নগাঁৱত আনন্দ মিশ্ৰ বাহিনীৰ বৃহৎ সাফল্য। নগাঁৱৰ ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইফু ওৰফে আব্দুল বাছেট গুলীবিদ্ধ। নগাঁও আৰক্ষীৰ গুলীত আহত ইফু।বিগত ৫ বছৰ ধৰি আৰক্ষীৰ মূৰৰ কামোৰণি হৈ আছিল ইফু। নগাঁৱৰ আজাদ নগৰত আৰক্ষীয়ে চলাইছিল অভিযান। পলাবলৈ লওতেই আৰক্ষীয়ে গুলীচালনা কৰাত ভৰিত গুলী লাগে ইফুৰ।নগাঁৱৰ আৰক্ষীৰ বাবে ম’ষ্ট ৱান্টেড হৈ পৰা ইফু ওৰফে আব্দুল বাছেট আজি নিশা নগাঁও চহৰৰ আজাদ নগৰত আৰক্ষীৰ গুলীত আঘাট প্ৰাপ্ত হয় ৷নগাঁও আৰক্ষীয়ে বিশেষ সুত্ৰে লাভ কৰা খবৰৰ ভিত্তিত আজি নিশা চহৰখনৰ আজাদ নগৰৰ কলঙৰ পাৰত চলোৱা ড্ৰাগছ বিৰোধী অভিযানৰ সময়ত ইফুৰ সোঁ ভৰিত গুলী লাগে ৷ উল্লেখযোগ্য যে নগাঁও চহৰবাসীৰ বাবে আতংকৰ কাৰণ হৈ পৰা ইফু আৰক্ষীৰ বাবেও আছিল মূৰৰ কামোৰনি ৷ প্ৰায় ত্ৰিশজনীয়া গেঙ লৈ নগাঁও চহৰত ত্ৰাস চলাইছিল আব্দুল বাচেটে ওৰফে ইফুৱে ৷ ড্ৰাগছ , জুৱা , সূদৰ বেপাৰ , তীৰ , মাটি দখল আদি বিভিন্ন বে-আইনী কামত জড়িত আছিল গুলীবিদ্ধ ইফু ৷ এসময়ত বহাগী হোটেলৰ ওচৰত আদালত পাতি বিচাৰ চলাইছিল ইফুয়ে ৷ কংগ্ৰেছৰ নেতা হিচাপেও আন এক পৰিচয় আছে ইফুৰ ৷ কংগ্ৰেছৰ বহু ওপৰমহলাৰ নেতৃত্বৰ লগতো ঘনিষ্ট বুলি দাবী কৰি আহিছিল ইফুয়ে ৷ যাৰ বাবে সমবায় সমিতিৰ সভাপতি হবলৈকো সক্ষম হৈছিল গুলী বিদ্ধ ইফু ৷ ইপিনে আৰক্ষীয়ে আহত ইফুক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে ৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জনোৱা মতে আজি আৰক্ষীয়ে চলোৱা অভিযান কালত ইফু পলাবলৈ চেষ্টা কৰিছিল ৷ নদীৰে পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় ৷ ড্ৰাগছৰ ড্ৰিল কৰি থকা অবস্হাতে আৰক্ষী আজাদ নগৰত উপস্হিত হৈছিল ৷ আৰক্ষীয়ে গুলীবিদ্ধ ইফুৰ লগতে আন সাত জন ড্ৰাগছৰ লগত জড়িত ব্যক্তিকো আটক কৰিছে ৷
তৰাগাঁৱত শিক্ষিত নিবনুৱা যুৱকৰ কৃষি কৰ্মৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা
পঢ়ি শুনি শিক্ষিত হৈ সংস্থাপন হিচাপে চৰকাৰী চাকৰিয়েই যে মূল জীৱিকাৰ পথ নহয় তাক প্ৰতিপন্ন কৰি দেখুৱাব বিচাৰিছে তৰাগাঁৱৰ দুগৰাকী যুৱকে।দৰঙৰ পাথৰিঘাট মহকুমা কৃষি কাৰ্যালয়ৰ অন্তৰ্গত তৰাগাঁৱত নেকিউৰ ৰহমান আৰু গাঁও খনৰ চৰকাৰী কৰ্মোদ্যমী গাঁও বুঢ়া আফাজুদ্দিন আহমেদে খেতি পথাৰৰ আঘোণৰ শালিধান কাটি হাত সাৱতি বহি থাকিব নিবিচাৰি নৰাতলিত ট্ৰেক্টেৰেৰে হাল বাই মাটি চহাই সাৰ বীজ সিঁচি কৃষি কৰ্মত আত্মনিয়োগ কৰিছে।দুয়ো গৰাকী ব্যক্তিয়ে শালিধানৰ খেতি পথাৰত প্ৰায় ৪৫ বিঘা মাটিত সৰিয়হৰ বীজ সিঁচা বুলি প্ৰকাশ। জানিব পৰা মতে বিঘাই প্ৰতি সাৰ- বীজ, ট্ৰেক্টৰকে ধৰি অন্যান্য খৰচৰ বাবদ ৪,৫০০ টকাকৈ খৰচ হৈছে।চৰকাৰৰ কৃষি বিভাগে সাৰ- বীজ যোগান ধৰিলে যথেষ্ট সহায় আৰু সকাহ পালেহেঁতেন যদিও বিভাগৰ পৰা একোকে নোপোৱাত পোহনীয়া হাঁহ-কুকুৰা বিক্ৰী কৰি হ’লেও অৰ্থনৈতিক কৃষি বিপ্লৱৰ সূচনা কৰিব বিচাৰিছে। চৰকাৰী সহায় সাহায্য লাভ কৰিলে খেতিৰ পৰিসৰ আৰু বঢ়াব পাৰিলেহেঁতেন বুলি ক’ব খোজে। নিশ্চয় অসমীয়া সমাজখনৰ বাবে ই এক ভাল খবৰ ।যি সময়ত মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰীটো সংগ্ৰহ কৰি গপত ওফন্দি চাকৰি এটা পামেই বুলি মন্ত্ৰী- বিধায়ক, অফিচ- কাছাৰীৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰি মূৰকত সাঁচতীয়া টকা কেইটা শেষ কৰি সৰ্বস্বান্ত হৈ অনাই বনাই ঘুৰি ফুৰি অবাবত মূল্যবান সময় নষ্ট কৰি কাল কটোৱা সময়তে তৰাগাঁৱৰ শিক্ষিত যুৱক নেকিউৰ ৰহমান, চৰকাৰী গাঁও বুঢ়া আফাজুদ্দিন আহমেদ এই সকলৰ বাবে এক আদৰ্শ।কৰ্মই ধৰ্ম বুলি বিশ্বাস কৰা দুই লোকৰ দৰে লাজ নকৰি কাম কৰিলে কাৰোৰে অভাৱ আৰু মৰণ নাই।আন দহজনৰ বাবে এক আদৰ্শ নেকিউৰ- আফাজুদ্দিনে দেখুওৱা আদৰ্শ যদি আমি নিবনুৱা সকলেও দেখুৱাব পাৰো নিশ্চয় আমাৰ ৰাজ্য তথা দেশৰ প্ৰগতিত হ’ব পাৰে অৰ্থনৈতিক বুনিয়াদ ।আহক আজিয়েই এনে আদৰ্শ আমি সকলো নিৱনুৱাই গ্ৰহন কৰি নিজৰ লগতে ৰাজ্য তথা দেশক উন্নতিৰ পথত আগুৱাই নিওঁ।
ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত কেইবাখনো গাঁওত দৈনিক সংঘটিত হবলৈ ধৰিছে চুৰি কাণ্ড
কেন্দ্ৰীয় চৰকাৰৰ জে জে এম আঁচনি মেচিন পত্ৰও হব ধৰিছে চুৰি । ওৰাং থানাৰ অন্তৰ্গত গেলাবিল গাঁওত দিন দুপৰতে চুৰি হোৱাৰ সমান্তৰালকৈ উক্ত থানাৰ অন্তৰ্গত কেইবাটাও গাঁওত কেন্দ্ৰীয় চৰকাৰৰ উল্লেখযোগ্য আঁচনি জে জে এম আঁচনিৰ পানী উঠোৱা ছাম্বাৰ চেৱল পাম্প ৰাতি ৰাতি চুৰি কৰা কাৰ্য্য দিনক দিনে বাঢ়ি আহিছে ।জানিবলৈ পোৱা মতে কণ কণ ছাত্ৰ ছাত্ৰীক বিশুদ্ধ খুৱাপানীৰ যোগান ধৰাৰ স্বাৰ্থত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ সহযোগত অংগণবাদী কেন্দ্ৰ , স্কুল সমূহত পানী যোগান ধৰাৰ বাবে বহুৱা পানী তোলা পাম্প সমূহ দৈনিক চুৰি হোৱা স্বত্তেও ওৰাং আৰক্ষীৰ নীৰৱ ভূমিকাই চিন্তিত কৰি তুলিছে স্থানীয় সচেতন মহলেওৰাং আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলত ২ডিচেম্বৰত দিন দুপৰতে চোৰে সোন, ৰূপৰ অলংকাৰ সহ নগদ ১২ হাজাৰ টকা চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।আৰক্ষী সুত্ৰে জানিব পৰা মতে উক্ত থানা এলেকাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গেলাবিলৰ ফুলন কোচ নামৰ মহিলা গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দিনৰ ২ মান বজাত চোৰে টলা ভাঙি সোনৰ কান ফুলি এযোৰ ,আঙুঠি ২ টা, সোনৰ চেইন এডাল, সোনৰ খাৰু এযোৰ ৰূপৰ আঙুঠি সহ নগদ ১২ হাজাৰ টকা লৈ যায় ।২ডিচেম্বৰৰ বৃহস্পতিবৰীয়া ধনশ্ৰীঘাট সাপ্তাহিক বজাৰত ফুলন কোচে ৩ডিচেম্বৰৰ জীয়েক স্মৃতি কোচৰ জন্মদিন উপলক্ষে বজাৰ কৰিবলৈ গৈছিল । সেই সুযোগতে চোৰে ডিচেম্বৰত দিন দুপৰতে এনেদৰে সোন ৰূপৰ অলঙ্কাৰ আৰু নগদ ১২ হাজাৰ টকাৰ সৈতে আনুমানিক ২ লাখ টকা সামগ্ৰী চুৰি কৰি নিয়ে ।এই সন্দৰ্ভত ফুলন কোচে ওৰাং থানাত এখন এজাৰ দাখিল কৰিছে ।
লাহৰীঘাটত দুটাকৈ হৰিণা পহু উদ্ধাৰ
মৰিগাঁও জিলাৰ ভূৰাগাও থানাৰ অন্তৰ্গত ফলিহামাৰী পথাৰ গাঁৱত হৰিণা পহুটি উদ্ধাৰ হয়। উল্লেখ্য যে হৰিণা পহুটি পুৱাই পুখুৰীত পৰি কক বকাই থকা অৱস্থাত স্থানীয় কেইজনমান ব্যক্তিয়ে প্ৰত্যক্ষ কৰে।পিছত স্থানীয় ৰাইজৰ তৎপৰতাত পুখুৰীৰ পৰা উঠাই আনে। ইতিমধ্যে স্থানীয় আৰক্ষী থানাৰ লগতে বন বিভাগত অৱগত কৰা জানিব পৰা গৈছে।আনহাতে লাহৰীঘাট থানাৰ অন্তৰ্গত তিনিচুকীয়তো এটি হৰিণা পহু স্হানীয় ৰাইজে উদ্ধাৰ কৰি আৰক্ষীক চমজাই দিয়ে
সদৌ অসম ভুঞা সমাজৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
-সদৌ অসম ভূঞা সমাজৰ ষষ্ট বাৰ্ষিক খনী আজি বিহালী কেটেলা%চাহ বাগিছাৰ খেল পথাৰত দিন জোৰা কাৰ্যসূচীয়ে অনুষ্ঠিত হৈ যায় !বিশ্বনাথ জিলা উদ্যোগত কেটেলা প্রাথমিত গোট,বিহালী আৰু বিশ্বনাথ আঞ্চলিক সমিতিৰ সহযোগত আজি কেটেলা খেল পথাৰত ষষ্ঠ বার্ষিক প্রতিষ্ঠা দিবসটি বিভিন্ন গীত নৃত্যৰ কার্যসুচীৰে অনুষ্ঠিত হৈ যায়!এই উপলক্ষে পুৱা পতাকা উত্তোলন ,স্মৃতি তর্পন,বৃক্ষৰোপন কার্যসুচী,চাফাই অভিযান,ইষ্ট দেৱতা তুলসী বীৰৰ চৰণত বন্তি প্রজ্বলন কার্যসুচী ৰুপায়ন কৰা হয় !ভীমা ভুঞাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধক্ষ্য পৰশু ৰাম ছেত্রী,বিশিষ্ট লেখিকা থানেশ্বৰী গণ্জু কুৰ্মী,জেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা’চেৰেলিয়া গাওঁ পঞ্চাঠয়তৰ সভাপতি বিক্ৰম কেওট সহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্রহণ কৰে ।সমাজৰ পৰা কুসংস্কাৰ অন্ধবিশ্বাস আদি মুক্ত কৰাই এই সমাজৰ মুল লক্ষ্য বুলি বিশ্বনাত জিলা ভূঞা সমাজৰ সম্পাদকে উদ্দেশ্য ব্যাখ্যাত উল্লেখ কৰে!অসমৰ বিভিন্ন প্ৰান্তৰৰ ভূঞা সমাজৰ লোকে অংশ লোৱা সভাখনত সভাৰ মাজে মাজে ঝুমুৰ ,গীত নৃত্য আদি প্রদর্শন কৰে !
বাঙালডোবা বজাৰ এল পি স্কুলৰ দূৰৱস্থা
এজন শিক্ষকে গুণগত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী লগতে এখন সুস্থ পৰিবেশৰ প্ৰয়োজন আৰু এটা ভাল গৃহ অবিহনে সুস্থ পৰিবেশৰ কথা চিন্তা কৰাটো অসম্ভৱ । তেনে গৃহহীন বা জৰাজীৰ্ণ গৃহত বহু প্ৰাথমিক বিদ্যালয়ত ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰী পাঠ গ্ৰহণ কৰি নিজৰ ভৱিষ্যত উজ্জল কৰাৰ সংগ্ৰাম অব্যাহত ৰাখিছে । দিল্লী দিছ্পুৰত বহি শিক্ষাখণ্ডক যিমানেই উন্নয়ন কৰাৰ পৰিকল্পনা নকৰক কিয় প্ৰকৃতাৰ্থে গাঁৱলীয়া প্ৰাথমিক বিদ্যালয় সমূহৰ পৰিৱৰ্তন নকৰাকৈ সকলো পৰিকল্পনা যে ব্যৰ্থ হব সেয়া নিশ্চিত । কাৰণ বৰ্তমান শিক্ষাৰ আমূল পৰিবৰ্তনৰ কথা কোৱা চৰকাৰৰ দিনতো এটা সুস্থ পৰিবেশত এখন ভাল ডেক্স বেঞ্চ বহি শিক্ষাগ্ৰহন কৰাৰ আশাত বাট চাই চাই হাহাকাৰ কৰিব লগীয়া হৈছে বহু বিদ্যালয়ৰ ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰীয়ে । আনহাতে জৰাজীৰ্ণ গৃহ অৰ্থাৎ ওপৰলৈ চালে মুক্ত আকাশ দেখিব পৰা গৃহত এজন শিক্ষকে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান দিয়াত সেই সকল ছাত্ৰ-ছাত্ৰী যে ভৱিষ্যতে কিমান আগবাঢ়ি যাব সেয়া এক চিন্তনীয় বিষয় । সমান্তৰাল ভাৱে বি জে পি শাসনাধিস্থ বৰ্তমমানৰ অসম চৰকাৰ খনে শিক্ষা বিভাগত আমুল পৰিবৰ্তন কৰাৰ কথা কৈ থকাৰ সময়তে বি টি চিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ তথা গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঙালডোবা বজাৰ (মতিঝোৰা) এল পি স্কুল খনৰ এটা জৰাজীৰ্ণ কোঠালিত পাঁচটা শ্ৰেণীৰ বাবে এজন শিক্ষকে পাঠ দান কৰি থকা অৱস্থাই শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে । জৰাজীৰ্ণ বিদ্যালয় খনত আন কোনো শিক্ষক নথকাত সুবল পাল নামৰ এক মাত্ৰ শিক্ষক গৰাকীয়ে বিদ্যালয় খনৰ পাঁচটা শ্ৰেণীৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক পাঠ দান কৰিব লগীয়া হৈছে । উল্লেখ্য যে ৰাইজৰ দান বৰঙণিৰে ১৯৯০ চনতে স্থানীয় ৰাইজে স্থাপন কৰা বাঙালডোবা বাজাৰ প্ৰাথমিক বিদ্যালয় খন স্থাপনৰে পৰা ৰাইজৰ দান বৰঙণিৰে চলি থকাৰ অন্তত ২০১৩ চনত বিদ্যালয় খন অসম চৰকাৰে প্ৰাদেশিকীকৰণ কৰে । কিন্তু বিদ্যালয় খন প্ৰাদেশিকীকৰণ হোৱাৰ আঠটা বছৰ অতিক্ৰম কৰিলে যদিও বিদ্যালয় খনত নাই এটা ভাল টিন পাতৰ পকী গৃহ । বৰ্তমাণ জৰাজীৰ্ণহৈ পৰা ৰাইজে নিৰ্মান কৰি দিয়া উক্ত স্কুল গৃহটোতে এগৰাকী শিক্ষকে দি আছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান । ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলৰ বহিবৰ বাবে ডেক্স বেঞ্চ, ৰান্ধনী গৃহ, খোৱাপানী, বাউণ্ডাৰী ওৱাল আদি একোৱে নাই বিদ্যালয় খনত । ফলত বিদ্যালয় খনত অধ্যয়ন কৰি থকা অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী বহুত অসুবিধাৰ সন্মুখীন হব লগা হৈছে । বিদ্যালয় খনত খোৱাপানীৰ ব্যৱস্থা নথকাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলক মাধ্যাহ্ন ভোজনৰ আহাৰ দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগাত পৰিছে শিক্ষক গৰাকী । উপায়ন্তৰ হৈ বিদ্যালয় খনৰ ৰান্ধনীয়ে দূৰৰ পৰা পানী আনি মাধ্যাহ্ন ভোজনৰ ব্যবস্থা কৰে যদিও স্কুল গৃহ নথকাৰ বাবে মধ্যাহ্ন ভোজনৰ আহাৰ গ্ৰহণ পৰা প্ৰায়ে বঞ্চিত হব লগা হয় ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰী সকলে । এটা ভাল স্কুল গৃহ আৰু প্ৰয়োজনীয় শিক্ষক নথকাৰ ফলত পাঁচটাকৈ শ্ৰেণীৰ অৰ্ধ শতাধিক ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰীয়ে প্ৰকৃত তথা গুনগত শিক্ষাৰ লাভৰ পৰা বঞ্চিত হব লগা হৈছে । ইপিনে বিদ্যালয় খনত চৰকাৰী ভাবে খোৱাপানীৰ বাবে এখন আঁচনি প্ৰদান কৰিছে যদিও অঞ্চলটোত বিদ্যুৎ নথকাৰ বাবে সেয়াও কাৰ্যক্ষম হোৱা নাই । আনহাতে এটা ভাল গৃহ নথকাৰ ফলত স্কুলীয়া যাবতীয় নথি পত্ৰ ৰখাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হব লগা হৈছে শিক্ষক গৰাকী । উল্লেখ্য যে বিদ্যালয় গৃহত জৰাজীৰ্ণ হৈ পৰাৰ ফলত দীর্ঘবছৰ ধৰি বাৰিষা আহিলেই বন্ধ হৈ পৰে বিদ্যালয় খন । কাৰণ বৰষুণ নেওচিব পৰা ক্ষমতা নাই উক্ত চৰকাৰী বিদ্যালয় খনক । গতিকে বাঙালডোবা বজাৰ এল পি স্কুল খনত এটা ভাল বিদ্যালয় গৃহ নিৰ্মাণ, খোৱা পানীৰ ব্যাৱস্থা আৰু প্ৰয়োজনীয় শিক্ষক নিয়োগ কৰি অতি পৰা অঞ্চলটোৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক গুনগত শিক্ষা লাভৰ সুবিধা কৰি দিয়াৰ বাবে অঞ্চলটোৰ ৰাইজে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে ।
নিচিহ্ন হোৱাৰ পথত বৃটিছ আমোলৰ দিহিং কলঘৰ বৃহৎ অঞ্চল
শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত দিহিং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলিৰ দিহিংমুখৰ বৃটিছ আমোলৰ দিহিং কলঘৰ অঞ্চলৰ এটা বৃহত্তৰ এলেকা দিহিং নদীৰ প্ৰৱল খহনীয়াত এতিয়া বিলুপ্তিৰ দিশলৈ মাজত মাত্র আৰু কেইটামান ক্ষণ।চৰকাৰ বিভাগীয় কতৃপক্ষৰ চূড়ান্ত অমনোযোগিতা আৰু দায়িত্বহীনতাৰ বাবেই দিহিং আৰু ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বিগত সত্তৰ বছৰ ধৰি ক্ৰমানৰে গঢ়া খহাই নিয়াৰ ফলত নিঃশেষ হব ধৰিছে বৃটিছ আমোলৰ দিহিংমুখৰ দিহিং কলঘৰ অঞ্চলৰ দৰে এটা বৃহৎ এলেকা। বছৰৰ পিছত বছৰ ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত দিহিং কলঘৰ অঞ্চলৰ ভুক্তভোগী ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক বহুবাৰ আৱেদন নিবেদন কৰিছিল যদিও আজি পৰ্যন্ত কোনো সুফল নাপালে। কেৱল নিৰ্বাচনৰ সময়ত সেই অঞ্চলৰ ৰাইজৰ কাষলৈ গৈ ভূৱা নিৰ্বাচনী প্ৰতিশ্ৰুতি দি স্বাৰ্থ আদায় কৰে কিন্তু ৰাইজৰ সমস্যাবোৰ সদায়েই সমস্যাই হৈ ৰয়। যোৱা এটা মাহৰ পূর্বে থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকমহুত্বত উক্ত অঞ্চলত অসম চৰকাৰৰ প্ৰতাপী মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত হৈ বান গঢ়া খহনীয়া ৰোধ কৰাৰ লগতে পকী মথাউৰী নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বান খহনীয়াৰ প্ৰতিৰোধ কেতিয়ালৈ গ্ৰহণ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে দিহিং নৈপৰীয়া ৰাইজ। প্ৰতিবছৰে বাৰিষাত মথাউৰীৰ ওপৰত পশুধনৰ সহিতে সহবাস কৰাৰ লগতে খৰালি দিনত গঢ়া খহনীয়াৰ কৱলত পৰা ভুক্তভোগী ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চব কা ছাথ, চব কা বিকাশ শ্লোগান এতিয়া যেন ফুটুকাৰ ফেনত পৰিগণিত হৈছে বুলি অভিযোগ কৰিছে ভূক্তভোগী নৈপৰীয়া ৰাইজে। বৰ্তমানৰ নবনির্বাচিত বিধায়ক গৰাকীক সেই অঞ্চলৰ দীর্ঘদিনীয়া জ্বলন্ত সমস্যা সমুহ সমাধান কৰাৰ ক্ষীপ্ৰ ব্যবস্থা গ্রহণ কৰিবলৈ ৰাইজে বিনম্ৰ আহ্বান জনাইছে।
দেৰগাঁও ক্ৰিকেটাৰ্ছৰ উদ্যোগত নিউফিল্ডত প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা
দেৰগাঁও ক্ৰিকেটাৰ্ছৰ উদ্যোগত ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা। এই উপলক্ষে পুৱা ঐতিহ্যমণ্ডিত দেৰগাঁৱৰ নিউ ফিল্ডৰ বাকৰিত খেল পৰিচালনা সমিতিৰ সভাপতি বিকি হাছানে পতাকা উত্তোলন কৰাৰ পাছতে অনুষ্ঠিত হয় এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চিৰঞ্জীৱ বৰাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত যোৰহাটৰ মাজমজিয়াত একাংশ মানুহ ৰূপী নৰপিশাচৰ জিঘাংসাৰ বলি হোৱা অনিমেষ ভূঞাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শিশু ভাৰতী ইংলিছ মেডিয়াম হাইস্কুলৰ অধ্যক্ষ বিনন্দ্ৰ বৰাই। উত্তৰ পূৱ গ্ৰামিন ক্ৰীড়া সন্থাৰ সভাপতি ৰাজুমনি হুছেইনে ফিটা কাটি উদ্বোধন কৰা প্ৰতিযোগিতা খনিৰ উদ্বোধনী খেল খনিত খেল পথাৰত বেত ধৰি আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে সমাজকৰ্মী ড০ ৰমানন্দ দাসে।উল্লেখযোগ্য যে উত্তৰ পূৱ গ্ৰামিন ক্ৰীড়া সন্থাৰ সভাপতি ৰাজুমনি হুছেইনে এই অনুষ্ঠানতে আগন্তুক ২০২২ বৰ্ষত অসমত অনুষ্ঠিত হব লগা গ্ৰাম্য ক্ৰীড়াৰ চেলিব্ৰেট গেমছত এদিনৰ খেল প্ৰয়াত অনিমেষ ভূঞাৰ নামত উৎসৰ্গা কৰাৰ কথা উল্লেখ কৰে। অসমৰ বিভিন্ন জিলাৰ চল্লিশটাকৈ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতা খনিত সকলোৰে সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।
বৰপেটাৰ ভেল্লাৰ ধান খেতি পথাৰত অগ্নি সংযোগ দুৰ্বৃত্তৰ
বৰপেটাৰ ভেল্লাৰ দহাটীৰ খেতি পথাৰত কোনোবা দুৰ্বৃত্তই কৰে অগ্নি সংযোগ। প্ৰায় ৪/৫ বিঘা চপাই থোৱা ধানত লগাই দিয়ে জুই। ফলত বৃহৎ ক্ষতিৰ সন্মূখীন হয় দুগৰাকী খেতিয়ক। ভুক্তভোগী কৃষক দুগৰাকীৰ নাম ফুকন আলী আৰু ফজল আলী। চপাই থোৱা ধানৰ কাষত কোনো নথকাৰ সুযোগ লৈ ধান খিনি জ্বলাই দিয়ে দৃৰ্বত্তই।

ফলত ভস্মীভূত হয় ধানবোৰ । খেতিপথাৰত উপস্থিত হোৱাৰ পিছতে খেতিয়ক দুগৰাকীয়ে চকুৰ সন্মুখতে মুৰৰ ঘাম মাটিত পেলাই লাভ কৰা ফচল সমুহ দাও দাওকৈ জ্বলি থকা প্ৰত্যক্ষ কৰে। তাৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত জুইখিনি নুমোৱাবলৈ সক্ষম হয়।এই ঘটনাক সচেতন মহলৰ লগতে দল সংগঠনে তীব্ৰ গৰিহণা দিয়ে। এনে ধৰনৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰে কামনা কৰে কৃষকসকলে।
ম্যানমাৰে অং চান চু কীক সেনাৰ বিৰুদ্ধে হিংসামূলক উদগনিৰ বাবে দোষী সাব্যস্ত কৰে
ম্যানমাৰৰ আদালতে অসামৰিক নেতা অং চান চু কীক সামৰিক বাহিনীৰ বিৰুদ্ধে হিংসামূলক উদগনি আৰু কোভিড নিয়ম উলংঘা কৰাৰ বাবে চাৰি বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। আদালতে মঙলবাৰে ইয়াৰ ৰায় ঘোষণা কৰাৰ কথা আছিল। কিন্তু অতিৰিক্ত সাক্ষীক সাক্ষ্য দিবলৈ অনুমতি দিয়াৰ বাবে আদালতৰ কাৰ্যক্ৰম স্থগিত ৰখা হৈছে।৭৬ বছৰীয়া নবেল বঁটা বিজয়ী অং চান চু কীয়েও দুৰ্নীতিকে ধৰি আন কেইবাটাও অভিযোগত বিচাৰৰ সন্মুখীন হৈছে। আজি, সেনাৰ বিৰুদ্ধে হিংসামূলক উদগনি আৰু কোভিড নিয়ম উলংঘা কৰাৰ বাবে তেওঁক শাস্তি দিয়া হৈছে।











