Home Blog Page 2669

ঘগ্ৰাপাৰৰ বৰম্বৈ পুখুৰীৰ নান্দনিক শোভাই মুহিলৈ সহস্ৰজনক

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনস্থ বৰজাৱৰিহাতীস্থিত ঐতিহ্যমণ্ডিত ৰজাদিনীয়া বৰম্বৈ বৰপুখুৰীত শীতৰ আগমনৰ লগে লগে দেশ-বিদেশৰ ভিন্ ভিন্ পৰিভ্ৰমী পক্ষীৰ আগমন হয় । এইবছৰো দেশী-বিদেশী বহুকেইটা প্ৰজাতিৰ পক্ষীৰ আগমন হৈছে । দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীৰ অন্যতম বিচৰণস্থলী নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ এই ৰজাদিনীয়া বৰম্বৈ বৰপুখুৰীটোৱে ইতিমধ্যে একমাত্ৰ পৰিভ্ৰমী চৰায়ে অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে বুলি বিভিন্ন মহলত চৰ্চিত হৈছে । প্ৰায় ১৪০ বিঘা মাটিকালিৰে আবৃত্ত ঐতিহাসিক ৰজাদিনীয়া পুখুৰীটো বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই বিচৰণৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰকে ধৰি পৰ্যটন কেন্দ্ৰ, নিৱনুৱাক আত্মসংস্থাপন, জৈৱিক সাৰ, মীন উৎপাদন আদি স্থল আছে যদিও কোনো এখন চৰকাৰে এই পুখুৰীটোত বিশেষ কোনো গুৰুত্ব প্ৰদান নকৰি কেনেধৰণৰ চৰকাৰী আঁচনিৰ আঁৱণ্টন দি লাখ লাখ টকা আত্মসাৎ কৰিব ইয়াৰে প্ৰতিযোগিতা কৰি আহিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে । জানিব পৰা মতে বিগত বছৰসমূহত পুখুৰীটো উন্নয়নৰ নামত পুখুৰীটোৰ বাস্তৱত একো হোৱা নাই যদিও আমোলা বিষয়া, ৰাজনৈতিক নেতা-পালিনেতাসকলে প্ৰতিবছৰে আঁচনি ধৰি গ্ৰামোন্নয়নৰ লাখ লাখ টকা লুণ্ঠনহে কৰি আহিছে বুলি বিভিন্ন মহলত আলোচিত হৈছে । ইফালে পৰ্যটকৰ আকৰ্ষণৰ অন্যতমস্থলী হিচাপে গঢ়ি তোলাৰ পূৰ্ণ সম্ভাৱনা থকা নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ এই বৰম্বৈ বৰপুখুৰীৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত  মল্ল বৰুৱা, নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনক বিশেষ উদ‍্যোগ গ্ৰহণ কৰাৰ বাবে পোষকতা কৰিছে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ দল-সংগঠনৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতি, হিন্দু জাগৰণ মঞ্চ আৰু ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে ।

বকোত বড়ো-কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ এলানি উন্নয়নমূলক আঁচনিৰ কামৰ শুভাৰম্ভ

 ২০২০ চনৰ ২৭ জানুৱাৰীত নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো জনগোষ্ঠীয় সংগ্ৰামী সংগঠন এন ডি এফ বিৰ চাৰিওটা গোট আৰু ইউ বি পি অ’ৰ মাজত  কেন্দ্ৰীয় আৰু অযম চৰকাৰৰ মাজত হোৱা শান্তি চুক্তিৰ আধাৰত গঠন হোৱা অন্তৱৰ্তীকালীন ষষ্ঠ অনুসূচী বৰ্হিভূত ‘বড়ো-কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদে’ স্ব-গোষ্ঠীয় এলেকাসমূহত  আৰম্ভ কৰিছে বিভিন্ন উন্নয়নমূলক কামকাজ৷  তাৰে অংশ হিচাবে দক্ষিণ কামৰূপ জিলাৰ বকো অঞ্চলতো পৰিষদে শুভাৰম্ভ কৰিছে বিভিন্ন চৰকাৰী আঁচনিৰ ৷ উল্লেখ্য, পৰিষদৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ পুঁজিৰ পৰা বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ চৌহদত নিৰ্মান হ’বলগীয়া শৌচাগাৰ আৰু প্ৰশ্বাৱগাৰ নিৰ্মানৰ কামৰ লগতে লগতে পানী যোগান আৰু  ষষ্ঠপুৰ আঞ্চিলক বড’ছা ক্লাব চৌহদত একে বিত্তীয় বৰ্ষৰ পুঁজিৰ দ্বাৰা নিৰ্মান কৰিবলৈ লোৱা হস্ততাঁত আৰু বস্ত্ৰ শিল্প আঁচনিৰ বোৱা-কটা কেন্দ্ৰৰ ভৱনৰ সোমবাৰে আধাৰশিলা স্থাপন কৰে ‘বড়ো-কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদ’ৰ উপ-মুখ্যকাৰ্যবাহী সদস্য ৰোমিও নাৰ্জাৰী, কাৰ্যবাহী সদস্য অনিল বসুমতাৰী আৰু দশৰথ বড়োৱে ৷ আধাৰশিলা উপলক্ষ্যে ষষ্ঠপুৰ আঞ্চলিক বড’ছা ক্লাৱত ক্লাৱৰ সভাপতি নিৰণ খাখলাৰীৰ পৌৰহিত্বত  এখনি ৰাজহুৱা সভাও অনুষ্ঠিত হয় ৷ ৰাজহুৱা সভাখনত  উপ-মুখ্যকাৰ্যবাহী সদস্য ৰোমিও নাৰ্জাৰীয়ে মুখ্য অতিথি হিচাবে উপস্থিত থাকি বড়ো-কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদে ষষ্ঠ অনুসূচী বৰ্হিভূত এলেকাৰ বড়ো ও কছাৰী জনগোষ্ঠীৰ সৰ্বতোপ্ৰকাৰৰ উত্তোৰণৰ বাবে কাম কৰি যাব বুলি ৰাইজৰ আগত দোহাৰে ৷ সভাত কাৰ্যবাহী সদস্য অনিল বসুমতাৰী আৰু দশৰথ বড়োৱেও দীৰ্ঘদিনে শোষণ- বঞ্চনাৰ বলি হৈ অহা বড়ো- কছাৰী জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ আলোকপাত কৰি সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত ৰাইজৰ সহায়- সহযোগিতা কামনা কৰে ৷

লালগণেশ বিদ্যাপীঠত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি উন্মোচন

পশ্চিম  গুৱাহাটীৰ লালগণেশ বিদ্যাপীঠ চৌহদত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিধায়ক উন্নয়ন পুঁজিৰ তিনি লাখ টকাৰ আৰ্থিক অনুদানৰে  নিৰ্মাণ কৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তিটো ৭ ডিচেম্বৰত উন্মোচন কৰা হয় । বিদ্যালয় খনৰ শিক্ষক – শিক্ষয়িত্ৰী , ছাত্ৰ – ছাত্ৰী আৰু বৃহত্তৰ লালগণেশ – কালাপাহাৰ অঞ্চলৰ বহুসংখ্যক  লোকৰ উপস্থিতিত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰতিমূৰ্তিটো  উন্মোচন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে সমাজকর্মী অচিত ৰঞ্জন চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চমু ভাষণত  কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক এজন আজন্ম কবি বুলি অভিহিত কৰে আৰু  প্ৰথম ভাৰতীয় হিচাপে  সাহিত্যত লাভ কৰা  নোবেল বঁটাই সেই স্বীকৃতিৰ  মহীয়ান কৰিছে বুলি সদৰি কৰে । অনুষ্ঠানত লালগণেশ বিদ্যাপীঠ পৰিচালনা কমিটিৰ জয় চক্ৰবৰ্তী , শ্যামল ভৌমিক , গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ ভূপেন ঠাকুৰীয়া , অগপৰ মহিলা নেত্ৰী ক্ৰমে – বৰষা নাথ কলিতা , গীতাঞ্জলি কাকতি , দীপাঞ্জলি  সিনহা  ,  দীপাঞ্জলি বৰুৱা  , অগপ  নকুল কলিতা , সুমিত পলকে ধৰি কেবাজনো লোকে ভাষণত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অঞ্চলটোৰ ৰাইজৰ দাবী আৰু আহ্বান অনুসৰি  বিদ্যালয় চৌহদত কবিগুৰু  ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে বিধায়ক উন্নয়ন পুঁজিৰ পৰা তিনি  লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা বাবে চিত্ৰলেখা কলাকেন্দ্ৰৰ শলাগ লয় ।

টীয়কৰ পিতৃ মাতৃহীন দুই অনাথৰ শিক্ষাৰ দায়িত্ব ললে সমাজ কর্মী তুষাৰ পালে

টীয়কৰ এহাল কণমানি কিশোৰৰ জীৱন সংগ্ৰাম। পিতৃ – মাতৃ অবিহনে দুই ভাতৃ নিথৰুৱা । উৰুখা  পঁজাতে সত্তৰ বছৰীয়া বৃদ্ধ আইতাকৰ সৈতে কটাইছে দুৰ্বিসহ জীৱন । টীয়ক তেলীয়া গাঁৱৰ ১ নং বাৰ্ডৰ এই দুই কিশোৰ হৈছে প্ৰণয় মালাকাৰ আৰু প্ৰিয়াংকুশ মালাকাৰ ।কিছু বছৰ আগতে পিতৃ মাতৃ জটিল ৰোগত আক্রান্ত হৈ নিথৰুৱা এই দুই শিশুৱে আইতাৰ সৈতে কটাবলগীয়া হৈছে জীৱন সংগ্ৰাম। আইতাকে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে অন্যহাতে সপ্তম শ্ৰেণীত পঢ়া প্ৰনয়ে বিদ্যালয় ছুটিৰ পিছত লোকৰ ঘৰত কাম কৰি দুই পইচা অৰ্জন কৰি মোকলাব লগীয়া হৈছে ভাত । জানিব পৰা মতে আইতাক আৰু ভায়েক সকাহ দিবৰ বাবে প্ৰনয়ে কৰি গৈছে এই জীৱন সংগ্ৰাম । আজিলৈকে ঘৰ,বিদ্যুৎ ব্যৱস্থা, শৌচাগাৰ, কে ধৰি চৰকাৰী একো সাহায্য নোপোৱা  এই দুই কিশোৰৰ সংবাদ মাধ্যমত বাতৰি সম্পচাৰৰ পিছতে থিয় দিছে হি মৰিয়নী  চেলেংহাটৰ এগৰাকী মানৱ দৰদী ব্যক্তি তথা ৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তুষাৰ পাল । বৰ্তমান দশম শ্ৰেণীলৈকে এই দুই কিশোৰৰ শিক্ষাৰ সমস্ত দায়িত্ব লোৱাৰ লগতে কালি  কিছু শিক্ষণ সঁজুলি  দিয়াৰ লগতে ভৱিষ্যতে প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে।

নলবাৰীত বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহেৰে হিন্দু জাগৰণ মঞ্চৰ উত্তাল প্ৰতিবাদ

ধিংৰ বিধায়ক আমিনুল ইছলামে কামাখ্যাৰ মাটি  ঔৰংজেৱে দান দিয়া বুলি কোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদৰ জোঁৱাৰ উঠিছিল। মংগলবাৰে  হিন্দু জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতিয়ে জিলা সদৰৰ আম্বেদকাৰ চকত হিন্দু জাগৰণ মঞ্চৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কলিতা আৰু সাধাৰণ সম্পাদক ভক্ত চেত্ৰীৰ নেতৃত্বত হিন্দু জাগৰণ মঞ্চৰ কৰ্মী সকলে বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷আমিনুল ইছলাম হায় হায়,আমিনুল ইছলাম মুৰ্দাবাদ ধ্বনিত উত্তাল হৈ পৰে নলবাৰী সদৰ চকটো।প্ৰতিকৃতি দাহৰ পিছতেই বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনাই নলবাৰী সদৰ থানাত এখন এজাহাৰো দাখিল কৰে হিন্দু জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতিয়ে৷

জামুগুৰিহাট গুৱাহাটী ফ’ৰামৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ পৃষ্ঠভূমি জামুগুৰিহাটৰ পৰা গৈ গুৱাহাটীত বসবাস কৰা জামুগুৰীয়াৰ অন্যতম অনুষ্ঠান ‘জামুগুৰিহাট গুৱাহাটী ফ’ৰাম’ৰ দ্বি-বাৰ্ষিক  অধিবেশনখন যোৱা ৫ ডিচেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীৱৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত সম্পন্ন হয়। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা উক্ত অধিবেশনৰ সাধাৰণ সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে ফ’ৰামৰ স্থায়ী সভাপতি তথা জ্যেষ্ঠ সাংবাদিক নিত্য বৰাই। ফ’ৰামৰ সদস্যা ৰিমলিম বৰুৱাই আঁতধৰা সভাখন মল্লিকা ৰায় গোস্বামীৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু ৰূপাঞ্জলি মহন্ত, ৰেখা মহন্ত আৰু গায়ত্রী মহন্তৰ সমবেত বৰগীতেৰে শুভাৰম্ভ কৰা হয়। শতাধিক সদস্যৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাখনত অসম চৰকাৰে ২০১৭ বৰ্ষৰ পৰা প্ৰদান কৰি অহা শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা নিৰ্দিষ্ট সময়ত প্ৰদানৰ বাবে আহ্বান জনোৱাৰ লগতে আগন্তুক বৰ্ষৰ পৰা সাংবাদিকতাৰ আলোক স্তম্ভ, জামুগুৰিহাটৰ পুৰোধা ৰাধিকা মোহন ভাগৱতীৰ  নামত ‘সাংবাদিক বঁটা’ ফ’ৰামে নিজাববীয়াকৈ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰোপৰি গুৱাহাটীত এটি ‘জামুগুৰিহাট ভৱন’ স্থাপন, জামুগুৰিৰ পৰা যোৱা ৰোগীৰ  অসুবিধা দূৰ কৰা আদি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সভাই গ্ৰহণ কৰে। সভাখনত পূৰ্বৰ সমিতিখন ভংগ কৰি আগন্তুক দুটা বৰ্ষৰ বাবে শক্তিশালী এখন কাৰ্যনিৰ্বাহ সমিতি গঠন কৰে। ফ’ৰামৰ সম্পাদক বেদব্ৰত বৰা আৰু কাৰ্যালয় সম্পাদক ঈশ্বৰ চন্দ্ৰ বৰাই জানিবলৈ দিয়া মতে উক্ত দিনা গঠন কৰা সমিতিখন ক্ৰমে সভাপতি – সদ্য অৱসৰপ্ৰাপ্ত আৰক্ষী মহাপৰিদৰ্শক ৰাণা ভূঞা, কাৰ্যকৰী সভাপতি – দীপাংকৰ বৰা, উপ সভাপতি ক্ৰমে –  কুণ্টলমণি শৰ্মা বৰদলৈ, বেদব্ৰত বৰা, কন্দৰ্প শইকীয়া, যুটীয়া সম্পাদক হিচাপে শান্তনু শৰ্মা আৰু ইশ্বৰ চন্দ্ৰ বৰা, বিত্ত সম্পাদক – আৰমান আলি, কাৰ্য্যলয় সম্পাদক – ইন্দ্ৰ কান্ত কাৰ্কী নিৰ্বাচিত হয় ৷ আনহাতে উক্ত সভাতে নিত্য বৰা, দ্বিজেন দাস, অমিতাভ বৰঠাকুৰ, অভিজিৎ বৰঠাকুৰ আৰু মল্লিকা গোস্বামীক উপদেষ্টা হিচাপে মনোনিত কৰে। সভাৰ অন্তত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত অসমৰ অন্যতম জনপ্ৰিয় অভিনেত্রী, তথা জামুগুৰিহাটৰ জীয়ৰী গায়ত্রী মহন্ত, কণমানি কণ্ঠশিল্পী আশ্বাস আয়ুষ্মান আদিয়ে অংশ গ্ৰহণ কৰে। অধিবেশনখনৰ সফল সমাপ্তিত সকলোলৈকে কৃতজ্ঞতা জনাইছে  উদ্যোক্তাসকলে। আনহাতে অসমৰ সংবাদ জগতৰ পুৰোধা তথা জামুগুৰীয়া সন্তান ৰাধিকা মোহন ভাগৱতীৰ নামত ‘সাংবাদিক বঁটা’ প্ৰদানৰ সিদ্ধান্তক আদৰণি জনাইছে জামুগুৰীবাসী ৰাইজে।

ভেৰগাঁ‌ও দোংপাৰাত চতুৰ্থ বাৰ্ষিক ৰাভা লোক কৃষ্টিৰ কৰ্মশালা

ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনীৰ উদ্যোগত আৰু ভেৰগাঁ‌ও ৰাভা সংগঠন সমূহৰ সহযোগত ওদালগুৰি জিলা ভেৰগাঁ‌ও  দোংপাৰাত অনুষ্ঠিত কৰা হৈছে  পাঁ‌চ দিনিয়া ৰাভা লোক কৃষ্টিৰ  কৰ্মশালা।””যি সময়ত পশ্চিমিয়া সাংস্কৃতিৰ প্ৰচলনে ক্ৰমান্বয়ে দেশখনৰ প্ৰতিটো জাতী জনগোষ্ঠীৰ ভাষা লোক কৃষ্টি বিলুপ্তি কৰণৰ দিশে গতি কৰিছে ঠিক তেনে সময়তে এছাম লোকে নিজৰ জনগোষ্ঠীটোৰ পৰম্পৰা সাজ,পাৰ ভাষা কলা,লোক সাংস্কৃতি আদি জীয়াই ৰাখিবলৈ অপ্ৰাণ প্ৰচেষ্টা চলাই আহিছে।তেনেই এক নিদৰ্শন দাঙি ধৰিছে ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনেইসংশ্লিষ্টত বিগত চাৰিটা বছৰে ৰাভা জনগোষ্ঠীৰ লোক কৃষ্টি জীয়াই ৰখাৰ লগতে ৰাভা জনগোষ্ঠীৰ কলা সাহিত্য  সাংস্কৃতি বিশ্বৰ দৰবাৰতকনোগুনে যাতে কম নহয় সেয়া দাঙি ধৰি আহিছে। লগতে সাম্প্ৰতিক সময়ত নৱ প্ৰজন্মক নিজ জনগোষ্ঠীৰ ভাষা কলা সাহিত্য লোক সাংস্কৃতি জীয়াই ৰাখিবলৈ জাগৰণ কৰি আহিছে।পৰিপেক্ষিতত বিগত বছৰৰ দৰে এইবেলিও ওদালগুৰি জিলা ভেৰগাঁ‌ও দোংপাৰাত প্ৰায় তিনিশতাধিক শিক্ষাৰ্থীক  ৰাভা লোক কৃষ্টিৰ  প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে আজি ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ প্ৰায় পাঁ‌চ দিনিয়া কাৰ্যসূচীৰে ৰাভা কৃষ্টিৰ প্ৰয়াত ওজা ৰাজেন পামৰ সোঁ‌ৱৰণিত অনুষ্ঠিত কৰিছে চতুৰ্থ বাৰ্ষিক ৰাভা লোক কৃষ্টিৰ কৰ্মশালা।

ৰৌতাৰ ধনশ্ৰীখুটিত অংগনাবাড়ী কেন্দ্ৰত শিলান্যাস

৭ ডিচেম্বৰত  ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ  ৰৌতা ব্লকৰ অধীনস্থ ৰৌতা ষ্টেচন ভিচিডিচিৰ  অন্তৰ্গত ধনশিৰি খুতিত ,(Dhansirikhuti center No.64) অংগনবাড়ী কেন্দ্ৰ এটাৰ শিলান্যাস  কৰে ওদালগুৰি জিলাৰ বিজেপি কিষান মৰ্চাৰ  সভাপতি তথা ওদালগুৰি পৌৰসভাৰ উপাধ্যক্ষ প্ৰাচুৰ্য্য দাসে, লগত উপস্থিত থাকে TLCC ৰ অধ্যক্ষ ৰুজুগ্ৰা মুছাহাৰী আৰু ৰৌতা ব্লকৰ কনিষ্ঠ অভিযন্তা প্ৰতুল কুমাৰ দে |এই কেন্দ্ৰটোৱে উক্ত অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি দাসে  উল্লেখ কৰে ৷

নাৰী নিৰ্যাতন,ডাইনী হত্যা,নাৰীক সুৰক্ষা প্ৰদান ,শিশু শ্ৰমিক বন্ধ কৰাৰ দাবীত ৰেলি

 ওদালগুৰি জিলাৰ মাজবাটত  ৭ ডিচেম্বৰ তাৰিখে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ দ্বাৰা মহিলা আৰু শিশুসকলৰ ওপৰত আৰোপ কৰা হিংসাত্মক, অনৈতিক কাৰ্য্যৰ বিৰূদ্ধে মানুহৰ মাজত সজাগতা আনিবলৈ এক ৰেলিৰ আয়োজন কৰা হয় । এই ৰেলিৰ শুভ উদ্ধোধন কৰে বহিপুখৰী ভি.চি. ডি.চিৰ চেয়াৰমেন লাধু লোহাৰে । লগতে উপস্থিত থাকে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া অঞ্জনা ব্ৰহ্ম , বাহিপুখৰী ভি.চি.ডি.চিৰ উপ সভাপতি প্ৰবীণ দৈমাৰী তথা সমূহ পোষন অভিযানৰ ছুপাৰভাইজাৰ , অংগনাবাদী কৰ্মী আৰু অঙ্গনাবাদী সহায়িকা সকল । ৰেলি আৰম্ভ হয় সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কৰ্যালয়ৰ পৰা মাজবাট টাউনলৈ । উক্ত অনুষ্ঠানৰ প্ৰাকমূহুৰ্তত সম্বৰ্ধনা কাৰ্যসূচীৰ লগতে লাধু লোহাৰ তথা অঞ্জনা ব্ৰহ্মই নাৰী নিৰ্যাতন, ডাইনী হত্যা, বাল্যবিবাহ আদিৰ বিৰুদ্ধে বহুমূলীয়া বক্তব্য আগবঢ়ায় । উক্ত অনুষ্ঠানত হাতে হাতে প্লে কাৰ্ড লৈ ডাইনী হত্যা বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক , নাৰীক সুৰক্ষা প্ৰদান কৰক , শিশু শ্ৰমিক বন্ধ কৰক , যৌতুক দিয়া লোৱা বন্ধ কৰক আদি শ্ল – গানেৰে ৰেলি সম্পন্ন কৰে আৰু লগতে মাজবাটত প্ৰত্যেক মঙ্গলবাৰে হোৱা বজাৰখনত অংগনাবাদী কৰ্মী আৰু সহায়িকা সকলৰ দ্বাৰা বাল্যবিবাহৰ ওপৰত আধাৰিত এখনি নাটকো পৰিবেশন কৰি কাৰ্য্যসূচীখনৰ শান্তিপূৰ্ণ ভাৱে সমাপ্তি ঘটায়।

ওদালগুৰি জিলা আৰ্য্য সমাজৰ সাধাৰণ সভা সম্পন্ন

ওদালগুৰি জিলা আৰ্য্য সমাজৰ বাৰ্ষিক সাধাৰণ সভা যোৱা ৫ ডিচেম্বৰ তাৰিখে ওদালগুৰি স্থিত আৰ্যসমাজৰ ভৱন প্ৰাঙ্গণত জিলা সমিতিৰ সভাপতি হৰিভক্ত শৰ্মাৰ সভাপতিত্বত সম্পন্ন হয়। সমিতিৰ সাধাৰণ সম্পাদক কমল উপাধ্যায়ে  সভাৰ বিষয় বস্তু উল্লেখ কৰাৰ পিছত উপস্থিত অতিথিসকলে সভাত বক্তব্য আগবঢ়ায়। সেই সভাতেই আৰ্য্য সমাজৰ লগতে অন্যান্য ক্ষেত্ৰতো বিশেষ সেৱা আগবঢ়াই সমাজৰ বিভিন্ন দিশত সহায় কৰাৰ বাবে দধিৰাম বাস্তোলাক আৰ্য্যসমাজ ওদালগুৰি জিলা সমিতিয়ে চেলেং চাদৰ, নেপালী টুপী, খদাৰ লগতে সম্বৰ্ধনা পত্ৰেৰে সন্মান প্ৰদান কৰে। বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়ে দধিৰাম বাস্তোলাৰ জীৱনত আধাৰিত এখনি পুস্তিকা উন্মোচন কৰে। ওদালগুৰি আৰ্য্যসমাজৰ বিশিষ্ট ব্যক্তি শান্তিৰাম সৰ্মাই আত ধৰা সভাত বিশ্ব হিন্দু পৰিষদ গোৰক্ষা সমিতিৰ বিশেষ সদস্য উত্তম পৌড্যালে গোৰক্ষা বিষয় সভাত বক্তব্য আগবঢ়ায়। লগতে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সাধাৰণ সম্পাদক লক্ষ্মী চেঢ়াই, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, বিশিষ্ট সমাজসেৱী বলভদ্ৰ ভাণ্ডাৰী, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ বাস্তোলা আদিয়ে আৰ্য্যসমাজৰ বিষয় সভাত বক্তব্য ৰাখে।  যোৱা কেইদিনমান আগতে আৰ্যসমাজ ওদালগুৰি জিলা সমিতিয়ে আয়োজন কৰা বিষয় বাচনী সভাত মনোনীত হোৱা সভাপতি ঋষিৰাম পোখ্ৰেল আৰু সাধাৰণ সম্পাদক সহদেৱ গৌতমক পুৰণি সমিতিৰ সভাপতি হৰিভক্ত শৰ্মা আৰু সাধাৰণ সম্পাদক কমল উপাধ্যায়য়ে কাৰ্য্যভাৰ অৰ্পণ কৰে।