Breaking

তৰাগাঁৱত শিক্ষিত নিবনুৱা যুৱকৰ কৃষি কৰ্মৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা

0 2,289

পঢ়ি শুনি শিক্ষিত হৈ সংস্থাপন হিচাপে চৰকাৰী চাকৰিয়েই যে মূল জীৱিকাৰ পথ নহয় তাক প্ৰতিপন্ন কৰি দেখুৱাব বিচাৰিছে তৰাগাঁৱৰ দুগৰাকী যুৱকে।দৰঙৰ পাথৰিঘাট মহকুমা কৃষি কাৰ্যালয়ৰ অন্তৰ্গত তৰাগাঁৱত নেকিউৰ ৰহমান আৰু গাঁও খনৰ চৰকাৰী কৰ্মোদ্যমী গাঁও বুঢ়া আফাজুদ্দিন আহমেদে খেতি পথাৰৰ আঘোণৰ শালিধান কাটি হাত সাৱতি বহি থাকিব নিবিচাৰি নৰাতলিত ট্ৰেক্টেৰেৰে হাল বাই মাটি চহাই সাৰ বীজ সিঁচি কৃষি কৰ্মত আত্মনিয়োগ কৰিছে।দুয়ো গৰাকী ব্যক্তিয়ে শালিধানৰ খেতি পথাৰত  প্ৰায় ৪৫ বিঘা মাটিত সৰিয়হৰ বীজ সিঁচা বুলি প্ৰকাশ। জানিব পৰা মতে বিঘাই প্ৰতি সাৰ- বীজ, ট্ৰেক্টৰকে ধৰি অন্যান্য খৰচৰ বাবদ ৪,৫০০ টকাকৈ খৰচ হৈছে।চৰকাৰৰ কৃষি বিভাগে সাৰ- বীজ যোগান ধৰিলে যথেষ্ট সহায় আৰু সকাহ পালেহেঁতেন যদিও বিভাগৰ পৰা একোকে নোপোৱাত পোহনীয়া হাঁহ-কুকুৰা বিক্ৰী কৰি হ’লেও  অৰ্থনৈতিক কৃষি বিপ্লৱৰ সূচনা কৰিব বিচাৰিছে। চৰকাৰী সহায় সাহায্য লাভ কৰিলে খেতিৰ পৰিসৰ আৰু বঢ়াব পাৰিলেহেঁতেন বুলি ক’ব খোজে। নিশ্চয় অসমীয়া সমাজখনৰ বাবে ই এক ভাল খবৰ ।যি সময়ত মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰীটো সংগ্ৰহ কৰি গপত ওফন্দি চাকৰি এটা পামেই  বুলি মন্ত্ৰী- বিধায়ক, অফিচ- কাছাৰীৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰি মূৰকত সাঁচতীয়া টকা কেইটা শেষ কৰি সৰ্বস্বান্ত হৈ অনাই বনাই ঘুৰি ফুৰি অবাবত মূল্যবান সময় নষ্ট কৰি কাল কটোৱা সময়তে তৰাগাঁৱৰ শিক্ষিত যুৱক নেকিউৰ ৰহমান, চৰকাৰী গাঁও বুঢ়া আফাজুদ্দিন আহমেদ এই সকলৰ বাবে এক আদৰ্শ।কৰ্মই ধৰ্ম বুলি বিশ্বাস কৰা দুই লোকৰ দৰে লাজ নকৰি কাম কৰিলে কাৰোৰে অভাৱ আৰু মৰণ নাই।আন দহজনৰ বাবে এক আদৰ্শ নেকিউৰ- আফাজুদ্দিনে দেখুওৱা আদৰ্শ যদি আমি নিবনুৱা সকলেও দেখুৱাব পাৰো নিশ্চয় আমাৰ ৰাজ্য তথা দেশৰ প্ৰগতিত হ’ব পাৰে অৰ্থনৈতিক বুনিয়াদ ।আহক আজিয়েই এনে আদৰ্শ আমি সকলো নিৱনুৱাই গ্ৰহন কৰি নিজৰ লগতে ৰাজ্য তথা দেশক উন্নতিৰ পথত আগুৱাই নিওঁ।

Leave A Reply