লাভ কৰিব বুলি তেওঁ দোহাৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, সাধাৰণ সদস্য ৰাজু পেগু, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিচন্দ্ৰ কামান, সহকাৰী সম্পাদক সঞ্জীৱ মিলি প্ৰমূখ্যে ধেমাজি জিলা পেঞ্চাক চিলাক সমিতিৰ বিষয়-ববীয়া সকলে ৷

ভাষাৰ ওজাৰ ওপজা দিনত অন্ধবিশ্বাস-কুসংস্কাৰ বিৰোধী দিৱস

ইলোৰা বিজ্ঞান মঞ্চ ডুমডুমা শাখাৰ উদ্যোগত আৰু বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জন্ম দিৱস উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস উদযাপন। হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সমূখত তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।

ছহিদ দিৱস উপলক্ষে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ আয়োজনত অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিৰ সমূখত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ অমৰজিত শইকীয়াই । তাৰ পিছতে অধ্যক্ষ ড০ শইকীয়াৰ পৌৰোহিত্যত আলোচনা সভা অনুষ্ঠিত হয়। আমন্ত্ৰিত বিশিষ্ট আলোচক তথা মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ প্ৰণীতা নেওগে হেমচন্দ্ৰ বৰুৱাৰ জীৱনী, অৱদান আৰু তেওঁ প্ৰদৰ্শন কৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী কামবোৰৰ এটি বিৱৰণ ছাত্ৰ-ছাত্ৰীসকলৰ সমূখত দাঙি ধৰে । ইলোৰা বিজ্ঞান মঞ্চৰ শাখা সভাপতি-শিশু বিশেষজ্ঞ ডাঃ বিকে ঘোষ, শাখা সম্পাদক তাৰিনী ডেকা, অৰ্জুন বৰুৱা, অধ্যাপক বিশ্বজিত সোণোৱাল, ছাত্ৰী পম্পী ডেকা আৰু ছাত্ৰ বিপ্লৱ হাজৰিকাই দিৱসটোৰ লগত ৰজিতা খুৱাই নিজ বক্তব্য দাঙি ধৰে । ছাত্ৰদ্বয় বিপ্লৱ হাজৰিকা আৰু ভাস্কৰজ্যোতি মৰাণে একোটি গীত পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে ।

জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস

সদৌ অসম ছাত্ৰ সন্থাই অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আৰম্ভ কৰা ঐতিহাসিক অসম আন্দোলনত ১৯৭৯ চনৰ ১০ ডিচেম্বৰ দিনটোত পুলিচৰ গুলীত প্ৰথম প্ৰাণ আহুতি দিছিল ছাত্ৰ বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ৷ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবেই প্ৰতিবছৰে ১০ ডিচেম্বৰ দিনটো সমগ্ৰ অসমতে শ্বহীদ দিৱস হিচাপে পালন কৰা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷  

আজি মাজুলীৰ জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ফুলনি উঃমাঃবিঃ প্ৰাঙ্গণৰ কেন্দ্ৰীয় শ্বহীদ বেদী স্থলীত এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই উপলক্ষে পতাকা উত্তোলন কৰে জেংৰাই আছুৰ সভাপতি দিগন্ত বৰুৱাই ৷ ফুলনি উঃমাঃবিঃৰ অধ্যক্ষ দ্বিজেন শইকীয়াই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত শ্বহীদ তৰ্পণেৰে শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই ৷ জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মন্টু গায়ণে আঁত ধৰা অনুষ্ঠানটিত ফুলনি উঃমাঃবিঃৰ শিক্ষক-শিক্ষয়ত্ৰী , ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷

নাথ জাতিক অপমান কৰা সহ্য কৰা নহ’ব !

গহপুৰ মহকুমা তথা আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সংযোগী চাৰিলেনযুক্ত পথত  নাথগাঁও হিচাপে স্থাপন কৰা ফলকত কোনো অচিনাক্ত দূবৃত্তই নাথগাঁওৰ ফলকখন কলা ৰঙেৰে মচি উক্ত ঠাইত লিখিলে ঘগৰা বস্তি । ইয়াকেলৈ এতিয়া জাঙুৰখাই উঠিছে নাথ সম্প্ৰদায়ৰ বৃহত্তৰ ৰাইজ ।

এইলৈ আজি সম্প্ৰদায়টোৰ শতাধিকলোক ৰাজপথলৈ ওলাই আহি এনে দুষ্কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নাথজাতিক অপমান কৰা সহ্য কৰা নহব, দূষিক উপযুক্ত শাস্তি প্ৰদান কৰক আদি শ্লগানেৰে পৰিস্থিতি উতপ্ত কৰি তোলাৰ লগতে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

বিকীয়ে কেটক দিয়া আঙঠিৰ দাম কিমান ?

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত সম্পন্ন হ’ল বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিয়া। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিকি-কেটে মেলিলে যুগ্মজীৱনৰ পাটনি। ন-কইনা কেটৰিনাই খোজ থ’ব নতুনৰ পদূলিত। নৱবিবাহিত দম্পতীয়ে বৃহস্পতিবাৰে নিশা বিবাহৰ ফটো আনুষ্ঠানিকভাৱে বিকী কৌশল আৰু কেটৰিনাই কাঈফৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ৰাজহুৱা কৰিছিল। ইয়াৰ পাছতে দুয়োগৰাকীৰে অনুৰাগীৰ মাজত উছাহে নধৰা হৈছে ৷


বিকী আৰু কেটক দৰা-কইনাৰ পোছাকত সাইলাখ ৰজা আৰু ৰাণীৰ দৰে দেখা গৈছিল। কেটে পৰিধান কৰা বিয়াৰ আঙুঠিটো বিখ্যাত আন্তৰ্জাতিক গহনা ব্ৰেণ্ড ‘টিফানি’ৰ পৰা ক্ৰয় কৰা হৈছিল যদিও বিয়াৰ অন্য কাপোৰ আৰু গহনা সামগ্ৰীত ভাৰতীয় স্পৰ্শ আছিল। টিফানি চোলেষ্টে নীলা চেফায়াৰ হীৰাৰ বাগদানৰ আঙুঠিটোৱে কেটৰ আঙুলিত বিকিয়ে পৰিধান কৰাই দিছিল। এই বিশেষ আঙুঠিটোৰ দাম ভাৰতীয় মুদ্ৰাত ৭ লাখ ৪০ হাজাৰ ৭০৮ টকা ৷ তদুপৰি বিকীয়ে কেটক পৰিধান কৰোৱা মংগলসূত্ৰও হীৰাৰে নিৰ্মিত আছিল।


ইফালে, ৮০ কোটি টকাৰ চুক্তিৰ বিনিময়ত আমাজন প্ৰাইমে কেটৰিনা কাঈফ আৰু বিকী কৌশলৰ বিবাহৰ ফুটেজ ক্ৰয় কৰিছিল। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, বিকী আৰু কেটৰিনাৰ সংগীত আৰু মেহেন্দী অনুষ্ঠানত দুয়োজন তাৰকাৰ পৰা এটকাও ধন খৰচ হোৱা নাই। আমাজন প্ৰাইম ভিডিঅ’ই ইয়াৰ বাবে সমগ্ৰ দায়িত্ব বহন কৰিছে। অ’টিটি প্লেটফৰ্মে আনকি শংকৰ-এহচান-লয় আৰু অন্যান্য শিল্পীসকলৰ প্ৰদৰ্শনৰ বাবেও পাৰিশ্ৰমিক প্ৰদান কৰিছিল৷

আনহাতে, ৮ ডিচেম্বৰত গুগলেও কেটৰিনা কাঈফক বিকী কৌশলৰ পত্নী হিচাপে দেখুৱাইছিল। এতিয়া যদি আপুনি গুগলত বিকী-কেটক সন্ধান কৰে, বিকী কৌশলৰ স্পাউছ কেটৰিনা কাঈফৰ নাম আহিব। দৰাচলতে, বিকী-কেটৰ এজন অনুৰাগীয়ে বিকিৰ ৱিকিপিডিয়াত এই তথ্য আপডেট কৰে।

বিৰাটক এদিনীয়াৰ অধিনায়ক পদৰ পৰা বৰ্খাস্ত কৰাৰ ক্ষেত্ৰত গাংগুলী

নেটিজেনসকলৰ পৰা অজস্ৰ শ্লেম লাভ কৰাৰ পিছত, বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে অৱশেষত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীক এদিনীয়া আন্তৰ্জাতিক অধিনায়ক হিচাপে বৰ্খাস্ত কৰাৰ বিষয়ে মুখ খুলিছিল। বিচিচিআইৰ সভাপতি গাংগুলীয়ে মন্তব্য কৰে যে এবাৰ বিৰাট কোহলীয়ে ভাৰতৰ টি-২০ অধিনায়ক হিচাপে অব্যাহত ৰখাৰ কথা অস্বীকাৰ কৰাৰ পিছত, নিৰ্বাচকসকলে ৰোহিত শৰ্মাক এদিনীয়া আন্তৰ্জাতিকৰ শাসনভাৰ দিয়াৰ সিদ্ধান্ত লয়। ৰাষ্ট্ৰীয় দলটোৱে সীমিত অভাৰৰ ছেটআপত দুজন অধিনায়কৰ সৈতে “অত্যাধিক নেতৃত্ব” বহন কৰিব নোৱাৰে।

বুধবাৰে, বিচিচিআইয়ে ৰোহিত শৰ্মাক নতুন এদিনীয়া অধিনায়ক হিচাপে ঘোষণা কৰে। ঘোষণাৰ ঠিক পিছতে, বিচিচিআইয়ে ক্ৰিকেট অনুৰাগীসকলৰ পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছে। কেইবাজনো অনুৰাগীয়ে হঠাতে এদিনীয়া দলৰ অধিনায়কক বিৰাটৰ শাসনভাৰৰ পৰা ৰোহিতলৈ সলনি কৰাৰ বাবে বিচিচিআইক সমালোচনা কৰিছে। অৱশ্যে, বহুতে ৰোহিত শৰ্মাক নতুন এদিনীয়া শিৰোনাম হিচাপে বাছনি কৰাৰ ক্ষেত্ৰতো ইতিবাচক পোষ্ট পোষ্ট কৰিছে।

আমি বিৰাটক টি-২০ অধিনায়কৰ পদ ত্যাগ নকৰিবলৈ কৈছিলো কিন্তু তেওঁ অধিনায়ক হিচাপে অব্যাহত ৰাখিব নিবিচাৰিছিল। সেয়েহে, নিৰ্বাচকসকলে অনুভৱ কৰিছিল যে তেওঁলোকৰ দুজন অধিনায়ক থাকিব নোৱাৰে। এইটো বহুত বেছি নেতৃত্ব,” গাংগুলীয়ে কয়। গাংগুলীয়ে লগতে কয় যে নিৰ্বাচকসকলে অনুভৱ কৰিছিল যে হোৱাইট বলৰ ফৰ্মেটত বিভিন্ন ধৰণৰ নেতৃত্বই বিভ্ৰান্তিৰ সৃষ্টি কৰিব। তেওঁ কয়, “সেয়েহে চেতন শৰ্মা নেতৃত্বাধীন সমিতিয়ে পৰামৰ্শ দিছিল যে এজন নেতা থকাটো অধিক গ্ৰহণযোগ্য।”

“মই নাজানো কিন্তু তেওঁলোকে সেয়াই অনুভৱ কৰিছিল। এনেদৰেই এই সিদ্ধান্তত উপনীত হৈছিল – যি ৰোহিতক হোৱাইট বলত অধিনায়ক হ’বলৈ দিছিল আৰু বিৰাটক ৰেড বলৰ অধিনায়ক হ’বলৈ দিছিল,” গাংগুলীয়ে লগতে কয়। ৰোহিত শৰ্মাৰ সন্দৰ্ভত মন্তব্য কৰি গাংগুলীয়ে কয় যে তেওঁ কোনো ভৱিষ্যতবাণী কৰিব নিবিচাৰে কিন্তু নতুন অধিনায়কৰ সামৰ্থ্যৰ বিষয়ে আত্মবিশ্বাসী। “ভৱিষ্যতবাণী কৰাটো অতি কঠিন। মই তেওঁক শুভকামনা জনাইছো আৰু আশা কৰোঁ যে তেওঁ এটা ভাল কাম কৰিব।

ৰঙিয়াত চিআইটিইউৰ সহযোগত ৰন্ধন কৰ্মীৰ বিক্ষোভ

সমগ্ৰ অসমৰ লগতে শুক্ৰবাৰে ৰঙিয়াতো চিআইটিইউৰ সহযোগত সদৌ অসম কামৰূপ জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ‘ৰন্ধন কৰ্মীৰ ৰাজ্যজোৰা বিক্ষোভ’ কাৰ্য্যসূচী ৰূপায়ন কৰে।

তেওঁলোকে এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ ওচৰত মধ্যাহ্ন ভোজন আঁচনি পুনৰ এনজিঅ’ক দিয়াৰ চক্ৰান্ত বন্ধ কৰাৰ লগতে,বকেয়া মাননি শীঘ্ৰে আদায় দিয়া, ৰন্ধন কৰ্মীৰ কামৰ নিৰপত্তা প্ৰদান কৰা,আচনি কৰ্মীক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়া আদি বিভিন্ন দাবী জনাই পৰিবেশ উত্তাল কৰি তোলে।

পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰঙিয়া ৰাজহচক্ৰ বিষয়াৰ দ্বাৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে।

প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱাটৰ মৃত্যুত এছ এছ বিৰ শোক প্ৰকাশ

বুধবাৰে তামিলনাডুৰ কুন্নুৰৰ নীলগিৰি পাহাৰত ভয়ংকৰ যান্ত্ৰিক বিজুতি হৈ মৃত্যু হোৱা প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱাটৰ মৃত্যুত ২৩ নং এছ এছ বিৰ লালপুৰ স্হিত কমাণ্ডিং অফিচাৰ ৰোহিতেশ্বৰে গভীৰ শোকৰ প্ৰকাশ কৰি কয়-ৰাৱাট এগৰাকী প্ৰকৃত দেশপ্ৰেমীক আছিল।তেওঁৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে।আজি কমাণ্ডিং অফিচাৰ ৰোহিতেশ্বৰৰ উপস্হিতিত এছ এছ বিৰ ২৩ নং বেটেলিয়ানৰ আন বিষয়া সকলৰ লগতে জোৱান সকলে এক শোক সভাৰ জৰিয়তে বিপিন ৰাৱাটৰ লগতে তেওঁৰ পত্নী আৰু আন ১১ গৰাকী সশশ্ৰ বাহিনীৰ জোৱানৰ মৃত্যুত গভীৰ শোকৰ প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ শ্ৰৰ্দ্ধাঞ্জলি জনায় ২মিনিট সময় মৌন প্ৰাৰ্থনা জনায়।