Breaking

ৰাজ্যৰ জলসিঞ্চন বিভাগত দুৰ্নীতিৰ বজাৰ

0 2,282

অধ্যক্ষ অভিযন্তা মৃগেন বড়ো,কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিয বৰ্তমান ৰাজ্যৰ দুৰ্নীতিৰ মাৰাথানত শীৰ্ষত অৱস্থান কৰিছে বিয়াগোম জলসিঞ্চন বিভাগে |সঘনাই সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা এই জলসিঞ্চন বিভাগত এতিয়া কোটি কোটি টকাৰ দুৰ্নীতি।জলসিঞ্চন বিভাগক ধনসিঞ্চন বিভাগলৈ পৰিণত কৰিছে কেলেংকাৰীত সিদ্ধহস্ত  একাংশ বিষয়া-কৰ্মচাৰীয়ে|বিভাগটোৰ ওদালগুৰি জিলাৰ টংলা জলসিঞ্চন সংমণ্ডলত সংঘটিত হৈছে কোটি টকীয়া বৃহৎ এক কেলেংকাৰী |৪১৮ কোটিৰ আমানতৰ ধনৰ  ৪.১৮ কোটিৰ এই কেলেংকাৰীৰ মূল নায়ক ৰূপে অভিযোগৰ আঙুলি উঠিছে কোকৰাঝাৰ জলসিঞ্চন বিভাগৰ অধ্যক্ষ অভিযন্তা মৃগেন বড়ো,টংলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতা আৰু গাণনিক প্ৰভাত কলিতাৰ বিৰুদ্ধে |বছৰ বছৰ ধৰি ঠিকা আবন্টনৰ ধনৰ কোটি কোটি টকা কোষাগাৰ সঞ্চালকালয়ৰ পৰা উলিয়াই আত্মসাৎ কৰাৰ অভিযোগ কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতা আৰু অধ্যক্ষ অভিযন্তা (CHD)মৃগেন বড়োৰ বিৰুদ্ধে |এনেদৰে আমানতৰ ধন উলিয়াই একাংশ ঠিকাদাৰক প্ৰাপ্যতকৈ অধিক ধন একাউন্টত পঠিয়াইছে মৃগেন বড়ো আৰু সত্যৰাম কলিতাই  |জগত ৰাভা,পদ্ম বড়ো,বিষ্ণু ৰাভা,অশোক বাজাজ,ধৰ্মেশ্বৰ গোৱাৰী,ভৱদেৱ মহন্ত আদিকে ধৰি প্ৰায় ৫০/৬০ জন ঠিকাদাৰৰ নামত তেওঁলোকৰ পৰা বুজন পৰিমানৰ ধন লৈ ৪১৮কোটিৰ আমানতৰ ধনৰ ৪.১৮ লাখ টকা আত্মসাৎ কৰিছে এইকেইজন বিষয়াই |এই ষড়যন্ত্ৰৰে মুঠ ৪.১৮কোটি টকাৰ লুণ্ঠন চলোৱা সত্যৰাম কলিতা আৰু মৃগেন বড়োৱে ঠিকাদাৰক দিয়া অধিক ধনৰ টোপোলা অগ্ৰাহ্য কৰে একাংশ ঠিকাদাৰে |ধনৰ ভোকত কেইবাজনো ঠিকাদাৰৰ নথি পত্ৰত স্কেনিঙৰ জৰিয়তে অন্য ঠিকাদাৰৰ নাম অন্তৰ্ভূক্ত কৰিও টকা পঠোৱা সত্যৰাম কলিতা আৰু মৃগেন বড়ো বাহিনীয়ে তাৰে ৮০% ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে |এই ৪১৮কোটি আমানতৰ ধনৰ একাংশ কি কৌশল প্ৰয়োগ কৰি কোকৰাঝাৰ CHD কাৰ্যালয়ৰ অধ্যক্ষ অভিযন্তাজনে কাৰ্যবাহী অভিযন্তা জনলৈ মোকলাই দিয়ে,সেইয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত |পূৰ্বৰ নিয়ম অনুযায়ী সকলো আমানতৰ ধন মোকলাই দিছিল সচিবালয়ৰ অনুমোদন সাপেক্ষেহে |কিন্তু , যিহেতু ৰাজ্য চৰকাৰে আমানতৰ সকলো ধন অধ্যক্ষ অভিযন্তাই মোকলাই দিব‌ পাৰিব বুলি ইতিমধ্যে নিৰ্দেশনা জাৰী কৰিছিল।আৰু তাৰেই সুযোগ লৈ মৃগেন বড়োৱে এই ধন মোকলাই দিয়ে কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতাক |কিন্তু দ্বায়িত্ব অনুযায়ী বিলৰ কপিত SD মানি কাটি ৰখা ৰছিদ,স্কিম সম্পূৰ্ণ হোৱাৰ পিছত আমানতৰ ধন ঘূৰাই দিব লগা হ’লে ঠিকাদাৰ,SO,SDO,অভিযন্তা এ এখন NO Objection Certificate দিয়ে যিখনৰ দ্বায়িত্বত থাকে অধ্যক্ষ অভিযন্তাজন অৰ্থাৎ মৃগেন বড়ো |কিন্তু এই সকলোবোৰ তথ্যৰ পৰীক্ষণ নকৰাকৈয়ে এক বৃহৎ সংখ্যক টকাৰ অনুমোদন কৰাৰ অভিযোগ  মৃগেন বড়োৰ বিৰুদ্ধে | দুৰ্নীতিমুক্ত অসমৰ সংকল্প লোৱা এইখন চৰকাৰৰ এইখন অসমতে চৰকাৰী নীতি নিৰ্দেশনাক কেৰেপ নকৰা এইজন কাৰ্যবাহী অভিযন্তাৰ কেনেকৈ ইমান ধৃষ্টতা?  তাকো প্ৰায়েই দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱা এটা চৰকাৰী বিভাগত পুনৰ এনে কোটি কোটি টকাৰ দুৰ্নীতিত লিপ্ত হোৱাৰ সাহস কৰ পৰা পালে এনে বিষয়াই? |এনেদৰে ঠিকাদাৰৰ একাউন্টৰ জৰিয়তে কোটি কোটি চৰকাৰী টকা নিজৰ পকেটলৈ অনা এই দুই  বিষয়াৰ ওপৰত কেতিয়া চকু পৰিব অসমৰ মুখ্যমন্ত্ৰী,জলসিঞ্চন মন্ত্ৰী অশোক সিংহাল তথা BTC ৰ জলসিঞ্চন বিভাগৰ EMৰ |নে কোটি কোটি চৰকাৰী টকা,চৰকাৰী বিভাগ তথা চৰকাৰী কামৰ সুৰুঙাৰে পুনৰ এই দুই দুৰ্নীতিগ্ৰস্ত বিষয়া সাৰি যাব তদন্তৰ পৰা, নে পুনৰ একেই দুৰ্নীতি ৰ মেৰপাকত আৱদ্ধ হʼবলৈ চৰকাৰে এই দুই বিষয়াক ৰঙা দলিছা পাৰি দিব,নে অসম চৰকাৰ বিধানসভাৰ বিশ্বজিৎ দৈমাৰীৰ অতি ঘনিষ্ঠ হোৱাৰ বাবে তদন্তৰ পৰা সাৰি যাব অধ্যক্ষ অভিযন্তা‌ মৃগেন বড়ো,আগন্তুক সময়তহে সেয়া লক্ষণীয় হ’ব ৷অনতিপলমে পলমে বিচাৰি হলেও গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে দাবী জনাইছে ৷

Leave A Reply