Breaking

বিকি-কেটৰ বিয়াত নাবাজে ৰণবীৰ অভিনীত ছবিৰ গীত

0 43

কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়ালৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে বলিউদ। শুকুৰবাৰে ৰাজস্থানত অনুষ্ঠিত হ’ব এই বহু প্ৰত্যাশিত বিয়াখনৰ সংগীতানুষ্ঠান। পিছে এই অনুষ্ঠানত এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে কইনা কেটৰিনাই। প্ৰাপ্ত খবৰ অনুসৰি কেটৰিনাৰ প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰ অভিনিত চিনেমাৰ সকলো গান নিষিদ্ধ কৰিছে সংগীতানুষ্ঠানত। আচৰিত কথাটো হল এটা সময়ত ৰণবীৰ আৰু কেটৰিনাৰ মাজত আছিল হিয়া দিয়া নিয়া।

দীপিকা পাডুকনৰ সৈতে ব্ৰেকআপ হোৱাৰ পাছত কেটৰিনাৰ প্ৰেমত পৰিছিল চকলেট বয় ৰণবীৰ কাপুৰ। কিন্তু এই প্ৰেম দীৰ্ঘদিনীয়া নহ’ল। ছলমান খানৰ সৈতে বিচ্ছেদ হোৱাৰ পাছত ৰণবীৰ কাপুৰৰ মাজত কেটৰিনাই বিচাৰি পাইছিল প্ৰেমৰ ৰং, পিছে সেই প্ৰেমো ভাঙি যোৱাত কেটৰিনা দুখত ভাগি পৰিছিল।২০০৯ চনত ‘অজৱ প্ৰেম কি গজৱ কাহানী’ ছবিখনত ৰণবীৰ-কেটৰিনাই একেলগে অভিনয় কৰিছিল। তাতেই গঢ় লৈ উঠিছিল দুয়োৰে মাজত বন্ধুত্ব। এই বন্ধুত্বই কম দিনৰ ভিতৰতে প্ৰেমৰ ৰুপ লৈছিল। বিভিন্ন ডেটিং স্পটত দুয়োকে কেইবাবাৰো একেলগে দেখা গৈছিল। ৰণবীৰ-কেটৰিনাই একেলগে ‘ৰাজনীতি’, ‘জগ্গা জাছুছ’ৰ দৰে ছবিতো একেলগে অভিনয় কৰিছিল। কিন্তু এই প্ৰেম ভংগ হোৱাৰ পাছতে দুয়ো দুয়োৰে মুখো চাব নিবিচৰা হ’ল।

পিছে কোন কালৈ ৰৈ থাকে? আকৌ প্ৰেমত পৰিল দুয়ো। কেটৰিনা পৰিল বিকি কৌশলৰ প্ৰেমত আৰু ৰণবীৰ পৰিল আলিয়া ভাটৰ প্ৰেমত। অৱশেষত কেটৰিনা বিকি কৌশলৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে। ইফালে ৰণবীৰেও অতি সোনকালে ঘৰৰ লখিমী কৰি আদৰি আনিব আলিয়া ভাটক। পুৰণা প্ৰেমৰ সেই স্মৃতি দূৰত ৰখাৰ উদ্দেশ্যেৰে কেটৰিনাই ৰণবীৰৰ গান নিষিদ্ধ কৰিছে নিজৰ বিয়াত। বিকি-কেটৰ বিয়াত নিমন্ত্ৰিত অতিথিৰ তালিকাতো নাই ৰণবীৰ কাপুৰ। উল্লেখ্য যে বিয়াখনত বিকি-কেটে কি কি গানত নৃত্য কৰিব সেয়াও ঠিক কৰা হৈছে। জনপ্ৰিয় গান ‘কালা চশমা’, ‘তেৰী ঔৰ’ আদি গীতৰ তালে তালে নাচিব বিকি-কেটে।

Leave A Reply