Breaking

নাৰী নিৰ্যাতন,ডাইনী হত্যা,নাৰীক সুৰক্ষা প্ৰদান ,শিশু শ্ৰমিক বন্ধ কৰাৰ দাবীত ৰেলি

0 2,418

 ওদালগুৰি জিলাৰ মাজবাটত  ৭ ডিচেম্বৰ তাৰিখে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ দ্বাৰা মহিলা আৰু শিশুসকলৰ ওপৰত আৰোপ কৰা হিংসাত্মক, অনৈতিক কাৰ্য্যৰ বিৰূদ্ধে মানুহৰ মাজত সজাগতা আনিবলৈ এক ৰেলিৰ আয়োজন কৰা হয় । এই ৰেলিৰ শুভ উদ্ধোধন কৰে বহিপুখৰী ভি.চি. ডি.চিৰ চেয়াৰমেন লাধু লোহাৰে । লগতে উপস্থিত থাকে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া অঞ্জনা ব্ৰহ্ম , বাহিপুখৰী ভি.চি.ডি.চিৰ উপ সভাপতি প্ৰবীণ দৈমাৰী তথা সমূহ পোষন অভিযানৰ ছুপাৰভাইজাৰ , অংগনাবাদী কৰ্মী আৰু অঙ্গনাবাদী সহায়িকা সকল । ৰেলি আৰম্ভ হয় সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কৰ্যালয়ৰ পৰা মাজবাট টাউনলৈ । উক্ত অনুষ্ঠানৰ প্ৰাকমূহুৰ্তত সম্বৰ্ধনা কাৰ্যসূচীৰ লগতে লাধু লোহাৰ তথা অঞ্জনা ব্ৰহ্মই নাৰী নিৰ্যাতন, ডাইনী হত্যা, বাল্যবিবাহ আদিৰ বিৰুদ্ধে বহুমূলীয়া বক্তব্য আগবঢ়ায় । উক্ত অনুষ্ঠানত হাতে হাতে প্লে কাৰ্ড লৈ ডাইনী হত্যা বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক , নাৰীক সুৰক্ষা প্ৰদান কৰক , শিশু শ্ৰমিক বন্ধ কৰক , যৌতুক দিয়া লোৱা বন্ধ কৰক আদি শ্ল – গানেৰে ৰেলি সম্পন্ন কৰে আৰু লগতে মাজবাটত প্ৰত্যেক মঙ্গলবাৰে হোৱা বজাৰখনত অংগনাবাদী কৰ্মী আৰু সহায়িকা সকলৰ দ্বাৰা বাল্যবিবাহৰ ওপৰত আধাৰিত এখনি নাটকো পৰিবেশন কৰি কাৰ্য্যসূচীখনৰ শান্তিপূৰ্ণ ভাৱে সমাপ্তি ঘটায়।

Leave A Reply