Breaking

বাক্সাৰ লোকগীতৰ শিল্পী ভূপেন দাসলৈ কলাৰত্ন খিতাপ প্ৰদান

0 2,248

উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্রখনৰ অধিক বিকাশৰ অৰ্থে গঠিত অন্যতম আগশাৰীৰ অনুষ্ঠান “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”ৰ তৰফৰ পৰা আগবঢ়োৱা ২০২১ চনৰ “কলাৰত্ন” খিতাপ লাভ কৰি বাক্সা জিলাৰ মুছলপুৰ মহকুমালৈ গৌৱৰ কঢ়িয়াই আনিছে মহকুমাটোৰ থমনা আলিগুৰি নিবাসী তথা লোকগীতৰ শিল্পী ভূপেন দাসে ৷ “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”ৰ সভাপতি গগণাষ্টম গগৈৰ পৌৰহিত্যত অলপতে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত ভূপেন দাসক উক্ত খিতাপ প্ৰদান কৰাৰ লগতে সংস্থাটোৱে আগবঢ়োৱা ৬ষ্ঠ বাৰ্ষিক ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা লোকগীত পৰিৱেশনৰ লগতে লোকবাদ্য বিশেষকৈ দোতাৰা নিৰ্মাণ কাৰ্যতো ওত:প্ৰোতভাৱে জড়িত হৈ আহিছে ভূপেন দাস ৷ শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ভূপেন দাসে জনোৱা অনুসৰি ইতিমধ্যে তেওঁ কেবা শতাধিক দোতাৰা নিজে সাজি ৰপ্তানিও কৰিছে ৰাজ্যৰ বিভিন্ন স্থানলৈ ৷ উল্লেখনীয় যে ভূপেন দাসে নিজৰ ঘৰতে অৰ্পিতা সংগীত বিদ্যালয় নামে এক শিক্ষানুষ্ঠান সাজি অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ লোক সংগীতৰ শিক্ষা প্ৰদান কৰি আহিছে ৷ ১৯৮৮ চনৰে পৰা লোকসংগীত আৰু লোকবাদ্যক জনসাধাৰণৰ মাজত বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নিৰবিছিন্ন ভাৱে ব্ৰতী হৈ থকা ভূপেন দাসক “কলাৰত্ন” খিতাপ তথা বঁটা প্ৰদান কৰাত মহকুমাটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আনন্দ প্ৰকাশ কৰি দাসক অভিনন্দন জ্ঞাপন কৰিছে ৷

Leave A Reply