Breaking

পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে সম্প্ৰচাৰিত মিছা বাতৰিত জাঙুৰ খাই উঠিল পঞ্চায়তবাসী

0 2,238

 বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খণ্ডৰ অধিনস্ত পশ্চিম মাজেৰ আলগা গাওঁ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে এটা বাতৰি সম্প্ৰচাৰ হৈছিলসভাপতিৰ বিৰুদ্ধে MGNREGA আচনিৰ ধন আৰু পঞ্চায়তৰ গৃহ নিৰ্মাণত কেলেংকাৰী হোৱাৰ বাতৰি সম্প্ৰচাৰ হৈছিল কিন্তু গাঁওৰ ৰাইজে উক্ত গৃহটো ঠিকাদাৰে কৰি আছে ইয়াত সভাপতি গৰাকীৰ কোনো ধৰণৰ হস্তক্ষেপ নাই বুলি জানিব দিয়েলগতে কয় যে যিজন ব্যক্তিয়ে ঘটনাটোৰ স্পষ্টিকৰণ দিছিল সেই ব্যক্তিজন পশ্চিম মাজেৰ আলগা গাঁও পঞ্চায়ৰ বাসিন্দা নহয় সম্প্ৰচাৰ হোৱা বাতৰি খণ্ডন কৰি মিছা বাতৰি সম্প্ৰচাৰ কৰা ব্যক্তিৰ ওপৰত জাঙুৰ খাই উঠিল পঞ্চায়ত বাসী । উত্থাপিত অভিযোগ ভিত্তিহীন বুলি আখ্যা দি এনে মিছা বাতৰি সম্প্ৰচাৰ কৰি পঞ্চায়ত বাসীৰ ভাবমুর্তি বিনিষ্ট কৰিব বিচৰা ব্যক্তিক কঠোৰ ভাবে সকিয়নী প্ৰদান কৰা দেখা যায়।

Leave A Reply