Breaking

দেৰগাঁও ক্ৰিকেটাৰ্ছৰ উদ্যোগত নিউফিল্ডত প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা

0 2,250

দেৰগাঁও ক্ৰিকেটাৰ্ছৰ উদ্যোগত ৫ ডিচেম্বৰৰ  পৰা আৰম্ভ হৈছে প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা। এই উপলক্ষে পুৱা ঐতিহ্যমণ্ডিত দেৰগাঁৱৰ নিউ ফিল্ডৰ বাকৰিত খেল পৰিচালনা সমিতিৰ সভাপতি বিকি হাছানে পতাকা উত্তোলন কৰাৰ পাছতে অনুষ্ঠিত হয় এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চিৰঞ্জীৱ বৰাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত যোৰহাটৰ মাজমজিয়াত একাংশ মানুহ ৰূপী নৰপিশাচৰ জিঘাংসাৰ বলি হোৱা অনিমেষ ভূঞাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শিশু ভাৰতী ইংলিছ মেডিয়াম হাইস্কুলৰ অধ্যক্ষ বিনন্দ্ৰ বৰাই। উত্তৰ পূৱ গ্ৰামিন ক্ৰীড়া সন্থাৰ সভাপতি ৰাজুমনি হুছেইনে ফিটা কাটি উদ্বোধন কৰা প্ৰতিযোগিতা খনিৰ উদ্বোধনী খেল খনিত খেল পথাৰত বেত ধৰি আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে সমাজকৰ্মী ড০ ৰমানন্দ দাসে।উল্লেখযোগ্য যে উত্তৰ পূৱ গ্ৰামিন ক্ৰীড়া সন্থাৰ সভাপতি ৰাজুমনি হুছেইনে এই অনুষ্ঠানতে আগন্তুক ২০২২ বৰ্ষত অসমত অনুষ্ঠিত হব লগা গ্ৰাম্য ক্ৰীড়াৰ চেলিব্ৰেট গেমছত এদিনৰ খেল প্ৰয়াত অনিমেষ ভূঞাৰ নামত উৎসৰ্গা কৰাৰ কথা উল্লেখ কৰে। অসমৰ বিভিন্ন জিলাৰ চল্লিশটাকৈ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতা খনিত সকলোৰে সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।

Leave A Reply