Breaking

বৰপেটাৰ ভেল্লাৰ ধান খেতি পথাৰত অগ্নি সংযোগ দুৰ্বৃত্তৰ

0 2,264

বৰপেটাৰ ভেল্লাৰ দহাটীৰ খেতি পথাৰত কোনোবা দুৰ্বৃত্তই কৰে অগ্নি সংযোগ। প্ৰায় ৪/৫ বিঘা চপাই থোৱা ধানত লগাই দিয়ে জুই। ফলত বৃহৎ ক্ষতিৰ সন্মূখীন হয় দুগৰাকী খেতিয়ক। ভুক্তভোগী কৃষক দুগৰাকীৰ নাম ফুকন আলী আৰু ফজল আলী। চপাই থোৱা ধানৰ কাষত কোনো নথকাৰ সুযোগ লৈ ধান খিনি জ্বলাই দিয়ে দৃৰ্বত্তই।

ফলত ভস্মীভূত হয় ধানবোৰ । খেতিপথাৰত উপস্থিত হোৱাৰ পিছতে খেতিয়ক দুগৰাকীয়ে চকুৰ সন্মুখতে মুৰৰ ঘাম মাটিত পেলাই লাভ কৰা ফচল সমুহ দাও দাওকৈ জ্বলি থকা প্ৰত্যক্ষ কৰে। তাৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত জুইখিনি নুমোৱাবলৈ সক্ষম হয়।এই ঘটনাক সচেতন মহলৰ লগতে দল সংগঠনে তীব্ৰ গৰিহণা দিয়ে। এনে ধৰনৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰে কামনা কৰে কৃষকসকলে। 

Leave A Reply