Home Blog Page 2668

বান বিধ্বস্ত দিচৈৰ নিকৰিত বান আশ্ৰয় শিবিৰৰ শুভ উদ্বোধনী অনুষ্ঠান

বোকাখাত বিধান সভা সমষ্টিৰ দিচৈ গাওঁ পঞ্চায়তৰ নিকৰিত বুধবাৰে গোলাঘাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাসে PWC য়ে প্ৰদান কৰা ১৬ লাখ টকাৰে  NEEDS আৰু SEEDS এ নিৰ্মাণ কৰা “দিচৈ বান আশ্ৰয় শিবৰ”  ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে৷উদ্বোধনী অনুষ্ঠানৰ প্ৰাকক্ষণত বৃক্ষৰোপণ কৰে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাসে৷ দিচৈ গাঁও পঞ্চায়তৰ সভাপতি নৰেণ বৰিয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে দাবোল সিং পাঠৰীৰ নেতৃত্বত অহা মিছিং গুমৰাগ নৃত্যৰ দলটিৰ পিছতে অনুষ্ঠিত সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায়  গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত মুন গগৈ,গোলাঘাট জিলা গ্ৰাম্য অভিকৰণ প্ৰকল্প সঞ্চালক অভিনাশ শইকীয়া ,গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া ববিতা শইকীয়া NEEDS ৰ মেনেজিং দাইৰেক্টৰ তীৰ্থ শইকীয়াইৰ উপৰিও মুম্বাইৰ পৰা অহা NEEDS ৰ কৰ্মকৰ্তা জুছাফা মল্লিক আৰু মেলিন্দাই বক্তব্য আগবঢ়াই উক্ত বান শিবিৰটোৱে ৰাইজক যথেষ্ট সহায় কৰিৰ লগতে কলা সংস্কৃতি ধৰি ৰখাত সহায় কৰিব বুলি আশাবাদী বুলি কয়৷ বান বিধস্ত অঞ্চলটোৰ ৰাইজে বাৰিষাৰ সময়ত আশ্ৰয় লোৱাৰ ওপৰিও খৰালি সময়ত উক্ত শিবিৰ গৃহটিত বিভিন্ন ধৰণৰ সভা সমিতি,কৰ্মশালা,নৃত্য-গীতৰ প্ৰশিক্ষণ সামাজিক অনুষ্ঠান আদি অনুষ্ঠিত কৰিব পৰাকৈ সুন্দৰ ভাবে সাঁজি উলিয়াইছে আৰ্কিটেক্ট আৰ্কাদ্বীপ ৰয়, কুসুম্বৰ চৌধুৰী আৰু NEEDS ৰ CO. ORDINATE তীৰ্থ প্ৰসাদ শইকীয়াই৷ওপৰৰ অংশটো সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত তত্ত্বাৱধানত কৰে তীৰ্থ চেত্ৰী আৰু উমানন্দ পাঠৰীয়ে৷দিচৈ গাওঁ পঞ্চায়ত আৰু বোকাখাত চক্ৰ বিষয়া কাৰ্যালয়ে পৰিচালনা কৰিব লগা গৃহটো নিৰ্মাণত প্ৰতক্ষ ভাবে সহায় কৰে দিচৈ গাওঁ পঞ্চায়তৰ সভাপতি নৰেণ বৰিয়ে৷উল্লেখযোগ্য যে সমগ্ৰ বান বিধবস্ত দ অঞ্চলতোৰ জনসাধাৰণৰ কল্যাণৰ বাবে গৃহ নিৰ্মাণৰ বাবে ভূমি দান কৰা লক্ষ্য লইঙক অঞ্চল বাসীয়ে ধন্যবাদ জনাইছে৷

পশ্চিম নলবাৰীত নাৰী নির্যাতন বন্ধৰ সজাগতা মুলক কার্য্যসূচী

সমগ্র দেশতে এতিয়া মহিলা সকলৰ ওপৰত বিভিন্ন ধৰনে নির্যাতন চলিব ধৰিছে  আৰু এই নাৰী নির্যাতন সমূহ সমাজৰ পৰা নির্মুল কৰাৰ বাবে ভাৰত চৰকাৰে বিভিন্ন আঁচনিও ৰূপায়ন কৰিছে ৷বুধবাৰে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ নির্দেশ মর্মে পশ্চিম নলবাৰী সংহত শিশু বিকাশ প্রকল্পৰ বিষয়াৰ উদ্যোগত আৰু   , অংগনাৱাদী  কর্মী— সহায়িকা, গাওঁ প্রধান, আশাকর্মী ,এ এন এম ,জিৱীকা সখীৰ লগতে কর্মচাৰী মুখ্যসেৱীকা আদিৰ সহযোগত ৰাতিপুৱা  ৯—৩০ বজাত পশ্চিম নলবাৰী সংহত শিশু বিকাশ প্রকল্প বিষয়াৰ কার্য্যালয়ৰ পৰা এক বিশাল নাৰী নির্যাতন বন্ধৰ সজাগতা মূলক   আয়োজন কৰা হয়  ৷সমদলটো কার্য্যালয়ৰ পৰা চামতা সর্থেবাৰী পল্লাপথেৰে গৈ চামতাস্থিত ৰূপকোঁৱৰ কলাপৰিষৰ বাকৰিত সমাপ্ত কৰে ৷সমদলৰ সময়ত কর্মী সহায়িককা সকলে হাতত বিভিন্ন শ্লো গান লিগা প্লে কার্ডলৈ শ্লোগান সমুহ আউৰাই গাই আকাশ বতাহ কপাই দিয়ে ৷  লগতে বাটৰ নাটও মঞ্চস্হ কৰা হয় ৷ নির্যাতন বন্ধ কৰক,নাৰীক সুৰক্ষা প্রদান কৰক,নাৰী হত্যা ধর্ষন বন্ধ কৰক,নাৰীক উচিত মর্য্যদা প্রদান কৰক,বাল্য বিবাহ বন্ধ কৰক, ভ্রুন হত্যা বন্ধ কৰক, নাৰী পুৰুষক সমান অধিকাৰ দিয়ক,যৌতুক দিয়া আৰু লোৱা আইন মতে দন্দনীয় ,এই শ্লো গানেৰে মুখৰিত কৰি তোলে ৷সমদলৰ শেষত এখন সজাগতা সভা অনুস্থিত কৰি ক্রমে কার্য্যালয়ৰ পৰিসংখ্যা সহায়ক অৰূপ কুমাৰ শৰনীয়া,পচন খন্দ সমন্বয়ক উৎপল ডেকা ,সহকাৰী খন্দ সমন্বয়ক বিক্রম বর্মন, মুখ্য সেবিকা মঞ্জুলা মেধি আদিয়ে নাৰী নির্য্যাতন বন্ধ কৰি সমাজ খনক আগবঢ়াই নিয়াৰ ক্ষেত্রত বক্তব্য আগবঢ়াই ৷

আগ্ছু ওদালগুৰি জিলা সমিতিৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশনৰ ব্যাপক প্ৰস্তুতি

সদৌ অসম গোৰ্খা ছাত্র সন্থা, ওদালগুৰি জিলা সমিতিৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন এইবেলি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ২নং সামৰাঙত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে অলপতে এখন অভ্যৰ্থনা সমিতিও গঠন কৰা হৈছে। যোৱা কেইদিনমান আগতে বামুনজুলি আঞ্চলিক আগ্ছুৰ কাৰ্য্যলয়ত আগ্ছু ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰৰ সভাপতিত্বত অনুষ্ঠিত এখন সাধাৰণ সভাত ওদালগুৰি জিলা সমিতিৰ ৪১তম্  দ্বি-বাৰ্ষিক অধিবেশন ব্যাপক প্ৰস্তুতিৰে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ডিক বাহাদুৰ ছেত্ৰীক সভাপতি, বিমল ছেত্ৰীক কাৰ্য্যকৰী সভাপতি, তিলক দুলাল, ইন্দ্ৰ ছেত্ৰী, হৰি খড্কা,বিদুৰ দুলাল, মহেন্দ্ৰ চুব্বা আৰু দীপক শৰ্মাক উপ সভাপতি, গোপাল ঢকালক সাধাৰণ সম্পাদক, শুক বাহাদুৰ ৰাই, ৰাজেন থাপা, ইশ্বৰ প্ৰধান, লেখৰাজ ছেত্ৰী, মণিৰাম লিম্বু,ৰোশন বিশ্বকৰ্মা, ৰাজু শৰ্মা আৰু অগ্নি খনালক সহ সম্পাদক হিচাপে লৈ মুঠ ৪১জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। তাৰোপৰি বিত্ত বিভাগ, প্ৰচাৰ বিভাগ,মুখপত্ৰ বিভাগ, সাংস্কৃতিক বিভাগ, মঞ্চ বিভাগকে ধৰি মুঠ পোন্ধৰ খন উপসমিতিও গঠন কৰা হৈছে। বৰ্তমান অধিবেশনৰ বিভিন্ন কাৰ্য্যৰ লগতে প্ৰচাৰ-প্ৰসাৰো তীব্ৰ গতিত আগবাঢ়ি আছে। ওদালগুৰি জিলা ভিতৰত সৰ্বমুঠ ১২টা আঞ্চলিক সমিতিৰ কাৰ্য্যকৰ্তাই দিনেৰাতি লাগি অৰ্থ সংগ্ৰহকে ধৰি আলিয়ে-গলিয়ে পোস্টাৰ, বেনাৰ আদি আৰি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি সামৰাঙলৈ আমন্ত্ৰণ জনাবলৈ ছাত্র সন্থাই উঠিপৰি লাগিছে। অহা ৮ আৰু ৯ জানুৱাৰী ২০২২ত অনুষ্ঠিত হবলগীয়া আগ্ছু ওদালগুৰি জিলা সমিতিৰ অধিবেশনত ওদালগুৰিবাসী জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো ৰাইজক অধিবেশনত অংশগ্ৰহণ কৰি কাৰ্য্যসূচী সফল কৰি তুলিবলৈ আগ্ছু ওদালগুৰি জিলা সমিতিয়ে আহ্বান জনাইছে।

লাহৰীঘাটত ইফকোৰ উদ্যোগত ৰবি শস্যৰ আলোচনা চক্র

 মৰিগাঁও জিলাৰ লাহৰীঘাটত ইফকোৰ উদ্যোগত অনুষ্টিত হয় ৰবি শস্যৰ আলোচনা চক্ৰ ।IFFCOয়ে আয়োজন কৰা এই আলোচনা চক্ৰত লাহৰীঘাট অঞ্চলৰ কেইবা শতাধিক কৃষকে অংশগ্ৰহন কৰে ।ৰজা গাধোৱা গাঁও পঞ্চায়তৰ সভা কক্ষত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত নগাঁও চিলিঙনিৰ আঞ্চলিক কৃষি গৱেষনা কেন্দ্ৰৰ বিজ্ঞানী ক্ৰমে ড° বিৰিঞ্চি কুমাৰ বৰা, ড° নাছিমা ৰহমান ,ড° ৰঞ্জনা চক্ৰৱৰ্তী , ইফকোৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক প্ৰৱন্ধক অজিত ভট্যাৰ্চাৰ্য আৰু উপ প্ৰৱন্ধক অনুজ কাকতিকে ধৰি ইফকোৰ বিষয়বৱীয়া সকল উপস্হিত থাকে ।এই আলোচনা চক্ৰত ৰবি শস্যৰ কৰাৰ পদ্ধতি আৰু প্ৰতিকাৰ সন্দৰ্ভত আলোচনা কৰা হয় ।এই আলোচনা চক্ৰত ইফকোৰ কিছু সামগ্ৰী পৰীক্ষামূলকভাৱে বিতৰণ কৰা হয় ।

কোন কোন আছিল দুৰ্ঘটনাগ্ৰস্ত হোৱা আইএএফ হেলিকপ্টাৰত

এক দুখজনক ঘটনাত, প্ৰতিৰক্ষা বিভাগৰ মুখ্য জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু হৈছে। তেওঁৰ পৰিয়াল আৰু কৰ্মচাৰীক কঢ়িয়াই নিয়া সেনাৰ এখন হেলিকপ্টাৰ তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বাতৰি অনুসৰি, বুধবাৰে তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত হোৱা আইএএফ হেলিকপ্টাৰ খনত ১৪ জন লোক আছিল।

চৈধ্যজন লোকৰ ভিতৰত আছিল চিডিএছ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱট, ব্ৰিগেডিয়াৰ এলএছ লিডাৰ, লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং, এন কে গুৰসেৱক সিং, এন কে জিতেন্দ্ৰ কুমাৰ, এল/এন কে বিবেক কুমাৰ, এল/এন কে বি চাই তেজা, আৰু হাভ সতপাল। দুখৰ বিষয় যে এই ১৪ জন ব্যক্তিৰে মৃত্যু ঘটিছে দুৰ্ঘটনাত।

বান বিধবস্ত দিচৈৰ নিকৰিত বান আশ্ৰয় শিবিৰৰ শুভ উদ্বোধন অনুষ্ঠান সম্পন্ন

বোকাখাত বিধান সভা সমষ্টিৰ দিচৈ গাওঁ পঞ্চায়তৰ নিকৰিত আজি গোলাঘাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাসে PWC য়ে প্ৰদান কৰা ১৬ লাখ টকাৰে  NEEDS আৰু SEEDS এ নিৰ্মাণ কৰা দিচৈ বান আশ্ৰয় শিবৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে৷উদ্বোধনী অনুষ্ঠানৰ প্ৰাকক্ষণত বৃক্ষৰোপণ কৰে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাসে৷ দিচৈ গাঁও পঞ্চায়তৰ সভাপতি নৰেণ বৰিয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে দাবোল সিং পাঠৰীৰ নেতৃত্বত অহা মিছিং গুমৰাগ নৃত্যৰ দলটিৰ পিছতে অনুষ্ঠিত সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায়  গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত মুন গগৈ,গোলাঘাট জিলা গ্ৰাম্য অভিকৰণ প্ৰকল্প সঞ্চালক অভিনাশ শইকীয়া ,গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া ববিতা শইকীয়া NEEDS ৰ মেনেজিং দাইৰেক্টৰ তীৰ্থ শইকীয়াই বক্তব্য ৰখাৰ উপৰিও মুম্বাইৰ পৰা অহা NEEDS ৰ কৰ্মকৰ্তা জুছাফা মল্লিক,মেলিন্দাই বক্তব্য আগবঢ়াই৷ বান বিধস্ত অঞ্চলতোৰ ৰাইজ বাৰিষাৰ সময়ত আশ্ৰয় লোৱাৰ ওপৰিও খৰালি সময়ত উক্ত শিবিৰ গৃহটিত বিভিন্ন ধৰণৰ সভা সমিতি,কৰ্মশালা,নৃত্য-গীতৰ প্ৰশিক্ষণ সামাজিক অনুষ্ঠান আদি অনুষ্ঠিত কৰিব পৰাকৈ সুন্দৰ ভাবে সাঁজি উলিয়াইছে আৰ্কিটেক্ট আৰ্কাদ্বীপ ৰয়, কুসুম্বৰ চৌধুৰী আৰু NEEDS ৰ CO. ORDINATE তীৰ্থ প্ৰসাদ শইকীয়াই৷ সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত তত্ত্বাৱধানত কৰে তীৰ্থ চেত্ৰী আৰু উমানন্দ পাঠৰীয়ে৷দিচৈ গাওঁ পঞ্চায়ত আৰু বোকাখাত চক্ৰ বিষয়া কাৰ্যালয়ে পৰিচালনা কৰিব লগা গৃহটো নিৰ্মাণত প্ৰতক্ষ ভাবে সহায় কৰে দিচৈ গাওঁ পঞ্চায়তৰ সভাপতি নৰেণ বৰিয়ে৷উল্লেখযোগ্য যে সমগ্ৰ বান বিধবস্ত দ অঞ্চলতোৰ জনসাধাৰণৰ কল্যাণৰ বাবে গৃহ নিৰ্মাণৰ বাবে ভূমি দান কৰা লক্ষ্য লইঙক অঞ্চল বাসীয়ে ধন্যবাদ জনাইছে৷

প্ৰতিবন্ধী সকলৰ মাজত বৰপেটাত খেল-ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগিতা

শাৰীৰিক ভাবে বাধাগ্ৰস্থ সকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, বৰপেটাই বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। সমগ্ৰ শিক্ষা, অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান,বৰপেটাৰ উদ্যোগত এই ছাত্ৰ ছাত্ৰী সকলৰ মাজত ‘বিশেষ অলিম্পিক’আৰু ‘পেৰা অলিম্পিক’ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াসেৰে আজি বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত  খেল প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে দিব্যাংগ সকলৰ মাজত সহায়ক আঁহিলা বিতৰণ কাৰ্যসূচীৰো উদ্বোধন কৰা হয়। উদ্বোধন কৰে জিলা খনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতিয়ে । ছাত্র ছাত্ৰী সকলৰ মাজত খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সমগ্ৰ শিক্ষা, বৰপেটাৰ জিলা আচনি বিষয়া কিশোৰ ৰাজবংশীয়ে । চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ অধ্যক্ষ হৰেকৃষ্ণ দাসে। তেওঁলোকৰ মাজত অনুষ্ঠিত বিভিন্ন খেল প্ৰতিযোগিতাৰ ফলাফল সমূহ এনেধৰণৰ – ল’ৰা শাখাৰ ডিচকাচ থ্ৰ’ প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰা ছাত্র  সকল হ’ল-ব’বিডুল ইছলাম, ৰকিবুল ইছলাম আৰু মনজুৰুল আলম। আনহাতে ছোৱালী শাখাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ইয়াছমিনা খাতুন,আমেলা খাতুন আৰু জমিৰুন নেছাই। ল’ৰাৰ ১০০ মিটাৰ দৌৰত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে  ক্ৰমে মঞ্জুৰুল আলম,ব’বিদুল ইছলাম আৰু জান্নাত আলীয়ে। ছোৱালীৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ইয়াছমিনা খাতুন, ৰেহেনা খাতুন আৰু মৌছুমী পাৰবিনে ।  ‘পানী- পাৰ’খেলত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে নাৰগিছ আখতাৰ, আমিনা খাতুন, কাশ্মীৰি আহমেদ আৰু ৰেহেনা খাতুনে। উঠা-বহা খেলত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে নাৰগিছ আখতাৰ, দীপিকা আৰ্য্য আৰু আমেলা খাতুনে। চিত্ৰাংকন প্ৰতিযোগিতাত ল’ৰাৰ শাখাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে ব’বিডুল ইছলাম, আছানুৰ মল্লিক আৰু ৰকিবুল ইছলামে আনহাতে ছোৱালী শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে জুহানা তাছমিন,ৰিমিয়া খাতুন আৰু জেমিনা চুলতানে ।

সৃজনগ্ৰামত আধাৰ কাৰ্ডৰ জালিয়াতীৰ সম্ৰাট চুলতান আলীক গ্ৰেপ্তাৰ

বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত ১ নং চিল্লাপাৰাত আই নৈৰ কাষত দোকান খুলি দীৰ্ঘদিন ধৰি বেআইনীভাৱে চলাই আহিছে আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম । যোৱা ৬ ডিচেম্বৰ তাৰিখে এক গোপন খবৰৰ ভিত্তিত স্থানীয় সংবাদকৰ্মী ছানিদুল ইছলামে অনুসন্ধানমূলক বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ ফলত জালিয়াতীৰে আধাৰ কাৰ্ড প্ৰস্তত কৰাৰ তথ্য পোহৰলৈ আহে ।
জানিব পৰা মতে হুৰামাৰা মজলীয়া বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰ্ধান শিক্ষক নিকুঞ্জ কলিতাৰ নামত ভুৱা চীল-চহী ব্যৱহাৰ কৰি আধাৰ কাৰ্ড প্ৰস্তুত কৰি লাখ লাখ টকাৰ অবৈধ বেহা চলাই আহিছে ।যোৱা ৬ ডিচেম্বৰত সংবাদকৰ্মীজনে অবৈধ তথা জালিয়াতী কাৰ্যৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত চুলতান আলীয়ে ছানিদুলৰ ওপৰত আক্রমণ চলাবলৈ উদ্যত হয় । এনেকি তেওঁৰ মোবাইল কাঢ়ি লোৱাৰো চেষ্টা কৰে । পাছত সংবাদকৰ্মীজনে ঘটনাটো কৌশলেৰে বৰঘোলা আৰক্ষীক অৱগত কৰাত লগে লগে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে চুলতানক আটক কৰি থানালৈ নিয়ে ।উল্লেখ্য যে আধাৰ কাৰ্ডৰ ভেৰিফাইড বিষয়া হুৰামাৰা মজলীয়া বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিকুঞ্জ কলিতাই বৰঘোলা আৰক্ষী চকীত উপস্থিত হৈ তেওঁৰ চীল-চহী জাল হোৱা বুলি নিশ্চিত কৰে ।ঘটনা সংক্ৰান্তত যোৱা৬ ডিচেম্বৰতেই সংবাদকৰ্মী ছানিদুলে বৰঘোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত পঞ্জীয়ন নং ১০১৬/২১/ ৪২০/ ৪৬৮/ ৪৭১/৫০৬ ( IPC ), ধাৰাত গোচৰ ৰুজু কৰে ।

আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বিদায় সম্বৰ্ধনা

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়াক বিভাগীয় কৰ্তৃপক্ষই আলোপতি চৰ আৰক্ষী থানাৰ পৰা মাজুলীলৈ বদলিকৰণ কৰাত আৰক্ষী বিষয়া গৰাকীক যোৱা নিশা বিপুল সম্ভৰ্ধনাৰ জৰিয়তে বিদায় সম্ভাষণ জনোৱা হয়।উল্লেখ্য যে, আৰক্ষী বিষয়া গৰাকীক সম্ভৰ্ধনা জনোৱাৰ উদ্দেশ্য সংশ্লিষ্ট থানা প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ সভাৰ আয়োজন কৰা হয়। জ্ঞান বিকাশ একাডেমীৰ অধ্যক্ষ খলিলুৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা উক্ত বিদায় সম্ভৰ্ধনা সভাত আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়াৰ এবছৰীয়া কৰ্ম ৰাজীৰ ওপৰত বহল ভিত্তিত আলোকপাত কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলফাজ উদ্দিন আহমেদ, বাঘমাৰাচৰ চৰ জুনিয়ৰ কলেজৰ অধ্যক্ষ তাইজুদ্দিন সৰকাৰ, শিক্ষক গহেৰ আলী মণ্ডল আৰু সমাজ কৰ্মী ছকমান আলীয়ে। আৰক্ষী বিষয়া গৰাকীয়ে সমাজৰ আইন শৃংখলা ৰক্ষাৰ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আলোচনাৰ মাধ্যমেৰে যিকোনো জটিল সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে বক্তা সকলে। বৃহত্তৰ আলোপতিচৰ থানা এলেকাৰ পৰা পোৱা ভাল মেছেজ সমূহ বিলাই দিবলৈও আৰক্ষী বিষয়া গৰাকীক বক্তা সকলে অনুৰোধ জনায় ।সভাত আবেগিক হৈ পৰা আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়াই বৃহত্তৰ আলোপতিচৰ থানা এলেকাৰ বিভিন্ন দল সংগঠন, সাংবাদিক, সমাজকৰ্মীৰ লগতে যুৱচামৰ পৰা বিগত এটা বছৰত পোৱা অপাৰ মৰম স্নেহ আৰু ভালপোৱাৰ কথা আজীৱন পাহৰিব নোৱাৰিম বুলি কৈ এই খন শিক্ষিত সমাজৰ পৰা বহু শিকিলো বুলি নিজৰ আবেগিক ভাষণত উল্লেখ কৰে আৰক্ষী বিষয়া গৰাকীয়ে।বিগত দিনত হোৱা সকলো ভুল ভ্ৰান্তিৰ ক্ষমা প্ৰাৰ্থনা খুজি ৰাইজৰ পৰা তেওঁ আনুষ্ঠানিক ভাৱে বিদায় মাগে ।সভাত আলোপতি মাজৰচৰ বজাৰ কমিটিৰ লগতে বিভিন্ন জনৰ ফালৰ পৰা আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়াক শৰাই, গামোচা, কলম আৰু ফুলৰ থোপাৰে বিপুল ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। সভাত সমাজ কৰ্মী নৌওসাদ আলী বেপাৰী, আলোপতি মাজৰচৰ বজাৰ কমিটিৰ সভাপতি আব্দুল লতিফ সৰকাৰ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তাজিম উদ্দিন আহমেদ, নুৰ মহম্মদ আলী, আনছেৰ আলী আহমেদকে  ধৰি কেবাজনো গন্য মান্য ব্যক্তি উপস্থিত  থাকে। আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়াৰ বিগত এবছৰীয়া কাৰ্যকালৰ কৰ্মৰাজীক সকলোৱে সলাগ লয়। 

ৰঙিয়া উকীল সন্থাৰ প্ৰাঙ্গণত The Law of Evidence শীৰ্ষক আইন বিষয়ক গ্ৰন্থ উন্মোচন

আজি ৰঙিয়া ন্যায়িক দণ্ডাধীশ আদালত চৌহদৰ ভিতৰত থকা ৰঙিয়া উকীল সন্থাৰ প্ৰাঙ্গণত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত অধিবক্তা সকলৰ উপস্থিতিত এখন গ্ৰন্থ উন্মোচন কৰা হয়।আইনবিষয়ক The Law of Evidence নামৰ গ্ৰন্থ খন লিখি উলিয়াইছে জ্যেষ্ঠ অধিবক্তা তথা আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ আবচাৰ কিদৱাই আৰু ৰঙিয়াৰ সু-সন্তান অধিবক্তা তথা গুৱাহাটীৰ জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মালবিকা তালুকডাৰে।গ্ৰন্থ উন্মোচনী সভাত ৰঙিয়া উকীল সন্থাৰ কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তাই শুভেচ্ছামূলক বক্তব্য ৰখাৰ ওপৰিও লিখক ডঃ মালবিকা তালুকডাৰে গ্ৰন্থখনৰ বিষয়ে বিষদ বিৱৰণ দাঙি ধৰে।আশাকৰা হৈছে উক্ত গ্ৰন্থখনে অধিবক্তা সমাজৰ যথেষ্ট উপকাৰ সাধন কৰিব।গ্ৰন্থ খনৰ মূল্য হৈছে ৬৯৫ টকা।ইউনিভাৰ্চিটি বুক হাউচ প্ৰকাশ কৰা গ্ৰন্থখন ইতিমধ্যেই অনলাইন এপ ফ্লিপকাৰ্ট আৰু এমাজনত উপলব্ধ হৈছে।