Home Blog Page 2667

পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে সম্প্ৰচাৰিত মিছা বাতৰিত জাঙুৰ খাই উঠিল পঞ্চায়তবাসী

 বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খণ্ডৰ অধিনস্ত পশ্চিম মাজেৰ আলগা গাওঁ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে এটা বাতৰি সম্প্ৰচাৰ হৈছিলসভাপতিৰ বিৰুদ্ধে MGNREGA আচনিৰ ধন আৰু পঞ্চায়তৰ গৃহ নিৰ্মাণত কেলেংকাৰী হোৱাৰ বাতৰি সম্প্ৰচাৰ হৈছিল কিন্তু গাঁওৰ ৰাইজে উক্ত গৃহটো ঠিকাদাৰে কৰি আছে ইয়াত সভাপতি গৰাকীৰ কোনো ধৰণৰ হস্তক্ষেপ নাই বুলি জানিব দিয়েলগতে কয় যে যিজন ব্যক্তিয়ে ঘটনাটোৰ স্পষ্টিকৰণ দিছিল সেই ব্যক্তিজন পশ্চিম মাজেৰ আলগা গাঁও পঞ্চায়ৰ বাসিন্দা নহয় সম্প্ৰচাৰ হোৱা বাতৰি খণ্ডন কৰি মিছা বাতৰি সম্প্ৰচাৰ কৰা ব্যক্তিৰ ওপৰত জাঙুৰ খাই উঠিল পঞ্চায়ত বাসী । উত্থাপিত অভিযোগ ভিত্তিহীন বুলি আখ্যা দি এনে মিছা বাতৰি সম্প্ৰচাৰ কৰি পঞ্চায়ত বাসীৰ ভাবমুর্তি বিনিষ্ট কৰিব বিচৰা ব্যক্তিক কঠোৰ ভাবে সকিয়নী প্ৰদান কৰা দেখা যায়।

কাঞ্চিপুৰম মন্দিৰত বিপিন ৰাৱটৰ বাবে মোক্ষ দীপ প্ৰজ্বলন

৯ ডিচেম্বৰত কাঞ্চিপুৰমৰ বিখ্যাত শ্ৰী কামাক্ষী আম্মান মন্দিৰত তামিলনাডুৰ কুনুৰত আইএএফৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হোৱা মুখ্য প্ৰতিৰক্ষা (চিডিএছ) জেনেৰেল বিপিন ৰাৱাট আৰু আন ১২ জনৰ বাবে মোক্ষ দীপ প্ৰজ্বলন কৰে।

ওৰাং চাহ বাগিছা বিদ্যালয়ত ৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীক শ্ৰৱণ জনিত ৰোগৰ পৰীক্ষা

ওদালগুৰি জিলাৰ NHM ওদালগুৰিৰ উদ্যোগত  Ear Screening camp Along with RBSK,MHT under NPPCD Programme  অধীনত যোৱা ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ বধিৰতা  পৰীক্ষা শিবিৰ আয়োজন কৰা হৈছে ৷সেই মৰ্মে আজি  ৯ ডিচেম্বৰত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং চাহ বাগিছা বিদ্যালয়ত ৫৮ ছাত্ৰছাত্ৰী সকলক শ্ৰবণ জনিত ৰোগৰ  পৰীক্ষা শিবিৰটো অনুষ্ঠিত হৈ যায় ৷এই শিবিৰটোত ডাঃ সৌৰভ  কুমাৰ বৰ্মন,ডাঃ দীপাঞ্জলী বৰা,ফাৰ্মাচীচ তৈইবুৰ ৰহমান,বিচিএম  জুমীশ্ৰী শৰ্মাছাত্ৰছাত্ৰী সকলক  শ্ৰবণ জনিত ৰোগ সমুহৰ পৰীক্ষা কৰে ৷আজিৰ এই অনুষ্ঠানটোত বিদ্যালয়ৰ প্ৰধান শিক্ষক শচীন্দ্ৰ মহানন্দ,সহঃ শিক্ষক পদুৰাম তাতী ,সহায়িকা জানকী তাতী আদি উপস্থিত থাকি  সক্ৰিয় সহায় সহযোগিতা কৰে ৷

বাক্সাৰ লোক গীতৰ শিল্পী ভূপেন দাসলৈ কলাৰত্ন সন্মান প্ৰদান

উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্রখনৰ অধিক বিকাশৰ অৰ্থে গঠিত অন্যতম আগশাৰীৰ অনুষ্ঠান “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”ৰ তৰফৰ পৰা আগবঢ়োৱা ২০২১ চনৰ কলাৰত্ন সন্মান লাভ কৰি বাক্সা জিলাৰ মুছলপুৰ মহকুমালৈ গৌৱৰ কঢ়িয়াই আনিছে মহকুমাটোৰ থমনা আলিগুৰি নিবাসী ভূপেন দাসে ৷ “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”ৰ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত ভূপেন দাসক উক্ত সন্মান প্ৰদান কৰাৰ লগতে সংস্থাটোৱে আগবঢ়োৱা ৬ষ্ঠ বাৰ্ষিক ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা লোকগীত পৰিৱেশনৰ লগতে লোকবাদ্য বিশেষকৈ দোতাৰা নিৰ্মাণ কাৰ্যতো ওত:প্ৰোতভাৱে জড়িত হৈ আহিছে ভূপেন দাস ৷ শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ভূপেন দাসে জনোৱা অনুসৰি ইতিমধ্যে তেওঁ কেবা শতাধিক দোতাৰা নিজে সাজি ৰপ্তানিও কৰিছে ৰাজ্যৰ বিভিন্ন স্থানলৈ ৷ উল্লেখনীয় যে ভূপেন দাসে নিজৰ ঘৰতে অৰ্পিতা সংগীত বিদ্যালয় নামে এক শিক্ষানুষ্ঠান সাজি অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ লোক সংগীতৰ শিক্ষা দানো কৰি আহিছে ৷ ১৯৮৮ চনৰে পৰা লোকসংগীত আৰু লোকবাদ্যক জনসাধাৰণৰ মাজত বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নিৰবিছিন্ন ভাৱে ব্ৰতী হৈ থকা ভূপেন দাসক উক্ত সন্মান তথা বঁটা প্ৰদান কৰাত মহকুমাটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আনন্দ প্ৰকাশ কৰি দাসক অভিনন্দন জ্ঞাপন কৰিছে ৷

বইটামাৰী উন্নয়ন খণ্ডৰ পশ্চিম মাজেৰ আলগা গাঁও পঞ্চায়তত দুৰ্নীতি

বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম মাজেৰ আলগা পঞ্চায়তত সংঘটিত সীমাহীন দুর্নীতি – লুণ্ঠনৰ তদন্তৰ দাবীত উত্তৰ শালমাৰা জিলা আমছুৱে কালি বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰে । পঞ্চায়তখনৰ সভাপতি মহম্মদ আলীয়ে চতুর্দশ বিত্তীয় আয়োগৰ বিভিন্ন আঁচনি ৰূপায়ণ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৰ উত্তৰ শালমাৰা জিলা সমিতিৰ সভাপতি বাহাৰুল ইছলামৰ নেতৃত্ব দলৰ কেইগৰাকীমান বিষয়ববীয়াই জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নন্দিৰা ইয়াছমিনক  স্মাৰক পত্র প্রদান কৰি পঞ্চায়তৰ সভাপতিগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁৰ সমগ্র কু-কৃতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে শীঘ্ৰে তদন্তৰ কৰি বিহিত ব্যবস্থাৰ দাবী জনাইছে । স্মাৰকপত্ৰত সংগঠনটোৱে উল্লেখ কৰা মতে, পঞ্চায়ত ভৱন নিৰ্মাণৰ নামত সভাপতি মহম্মদ আলীয়ে ঠিকাদাৰৰ সৈতে মিলি ব্যাপক দুর্নীতি সংঘটিত কৰি ভৱন নিৰ্মাণত ব্যৱহাৰ কৰা কাঠ, ইটা, বালি, চিমেণ্ট আদি অতি নিম্নমানৰ বুলি উল্লেখ কৰিছে । সংগঠনটোৱে এম জি এনৰেগা আঁচনিৰ নামমাত্ৰ কাম কৰি কাগজে – কলমে কাম সম্পূর্ণ কৰা দেখুৱাই সভাপতিগৰাকীয়ে বহু ধন লুট কৰাৰ অভিযোগো উত্থাপন কৰিছে । সংগঠনটোৱে স্মাৰকপত্ৰত উল্লেখ কৰা মতে , চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ কৰা কালভার্টসমূহো অতি নিম্নমানৰ হৈছে । এনে পৰিপ্ৰেক্ষিতত কেইবাটাও কালভার্টত এতিয়াই ফাট মেলিছে । আনহাতে সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ অধীনৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ স্মাৰকপত্ৰত উল্লেখ কৰে সংগঠনটোৱে। সভাপতিগৰাকীয়ে এনে বহু দুৰ্নীতি – অনিয়মৰ মাজেৰে লাখ লাখ টকা লুট কৰাৰ অভিযোগ কৰি সংগঠনটোৱে ইয়াৰ বিৰুদ্ধে শীঘ্ৰে এক তদন্তযোগে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । অন্যথা সংগঠনটোৱে তীব্র আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব বুলি সকীয়াই দিছে । উল্লেখ্য যে গ্রামোন্নয়নৰ আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুর্নীতি তথা অনিয়ম সংঘটিত কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত নিশ্চিত বিপদৰ আশংকা কৰি সভাপতি মহম্মদ আলীয়ে হিতাহিত জ্ঞান হেৰুৱাই সাংবাদিকক ৰুদ্ধিবলৈ আইনৰ ভয় দেখুওৱাতেই ক্ষান্ত নাথাকি এতিয়া বিভিন্ন কুট কৌশলত নামি পৰিছে ।

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰীৰ ন্যায়ৰ দাবীত উপায়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

যোৱা ১৫ দিন আগত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰী নিৰমা খাতুনে কলেজৰ সন্মুখত অটো ৰিস্কা উঠাৰ সময়তে দুস্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰেদি আক্ৰমণ কৰাৰ অভিযোগ ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিওঁ আটক কৰি এৰি দিয়াৰ অভিযোগ উখাপন কৰিছে ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে ৷ কিন্ত ইয়াতে শান্ত নাথাকি পুনৰ দেওবাৰৰ দিনা ঘৰত গৈ ছাত্ৰী নিৰমা খাতুনক দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত অবস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। যাৰ বাবেই ক্ষুদ্ধ হৈ ছাত্ৰী গৰাকীৰ ন্যায়ৰ দাবীত মহাবিদ্যালয় খনৰ ছাত্ৰছাত্ৰী সকলে ভোলানাথ মহাবিদ্যালয়ৰ পৰা ধুবুৰী চহৰত সমদল উলাই ধুবুৰী উপায়ুক্তৰ কাৰ্য্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ছাত্ৰী গৰাকী ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ B.A 3rd SEMISTER’ত অধ্যয়ন কৰি আছে আৰু ছাত্ৰী গৰাকীৰ ঘৰ ধুবুৰী ধৰ্মশালা ১৪ মাইলত বুলি জানিব পৰা গৈছে ৷

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ গহপুৰৰ ছাত্ৰৰ প্ৰকল্প

গুজৰাটৰ আহমেদাবাদৰ বিজ্ঞান কেন্দ্ৰত অহা ২৭ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা ২৯সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত বিজ্ঞানৰ প্ৰকল্প প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে গহপুৰ গোপালপুৰৰ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ। যোৱা ৭ ডিচেম্বৰত বিশ্বনাথ মহাবিদ্যালয়ত ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত ‘বহনক্ষম জীৱন-যাপনৰ বাবে বিজ্ঞান’ শীৰ্ষক বিষয়বস্তু ওপৰত নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ক্ৰমে হীৰক জ্যোতি বৰা আৰু সহযোগী নিপু বৰুৱাই প্ৰদৰ্শন কৰা ‘সামাজিক দুৰত্ব বজাই ৰখাত সহায় কৰা এটা বিজ্ঞান সন্মত আহিলা’ শীৰ্ষক প্ৰকল্পৰ বাবে ৰাষ্ট্ৰীয় শিশুবিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে। উল্লেখ্য যে বিদ্যালয়খনৰ এগৰাকী বিজ্ঞান শিক্ষয়িত্ৰী গায়ত্ৰী বৰকটকীৰ তত্বাবধানত অষ্টম শ্ৰেণীৰ ছাত্ৰ হীৰকজ্যোতি বৰাই তৈয়াৰ কৰা ‘সামাজিক দুৰত্ব বজাই ৰখাত সহায় কৰা এটা বিজ্ঞান সন্মত আহিলা’ শীৰ্ষক প্ৰকল্পটোত সহযোগী হিচাপে সহযোগিতা আগবঢ়াইছে অষ্টম শ্ৰেণীৰে ছাত্ৰ নিপু বৰুৱাই। শিক্ষয়িত্ৰী গায়ত্ৰী গোস্বামীৰ তত্ববধানতে ছাত্ৰদ্বয়ে উক্ত প্ৰকল্পটো জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ত প্ৰদৰ্শন কৰাৰ পাছতে যোৱা ৮ডিচেম্বৰত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হোৱা বুলি এখন নিমন্ত্ৰণী পত্ৰ লাভ কৰে নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ললিত কেওটে। গহপুৰ মহকুমাৰ এখন উল্লেখযোগ্য উচ্চ শিক্ষানুষ্ঠান হিচাপে পৰিচিত নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰই ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত প্ৰকল্প প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হোৱাত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ অধ্যক্ষ ললিত কেওঁট, বিজ্ঞান প্ৰকল্পটোৰ তত্বাবধায়িকা শিক্ষয়িত্ৰী গায়ত্ৰী বৰকটকীৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ আৰু ছাত্ৰ-ছাত্ৰীসকল। উল্লেখ্য যে অহা ২৭ তাৰিখৰ পৰা গুজৰাটত অনুষ্ঠিত হ’ব লগা ২৯সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিবৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ছাত্ৰদ্বয়ে। ৰাষ্ট্ৰীয় প্ৰৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে সুবিধা লাভ কৰা হীৰকজ্যোতি বৰা গোপালপুৰৰ এগৰাকী কৃষক মদন বৰাৰ পুত্ৰ হোৱাৰ বিপৰীয়ে নিপু বৰুৱা পঞ্চায়তৰ সচিব যজ্ঞেশ্বৰ বৰুৱাৰ পুত্ৰ। দুয়ো ছাত্ৰই ৰাষ্ট্ৰীয় পৰ্যায়ত বিদ্যালয়নৰ লগতে অসমৰ নাম উজ্বলাবলৈ সক্ষম হ’ব বুলি আশাবাদী বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজ।

বনৰীয়া হাতীৰ জাকটোৱে ভাঙিলে চেলেক চাপৰিত দুটা ঘৰ

যোৱা তিনিমাহৰ পৰা বোকাখাত মহকুমাৰ মহুৰা আৰু ৰঙামাটি মৌজাৰ উত্তৰ অংশত বিচৰণ কৰি কৃষক ৰাইজৰ পথাৰৰ শস্য খাই গচকি নষ্ট কৰা বনৰীয়া হাতীৰ জাকটো ক্ৰমাত আক্ৰমণাত্মক হৈ উঠা দেখা গৈছে৷প্ৰথম অৱস্থাত ৰাতি কৃষকৰ পথাৰত প্ৰবেশ কৰি পথাৰৰ শস্য অনিষ্ট কৰা হাতীৰ জাকটোৱে টৰ্চ লাইট অথবা মানুহৰ চিঞৰ বাখৰ আদিলৈ ভয় কৰিছিল ৷ কিন্তু এতিয়া ক্ৰমাত পথাৰ সমুহত খাদ্য কমি অহাৰ লগে লগে খেদি যোৱা মানুহলৈও চোঁচা লোৱাৰ খৱৰ পোৱা গৈছে৷জানিব পৰা মতে বুধবাৰে ৰাতি উক্ত বনৰীয়া হাতীৰ জাকটোৱে চেলেক চাপৰিৰ জীতেন মিলি আৰু মনিবৰ মিলিৰ ঘৰ ভাঙি পেলোৱাৰ ওপৰিও কেইবা ঘৰ বাৰিৰ জেওৰা ভাঙি শাক পাচলি আদি গচকি খায় নষ্ট কৰে ৷ দিন অতিবাহিত হোৱাৰ লগে লগে হাতীৰ জাকটোৱে আৰু অধিক অনিষ্ট কৰি ভঁৰালৰ আদিলৈ লক্ষ্য কৰাৰ আগতে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণৰ কৰিবলৈ অনুৰোধ জনাছে স্থানীয় ৰাইজে৷

লাহৰীঘাটত অবৈধ ৱেব পৰ্টেলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

 যথে-মধে বাতৰি পৰিবেশন কৰি সমাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ অভিযোগ। অবৈধ ৱেব পৰ্টেলক নাকি লগাবলৈ জন-সংযোগ মন্ত্ৰীক দাবী প্ৰতিবাদী ৰাইজৰ। ৰাজ্যৰ আন প্ৰান্তৰ লগতে লাহৰীঘাট অঞ্চলতো অব্যাহত আছে একাংশ পাৱত গজা ৱেব পৰ্টেলেৰ দৌৰাত্ম। তথ্য-পাতি কোনো ধৰণৰ পৰীক্ষা নকৰাকৈয়ে কেৱল টকা ঘটাৰ স্বাৰ্থতে ৰাইজক বিভিন্ন ধৰণেৰে ব্লেক মেইলিং কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে অবৈধ ৱেব পৰ্টেলৰ বিৰুদ্ধে। ভূৱা বাতৰি পৰিৱেশনৰ অভিযোগত এটা অবৈধ ৱেব পৰ্টেলৰ বিৰুদ্ধে কেনেদৰেই ওলাই আহিল প্ৰায় শতাধিক ৰাইজ। অবৈধ ৱেব পৰ্টেলৰ বিৰুদ্ধে এনেদৰেই বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জন-সংযোগ মন্ত্ৰীক অবৈধ ৱেব পৰ্টেল সমূহক নাকি লগাবলৈ আহব্বান জনাই প্ৰতিবাদী ৰাইজে। উল্লেখ্য যে লাহৰীঘাট অঞ্চলত এতিয়া সূলভ হৈ পৰিছে অবৈধ ৱেব পৰ্টেল। সংবাদ মাধ্যমৰ কোনো ধৰণৰ আনুষ্ঠানিক ডিগ্ৰী-ডিপ্লমা নোলোৱাকৈ ঘৰতে বহি ফেচবুকত পেজ খুলি বিভিন্ন নাম দি নিশাৰ ভিতৰতে সাংবাদিক সৃষ্টি কৰি সংবাদ জগত খনক কুলশিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ বিষয়টো জনসংযোগ মন্ত্ৰী গৰাকীয়ে কেনেদৰে লয় সেয়া হে হব লক্ষ্যণীয়। 

২৯ বছৰে চেঙেলীয়াঝাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিযুক্ত নহ’ল এগৰাকী নিয়মীয়া চিকিৎসক

চৰকাৰে স্বাস্থ্য বিভাগক অধিক ভাবে গুৰুত্ব দি ৰাইজৰ স্বাস্থ্য সেৱাত এক নতুন দিগন্তৰ সূচনা কৰা বুলি জয়ঢোল কোবালেও প্ৰকৃততে স্বাস্থ্য বিভাগ যে এতিয়াও পয়ালগা অৱস্থাতে আছে তাক প্ৰতিপন্ন কৰিছে দৰঙৰ পাথৰিঘাট মহকুমা স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চেঙেলীয়াঝাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য খনে।১৯৯২ চনতে কেইবা লক্ষ টকা ব্যয়ৰে অতিকৈ পিছ পৰা কুমাৰপাৰা,দুৱৰীপাৰা, ঘোপেলী, বাঘমাৰা, নাওপোতা, দুৰদুৰীয়া, চমুখা, গোপালপুৰ, বগাচলা, ধোকাপাৰা, তৰাগাঁওকে ধৰি আন কেইবাখনো নিকটৱৰ্তী গাঁও সামৰি ইয়াৰ মধ্যমণি চেঙেলীয়াঝাৰত স্থাপন কৰি হৈছিল চিকিৎসালয়খন।এক বান আক্ৰান্ত অঞ্চলত ৰাইজৰ বহুদিনীয়া মুখ্য সমস্যা এটা সমাধান হোৱাত ৰাইজৰ মনত আনন্দ উল্লাসৰ সৃষ্টি হৈছিল।পিছে চিকিৎসালয়খনৰ পৰা অঞ্চলটোৰ ৰাইজৰ অভাৱ অদ্যাপী পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে।যিখন চিকিৎসালয়ত আঞ্চলিক ৰাইজৰ প্ৰবল দাবীৰ পাছতো  আজিকোপতি নিযুক্তি দিয়া নহ’ল এগৰাকী নিয়মীয়া চিকিৎসক। অভিযোগ অনুসৰি এন আৰ চি এমৰ চিকিৎসক নিযুক্ত হয় যদিও তেওঁ লোকে কেইটামান দিন সেৱা আগবঢ়োৱাৰ পিছতে গুচি যায়।যাৰ পাছত ৰাইজৰ মাজত স্বাস্থ্য সেৱাকলৈ সৃষ্টি হৈ পৰে হাহাকাৰ। আশ্বৰ্যজনক কথা যে চিকিৎসা কৰ্মচাৰী সকল  এক বজাতে তলামাৰি গুচি যোৱাৰ পিছত বাকী সময়খিনিত অঞ্চলটোৰ কাৰোবাৰ অসুখ আজাৰ হ’লে উপায়হীন ভাবে গাঁৱৰ বেজ, কবিৰাজ, মৌলৱীৰ জৰাফুকা পানী, তাবিজ আদিয়েই হৈ পৰে জীৱন দায়িনী এম বি বি এছ চিকিৎসকৰ ঔষধ। তদুপৰি স্বাস্থ্য কৰ্মী সকল অহা- যোৱাৰ কোনো সময় সঠিক নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে।  ৰাইজৰ স্বাস্থ্য সেৱাৰ আশা ভৰষাৰ কেন্দ্ৰটোত পৰ্যাপ্ত ঔষধ পাতি পাবলৈ নাই।এখন পুৰণিকলীয়া চিকিৎলয় হিচাপে উন্নয়নৰ নামত শূণ্য বুলিয়েই ক’ব লাগিব। আন্তঃগাথঁনিৰ নামত একেবাৰে দুখ লগা ছবি চিকিৎসায়খনত। সুদীৰ্ঘ ২৯ টা বছৰে হৈ নুঠিল পকী চাৰিবেৰ। যাৰ বাবে বাধাহীন ভাবে মুকলি গৰু- ছাগলী, কুকুৰ আদি জন্তু প্ৰৱেশ কৰি কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা আৱাসত  সোমাই থাকে।বছৰি স্বাস্থ্য বিভাগৰ পৰা চিকিৎসালয়খনলৈ আৱন্টন হোৱা অনুদানৰ ধন সমূহ ৰাইজৰ অজ্ঞাতে গোপনে বনাই লোৱা টেবুল কমিটীয়ে উন্নয়নৰ কামত ঠিকাদাৰী কৰি অনিয়মৰ আশ্ৰয় লৈ অনুদান অনুসৰি উন্নয়ন নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।এই ক্ষেত্ৰত ৰাইজে  দুনীতিত শূণ্য সহনশীল চৰকাৰৰ ওচৰত এক তদন্তৰ দাবী জনাইছে। বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়েও এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে ই সকলোৰে লক্ষণীয় হৈ পৰিব। ইফালে আঞ্চলিক ৰাইজৰ বহুদিনীয়া দাবী যে চিকিৎসালয়খনক ত্ৰিশখন বিচনাযুক্ত চিকিৎসায় হিচাপে গঢ়ি তোলাৰ লগতে চিকিৎসালয়খনত এগৰাকী নিয়মীয়া চিকিৎসক নিযুক্তি দিয়াৰ বাবে আহ্বান জনাইছে। আনহাতে আন্তঃগাথঁনিৰ ক্ষেত্ৰত ৰাইজে বিভাগৰ জৰুৰী পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনাইছে। এই ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কৃপাদৃষ্টি কামনা কৰিছে আঞ্চলিক ৰাইজে।