Breaking

ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী গুৰু টেগ বাহাদুৰৰ শ্বহিদী দিৱসত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

0 2,241

ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘”শ্ৰী গুৰু টেগ বাহাদুৰৰ শ্বহিদী দিৱসত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে , আজিৰ পৰা পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হ’ব শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ ‘‘শ্বহীদী দিৱস’’। প্ৰতি  বছৰে পূৰ্বোত্তৰ শিখ প্ৰতিনিধী বোৰ্ডৰ উদ্যোগত আয়োজিত  হৈ অহা “শ্বহিদী দিৱসৰ এই কাৰ্যসূচীয়ে এইবেলি ৩৪৬ বছৰত ভৰি দিছে।  প্ৰতি বছৰে ধুবুৰীৰ গুৰুদ্বাৰাত আয়োজিত হৈ অহা এই “শ্বহিদী দিৱস”ৰ কাৰ্যসূচীত অংশ লবলৈ কেৱল অসম অথৱা উত্তৰ পূৰ্বাঞ্চলেই নহয়;  দেশ–বিদেশৰ পৰাও ধুবুৰীত আহি উপস্থিত হয় শিখসকল। উল্লেখ্য যে, এই শ্বহীদী দিৱস উপলক্ষে ধুবুৰীৰ গুৰুদ্বাৰত আয়োজিত হোৱা বিভিন্ন ধৰ্মীয় কাৰ্য্যসূচীৰ সমান্তৰালকৈ প্ৰতি বছৰে বহা  তিনিদিনীয়া এক মেলাই সমগ্ৰ ধুবুৰী চহৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে । অৱশ্যে যোৱা বছৰ ক’ভিড মহামাৰীৰ বাবে উদ্ভৱ হোৱা পৰিৱেশৰ বাবে শ্বহিদী দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বদ্বাৰৰ উন্নয়নৰ নামত ৫ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । যাতে বিশ্বৰ ভিতৰত এক উল্লেখনীয় হিচাপে পৰিগনিত হৈ ধুবুৰীৰ বাবে এক গৌৰবময় হিচাপে পৰিচত হব পাৰে । লগতে প্ৰয়োজন সাপেক্ষে আগন্তুক দিনত আৰু অনুদান দিয়াৰ কথাও ঘোষনা কৰে ।

Leave A Reply