Breaking

ভেল্লাত লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ নামত প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন জিলা উপায়ুক্তৰ

0 2,266

কামৰূপীয়া লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ স্মৃতি ৰক্ষাৰ্থে বৰপেটাৰ ভেল্লাত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। বৰপেটাৰ ঐতিহাসিক ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি মঙ্গলবাৰে এই প্ৰেক্ষাগৃহ নিৰ্মাণৰ শুভাৰম্ভণি কৰা হয়। মুখ্যমন্ত্ৰীৰ আনটাইড ফাণ্ডৰ অধীনত ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। আধাৰশিলাটি প্ৰয়াত ৰামেশ্বৰ পাঠকৰ সহধৰ্মিণী ধনদা পাঠক আৰু অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে উপায়ুক্ত গৰাকীয়ে। সেই উপলক্ষে এক উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি ধনী আলীয়ে আতঁ ধৰা এই উদ্বোধনী অনুষ্ঠানত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপেন্দ্ৰনাথ দাস, বিদ্যালয় খনৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, শিল্পী জয় চক্ৰবৰ্তী, গৰিয়া উন্নয়ন পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য হিবজুৰ ৰহমান, ভেল্লা গাঁও পঞ্চায়তৰ সভাপতি আফিয়া বেগমৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছিল। এগৰাকী ভাল ছাত্ৰ হিচাপে পৰিচিত ৰামেশ্বৰ পাঠক একেৰাহে লোকগীতৰ শিল্পীৰ লগতে খেলুৱৈ আছিল।লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ স্মৃতি ৰক্ষাৰ্থে লোৱা এই পদক্ষেপক প্ৰশংসা কৰিছে ৰাইজে। 

Leave A Reply