Breaking

নিচিহ্ন হোৱাৰ পথত বৃটিছ আমোলৰ দিহিং কলঘৰ বৃহৎ অঞ্চল

0 2,258

 শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত দিহিং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলিৰ দিহিংমুখৰ বৃটিছ আমোলৰ দিহিং কলঘৰ অঞ্চলৰ এটা বৃহত্তৰ এলেকা দিহিং নদীৰ প্ৰৱল খহনীয়াত এতিয়া বিলুপ্তিৰ দিশলৈ মাজত মাত্র আৰু কেইটামান ক্ষণ।চৰকাৰ বিভাগীয় কতৃপক্ষৰ চূড়ান্ত অমনোযোগিতা আৰু দায়িত্বহীনতাৰ বাবেই দিহিং আৰু ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বিগত সত্তৰ বছৰ ধৰি ক্ৰমানৰে গঢ়া খহাই নিয়াৰ ফলত নিঃশেষ হব ধৰিছে বৃটিছ আমোলৰ দিহিংমুখৰ  দিহিং কলঘৰ অঞ্চলৰ দৰে এটা বৃহৎ এলেকা। বছৰৰ পিছত বছৰ ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত দিহিং কলঘৰ অঞ্চলৰ ভুক্তভোগী ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক বহুবাৰ আৱেদন নিবেদন কৰিছিল যদিও আজি পৰ্যন্ত কোনো সুফল নাপালে। কেৱল নিৰ্বাচনৰ সময়ত সেই অঞ্চলৰ ৰাইজৰ কাষলৈ গৈ ভূৱা নিৰ্বাচনী প্ৰতিশ্ৰুতি দি স্বাৰ্থ আদায় কৰে কিন্তু  ৰাইজৰ সমস্যাবোৰ সদায়েই সমস্যাই হৈ ৰয়। যোৱা এটা মাহৰ পূর্বে  থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকমহুত্বত উক্ত অঞ্চলত অসম চৰকাৰৰ প্ৰতাপী মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত হৈ বান গঢ়া খহনীয়া ৰোধ কৰাৰ লগতে পকী মথাউৰী নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বান খহনীয়াৰ প্ৰতিৰোধ কেতিয়ালৈ গ্ৰহণ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে দিহিং নৈপৰীয়া ৰাইজ। প্ৰতিবছৰে বাৰিষাত মথাউৰীৰ ওপৰত পশুধনৰ সহিতে সহবাস কৰাৰ লগতে  খৰালি দিনত গঢ়া খহনীয়াৰ কৱলত পৰা ভুক্তভোগী ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চব কা ছাথ, চব কা বিকাশ শ্লোগান এতিয়া যেন ফুটুকাৰ ফেনত পৰিগণিত হৈছে বুলি অভিযোগ কৰিছে ভূক্তভোগী নৈপৰীয়া ৰাইজে। বৰ্তমানৰ নবনির্বাচিত বিধায়ক গৰাকীক সেই অঞ্চলৰ দীর্ঘদিনীয়া জ্বলন্ত সমস্যা সমুহ সমাধান কৰাৰ ক্ষীপ্ৰ ব্যবস্থা গ্রহণ কৰিবলৈ ৰাইজে বিনম্ৰ আহ্বান জনাইছে।

Leave A Reply