Breaking

তপন হাজৰিকা গ্ৰন্থ বীক্ষণ প্ৰতিযোগিতাৰ শুভাৰম্ভ

0 24

ডিব্ৰুগড় জিলাৰ নতুন বলাইস্থিত প্ৰদীপ পুথিভঁৰালত ৫ ডিচেম্বৰ তাৰিখে বৃহত্তৰ বলাই অঞ্চলৰ বৌদ্ধিক স্বেচ্ছাসেৱী সংগঠন আলোকসন্ধানী অধ্যয়ন চক্ৰৰ উদ্যোগত আয়োজিত তপন হাজৰিকা সোঁৱৰণী গ্ৰন্থবীক্ষণ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। আলোকসন্ধানীৰ প্ৰয়াত সম্পাদক তপন হাজৰিকাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনা অনুষ্ঠিত এই অনুষ্ঠানৰ পাতনিতে আলোকসন্ধানীৰ উপ সভাপতি ৰাজেন্দ্ৰজিৎ গগৈয়ে প্ৰয়াত তপন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে কনক চন্দ্ৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সমীৰণ দাসে স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে।

আলোকসন্ধানীৰ শিল্পী দীপশিখা, ফুলনজ্যোতি, মায়া, নিকিতা, মৌচুমী, মূৰ্ছনাই পৰিবেশন কৰা প্ৰাৰ্থনাই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। এই অনুষ্ঠানত উপস্থিত থকা সমীৰণ দাসে তেখেতৰ বক্তব্যত “গ্ৰন্থই পৃথিৱী শাসন কৰে” বুলি মন্তব্য কৰি আলোকসন্ধানীৰ উদ্যোগত আয়োজিত গ্ৰন্থ বীক্ষণ প্ৰতিযোগিতাক সময়োপযোগী পদক্ষেপ বুলি কৈ এই কাৰ্যসূচীৰ সাফল্য কামনা কৰে। অৱসৰী শিক্ষকদ্বয় ৰাজেন্দ্ৰজিৎ গগৈ আৰু যদুনাথ শইকীয়াই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে বৰবৰুৱানিবাসী গ্ৰন্থপ্ৰেমী ব্যক্তি অনুপম বৰুৱা আৰু নতুন বলাই নিবাসী যদুনাথ শইকীয়াই তপন হাজৰিকা সোঁৱৰণী গ্ৰন্থকোষ লৈ শতাধিক গ্ৰন্থ দানসূত্ৰে আগবঢ়ায়।

উল্লেখ্য যে, আলোকসন্ধানীৰ প্ৰয়াত সম্পাদক তপন হাজৰিকাৰ স্মৃতিত তিনিচুকীয়া গাঁওনিবাসী অৱসৰী শিক্ষক তুলাৰাম সোণোৱালে দান কৰা ত্ৰিশতাধিক গ্ৰন্থৰ সমাহাৰেৰে তথা খোৱাঙৰ সমাজসচেতন ব্যৱসায়ী পবিত্ৰ লিগিৰাই দান কৰা গ্ৰন্থসম্ভাৰে ৪ চেপ্টেম্বৰ তাৰিখে তপন হাজৰিকা সোঁৱৰণী গ্ৰন্থকোষ স্থাপন কৰা হয়। গ্ৰন্থ বীক্ষণ প্ৰতিযোগিতাৰ শুভাৰম্ভ অনুষ্ঠানত নবম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ পৰ্য্যন্ত অধ্যয়নৰত মুঠ ৩০(ত্ৰিশ) গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰথমতে একোখনকৈ গ্ৰন্থ দিয়া হৈছে।প্ৰতিযোগীসকলে অহা ৫ ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকৰ ভাগত পৰা গ্ৰন্থখনৰ বিষয়ে গ্ৰন্থ পৰিচয়মূলক একোটা নিবন্ধ লিখি আলোকসন্ধানীৰ সভাপতি/সম্পাদকৰ হাতত জমা দিব লাগিব। পাছৰ পৰ্য্যায়ত অহা ৫ফেব্ৰুৱাৰী, ৫এপ্ৰিল, ৫জুন, আৰু ৫আগষ্টত দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম বাৰৰ গ্ৰন্থ বীক্ষণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

পৰবৰ্তী প্ৰতিযোগিতাত যোগদান কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে আলোকসন্ধানীৰ সভাপতি, সম্পাদকৰ লগত যোগাযোগ কৰিব পাৰিব।আলোকসন্ধানীৰ সভাপতি গকুল চন্দ্ৰ খাউন্দে আঁত ধৰা গ্ৰন্থ বীক্ষণ প্ৰতিযোগিতাৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰদীপ পুথিভঁৰালৰ পুথিভঁৰালী লম্ভেশ্বৰ হাজৰিকাই বক্তব্য প্ৰসংগত ছাত্ৰ-ছাত্ৰী, যূৱক-যুৱতীসকলক নিয়মীয়াকৈ এই পুথিভঁৰালৰ গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায়। অৰ্ধ শতাধিক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানৰ প্ৰান্তত প্ৰতিযোগীসকলক অবিৰতভাৱে গ্ৰন্থ অধ্যয়নত ব্ৰতী হ’বলৈ আহ্বান জনাই আলোকসন্ধানীৰ সভাপতি গকুল চন্দ্ৰ খাউন্দে উপস্থিত সুধীসকলক ধন্যবাদ জ্ঞাপনেৰে অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।

Leave A Reply