Breaking

ৰোগীয়ে ঔষধ নোপোৱাক লৈ অতিৰিক্ত উপায়ুক্তক সাক্ষাৎ অ.জা.যু.ছা.প. মৰিগাঁৱৰ

0 70

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ এটা সজাতি দলে জিলা খনৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৰ জিলা সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ থাকে যে, সমগ্ৰ মৰিগাঁও জিলা খনৰ ভিতৰতে এক মাত্ৰ উন্নত চিকিৎসালয় হৈছে মৰিগাঁও সদৰস্থিত শ্বহীদ তিলক-হেমৰাম-গুনাভিৰাম অসামৰিক চিকিৎসালয়। চিকিৎসালয় খনৰ ভিতৰত থকা ঔষধ বিতৰণ কক্ষ কেৱল মাত্ৰ চিকিৎসালয় খনৰ বহিঃ বিভাগৰ সময়তহে খোলা থাকে। অন্য সময়ত বাহিৰত অৱস্থিত ব্যক্তিগত ফাৰ্মাচীৰ পৰা ঔষধ সংগ্ৰহ কৰিব লগীয়া হয়।

কিন্তু অতি দুখৰ বিষয় যে, নিশা ভাগত এই ব্যক্তিগত ফাৰ্মাচী সমূহ বন্ধ হৈ পৰাৰ লগতে চিকিৎসালয় খনৰ ঔষধ বিতৰণ কক্ষও বন্ধ হৈ থাকে। ৰোগীৰ স্বাৰ্থত এই ফাৰ্মাচী সমূহ নৈশ ভাগত খোলা ৰখাৰ বিপৰীতে ফাৰ্মাচী সমূহৰ মালিক সকলে মইমতালিকৈ নিজৰ ব্যৱসায় অব্যাহত ৰাখিছে। যাৰ ফলস্বৰূপে, নৈশ ভাগত ৰোগী বা ৰোগীৰ আত্মীয় বিপদৰ সন্মুখীন হয়। জিলা খনৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীৰ দৰে অতি দক্ষ প্ৰশাসনিক বিষয়া এগৰাকীৰ হাতত স্বাস্থ্য বিভাগ থকাৰ পিছতো নৈশ ভাগত চিকিৎসালয় খনৰ সন্মুখৰ ফাৰ্মাচী সমূহ ৰোগীৰ স্বাৰ্থত খোলা ৰাখিব নোৱাৰা আৰু মালিক সকলক নাকি লগাব নোৱাৰাত ক্ষোভিত সংগঠনতোৰ নেতৃবৃন্দ। তদুপলক্ষে স্মাৰক পত্ৰৰ জৰিয়তে নৈশ ভাগত ব্যক্তিগত ফাৰ্মাচী সমূহ দৈনিক খোলাৰ আৰু চিকিৎসালয় খনৰ ঔষধ বিতৰণ কক্ষ ২৪ ঘন্টায়ে মুকলি ৰখাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। এই স্মাৰক পত্ৰৰ প্ৰতিলিপি সংগঠনটোৱে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকলৈ প্ৰেৰণ কৰে।

Leave A Reply