Breaking

সদৌ অসম ভুঞা সমাজৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

0 2,335

-সদৌ অসম ভূঞা  সমাজৰ ষষ্ট বাৰ্ষিক খনী আজি বিহালী কেটেলা%চাহ বাগিছাৰ খেল পথাৰত দিন জোৰা কাৰ্যসূচীয়ে অনুষ্ঠিত হৈ যায় !বিশ্বনাথ জিলা উদ্যোগত কেটেলা প্রাথমিত গোট,বিহালী আৰু বিশ্বনাথ আঞ্চলিক সমিতিৰ সহযোগত আজি কেটেলা খেল পথাৰত ষষ্ঠ বার্ষিক প্রতিষ্ঠা দিবসটি  বিভিন্ন গীত নৃত্যৰ  কার্যসুচীৰে  অনুষ্ঠিত হৈ যায়!এই উপলক্ষে পুৱা পতাকা উত্তোলন ,স্মৃতি তর্পন,বৃক্ষৰোপন কার্যসুচী,চাফাই অভিযান,ইষ্ট দেৱতা তুলসী বীৰৰ চৰণত বন্তি প্রজ্বলন কার্যসুচী ৰুপায়ন কৰা হয় !ভীমা ভুঞাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধক্ষ্য পৰশু ৰাম ছেত্রী,বিশিষ্ট লেখিকা থানেশ্বৰী গণ্জু কুৰ্মী,জেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা’চেৰেলিয়া গাওঁ পঞ্চাঠয়তৰ সভাপতি বিক্ৰম কেওট সহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্রহণ কৰে ।সমাজৰ পৰা কুসংস্কাৰ অন্ধবিশ্বাস আদি মুক্ত কৰাই এই সমাজৰ মুল লক্ষ্য বুলি বিশ্বনাত জিলা ভূঞা সমাজৰ  সম্পাদকে উদ্দেশ্য ব্যাখ্যাত  উল্লেখ কৰে!অসমৰ বিভিন্ন প্ৰান্তৰৰ ভূঞা সমাজৰ লোকে  অংশ লোৱা সভাখনত সভাৰ মাজে মাজে ঝুমুৰ ,গীত নৃত্য আদি প্রদর্শন কৰে !

Leave A Reply