Breaking

বাঙালডোবা বজাৰ এল পি স্কুলৰ দূৰৱস্থা

0 2,273

এজন শিক্ষকে গুণগত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী লগতে এখন সুস্থ পৰিবেশৰ প্ৰয়োজন আৰু এটা ভাল গৃহ অবিহনে সুস্থ পৰিবেশৰ কথা চিন্তা কৰাটো অসম্ভৱ । তেনে গৃহহীন বা জৰাজীৰ্ণ গৃহত বহু প্ৰাথমিক বিদ্যালয়ত ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰী পাঠ গ্ৰহণ কৰি নিজৰ ভৱিষ্যত উজ্জল কৰাৰ সংগ্ৰাম অব্যাহত ৰাখিছে । দিল্লী দিছ্পুৰত বহি শিক্ষাখণ্ডক যিমানেই উন্নয়ন কৰাৰ পৰিকল্পনা নকৰক কিয় প্ৰকৃতাৰ্থে গাঁৱলীয়া প্ৰাথমিক বিদ্যালয় সমূহৰ পৰিৱৰ্তন নকৰাকৈ সকলো পৰিকল্পনা যে ব্যৰ্থ হব সেয়া নিশ্চিত ।  কাৰণ বৰ্তমান শিক্ষাৰ আমূল পৰিবৰ্তনৰ কথা কোৱা চৰকাৰৰ দিনতো এটা সুস্থ পৰিবেশত এখন ভাল ডেক্স বেঞ্চ বহি শিক্ষাগ্ৰহন কৰাৰ আশাত বাট চাই চাই হাহাকাৰ কৰিব লগীয়া হৈছে বহু বিদ্যালয়ৰ ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰীয়ে । আনহাতে জৰাজীৰ্ণ গৃহ অৰ্থাৎ ওপৰলৈ চালে মুক্ত আকাশ দেখিব পৰা গৃহত এজন শিক্ষকে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান দিয়াত সেই সকল ছাত্ৰ-ছাত্ৰী যে ভৱিষ্যতে কিমান আগবাঢ়ি যাব সেয়া এক চিন্তনীয় বিষয় । সমান্তৰাল ভাৱে বি জে পি শাসনাধিস্থ বৰ্তমমানৰ অসম চৰকাৰ খনে শিক্ষা বিভাগত আমুল পৰিবৰ্তন কৰাৰ কথা কৈ থকাৰ সময়তে বি টি চিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ তথা গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঙালডোবা বজাৰ (মতিঝোৰা) এল পি স্কুল খনৰ এটা জৰাজীৰ্ণ কোঠালিত পাঁচটা শ্ৰেণীৰ বাবে এজন শিক্ষকে পাঠ দান কৰি থকা অৱস্থাই শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে । জৰাজীৰ্ণ বিদ্যালয় খনত আন কোনো শিক্ষক নথকাত সুবল পাল নামৰ এক মাত্ৰ শিক্ষক গৰাকীয়ে বিদ্যালয় খনৰ পাঁচটা শ্ৰেণীৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক পাঠ দান কৰিব লগীয়া হৈছে । উল্লেখ্য যে ৰাইজৰ দান বৰঙণিৰে ১৯৯০ চনতে স্থানীয় ৰাইজে  স্থাপন কৰা বাঙালডোবা বাজাৰ প্ৰাথমিক বিদ্যালয় খন স্থাপনৰে পৰা ৰাইজৰ দান বৰঙণিৰে চলি থকাৰ অন্তত ২০১৩ চনত  বিদ্যালয় খন অসম চৰকাৰে প্ৰাদেশিকীকৰণ কৰে । কিন্তু বিদ্যালয় খন প্ৰাদেশিকীকৰণ হোৱাৰ আঠটা বছৰ অতিক্ৰম কৰিলে যদিও বিদ্যালয় খনত নাই এটা ভাল টিন পাতৰ পকী গৃহ । বৰ্তমাণ জৰাজীৰ্ণহৈ পৰা ৰাইজে নিৰ্মান কৰি দিয়া উক্ত স্কুল গৃহটোতে এগৰাকী শিক্ষকে দি আছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান । ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলৰ বহিবৰ বাবে ডেক্স বেঞ্চ, ৰান্ধনী গৃহ, খোৱাপানী, বাউণ্ডাৰী ওৱাল আদি একোৱে নাই বিদ্যালয় খনত । ফলত বিদ্যালয় খনত অধ্যয়ন কৰি থকা অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী বহুত অসুবিধাৰ সন্মুখীন হব লগা হৈছে । বিদ্যালয় খনত খোৱাপানীৰ ব্যৱস্থা নথকাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলক মাধ্যাহ্ন ভোজনৰ আহাৰ দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগাত পৰিছে শিক্ষক গৰাকী । উপায়ন্তৰ হৈ বিদ্যালয় খনৰ ৰান্ধনীয়ে দূৰৰ পৰা পানী আনি মাধ্যাহ্ন ভোজনৰ ব্যবস্থা কৰে যদিও স্কুল গৃহ নথকাৰ বাবে  মধ্যাহ্ন ভোজনৰ আহাৰ গ্ৰহণ পৰা প্ৰায়ে বঞ্চিত হব লগা হয় ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰী সকলে । এটা ভাল স্কুল গৃহ আৰু প্ৰয়োজনীয় শিক্ষক নথকাৰ ফলত  পাঁচটাকৈ শ্ৰেণীৰ অৰ্ধ শতাধিক ক’ণ ক’ণ ছাত্ৰ-ছাত্ৰীয়ে প্ৰকৃত তথা গুনগত শিক্ষাৰ লাভৰ পৰা বঞ্চিত হব লগা হৈছে । ইপিনে বিদ্যালয় খনত চৰকাৰী ভাবে খোৱাপানীৰ বাবে এখন আঁচনি প্ৰদান কৰিছে যদিও অঞ্চলটোত বিদ্যুৎ নথকাৰ বাবে সেয়াও কাৰ্যক্ষম হোৱা নাই । আনহাতে এটা ভাল গৃহ নথকাৰ ফলত স্কুলীয়া যাবতীয় নথি পত্ৰ ৰখাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হব লগা হৈছে শিক্ষক গৰাকী । উল্লেখ্য যে বিদ্যালয় গৃহত জৰাজীৰ্ণ হৈ পৰাৰ ফলত দীর্ঘবছৰ ধৰি বাৰিষা আহিলেই বন্ধ হৈ পৰে বিদ্যালয় খন । কাৰণ বৰষুণ নেওচিব পৰা ক্ষমতা নাই উক্ত চৰকাৰী বিদ্যালয় খনক । গতিকে বাঙালডোবা বজাৰ এল পি স্কুল খনত এটা ভাল বিদ্যালয় গৃহ নিৰ্মাণ, খোৱা পানীৰ ব্যাৱস্থা আৰু প্ৰয়োজনীয় শিক্ষক নিয়োগ কৰি অতি পৰা অঞ্চলটোৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক গুনগত শিক্ষা লাভৰ সুবিধা কৰি দিয়াৰ বাবে অঞ্চলটোৰ ৰাইজে  অসম চৰকাৰৰ ওচৰত দাবী জনাইছে । 

Leave A Reply