Home Blog Page 2671

চেঙা মধ্য কামৰূপ মহাবিদ্যালয়ত আমেৰিকাৰ জ্যেষ্ঠ বিজ্ঞানী ড°ভাস্কৰ চৌধুৰী

চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ত সোমবাৰে উপস্থিত হয় আমেৰিকাৰ জ্যেষ্ঠ বিজ্ঞানী ড° ভাস্কৰ চৌধুৰী । বিজ্ঞানী গৰাকীৰে আলোচনাৰে কাৰ্যতঃ আজি জীপাল হৈ উঠে চেঙাৰ মধ্যকামৰূপ মহাবিদ্যালয় ।মধ্যকামৰূপ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু কেৰিয়াৰ গাইডেনচ চেলৰ উদ্যোগত আয়োজিত এক মনোজ্ঞ আলোচনাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি আমেৰিকাৰ ইনটেল কোম্পানীৰ প্ৰাক্তন জ্যেষ্ঠ বিজ্ঞানী তথা পেপাৰ বোট একাডেমীৰ অধ্যক্ষ ড° চৌধুৰীয়ে জীৱনবোধ সন্দৰ্ভত কয় যে সফলতা দূৰ দিগন্তত নাথাকে, ই প্ৰতিজন মানুহৰ মাজত থাকে । তেওঁ মানুহৰ দুৰ্বল দিশটো বিচাৰি উলিয়াই সেই দূৰ্বলতা সমূহ সৰু সৰু টুকুৰালৈ ভাঙি উলিয়াব লাগিব বুলিও উল্লেখ কৰে । একেদৰে নিয়মানুবৰ্তীতা বজাই ৰাখি অনুশীলনৰ জৰিয়তে মানুহে ঈস্পিত লক্ষ্যত উপনীত হব পাৰে বুলি মন্তব্য কৰে । মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গোপেশ কুমাৰ শৰ্মাই সঞ্চালনা কৰা নিয়োজন, সম্ভাৱনা আৰু প্ৰত্যাহ্বান শীৰ্ষক এই আলোচনা চক্ৰখনত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° হৰেন্দ্ৰ নাথ তালুকদাৰ, অধ্যাপক-অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰী আৰু ড° চৌধুৰীৰ মাজত হোৱা প্ৰশ্নোত্তৰ শিতান আৰু BHB মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ নমিতা দাস গুৰুঙৰ বিয়ানাম পৰিবেশনে অনুষ্ঠানটোক অধিক জীপাল কৰি তোলে । আয়োজক সকলৰ হৈ  IQAC ৰ Coordinator ড° জোনালী পাটোৱাৰী বৰা আৰু Career Guidance Cell ৰ আইনুদ্দিন আহমেদে উপস্থিত সকলোকে শলাগৰ শৰাই জ্ঞাপন কৰে ।

গোগামুখত মিচিং ভাষাৰ ছমহীয়া প্ৰমাণপত্ৰৰ পাঠ্যক্ৰম

নিউজ ডেস্ক:মিচিং ভাষাৰ উত্তৰণ তথা বিকাশৰ বাবে মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মিচিং অধ্যূষিত অঞ্চলত মিচিং ভাষাৰ ছমহীয়া প্ৰমাণপত্ৰৰ পাঠ্যক্ৰমৰ আয়োজন কৰিছে ৷ আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ধেমাজি জিলাৰ গোগামুখস্থিত আগম কৗবঙৰ পুথিভঁৰালত ২১ নৱেম্বৰৰ পৰা মিচিং ভাষাৰ ছমহীয়া প্ৰমাণপত্ৰৰ পাঠ্যক্ৰম আৰম্ভ হৈছে ৷ মুঠ তিনিশগৰাকী প্ৰশিক্ষাৰ্থীয়ে পাঠগ্ৰহণ কৰা উক্ত পাঠ্যক্ৰম কাৰ্যসূচীৰ সকলোবোৰ দিশ তদাৰক কৰিছে মিচিং আগম কৗবাঙৰ গোগামুখ আঞ্চলিকৰ সভাপতি কেশৱ চুক্ৰাং আৰু সম্পাদক জয়প্ৰকাশ পেগুৱে ৷ পাঠদান কৰিছে কালিনাথ পাংগিং, ভৱ দলে, ৰূপা পাইত, ৰামেশ্বৰ মেদক, দুষ্যন্ত নৰহ, নিৰ্মল নৰহ, জয়প্ৰকাশ পেগু আৰু বীৰনাথ পগাগে ৷ আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ সচিব ডিম্বেশ্বৰ দলেয়ে আমাক জনোৱা মতে মিচিং আগম কৗবাঙৰ অধীনত ডেৰশটা আগম কৗবাঙৰ আঞ্চলিক সমিতিৰ ১০০টা আঞ্চলিক সমিতিয়ে নিজ নিজ আঞ্চলিকৰ অধীনত মিচিং ভাষাৰ পাঠদান অনুষ্ঠান চলি আছে ৷ ইয়াৰে লখিমপুৰ নগৰত সৰ্বাধিক ৩৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে পাঠগ্ৰহণ কৰি আছে ৷ আগম কৗবাঙৰ সচিব দলেয়ে সকলোবোৰ আঞ্চলিকতে প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ তথা চমকপ্ৰদ সহাৰিয়ে মিচিং জনজাতি সকলে নিজ মাতৃভাষাৰ প্ৰতি থকা আন্তৰিকতা প্ৰকাশ কৰা বুলি দোহাৰে ৷

কবি নীলমণি ফুকনলৈ ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটা

অসম কবি তথা সাহিত্যিক নীলমণি ফুকনে সৰ্বোচ্চ ভাৰতীয় সাহিত্য বঁটা জ্ঞানপীঠ বঁটা লাভ কৰে। নীলমণি ফুকনক অসমী কবিতাৰ ধাৰাত তেওঁৰ প্ৰতীকবাদী প্ৰতিনিধিত্বৰ বাবে জনা যায়।ফুকনক এই বছৰ ৫৬ তম জ্ঞানপীঠ বঁটাৰ বাবে বাছনি কৰা হৈছে। নীলমণি ফুকনৰ লগতে কোংকনী লেখক দামোদৰ মৌজোৱেও সন্মানীয় বঁটা লাভ কৰে।বিশিষ্ট কবি নীলমণি ফুকনৰ জন্ম দেৰগাঁৱত হৈছিল। বিশেষকৈ এই প্ৰাৰম্ভিক পৃষ্ঠভূমি আৰু ভাষাটোৰ প্ৰতি থকা তেওঁৰ শৈল্পিক সঁহাৰিৰ বাবে তেখেতে সমৃদ্ধ লোক সংস্কৃতিৰ প্ৰতি গভীৰ আগ্ৰহ গঢ়ি তুলিছিল। তেওঁক অসমৰ এজন আগশাৰীৰ কলা বিশেষজ্ঞ লগতে জনজাতীয় আৰু লোক কলাৰ সচেতন সমালোচক হিচাপে জনা যায় ।

কবি নীলমণি ফুকনৰ সাহিত্যৰাজিৰ ভিতৰত আছে:

  • জ্যোতিকণা,
  • সাহিত্যকলা
  • জয়াতীৰ্থ
  • চিন্তামনি
  • মানসী
  • গুটিমালী,
  • জিঞ্জিৰি
  • মহাপুৰুষীয়া ধৰ্ম, অমিত্ৰা
  • সন্ধানী
  • শতধাৰা
  • মৰ্মবাণী
  • আহুতি
  • তৰুণ অসম
  • মৰা ডালত কুঁহিপাত 

নাজিৰা মহকুমাৰ শিশু উন্নয়ন প্ৰকল্প বিভাগৰ সজাগতা মূলক কাৰ্যসূচী

 ২০৩০ চনৰ ভিতৰত মহিলাৰ বিৰুদ্ধে হিংসা ৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে অভিযান “ইউ এন আই টি ই” (UNiTE) পালন কৰি আছে, যি হৈছে মহিলা আৰু ছোৱালীৰ লিংগ-আধাৰিত হিংসাৰ বিৰুদ্ধে ১৬ দিনৰ সক্ৰিয়তা, যি ২০২১ চনৰ ২৫ নৱেম্বৰত মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণৰ বাবে আন্তৰ্জাতিক দিৱসত আৰম্ভ হৈছিল আৰু ১০ ডিচেম্বৰ ২০২১ত মানৱ অধিকাৰ দিৱসত সমাপ্ত হ’ব। অসম চৰকাৰৰ সমাজ কল্যাণ সঞ্চালকালয়েও ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে ।এই অনুসৰি আজি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগনৰ পৰা নাজিৰা নাট্য মন্দিৰলৈ, মহিলা আৰু কন্যা সন্তানৰ নিৰ্যাতনৰ বিৰুদ্ধে হোৱা হিংসা প্ৰতিৰোধ আৰু ইয়াৰ সমাধানৰ দিশত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমাজ কল্যান বিভাগ আৰু নাজিৰা শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত এখনি শোভাযাত্ৰা আৰম্ভ কৰা হয়। শোভাযাত্ৰাৰ অন্তত নাজিৰা নাট্য মন্দিৰ প্ৰাংগনত শিশু উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰ পৰ্যৱেক্ষিকা নীলাক্ষী বৰুৱাই ৰচনা কৰা এখন  বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এই নাট খনৰ মূল বিষয়বস্তু আছিল যৌতুক প্ৰথা নিৰ্মূল কৰা। পৰিচালনা জোতিমণি হাতীকাকতিৰ। নাটক খন অঙ্গনৱাড়ী কৰ্মী সকলে প্ৰদৰ্শন কৰে। অভিনয় কৰে জোতিমণি হাতীকাকতী, ৰূপা দত্ত আৰু ভানু দত্তই।নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে আনুষ্ঠানিক ভাৱে মুকলি কৰা এই শোভাযাত্ৰাত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, নাজিৰা শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰিনু বড়া, পোষণৰ খণ্ড সমন্বয়ক অভিনৱ গগৈ, নাজিৰা শিশু উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰ পৰ্যৱেক্ষিকা সকল, অংগনৱাড়ী কৰ্মী সকল উপস্থিত থাকে।

বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হ’ল আন এক অধ্যায়

এজন ভাস্কৰ্য শিল্পী। অসমৰ আগশাৰীৰ ভাস্কৰ্য শিল্পী শিৱ প্ৰসাদ মাৰাৰ আগবাঢ়ি আহিছে বিশ্বানাথৰ পৰ্যটন ক্ষেত্রক নতুন মাত্ৰা দিয়াৰ বাবে। শিল্পী জনে তেওঁৰ জন্মভূমি বিশ্বনাথৰ বৰকুৰা গাঁৱত আৰম্ভ কৰিছে গ্ৰাম্য পৰ্যটনৰ আখৰা। প্ৰায় ৫বিঘা মাটি সামৰি শিল্পী জনে   আৰম্ভ কৰা এই প্ৰকল্পৰ অন্যতম বিষয় হব- ভাস্কৰ্য শিল্প। তাৰ বাবে তেওঁ আৰম্ভ কৰিছে এক বিশেষ পৰিকল্পনা। প্ৰকল্পৰ সমুখ ভাগত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে এটা অডিটেৰীয়াম। লগত এটা আৰ্ট গেলাৰী। ইয়াত প্ৰদৰ্শিত হব শিল্পী গৰাকীয়ে নিজ হাতেৰে নিৰ্মাণ কৰি উলিয়া ভাস্কৰ্য শিল্প। আৰ্ট গেলাৰীত শিশু সকলৰ বাবে গ্ৰহণ কৰা হব বহু কাৰ্যসূচী। ইয়াত শিক্ষাৰ্থীয়ে  লাভ কৰিব পাৰিব ভাস্কৰ্য শিল্পৰ জ্ঞান। শিশু সকলৰ বাবে মুকলি কৰা হব এখন সৰু উদ্যান। শিৱ প্ৰসাদ মাৰাৰৰ পৰিকল্পনা মতে এখন ফল ফল মূলৰ বাগিচাও থাকিব ইয়াত। ইয়াত থাকিব পৰ্যটকৰ থাকিব পৰা ঘৰৰ ব্যৱস্থা। এটা চাং ঘৰ আৰু বহু আকৰ্ষণীয় সমলৰে ৰিজৰ্ট ৰ আৰ্হিত নিৰ্মাণ কৰিব এই প্ৰকল্পত।ইতিমধ্যে গছ পুলি ৰোপন কে ধৰি বহু কাম আগ বঢ়াইছে শিল্পী জনে।শিল্পী জনে আশা কৰা মতে ইয়ালৈ বহু বিদেশী পৰ্যটকৰ আগমন ঘটিব।ইয়াৰ মাধ্যমেদি বিশ্বনাথৰ বিশ্বনাথৰ অন্যান্য পৰ্যটন ক্ষেত্ৰৰ লগতে বিশ্বনাথৰ চাহ পৰ্যটন ক সুদৃঢ় কৰাৰ প্ৰয়াস চলাব বুলি জানিবলৈ দিয়ে শিৱ প্ৰসাদ মাৰাৰে।

নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ বাতিল

নাগালেণ্ডত সংঘটিত হত্যাকাণ্ডৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি পূব নাগালেণ্ড পিপলছ অৰ্গেনাইজেচন আৰু আন কেইটামান জনজাতিৰ ৬ টা জনজাতিয়ে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত লয়।চৰকাৰে মন জিলাত নাগৰিক হত্যাৰ সৈতে সংহতি প্ৰকাশ কৰি দিনটোৰ অনুষ্ঠানসমূহ বাতিল কৰে।হৰ্ণবিল উৎসৱ, এক বাৰ্ষিক দহ দিনীয়া প্ৰদৰ্শন য’ত ৰাজ্যখনৰ বিভিন্ন জনজাতিয়ে তেওঁলোকৰ পৰম্পৰা প্ৰদৰ্শন কৰে।দেশ আৰু বিদেশৰ পৰা হাজাৰ হাজাৰ পৰ্যটক এই উৎসৱত অংশগ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী আৰু অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ কূটনীতিবিদসকলেও এই উৎসৱত অংশগ্ৰহণ কৰে।মনত সাধাৰণ লোকৰ হত্যাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি, ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচন (ইএনপিঅ’)ৰ অধীনৰ ছয়টা জনজাতি আৰু আন কেইটামান জনজাতিয়ে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত লয়।কনিয়াক জনজাতিৰ শীৰ্ষ সংস্থা কনিয়াক ইউনিয়নেও উৎসৱৰ পৰা প্ৰত্যাহাৰ কৰে।

মৰাণত দিন দুপৰতে মহিলা হত্যা

ডিব্ৰুগড় জিলাৰ মৰাণত দিন দুপৰতে এগৰাকী মহিলাক হত্যা কৰি চোঁচৰাই নি চাহ বাগিচাৰ মাজত পেলাই থৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । জানিব পৰা ঘটনা অনুসৰি, ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ চাহ বাগিচাৰ টিখৰাই ডিভিজনৰ ৮ নং চেকচনৰ মাজত অৰ্ধ উলংগ অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহটো দিখাৰী নেপালী গাঁৱৰ মিথু কৰ্মকাৰৰ দ্বিতীয়া পত্নী পাৰ্বতী মূড়া (৩০) । ডেৰ বছৰীয়া সন্তানৰ মাতৃ পাৰ্বতী মূড়া মৰাণ চাহ বাগিচাৰ টিখৰাই ডিভিজনৰ স্থায়ী শ্ৰমিক আছিল বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীননাথ মিলি, মৰাণ আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক সিদ্ধেশ্বৰ বড়োসহ আৰক্ষী দল আৰু মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড° সংগীতা শৰ্মা উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে । আনহাতে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । উক্ত হত্যাকাণ্ড ঘটনাকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে । কোনে কি কাৰণত মহিলা গৰাকীক হত্যা কৰিলে জানিব পৰা নাই। আৰক্ষীৰ তদন্তৰ অভিযান অব্যাহত ৰাখিছে।শীঘ্ৰেই আৰক্ষী জালত হত্যাকাৰী পৰিব বুলি আৰক্ষীয়ে অবগত কৰিছে।

ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী গুৰু টেগ বাহাদুৰৰ শ্বহিদী দিৱসত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘”শ্ৰী গুৰু টেগ বাহাদুৰৰ শ্বহিদী দিৱসত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে , আজিৰ পৰা পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হ’ব শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ ‘‘শ্বহীদী দিৱস’’। প্ৰতি  বছৰে পূৰ্বোত্তৰ শিখ প্ৰতিনিধী বোৰ্ডৰ উদ্যোগত আয়োজিত  হৈ অহা “শ্বহিদী দিৱসৰ এই কাৰ্যসূচীয়ে এইবেলি ৩৪৬ বছৰত ভৰি দিছে।  প্ৰতি বছৰে ধুবুৰীৰ গুৰুদ্বাৰাত আয়োজিত হৈ অহা এই “শ্বহিদী দিৱস”ৰ কাৰ্যসূচীত অংশ লবলৈ কেৱল অসম অথৱা উত্তৰ পূৰ্বাঞ্চলেই নহয়;  দেশ–বিদেশৰ পৰাও ধুবুৰীত আহি উপস্থিত হয় শিখসকল। উল্লেখ্য যে, এই শ্বহীদী দিৱস উপলক্ষে ধুবুৰীৰ গুৰুদ্বাৰত আয়োজিত হোৱা বিভিন্ন ধৰ্মীয় কাৰ্য্যসূচীৰ সমান্তৰালকৈ প্ৰতি বছৰে বহা  তিনিদিনীয়া এক মেলাই সমগ্ৰ ধুবুৰী চহৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে । অৱশ্যে যোৱা বছৰ ক’ভিড মহামাৰীৰ বাবে উদ্ভৱ হোৱা পৰিৱেশৰ বাবে শ্বহিদী দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বদ্বাৰৰ উন্নয়নৰ নামত ৫ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । যাতে বিশ্বৰ ভিতৰত এক উল্লেখনীয় হিচাপে পৰিগনিত হৈ ধুবুৰীৰ বাবে এক গৌৰবময় হিচাপে পৰিচত হব পাৰে । লগতে প্ৰয়োজন সাপেক্ষে আগন্তুক দিনত আৰু অনুদান দিয়াৰ কথাও ঘোষনা কৰে ।

গহপুৰত গৃহৰক্ষী বাহিনীৰ ৫৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

 সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত গহপুৰৰ বড়িগাঁৱত আজি গৃহৰক্ষী বাহিনীৰ ৫৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। গৃহৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা গহপুৰৰ বড়িগাঁৱৰ নিৰ্মিয়মান চাৰিলেন যুক্ত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ৪০০ৰো অধিক গছ পুলি ৰোপনৰ ব্যৱস্থা কৰা গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ। বিশ্বনাথ জিলা গৃহৰক্ষী বাহিনীৰ উদ্যোগত উদযাপিত উক্ত প্ৰতিষ্ঠা দিৱসত গহপুৰ আৰক্ষী থানাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিশ্বনাথ জিলা গৃহৰক্ষী বাহিনীৰ সভাপতি মানস জ্যোতি মহন্ত আৰু সম্পাদক মঃ নেফিব আহমেদত তত্বাবধানত আয়োজিত উক্ত প্ৰতিষ্ঠা দিৱসত সোলেঙীগুৰি গাঁও পঞ্চায়তৰ সভাপতি বিপুল বৰা,  সদৌ অসম গৃহৰক্ষী বাহিনীৰ উপসভাপতি মোহন বৰা, শোণিতপুৰ জিলা গৃহৰক্ষী বাহিনীৰ সভাপতি অঞ্জন নাথ, সম্পাদক বসন্ত বৰা, প্ৰকৃতিপ্ৰেমী যুৱক বৃক্ষ মানৱ বকুল গগৈ, জ্যেষ্ঠ সাংবাদিক তুৱাকান্ত দুৱৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ব্যক্তিয়ে বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত প্ৰতিষ্ঠা দিৱসটো সন্ধ্যা বন্তী প্ৰজ্বলনেৰে সামৰণি পৰে।

বিন্নাকান্দী আঞ্চলিক ঈদগাহত এনৰেগাৰ আঁচনিত ব্যাপক দুৰ্নীতি!

বিন্নাকান্দী আঞ্চলিক ঈদগাহত earth filling ৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। প্রাপ্ত তথ্য অনুসৰি বিন্নাকান্দী উন্নয়ন খণ্ডৰ অন্তৰ্গত চার্লক গাঁও পঞ্চায়তৰ বিন্নাকান্দী আঞ্চলিক ঈদগাহত তদানীন্তন পঞ্চায়ত সভাপতিৰ কাৰ্যকালৰ ২০১৬-১৭ ভিত্তীয় বর্ষৰ ১৯ লাখ টকীয়া এটি এমজি এনৰেগাৰ আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। একাং‌শ সংবাদ মাধ্যম এই সন্দৰ্ভত বাতৰি প্ৰচাৰ হোৱাৰ পাছতে ঈদগাহ পৰিচালনা সমিতিয়ে এক সংবাদ মেল সম্বোধন কৰি বিস্ফোৰক অভিযোগ উত্থাপন কৰে। ঈদগাহ পৰিচালনা সমিতিৰ সভাপতি মশাইদ আলী আৰু সম্পাদক হবিবুৰ ৰহমানে স্থানীয় ৰাইজৰ উপস্থিতিত সম্বোধন কৰা সংবাদ মেলত কয়- এটা দুষ্ট চক্ৰই আঁচনিৰ ধনৰ পৰা কমিচন নোপোৱাত সংবাদ মাধ্যমক ভুল তথ্য যোগান ধৰিছে। লগতে এগৰাকী শিক্ষকৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে। যাক লৈ উদ্বগিন্নতা প্ৰকাশ কৰে ঈদ গাহ পৰিচালনা সমিতিয়ে। লগতে কয় -১৯ লাখ টকীয়া আচনিটোৰ ১৩ লাখ টকা বিভাগে মোকলাই দিয়ে । এই ১৩ লাখ টকাত দুৰ্নীতি সম্পৰ্কে যি বাতৰি প্ৰকাশ পাইছে সেইটো সম্পূৰ্ণ মিছা! এনেধৰণৰ দুৰ্নীতি আমাৰ ঈদগাহত হোৱা নাই। ব্লকে দিয়া টকাৰে জৱকার্ডৰ দ্বাৰা সম্পূৰ্ণ কাম কৰা হৈছে । এই কামটো প্রায় চাৰি বছৰ পূর্বৰ। আমি বৰ দুখৰে জনাব বিচাৰো যে- দুষ্ট চক্রই সংবাদ মাধ্যমক ভুল তথ্য যোগান ধৰি শিক্ষক হিলাল উদ্দিন লস্কৰে এই আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰি সমাজত তেখেতক হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টা চলোৱাত আমি ঈদগাহ পৰিচালনা সমিতিয়ে গৰিহনা দিছো। এজন সমাজ সেৱক, শিক্ষক হিলাল উদ্দিন লস্কৰ,সমাজ সেৱক হিলাল আহমেদ লস্কৰ আৰু আব্দুছ ছুবুৰ চৌধুৰীৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত ঈদগাহ কমিটিৰ পৰামৰ্শ মতে ঈদগাহৰ উন্নতিৰ পথ আগুৱাই গৈ আছে । তেনে স্থলত ৩ ডিচেম্বৰত প্রকাশি বাতৰিটো সম্পূৰ্ণ মিছা, ভিত্তিহীন আৰু গৰিহণাযোগ্য। এনেধৰণৰ ভুল তথ্যৰে প্রকাশিত বাতৰিয়ে আমাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মনত কষ্ট দিছে।  আগলৈ এনে ধৰণৰ বাতৰি প্ৰচাৰ কৰাৰ পূর্বে ঈদ গাহ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক সকলৰ লগত যোগাযোগ কৰি সঠিক তথ্যৰে বাতৰি পৰিবেশন কৰিবলৈ অনুৰোধ জনালো।উল্লেখ্য যে,যমুনামুখ সমষ্টিৰ বিন্নাকান্দী ব্লকৰ চার্লক গাঁও পঞ্চায়তৰ বিন্নাকান্দী আঞ্চলিক ঈদগাহৰ বাবে চাৰি বছৰৰ মান পূৰ্বে এমজি এনৰেগাৰ অধীনত আঁচনিটো আৱন্টন হৈছিল।এটা পক্ষই পৰিচালনা সমিতিৰ সৈতে মিলি কামটো সম্পুৰ্ণ কৰাত আন এটা চক্ৰই ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷উল্লেখযোগ্য যে- পুৰ্বৰ তদানীন্তন খণ্ড উন্নয়ন বিষয়া মইন উদ্দিন আহমেদৰ কাৰ্যকালত বিন্নাকান্দি উন্নয়ন খণ্ডৰ প্ৰতিটো পঞ্চায়তত এম জি এনৰেগা,চতুৰ্দশ বিত্তীয় আয়োগৰ আচনিত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷