অধ্যক্ষ অভিযন্তা মৃগেন বড়ো,কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিয বৰ্তমান ৰাজ্যৰ দুৰ্নীতিৰ মাৰাথানত শীৰ্ষত অৱস্থান কৰিছে বিয়াগোম জলসিঞ্চন বিভাগে |সঘনাই সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা এই জলসিঞ্চন বিভাগত এতিয়া কোটি কোটি টকাৰ দুৰ্নীতি।জলসিঞ্চন বিভাগক ধনসিঞ্চন বিভাগলৈ পৰিণত কৰিছে কেলেংকাৰীত সিদ্ধহস্ত একাংশ বিষয়া-কৰ্মচাৰীয়ে|বিভাগটোৰ ওদালগুৰি জিলাৰ টংলা জলসিঞ্চন সংমণ্ডলত সংঘটিত হৈছে কোটি টকীয়া বৃহৎ এক কেলেংকাৰী |৪১৮ কোটিৰ আমানতৰ ধনৰ ৪.১৮ কোটিৰ এই কেলেংকাৰীৰ মূল নায়ক ৰূপে অভিযোগৰ আঙুলি উঠিছে কোকৰাঝাৰ জলসিঞ্চন বিভাগৰ অধ্যক্ষ অভিযন্তা মৃগেন বড়ো,টংলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতা আৰু গাণনিক প্ৰভাত কলিতাৰ বিৰুদ্ধে |বছৰ বছৰ ধৰি ঠিকা আবন্টনৰ ধনৰ কোটি কোটি টকা কোষাগাৰ সঞ্চালকালয়ৰ পৰা উলিয়াই আত্মসাৎ কৰাৰ অভিযোগ কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতা আৰু অধ্যক্ষ অভিযন্তা (CHD)মৃগেন বড়োৰ বিৰুদ্ধে |এনেদৰে আমানতৰ ধন উলিয়াই একাংশ ঠিকাদাৰক প্ৰাপ্যতকৈ অধিক ধন একাউন্টত পঠিয়াইছে মৃগেন বড়ো আৰু সত্যৰাম কলিতাই |জগত ৰাভা,পদ্ম বড়ো,বিষ্ণু ৰাভা,অশোক বাজাজ,ধৰ্মেশ্বৰ গোৱাৰী,ভৱদেৱ মহন্ত আদিকে ধৰি প্ৰায় ৫০/৬০ জন ঠিকাদাৰৰ নামত তেওঁলোকৰ পৰা বুজন পৰিমানৰ ধন লৈ ৪১৮কোটিৰ আমানতৰ ধনৰ ৪.১৮ লাখ টকা আত্মসাৎ কৰিছে এইকেইজন বিষয়াই |এই ষড়যন্ত্ৰৰে মুঠ ৪.১৮কোটি টকাৰ লুণ্ঠন চলোৱা সত্যৰাম কলিতা আৰু মৃগেন বড়োৱে ঠিকাদাৰক দিয়া অধিক ধনৰ টোপোলা অগ্ৰাহ্য কৰে একাংশ ঠিকাদাৰে |ধনৰ ভোকত কেইবাজনো ঠিকাদাৰৰ নথি পত্ৰত স্কেনিঙৰ জৰিয়তে অন্য ঠিকাদাৰৰ নাম অন্তৰ্ভূক্ত কৰিও টকা পঠোৱা সত্যৰাম কলিতা আৰু মৃগেন বড়ো বাহিনীয়ে তাৰে ৮০% ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে |এই ৪১৮কোটি আমানতৰ ধনৰ একাংশ কি কৌশল প্ৰয়োগ কৰি কোকৰাঝাৰ CHD কাৰ্যালয়ৰ অধ্যক্ষ অভিযন্তাজনে কাৰ্যবাহী অভিযন্তা জনলৈ মোকলাই দিয়ে,সেইয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত |পূৰ্বৰ নিয়ম অনুযায়ী সকলো আমানতৰ ধন মোকলাই দিছিল সচিবালয়ৰ অনুমোদন সাপেক্ষেহে |কিন্তু , যিহেতু ৰাজ্য চৰকাৰে আমানতৰ সকলো ধন অধ্যক্ষ অভিযন্তাই মোকলাই দিব পাৰিব বুলি ইতিমধ্যে নিৰ্দেশনা জাৰী কৰিছিল।আৰু তাৰেই সুযোগ লৈ মৃগেন বড়োৱে এই ধন মোকলাই দিয়ে কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতাক |কিন্তু দ্বায়িত্ব অনুযায়ী বিলৰ কপিত SD মানি কাটি ৰখা ৰছিদ,স্কিম সম্পূৰ্ণ হোৱাৰ পিছত আমানতৰ ধন ঘূৰাই দিব লগা হ’লে ঠিকাদাৰ,SO,SDO,অভিযন্তা এ এখন NO Objection Certificate দিয়ে যিখনৰ দ্বায়িত্বত থাকে অধ্যক্ষ অভিযন্তাজন অৰ্থাৎ মৃগেন বড়ো |কিন্তু এই সকলোবোৰ তথ্যৰ পৰীক্ষণ নকৰাকৈয়ে এক বৃহৎ সংখ্যক টকাৰ অনুমোদন কৰাৰ অভিযোগ মৃগেন বড়োৰ বিৰুদ্ধে | দুৰ্নীতিমুক্ত অসমৰ সংকল্প লোৱা এইখন চৰকাৰৰ এইখন অসমতে চৰকাৰী নীতি নিৰ্দেশনাক কেৰেপ নকৰা এইজন কাৰ্যবাহী অভিযন্তাৰ কেনেকৈ ইমান ধৃষ্টতা? তাকো প্ৰায়েই দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱা এটা চৰকাৰী বিভাগত পুনৰ এনে কোটি কোটি টকাৰ দুৰ্নীতিত লিপ্ত হোৱাৰ সাহস কৰ পৰা পালে এনে বিষয়াই? |এনেদৰে ঠিকাদাৰৰ একাউন্টৰ জৰিয়তে কোটি কোটি চৰকাৰী টকা নিজৰ পকেটলৈ অনা এই দুই বিষয়াৰ ওপৰত কেতিয়া চকু পৰিব অসমৰ মুখ্যমন্ত্ৰী,জলসিঞ্চন মন্ত্ৰী অশোক সিংহাল তথা BTC ৰ জলসিঞ্চন বিভাগৰ EMৰ |নে কোটি কোটি চৰকাৰী টকা,চৰকাৰী বিভাগ তথা চৰকাৰী কামৰ সুৰুঙাৰে পুনৰ এই দুই দুৰ্নীতিগ্ৰস্ত বিষয়া সাৰি যাব তদন্তৰ পৰা, নে পুনৰ একেই দুৰ্নীতি ৰ মেৰপাকত আৱদ্ধ হʼবলৈ চৰকাৰে এই দুই বিষয়াক ৰঙা দলিছা পাৰি দিব,নে অসম চৰকাৰ বিধানসভাৰ বিশ্বজিৎ দৈমাৰীৰ অতি ঘনিষ্ঠ হোৱাৰ বাবে তদন্তৰ পৰা সাৰি যাব অধ্যক্ষ অভিযন্তা মৃগেন বড়ো,আগন্তুক সময়তহে সেয়া লক্ষণীয় হ’ব ৷অনতিপলমে পলমে বিচাৰি হলেও গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে দাবী জনাইছে ৷
মণিপুৰত জব্দ ৫০০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী
মণিপুৰত ৫০০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰাৰ সময়ত অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ এটা যুটীয়া দলে ড্ৰাগছ চোৰাং ব্যৱসায়ৰ এটা বৃহৎ চক্ৰ উদ্ধাৰ কৰিছিল। অভিযানৰ সময়ত সুৰক্ষা বাহিনীয়ে ম্যানমাৰ মূলৰ এজন চোৰাং ব্যৱসায়ীক আটক কৰিছিল।জব্দ কৰা নিচাজাতীয় সামগ্ৰীবোৰত প্ৰায় ৫৪ কিলোগ্ৰাম ব্ৰাউন চুগাৰ আৰু ১৫৪ কিলোগ্ৰাম মেথাম্ফেটামিন (আইচ মেথ) আছিল।

অসম ৰাইফলছে এক বিবৃতিত কয়, “কঠোৰ চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি এক সুপৰিকল্পিত অভিযানত অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ এটা যুটীয়া দলে মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মোৰেৰ এটা স্থানত অভিযান চলাই ৫০০ কোটি টকাৰ অধিক মূল্যৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে।” তেওঁলোকে আৰু কৈছিল যে নাৰ্কো-সন্ত্ৰাসবাদ ম্যানমাৰত অৱস্থিত ভাৰতীয় সন্ত্ৰাসবাদী গোটবোৰৰ বাবে বিত্তৰ এক মুখ্য উৎস আৰু ইয়াৰ “সোণালী ত্ৰিভুজৰ আন খেলুৱৈসকলৰ সৈতে নাভিৰজ্জুৰ সম্পৰ্ক আছে”। বিবৃতিটোত লগতে কোৱা হৈছে, “ভাৰত আৰু বিশেষকৈ উত্তৰ-পূব অঞ্চলৰ যুৱসকলৰ মাজত ড্ৰাগছৰ আসক্তি বৃদ্ধি হোৱাৰ মুখ্য কাৰণ হৈছে এই স্ক্ৰুজ, আৰু লগতে অঞ্চলটোত সন্ত্ৰাসবাদক ইন্ধন যোগোৱাৰ এক উৎস।”
অন্ধকাৰত বুৰ যাব পৃথিৱী! ভয়ংকৰ বিপদৰ আগজাননী
অন্ধকাৰত বুৰ যাব পাৰে পৃথিৱী ! আপুনি হয়তো সোনকালেই একো নেদেখা হৈ পৰিব৷ ইমানেই আন্ধাৰ হৈ পৰিব যে, আপুনি হয়তো আপোনাৰ কাষৰ মানুহজনকো চিনিব নোৱাৰিব৷ শেহতীয়াকৈ, পৃথিৱীয়ে ইয়াৰ উজ্বলতা হেৰুৱাইছে, আৰু ইয়াৰ উজ্বলতাৰ মাত্ৰা ইমানেই হ্ৰাস পাইছে যে বিষয়টো বিজ্ঞানীসকলৰ বাবে খুবেই চিন্তনীয় বিষয় হৈ পৰিছে৷ আন্তৰ্জাতিক বিজ্ঞান গৱেষণা আলোচনী ভূ-ভৌতিক গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে এই তথ্য৷ কাকতখনে কৈছিল যে ১৯৯৮ চনৰ পৰা ২০১৭ চনলৈ ২0 বছৰত, পৃথিৱীৰ উজ্জ্বলতা প্ৰতি বৰ্গ মিটাৰত আগৰ বছৰবোৰৰ তুলনাত হ্ৰাস পাইছে। পৃথিৱীৰ উজ্জ্বলতা আগৰ বছৰবোৰৰ দৰে শতাংশ অনুসৰি ০.৫ শতাংশ হ্ৰাস পাইছে। ইয়াৰ অৰ্থ হৈছে যে সূৰ্যই গ্ৰহটোক আগৰ তুলনাত কম পৰিমাণত প্ৰতিফলিত কৰিছে৷

গৱেষকসকলে এই পৰিঘটনা কিয় হৈ আছে তাৰ কাৰণো বিচাৰি উলিয়াইছে। গৱেষণাত তেওঁলোকে এই তথ্য প্ৰকাশ কৰিছে যে, যোৱা ২০ বছৰত পৃথিৱীৰ মহাসাগৰৰ উষ্ণতা আগতকৈ বহু বেছি বৃদ্ধি পাইছে। ফলস্বৰূপে, সেই মহাসাগৰৰ ওপৰৰ ডাৱৰবোৰ আগতকৈ অধিক উজ্জ্বল হৈ পৰিছে। পৃথিৱীৰ সূৰ্যৰ পোহৰ ডাৱৰৰ উজ্জ্বলতা হেৰুৱাবলৈ আগৰ তুলনাত কম পৰিমাণে মহাকাশত প্ৰতিফলিত হৈছে। পৃথিৱীয়ে কিমান সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰিছে বুজিবলৈ, গৱেষকসকলে পৃথিৱীয়ে ইয়াৰ উপগ্ৰহ চন্দ্ৰক কিমান পৰিমাণে পোহৰ দি আছে তাক সঘনাই পৰীক্ষা কৰাৰ অন্তত এই তথ্য প্ৰকাশ পাইছিল৷

কাকতখনত প্ৰকাশ পাইছিল যে ১৯৯৮ ৰ পৰা ২০১৭ ৰ ভিতৰত ০.৫ শতাংশ হ্ৰাস পাইছিল, আৰু সেয়া মুখ্যতঃ ২০১৫, ২০১৬ আৰু ২০১৭ চনত সৰ্বাধিক হ্ৰাস পাইছে। মুখ্য গৱেষক নিউ জাৰ্চি ইনষ্টিটিউট অৱ টেকন’লজীৰ অধ্যাপক ফিলিপ গুডে কয় যে, “প্ৰতিফলনৰ পৰিমাণ হ্ৰাস হোৱাৰ তিনি বছৰীয়া বিৱৰণ দেখি আমি আচৰিত হৈছো।” ইমান দিন ধৰি আমাৰ বিজ্ঞানীসকলে বিশ্বাস কৰিছিল যে উষ্ণতাৰ বাবে পৃথিৱীয়ে মহাকাশত অধিক সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰি আছে। কিন্তু আমাৰ গৱেষণাৰ ফলাফলে ইয়াৰ বিপৰীত কথা ক’লে৷” গৱেষণাত এই তথ্যও প্ৰকাশ পাইছে যে, প্ৰদূষণৰ মাত্ৰা বাঢ়ি য়োৱাৰ বাবে গোলকীয় উষ্ণতাৰ মাত্ৰা বাঢ়িছে, যাৰ বাবে সঘনাই জলবায়ু পৰিৱৰ্তনৰ দৰে ঘটনা সংঘটিত হৈছে, আৰু পৃথিৱীবাসীয়ে ইয়াৰ শুধৰণি কৰিব নোৱাৰিলে ভয়ংকৰ পৰিণতিৰ বাবে সাজু থাকিবলৈ সতৰ্ক কৰি দিছে সংস্থাটোৱে৷
ৰোগীয়ে ঔষধ নোপোৱাক লৈ অতিৰিক্ত উপায়ুক্তক সাক্ষাৎ অ.জা.যু.ছা.প. মৰিগাঁৱৰ
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ এটা সজাতি দলে জিলা খনৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৰ জিলা সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ থাকে যে, সমগ্ৰ মৰিগাঁও জিলা খনৰ ভিতৰতে এক মাত্ৰ উন্নত চিকিৎসালয় হৈছে মৰিগাঁও সদৰস্থিত শ্বহীদ তিলক-হেমৰাম-গুনাভিৰাম অসামৰিক চিকিৎসালয়। চিকিৎসালয় খনৰ ভিতৰত থকা ঔষধ বিতৰণ কক্ষ কেৱল মাত্ৰ চিকিৎসালয় খনৰ বহিঃ বিভাগৰ সময়তহে খোলা থাকে। অন্য সময়ত বাহিৰত অৱস্থিত ব্যক্তিগত ফাৰ্মাচীৰ পৰা ঔষধ সংগ্ৰহ কৰিব লগীয়া হয়।
কিন্তু অতি দুখৰ বিষয় যে, নিশা ভাগত এই ব্যক্তিগত ফাৰ্মাচী সমূহ বন্ধ হৈ পৰাৰ লগতে চিকিৎসালয় খনৰ ঔষধ বিতৰণ কক্ষও বন্ধ হৈ থাকে। ৰোগীৰ স্বাৰ্থত এই ফাৰ্মাচী সমূহ নৈশ ভাগত খোলা ৰখাৰ বিপৰীতে ফাৰ্মাচী সমূহৰ মালিক সকলে মইমতালিকৈ নিজৰ ব্যৱসায় অব্যাহত ৰাখিছে। যাৰ ফলস্বৰূপে, নৈশ ভাগত ৰোগী বা ৰোগীৰ আত্মীয় বিপদৰ সন্মুখীন হয়। জিলা খনৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীৰ দৰে অতি দক্ষ প্ৰশাসনিক বিষয়া এগৰাকীৰ হাতত স্বাস্থ্য বিভাগ থকাৰ পিছতো নৈশ ভাগত চিকিৎসালয় খনৰ সন্মুখৰ ফাৰ্মাচী সমূহ ৰোগীৰ স্বাৰ্থত খোলা ৰাখিব নোৱাৰা আৰু মালিক সকলক নাকি লগাব নোৱাৰাত ক্ষোভিত সংগঠনতোৰ নেতৃবৃন্দ। তদুপলক্ষে স্মাৰক পত্ৰৰ জৰিয়তে নৈশ ভাগত ব্যক্তিগত ফাৰ্মাচী সমূহ দৈনিক খোলাৰ আৰু চিকিৎসালয় খনৰ ঔষধ বিতৰণ কক্ষ ২৪ ঘন্টায়ে মুকলি ৰখাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। এই স্মাৰক পত্ৰৰ প্ৰতিলিপি সংগঠনটোৱে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকলৈ প্ৰেৰণ কৰে।
বিকি-কেটৰ বিয়াত নাবাজে ৰণবীৰ অভিনীত ছবিৰ গীত
কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়ালৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে বলিউদ। শুকুৰবাৰে ৰাজস্থানত অনুষ্ঠিত হ’ব এই বহু প্ৰত্যাশিত বিয়াখনৰ সংগীতানুষ্ঠান। পিছে এই অনুষ্ঠানত এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে কইনা কেটৰিনাই। প্ৰাপ্ত খবৰ অনুসৰি কেটৰিনাৰ প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰ অভিনিত চিনেমাৰ সকলো গান নিষিদ্ধ কৰিছে সংগীতানুষ্ঠানত। আচৰিত কথাটো হল এটা সময়ত ৰণবীৰ আৰু কেটৰিনাৰ মাজত আছিল হিয়া দিয়া নিয়া।

দীপিকা পাডুকনৰ সৈতে ব্ৰেকআপ হোৱাৰ পাছত কেটৰিনাৰ প্ৰেমত পৰিছিল চকলেট বয় ৰণবীৰ কাপুৰ। কিন্তু এই প্ৰেম দীৰ্ঘদিনীয়া নহ’ল। ছলমান খানৰ সৈতে বিচ্ছেদ হোৱাৰ পাছত ৰণবীৰ কাপুৰৰ মাজত কেটৰিনাই বিচাৰি পাইছিল প্ৰেমৰ ৰং, পিছে সেই প্ৰেমো ভাঙি যোৱাত কেটৰিনা দুখত ভাগি পৰিছিল।২০০৯ চনত ‘অজৱ প্ৰেম কি গজৱ কাহানী’ ছবিখনত ৰণবীৰ-কেটৰিনাই একেলগে অভিনয় কৰিছিল। তাতেই গঢ় লৈ উঠিছিল দুয়োৰে মাজত বন্ধুত্ব। এই বন্ধুত্বই কম দিনৰ ভিতৰতে প্ৰেমৰ ৰুপ লৈছিল। বিভিন্ন ডেটিং স্পটত দুয়োকে কেইবাবাৰো একেলগে দেখা গৈছিল। ৰণবীৰ-কেটৰিনাই একেলগে ‘ৰাজনীতি’, ‘জগ্গা জাছুছ’ৰ দৰে ছবিতো একেলগে অভিনয় কৰিছিল। কিন্তু এই প্ৰেম ভংগ হোৱাৰ পাছতে দুয়ো দুয়োৰে মুখো চাব নিবিচৰা হ’ল।

পিছে কোন কালৈ ৰৈ থাকে? আকৌ প্ৰেমত পৰিল দুয়ো। কেটৰিনা পৰিল বিকি কৌশলৰ প্ৰেমত আৰু ৰণবীৰ পৰিল আলিয়া ভাটৰ প্ৰেমত। অৱশেষত কেটৰিনা বিকি কৌশলৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে। ইফালে ৰণবীৰেও অতি সোনকালে ঘৰৰ লখিমী কৰি আদৰি আনিব আলিয়া ভাটক। পুৰণা প্ৰেমৰ সেই স্মৃতি দূৰত ৰখাৰ উদ্দেশ্যেৰে কেটৰিনাই ৰণবীৰৰ গান নিষিদ্ধ কৰিছে নিজৰ বিয়াত। বিকি-কেটৰ বিয়াত নিমন্ত্ৰিত অতিথিৰ তালিকাতো নাই ৰণবীৰ কাপুৰ। উল্লেখ্য যে বিয়াখনত বিকি-কেটে কি কি গানত নৃত্য কৰিব সেয়াও ঠিক কৰা হৈছে। জনপ্ৰিয় গান ‘কালা চশমা’, ‘তেৰী ঔৰ’ আদি গীতৰ তালে তালে নাচিব বিকি-কেটে।
তপন হাজৰিকা গ্ৰন্থ বীক্ষণ প্ৰতিযোগিতাৰ শুভাৰম্ভ
ডিব্ৰুগড় জিলাৰ নতুন বলাইস্থিত প্ৰদীপ পুথিভঁৰালত ৫ ডিচেম্বৰ তাৰিখে বৃহত্তৰ বলাই অঞ্চলৰ বৌদ্ধিক স্বেচ্ছাসেৱী সংগঠন আলোকসন্ধানী অধ্যয়ন চক্ৰৰ উদ্যোগত আয়োজিত তপন হাজৰিকা সোঁৱৰণী গ্ৰন্থবীক্ষণ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। আলোকসন্ধানীৰ প্ৰয়াত সম্পাদক তপন হাজৰিকাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনা অনুষ্ঠিত এই অনুষ্ঠানৰ পাতনিতে আলোকসন্ধানীৰ উপ সভাপতি ৰাজেন্দ্ৰজিৎ গগৈয়ে প্ৰয়াত তপন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে কনক চন্দ্ৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সমীৰণ দাসে স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে।
আলোকসন্ধানীৰ শিল্পী দীপশিখা, ফুলনজ্যোতি, মায়া, নিকিতা, মৌচুমী, মূৰ্ছনাই পৰিবেশন কৰা প্ৰাৰ্থনাই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। এই অনুষ্ঠানত উপস্থিত থকা সমীৰণ দাসে তেখেতৰ বক্তব্যত “গ্ৰন্থই পৃথিৱী শাসন কৰে” বুলি মন্তব্য কৰি আলোকসন্ধানীৰ উদ্যোগত আয়োজিত গ্ৰন্থ বীক্ষণ প্ৰতিযোগিতাক সময়োপযোগী পদক্ষেপ বুলি কৈ এই কাৰ্যসূচীৰ সাফল্য কামনা কৰে। অৱসৰী শিক্ষকদ্বয় ৰাজেন্দ্ৰজিৎ গগৈ আৰু যদুনাথ শইকীয়াই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে বৰবৰুৱানিবাসী গ্ৰন্থপ্ৰেমী ব্যক্তি অনুপম বৰুৱা আৰু নতুন বলাই নিবাসী যদুনাথ শইকীয়াই তপন হাজৰিকা সোঁৱৰণী গ্ৰন্থকোষ লৈ শতাধিক গ্ৰন্থ দানসূত্ৰে আগবঢ়ায়।
উল্লেখ্য যে, আলোকসন্ধানীৰ প্ৰয়াত সম্পাদক তপন হাজৰিকাৰ স্মৃতিত তিনিচুকীয়া গাঁওনিবাসী অৱসৰী শিক্ষক তুলাৰাম সোণোৱালে দান কৰা ত্ৰিশতাধিক গ্ৰন্থৰ সমাহাৰেৰে তথা খোৱাঙৰ সমাজসচেতন ব্যৱসায়ী পবিত্ৰ লিগিৰাই দান কৰা গ্ৰন্থসম্ভাৰে ৪ চেপ্টেম্বৰ তাৰিখে তপন হাজৰিকা সোঁৱৰণী গ্ৰন্থকোষ স্থাপন কৰা হয়। গ্ৰন্থ বীক্ষণ প্ৰতিযোগিতাৰ শুভাৰম্ভ অনুষ্ঠানত নবম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ পৰ্য্যন্ত অধ্যয়নৰত মুঠ ৩০(ত্ৰিশ) গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰথমতে একোখনকৈ গ্ৰন্থ দিয়া হৈছে।প্ৰতিযোগীসকলে অহা ৫ ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকৰ ভাগত পৰা গ্ৰন্থখনৰ বিষয়ে গ্ৰন্থ পৰিচয়মূলক একোটা নিবন্ধ লিখি আলোকসন্ধানীৰ সভাপতি/সম্পাদকৰ হাতত জমা দিব লাগিব। পাছৰ পৰ্য্যায়ত অহা ৫ফেব্ৰুৱাৰী, ৫এপ্ৰিল, ৫জুন, আৰু ৫আগষ্টত দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম বাৰৰ গ্ৰন্থ বীক্ষণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
পৰবৰ্তী প্ৰতিযোগিতাত যোগদান কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে আলোকসন্ধানীৰ সভাপতি, সম্পাদকৰ লগত যোগাযোগ কৰিব পাৰিব।আলোকসন্ধানীৰ সভাপতি গকুল চন্দ্ৰ খাউন্দে আঁত ধৰা গ্ৰন্থ বীক্ষণ প্ৰতিযোগিতাৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰদীপ পুথিভঁৰালৰ পুথিভঁৰালী লম্ভেশ্বৰ হাজৰিকাই বক্তব্য প্ৰসংগত ছাত্ৰ-ছাত্ৰী, যূৱক-যুৱতীসকলক নিয়মীয়াকৈ এই পুথিভঁৰালৰ গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায়। অৰ্ধ শতাধিক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানৰ প্ৰান্তত প্ৰতিযোগীসকলক অবিৰতভাৱে গ্ৰন্থ অধ্যয়নত ব্ৰতী হ’বলৈ আহ্বান জনাই আলোকসন্ধানীৰ সভাপতি গকুল চন্দ্ৰ খাউন্দে উপস্থিত সুধীসকলক ধন্যবাদ জ্ঞাপনেৰে অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।
আইচিচি টেষ্ট ৰেংকিঙত পুনৰ ভাৰত এক নম্বৰ স্থানত

সোমবাৰে মুম্বাইত কিৱিৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক ৩৭২ ৰাণৰ বিজয়ৰ পিছত আইচিচিয়ে শেহতীয়া পৰীক্ষাৰ ৰেংকিং ঘোষণা কৰিছে।ভাৰতে পুনৰ ৩,৪৬৫ পইণ্ট আৰু ১২৪ ৰেটিং পইণ্টৰ সৈতে বিশ্বৰ এক নম্বৰ স্থান দখল কৰিছে।


বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ বিজয়ী নিউজিলেণ্ড এতিয়া অষ্ট্ৰেলিয়াৰ দলটোক তৃতীয় স্থানত ৰাখি দ্বিতীয় স্থানলৈ নামি আহিছে। ইংলেণ্ড বৰ্তমান পঞ্চম স্থানত থকা পাকিস্তানৰ সৈতে চতুৰ্থ স্থানত আছে।
ভেল্লাত লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ নামত প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন জিলা উপায়ুক্তৰ
কামৰূপীয়া লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ স্মৃতি ৰক্ষাৰ্থে বৰপেটাৰ ভেল্লাত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। বৰপেটাৰ ঐতিহাসিক ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি মঙ্গলবাৰে এই প্ৰেক্ষাগৃহ নিৰ্মাণৰ শুভাৰম্ভণি কৰা হয়। মুখ্যমন্ত্ৰীৰ আনটাইড ফাণ্ডৰ অধীনত ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। আধাৰশিলাটি প্ৰয়াত ৰামেশ্বৰ পাঠকৰ সহধৰ্মিণী ধনদা পাঠক আৰু অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে উপায়ুক্ত গৰাকীয়ে। সেই উপলক্ষে এক উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি ধনী আলীয়ে আতঁ ধৰা এই উদ্বোধনী অনুষ্ঠানত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপেন্দ্ৰনাথ দাস, বিদ্যালয় খনৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, শিল্পী জয় চক্ৰবৰ্তী, গৰিয়া উন্নয়ন পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য হিবজুৰ ৰহমান, ভেল্লা গাঁও পঞ্চায়তৰ সভাপতি আফিয়া বেগমৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছিল। এগৰাকী ভাল ছাত্ৰ হিচাপে পৰিচিত ৰামেশ্বৰ পাঠক একেৰাহে লোকগীতৰ শিল্পীৰ লগতে খেলুৱৈ আছিল।লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ স্মৃতি ৰক্ষাৰ্থে লোৱা এই পদক্ষেপক প্ৰশংসা কৰিছে ৰাইজে।
বাক্সাৰ লোকগীতৰ শিল্পী ভূপেন দাসলৈ কলাৰত্ন খিতাপ প্ৰদান
উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্রখনৰ অধিক বিকাশৰ অৰ্থে গঠিত অন্যতম আগশাৰীৰ অনুষ্ঠান “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”ৰ তৰফৰ পৰা আগবঢ়োৱা ২০২১ চনৰ “কলাৰত্ন” খিতাপ লাভ কৰি বাক্সা জিলাৰ মুছলপুৰ মহকুমালৈ গৌৱৰ কঢ়িয়াই আনিছে মহকুমাটোৰ থমনা আলিগুৰি নিবাসী তথা লোকগীতৰ শিল্পী ভূপেন দাসে ৷ “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”ৰ সভাপতি গগণাষ্টম গগৈৰ পৌৰহিত্যত অলপতে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত ভূপেন দাসক উক্ত খিতাপ প্ৰদান কৰাৰ লগতে সংস্থাটোৱে আগবঢ়োৱা ৬ষ্ঠ বাৰ্ষিক ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা লোকগীত পৰিৱেশনৰ লগতে লোকবাদ্য বিশেষকৈ দোতাৰা নিৰ্মাণ কাৰ্যতো ওত:প্ৰোতভাৱে জড়িত হৈ আহিছে ভূপেন দাস ৷ শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ভূপেন দাসে জনোৱা অনুসৰি ইতিমধ্যে তেওঁ কেবা শতাধিক দোতাৰা নিজে সাজি ৰপ্তানিও কৰিছে ৰাজ্যৰ বিভিন্ন স্থানলৈ ৷ উল্লেখনীয় যে ভূপেন দাসে নিজৰ ঘৰতে অৰ্পিতা সংগীত বিদ্যালয় নামে এক শিক্ষানুষ্ঠান সাজি অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ লোক সংগীতৰ শিক্ষা প্ৰদান কৰি আহিছে ৷ ১৯৮৮ চনৰে পৰা লোকসংগীত আৰু লোকবাদ্যক জনসাধাৰণৰ মাজত বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নিৰবিছিন্ন ভাৱে ব্ৰতী হৈ থকা ভূপেন দাসক “কলাৰত্ন” খিতাপ তথা বঁটা প্ৰদান কৰাত মহকুমাটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আনন্দ প্ৰকাশ কৰি দাসক অভিনন্দন জ্ঞাপন কৰিছে ৷
হাটিঙাত অসম চাহ জনজাতি ছাত্ৰ-সন্থাৰ প্ৰাথমিক শাখা গঠন
সম্প্ৰতিক দীৰ্ঘদিনধৰি ক’ভিড পৰিস্থিতিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থৱিৰ হৈ থকাৰ দৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাইয়ো কেতবোৰ কাৰ্যসূচীৰ পৰা বিৰত আছিল যদিও বৰ্তমাণ পৰিস্থিতি কিছু শিথিল হোৱাত সংগঠনটিৰ কাম কাজ ক্ষীপ্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। একে দৰে সোমবাৰে শোণিতপুৰ জিলাৰ নদুৱাৰৰ হাটিঙাত আটছাৰ প্ৰাথমিক শাখা গঠন কৰে। নদুৱাৰ শাখা আটছাৰ অন্তৰ্গত তথা জামুগুৰিহাটস্থিত ৰঙা চকুৱা উপ-শাখা আটছাৰ এলেকাধীন হাটিঙা বড়ি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এখনি প্ৰতিনিধিমূলক সভা অনুষ্ঠিত হৈ যায়। হাটিঙা বড়িৰ চাহ জনগোষ্ঠীয় ৰাইজৰ ছাত্ৰ-ছাত্ৰী সকলৰ আহ্বান ক্ৰমে অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে স্থানীয় সমাজ কৰ্মী ৰাজু মুড়াই। বিশ্বনাথ জিলা আটছাৰ শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰ আৰু নদুৱাৰ শাখা আটছাৰ ভাৰ প্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁতীৰ উপস্থিতিত স্থানীয় যুৱক প্ৰদীপ মুড়াই উদ্দেশ্য ব্যাখা কৰা প্ৰতিনিধিমূলক সভাত আটছাৰ সাংগঠনিক দিশত জনগোষ্ঠীৰ বৰ্তমাণ স্থিতি আৰু চাহ জনগোষ্ঠীৰ এক মাত্ৰ ছাত্ৰ সংগঠন আটছাৰ আগন্তক কাৰ্যপন্থা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ আলোচনা হয়। কাৰ্যসূচী অনুসৰি নদুৱাৰ শাখা আটছাৰ সহকাৰী সম্পাদক পূৰণ তাঁতী আৰু কাৰ্য নিৰ্বাহক অৰুন গোৱালাৰ পৰ্যবেক্ষণত বিষয় বাচনী সভা আৰম্ভ হয়। বিষয় বাচনী সভাত পৰ্যবেক্ষকৰ পৰিচালনত প্ৰস্তাৱ আৰু সমৰ্থন যোগে সভাপতি মাৰ্কুচ চুৰিণ উপ-সভাপতি প্ৰদীপ ওৰাং,দিবাকৰ মুণ্ডা,বসুন্দ্ধৰ তাঁতী আৰু সম্পাদক শ্যাম মুণ্ডা সহকাৰী সম্পাদক সুজিৎ ৰৌতীয়া,ৰিম্পী ৰৌতীয়া আৰু ইলা ৰৌতীয়াক লৈ মুঠ ৩১ জনীয়া সমিতি গঠন কৰে। উল্লেখ্য যে নদুৱাৰ অঞ্চলৰ বৃহৎৰ হাটিঙা অঞ্চলত বসবাস কৰা চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত শেহতীয়াকৈ ছাত্ৰ সংগঠনটিৰ প্ৰয়োজনীয়তা অনুভৱ কৰি স্থানীয় সমাজ কৰ্মী ৰাজু মুড়া আৰু হেমন্ত ৰৌতীয়াই নৱগঠিত আটছাৰ প্ৰাথমিক শাখাযৰ সকলোলৈকে অভিনন্দন জ্ঞাপন কৰি জনগোষ্ঠীটোৰ হৈ কাম কৰি যাৱলৈ আহ্বান জনাই। ইয়াৰ উপৰিও শতাধিক ৰাইজ উপস্থিত থকা সভাত নদুৱাৰ শাখা আটছাৰ অন্যতম প্ৰাক্তন নেতা তথা শিক্ষক বিজেন তাঁতী দিকৰাই উপ-শাখা আটছাৰ সভাপতি ভগত তাঁতীয়ে জনগোষ্ঠীটোৰ শৈক্ষিক সামাজিক দিশত এক গঠনমূলক বক্তৱ্য আগবঢ়াই। বিগত কিছু দিন ধৰি নদুৱাৰ শাখা আটছাই অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি অহাৰ লগতে সংগঠনটিৰ সাংগঠনিক দিশ অধিক সৱল কৰাৰ উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি হাটিঙা বড়ি প্ৰাথমিক আটছা গঠন সভাত গেলাহাটিঙা প্ৰাথমিক আটছাৰ সভানেত্ৰী নেহা নায়ক অন্যতম আটছা নেতা আনন্দ তচা,কৰণ তচা আৰু দিকৰাই উপ-শাখা আটছাৰ সম্পাদক দয়াল তচাসহ কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।









