Breaking

প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱাটৰ মৃত্যুত এছ এছ বিৰ শোক প্ৰকাশ

0 2,260

বুধবাৰে তামিলনাডুৰ কুন্নুৰৰ নীলগিৰি পাহাৰত ভয়ংকৰ যান্ত্ৰিক বিজুতি হৈ মৃত্যু হোৱা প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱাটৰ মৃত্যুত ২৩ নং এছ এছ বিৰ লালপুৰ স্হিত কমাণ্ডিং অফিচাৰ ৰোহিতেশ্বৰে গভীৰ শোকৰ প্ৰকাশ কৰি কয়-ৰাৱাট এগৰাকী প্ৰকৃত দেশপ্ৰেমীক আছিল।তেওঁৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে।আজি কমাণ্ডিং অফিচাৰ ৰোহিতেশ্বৰৰ উপস্হিতিত এছ এছ বিৰ ২৩ নং বেটেলিয়ানৰ আন বিষয়া সকলৰ লগতে জোৱান সকলে এক শোক সভাৰ জৰিয়তে বিপিন ৰাৱাটৰ লগতে তেওঁৰ পত্নী আৰু আন ১১ গৰাকী সশশ্ৰ বাহিনীৰ জোৱানৰ মৃত্যুত গভীৰ শোকৰ প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ শ্ৰৰ্দ্ধাঞ্জলি জনায় ২মিনিট সময় মৌন প্ৰাৰ্থনা জনায়।

Leave A Reply