Breaking

গোগামুখত মিচিং ভাষাৰ ছমহীয়া প্ৰমাণপত্ৰৰ পাঠ্যক্ৰম

0 324

নিউজ ডেস্ক:মিচিং ভাষাৰ উত্তৰণ তথা বিকাশৰ বাবে মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মিচিং অধ্যূষিত অঞ্চলত মিচিং ভাষাৰ ছমহীয়া প্ৰমাণপত্ৰৰ পাঠ্যক্ৰমৰ আয়োজন কৰিছে ৷ আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ধেমাজি জিলাৰ গোগামুখস্থিত আগম কৗবঙৰ পুথিভঁৰালত ২১ নৱেম্বৰৰ পৰা মিচিং ভাষাৰ ছমহীয়া প্ৰমাণপত্ৰৰ পাঠ্যক্ৰম আৰম্ভ হৈছে ৷ মুঠ তিনিশগৰাকী প্ৰশিক্ষাৰ্থীয়ে পাঠগ্ৰহণ কৰা উক্ত পাঠ্যক্ৰম কাৰ্যসূচীৰ সকলোবোৰ দিশ তদাৰক কৰিছে মিচিং আগম কৗবাঙৰ গোগামুখ আঞ্চলিকৰ সভাপতি কেশৱ চুক্ৰাং আৰু সম্পাদক জয়প্ৰকাশ পেগুৱে ৷ পাঠদান কৰিছে কালিনাথ পাংগিং, ভৱ দলে, ৰূপা পাইত, ৰামেশ্বৰ মেদক, দুষ্যন্ত নৰহ, নিৰ্মল নৰহ, জয়প্ৰকাশ পেগু আৰু বীৰনাথ পগাগে ৷ আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ সচিব ডিম্বেশ্বৰ দলেয়ে আমাক জনোৱা মতে মিচিং আগম কৗবাঙৰ অধীনত ডেৰশটা আগম কৗবাঙৰ আঞ্চলিক সমিতিৰ ১০০টা আঞ্চলিক সমিতিয়ে নিজ নিজ আঞ্চলিকৰ অধীনত মিচিং ভাষাৰ পাঠদান অনুষ্ঠান চলি আছে ৷ ইয়াৰে লখিমপুৰ নগৰত সৰ্বাধিক ৩৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে পাঠগ্ৰহণ কৰি আছে ৷ আগম কৗবাঙৰ সচিব দলেয়ে সকলোবোৰ আঞ্চলিকতে প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ তথা চমকপ্ৰদ সহাৰিয়ে মিচিং জনজাতি সকলে নিজ মাতৃভাষাৰ প্ৰতি থকা আন্তৰিকতা প্ৰকাশ কৰা বুলি দোহাৰে ৷

Leave A Reply